header ads

ৰুণৰ কথাৰে

 ৰুণৰ কথাৰে




আজি ছেপ্টেম্বৰ অৰুণিমাৰ ৰাতিপুৱা শুই উঠাৰ পৰাই গাত তত্ নাই অৰুণিমাক ঘৰত সকলোৱে ৰুণ বুলিয়েই মাতে দেউতাকে আনি দিয়া কলমৰ পেকেটকেইটা বাৰে বাৰে চাইছে, ঘড়ীটোলৈ বাৰে বাৰে লক্ষ্য কৰিছে, কেতিয়া .৩০ বাজিব ? অৰুণিমা ইফাল সিফাল কৰি থকা দেখি ককাকে সুধিলে- "কি কৰিছা ৰুণ ? আজি স্কুললৈ নোযোৱা ?"

"আজি ছেপ্তেম্বৰ , শিক্ষক দিৱস তুমি জানানে ককা ?"--- ৰুণে সুধিলে



ককাকে ওলোটাই অৰুণিমাক সুধিলে - "কোৱাচোন ৰুণ, 'শিক্ষক দিৱস' কিয় পালন কৰা হয় ?"


অৰুণিমাই টপৰাই উত্তৰ দিলে- "আজিৰ এই বিশেষ দিনটোত চাৰ-বাইদেউসকলক সম্বৰ্ধনা জনোৱা হয় আৰু তেখেতসকলক সন্মান জনোৱা হয় সেয়েহে প্ৰতিবছৰে ছেপ্টেম্বৰ তাৰিখটো 'শিক্ষক দিৱস' হিচাপে পালন কৰা হয় "
অৰুণিমাৰ কথা শুনি ককাকে হাঁহিলে আৰু 'লে- "সেইটো বাৰু বুজিলোঁ, কিন্তু তুমি জানানে আজিৰ এই দিনটোতে আজিৰ পৰা ১৩৩ বছৰ আগতে ভাৰতবৰ্ষৰ এগৰাকী সু-সন্তান , মহান শিক্ষাবিদ , ৰাজনীতিবিদ তথা দাৰ্শনিক ° সর্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল "

অৰুণিমাই 'লে-" মই দেখোঁন নাজানোৱেই , বুজাই কোৱাচোন ককা "


ককাকে 'বলৈ আৰম্ভ কৰিলে- "শুনা তেনেহ'লে ছেপ্তেম্বৰৰ দিনটো ভাৰতবৰ্ষৰ শিক্ষাজগতৰ বাবে উল্লেখযোগ্য আৰু পৱিত্ৰ দিন ১৮৮৮ চনৰ এই ছেপ্তেম্বৰ দিনটোতেই ভাৰতবৰ্ষৰ এগৰাকী সুযোগ্য সন্তান , শিক্ষাবিদ , দাৰ্শনিক , পণ্ডিত তথা ৰাজনীতিবিদ ° সর্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি হিচাপে ১৯৫২ চনৰ পৰা ১৯৬২ চনলৈ কাৰ্যনিৰ্বাহ কৰা ° সর্বপল্লী ৰাধাকৃষ্ণণে ৰাজনীতিবিদ হিচাপে ১৯৪৯ চনৰ পৰা ১৯৫২ চনলৈ মস্কোত ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল পৰৱৰ্তী সময়ত অৰ্থাৎ ১৯৬২ চনৰ ১৩ মে তাৰিখে তেখেত ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল "

কথাবিলাক শুনি অৰুণিমাৰ বহুত ভাল লাগিল, সেয়েহে তাই ককাকক ৰাধাকৃষ্ণণৰ বিষয়ে আৰু 'বলৈ খাটনি ধৰিলে ৰুণৰ খাটনিত ককাকে আকৌ 'বলৈ আৰম্ভ কৰিলে

"ৰাজনীতিলৈ অহাৰ আগতে ১৯০৯ চনৰ এপ্ৰিল মাহত প্ৰথমবাৰৰ বাবে 'মাদ্ৰাজ প্ৰেচিডেন্সী কলেজ' দৰ্শন বিভাগৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মজীৱনৰ পাতনি মেলি সর্বপল্লী ৰাধাকৃষ্ণণে ১৯১৮ চনত 'মহীশূৰ বিশ্ববিদ্যালয়' দৰ্শন বিভাগৰ অধ্যাপক হিচাপে নিয়োজিত হৈছিল অতিকৈ সৰল আৰু সৰল ভাষাৰে ভাৰতীয় দৰ্শন শাস্ত্ৰ সম্বন্ধীয় বিভিন্ন বাখ্যা আৰু গ্ৰন্থ সমূহে তেখেতৰ সুখ্যাতি যথেষ্ঠ বৃদ্ধি কৰিছিল ইয়াৰ পাছত আশুতোষ মুখাৰ্জীৰ আহ্বান ক্ৰমে ১৯২১ চনত কলিকতা বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগত যোগদান কৰি 'কিং অৱ ফাইভ প্ৰফেচৰ অৱ ফিল'চফী' আসন অলংকৃত কৰাৰ উপৰিও ° সর্বপল্লী ৰাধাকৃষ্ণণে ১৯৩১ চনৰ পৰা ১৯৩৬ চনলৈ 'অন্ধ্ৰ বিশ্ববিদ্যালয়' উপাচাৰ্য ৰূপে সুখ্যাতিৰে দায়িত্ব পালন কৰিছিল ইয়াৰোপৰি ১৯৩৬ চনৰ পৰা ১৯৩৯ চনলৈ অক্সফোৰ্ড বিশ্ববিদ্যালয়ত 'স্পেণ্ডিং প্ৰফেচৰ অৱ ইষ্টাৰ্ণ ৰিলিজন' হিচাপে শিক্ষাদান কৰিছিল ১৯৩৯ চনত পণ্ডিত মদন মোহন মালব্যৰ আমন্ত্ৰণ ক্ৰমে কাশী বিশ্ববিদ্যালয়ত উপাচাৰ্য ৰূপে যোগদান কৰি ১৯৪৮ চনলৈ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল আৰু ১৯৫৩ চনৰ পৰা ১৯৬২ চনলৈ তেখেতে দিল্লী বিশ্ববিদ্যালয় আচাৰ্যৰ আসনো সুশোভিত কৰিছিল "


সাধুকথাৰ দৰে লগা কথাবোৰ শুনি অৰুণিমাৰ মনটো বহুত ভাল লাগিল আৰু ককাকক শুধিলে - "ককা ,° সর্বপল্লী ৰাধাকৃষ্ণণ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি আছিল কিন্তু তেখেতৰ জন্মদিনটো কিয় 'শিক্ষক দিৱস' হিচাপে পালন কৰা হয় ?"


ককাকে পুনৰ 'বলৈ আৰম্ভ কৰিলে , - "নিজকে শিক্ষক হিচাপে পৰিচয় দি ভালপোৱা এই মহান ব্যক্তিগৰাকীৰ জন্মদিনটোকে সমগ্ৰ ভাৰতবৰ্ষই 'শিক্ষক দিৱস' হিচাপে পালন কৰি আহিছে "


এইবাৰ ককাকে ৰুণৰ মূৰটো পিহি 'লে - "শিক্ষক-শিক্ষয়িত্ৰীক কলম বা গামোচাৰে সম্বৰ্ধনা জনালেই শিক্ষকক সন্মান জনোৱা নুবুজায় তাৰ সলনি তোমালোকে শিক্ষা গুৰুৱে কোৱা প্ৰতিটো উপদেশ আখৰে আখৰে পালন কৰি সৎ , নিষ্ঠাবান , জ্ঞানী , দক্ষৰূপে নিজকে গঢ় দি ভৱিষ্যতে সুনাগৰিক হিচাপে পৰিচিত 'লেহে শিক্ষক সকলৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা নিবেদন কৰা ' "


ককাকৰ কথাখিনি শুনি ৰুণৰ মনটো ভৰি ' আৰু 'লে , " ককা ,আজিৰ পৰা এই কথাখিনি আখৰে আখৰে পালন কৰিবলৈ চেষ্টা কৰিম "


গেটৰ বাহিৰৰ পৰা ৰুণৰ বান্ধৱী লিজা আৰু ভায়োলিনাই মতাত ৰুণে ককাকৰ পৰা বিদায় লৈ বিদ্যালয়লৈ বুলি ৰাওনা ' আৰু বাটে বাটে লিজা আৰু ভায়োলিনাক ককাকে কোৱা কথা মনত থকা খিনি কৈ কৈ '



মুকুতা মালী
সহকাৰী শিক্ষক
শিকাৰহাটী আঞ্চলিক হাইস্কুল
শিক্ষাখণ্ড - ৰাণী





Post a Comment

0 Comments