header ads

বৰগীতৰ তাৎপৰ্য আৰু শিক্ষাত ইয়াৰ প্ৰয়োজনীয়তা

 বৰগীতৰ তাৎপৰ্য আৰু শিক্ষাত ইয়াৰ প্ৰয়োজনীয়তা

                                  


                   বৰগীত অসমীয়া গীতিসাহিত্যৰ ইতিহাসত এক অভিনৱ সংযোজন ৷ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ভক্তিধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে আৰম্ভ কৰা ভক্তি আন্দোলনক গণমুখী কৰাত অন্যান্য গীত-পদ-নাট-কাব্য আদিৰ দৰে বৰগীতসমূহৰো ভূমিকা সৰ্বজনবিদিত ৷ শংকৰদেৱ আৰু মাধৱদেৱ–এই দুজনা বৈষ্ণৱ গুৰুৱে ৰচনা কৰা এই গীতসমূহ কেতিয়াৰপৰা ‘বৰগীত’ হ’ল সেই সম্পৰ্কে পণ্ডিত সমাজৰ মাজত মতবিৰোধ থাকিলেও সকলো পণ্ডিতেই ইয়াৰ মহত্ব, তাৎপৰ্য আৰু গীতিসাহিত্যৰ ইতিহাসত থাকি যোৱা গুৰুত্ব সম্পৰ্কে যথোচিত আলোচনা আগবঢ়াইছে ৷ ড॰ বাণীকান্ত কাকতিৰ মতে, "বৰগীতবোৰ ওখ নৈতিক আৰু আধ্যাত্মিক ভাবৰ ওপৰত প্ৰতিষ্ঠিত ৷ সেই কাৰণেই সেইবোৰক বৰগীত বোলা হয় ৷ " বৰগীতক তেওঁ ‘Noble Numbers’ বুলিও অভিহিত কৰিছে ৷ তেওঁৰ দৰেই দুই-এগৰাকী পণ্ডিত যেনে–ভাষাবিদ কালিৰাম মেধিয়ে ‘Great Songs’, দেবেন্দ্ৰনাথ বেজবৰুৱাই ‘Holy Songs’ বা কীৰ্তিনাথ শৰ্মা বৰদলৈয়ে ‘মুকুতা মণি’ আদি উচ্ছভাৱসম্পন্ন অভিধাৰে অভিহিত কৰি অসমীয়া সাহিত্যৰ প্ৰেক্ষাপটত ‘বৰগীত’ৰ গুৰুত্ব বিশ্লেষণ কৰিছে ৷ দুগৰাকী বিশিষ্ট পণ্ডিত তথা বৈষ্ণৱ সাহিত্যৰ গৱেষক ড॰ মহেশ্বৰ নেওগ আৰু ড॰ সত্যেন্দ্ৰনাথ শৰ্মাই ‘বৰগীত’ৰ নামকৰণৰ তাৎপৰ্য ব্যাখ্যা কৰিবলৈ গৈ লিখিছে–

ক] বৰগীত সাংসাৰিক জগতৰ প্ৰেম-কাহিনীৰপৰা সম্পূৰ্ণ মুক্ত, আধ্যাত্মিক ভাৱৰ উপাসনা প্ৰসংগৰ গীত ৷

খ] বিষয়বস্তুৰ মহত্ব, ৰচনাভংগীৰ সৌষ্ঠৱ আৰু শাস্ত্ৰীয় সুৰৰ গাম্ভীৰ্য আৰু কল্পনাৰ সংযমে মহাপুৰুষৰদ্বাৰা ৰচিত এই গীতসমূহক আন শাস্ত্ৰীয় গীতৰপৰা পৃথক কৰিছে আৰু এইকাৰণেই ইয়াক সাধাৰণ গীতৰ বিপৰীতে বৰগীত বোলা হয়৷

বৰগীতসমূহ মূলতঃ উচ্ছাংগ সংগীত ৷ সাহিত্য হিচাপেও বৰগীতৰ মূল্য অপৰিসীম ৷ ‘গুৰু-চৰিত কথা’ত উল্লেখ থকা মতে শংকৰদেৱে ‘বাৰকুৰি বৰগীত’ ৰচনা কৰিছিল ৷ কিন্তু কমলা গায়ন নামৰ এগৰাকীয়ে গীতখিনি আওৰাবলৈ নিয়াত বনপোৰা জুইত আটাইখিনি নষ্ট হয় ৷ তেতিয়া শংকৰদেৱে মাধৱদেৱক মাতি আনি দুখ মনেৰে ক’লে বোলে–‘‘বৰাৰপো, অনেক শ্ৰমকৈ গীতখানি কৈলো, পুইলেঃ গীত কিছু কৰা আমি নকৰো আৰু’’ । পৰৱৰ্তী সময়ত মাধৱদেৱে ভকতসৱৰ মুখত ৰোৱা কেতবোৰ গীত উদ্ধাৰ কৰিলে ৷ দুয়োজনা মহাপুৰুষে ৰচনা কৰা গীতৰ সংখ্যা সম্পৰ্কে সকলো পণ্ডিত একমত নহয় ৷ বিভিন্ন পুথিত গীতৰ সংখ্যা সম্পৰ্কে ভিন ভিন মত আৰু তথ্য আছে ৷ তথাপি বৰ্তমান প্ৰচলিত দুই শতাধিক বৰগীতে অসমীয়া সাহিত্যৰ ভেটি কাললৈ মজবুত কৰি ৰাখিছে ৷ বৈষ্ণৱ যুগৰ সৃষ্টি হ’লেও বৰগীতৰ আবেদন যুগ-যুগান্তৰলৈ থাকি যাব ৷

বৰগীতৰ তাৎপৰ্য মূলতঃ ইয়াৰ গূঢ়াৰ্থ, তাত্ত্বিক ব্যাখ্যা অথবা সাংগীতিক মূল্য আদিৰ মাজতে নিহিত আছে ৷ বৰগীতৰ যিবোৰ একক বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যসমূহে বৰগীতক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে ৷ বৰগীতসমূহৰ ভাষা ব্ৰজাৱলী ৷ ইয়াক পৰিৱেশনৰ ক্ষেত্ৰত নিৰ্দিষ্ট তাল-মান-লয়-ৰাগ আদি নিৰ্ধাৰণ কৰা আছে ৷ পৰম-পুৰুষৰ উপাসনাস্বৰূপ বৰগীতসমূহত সাংসাৰিক জীৱনৰ প্ৰেমকাহিনী বা দেহজ ৰূপ-সুখৰ বৰ্ণনা সমূলি নাই ৷ আধ্যাত্মিক ভাৱৰ এই বৰগীতসমূহত বিশ্বব্ৰহ্মাণ্ডৰ মূলত যি পৰম সত্বা, সেই পৰম ব্ৰহ্মৰ স্বৰূপ ব্যাখ্যা কৰা হৈছে ৷ ‘কৃষ্ণস্তু ভগৱান স্বয়ম’ এই বাণীৰে ৰচনা কৰা বৰগীতসমূহত বেদান্তৰ মৰ্ম সহজ-সৰল ভাষাত বৰ্ণনা কৰাৰ লগতে ঐকান্তিক ভক্তিৰ গদগদ সুৰ, শ্ৰীকৃষ্ণৰ বাল্যৰূপৰ বৰ্ণনা তথা যাৰ জ্যোতিৰে এই জগত নিয়ন্ত্ৰিত হৈ আছে সেই কথাও সুন্দৰকৈ বৰ্ণনা কৰা হৈছে ৷ যেনে–

‘' জগজন জীৱন অজন জনাৰ্দন

দনুজ দমন দুঃখহাৰী ৷

মহদানন্দ কন্দ পৰমানন্দ

নন্দ নন্দন বনচাৰী ৷’

অথবা

‘'এ ভব গহন বন আতি মোহ পাশে ছন্ন

তাতে হামু হৰিণ বেড়ায় ৷’

বৰগীতৰ ভাব-সুৰ-ৰাগ-তাল আদিলৈ লক্ষ্য কৰি কিছু কিছু বিশেষ ভাগত ভাগ কৰা হৈছে ৷ যেনে–উত্থান, জাগন, খেলান আৰু নৃত্য–বৰগীতসমূহ এই চাৰিটা ভাগৰহে বস্তু ৷ দুই-এগৰাকী পণ্ডিতে সামগ্ৰিকভাৱে বৰগীতক দুটা ভাগত ভাগ কৰিছে ৷ যেনে–পাৰমাৰ্থিক তত্ত্ব বিষয়ক গীত আৰু লীলা বিষয়ক গীত ৷ জাগন, চালন, খেলান আৰু নৃত্য–এইকেইটাক লীলা বিষয়ক গীতৰ সূক্ষ্ম বিভাগ বুলিছে ৷ আনহাতে ৰাগ অনুযায়ী বৰগীতসমূহ পৰিবেশনৰ সময়ো নিৰ্ধাৰণ কৰিছে ৷ ‘অহিৰ’, ‘শ্যাম’, ‘ললিত’, ‘কল্যাণ’ আদি ৰাগৰ বৰগীতসমূহ ‘পুৱাবেলাৰ’ হোৱাৰ বিপৰীতে ‘আশোৱাৰী’, ‘বেলোৱাৰ’ আদি ৰাগৰ বৰগীতসমূহ ‘সন্ধ্যা বেলাৰ’৷ সেইদৰে ‘সুহাই’, ‘সিন্ধুৰা’, ‘কানাড়া’ আদি ৰাগৰ বৰগীতসমূহ নিশাৰ প্ৰথম ৰাগৰ আৰু নিশাৰ দ্বিতীয় আৰু শেষ প্ৰহৰৰ গীতসমূহ হ’ল মূলতঃ ‘মধ্যালী’, ‘ভূপালী’, ‘কামোদ’ আদি ৰাগৰ ৷

শংকৰদেৱ আৰু মাধৱদেৱৰ বিৰচিত বৰগীতসমূহৰ বিষয়বস্তু তথা ভাব-তৰংগ মূলতঃ একেসুৰীয়া যদিও কিছু কিছু ক্ষেত্ৰত দুই-এটা পাৰ্থক্য চকুত পৰে ৷ শংকৰদেৱে তেওঁৰ বৰগীতসমূহত পৰম পুৰুষৰ সামগ্ৰিক স্বৰূপ ব্যাখ্যা কৰাৰ বিপৰীতে মাধৱদেৱে কৃষ্ণৰ শিশুকালৰ লীলাসমূহৰ বৰগীতৰ মাজেদি বৰ্ণনা কৰিছে ৷ অৱশ্যে এই লীলা-মলাৰ মাজতে কৃষ্ণৰ ঐশ্বৰিকত্ব প্ৰকাশ পাইছে আৰু ইয়াৰ যোগেদিয়ে বৈষ্ণৱ আদৰ্শৰ যি ঘাই তত্ত্ব–সেয়া প্ৰকাশ কৰা হৈছে ৷

বাণীকান্ত কাকতিয়ে শংকৰদেৱৰ বৰগীতসমূহৰ ব্যাখ্যা কৰি লিখিছে–‘‘মানৱ জীৱন দুষ্প্ৰাপ্য অথচ ক্ষণ ভংগুৰ আৰু মায়াময়, হৰি-ভকতি মোহাচ্ছন্ন জীৱন সমুদ্ৰত ধ্ৰুবতৰা–এনে ভাৱ আৰু ভাষাত শংকৰদেৱৰ গীতবোৰৰ সাধাৰণ তাৎপৰ্য ৷’’ ‘পাৱে পৰিহৰি কৰোহো কাতৰি প্ৰাণ ৰাখবি মোৰে’, ‘নাৰায়ণ কাহে ভকতি কৰো তেৰা’, ‘মন মেৰি ৰাম চৰণহি লাগু’ আদি গীতবোৰত এই সুৰ বিদ্যমান ৷ অন্যহাতে মাধৱদেৱে জীৱন জগতৰ তত্ত্ব বিচাৰ কৰি দুই-এটা বৰগীত ৰচনা কৰিলেও তেওঁৰ বেছিখিনি গীতেই শ্ৰীকৃষ্ণৰ শৈশৱ কালৰ বিচিত্ৰ লীলা-খেলাৰ কথা বৰ্ণনা কৰা গীত ৷ কানাইৰ বিৰহ, বিৰক্তি, চৌৰ আৰু চাতুৰি সুন্দৰভাৱে বৰ্ণনা কৰা বৰগীতসমূহত ‘বাৎসল্য ৰস’ৰ সুষম প্ৰয়োগ ঘটিছে ৷ যেনে–

'তেজৰে কমলাপতি পৰভাতে নিন্দ

তেৰি চান্দমুখ পেখো উঠৰে গোবিন্দ'

অথবা

‘কানু সাজে কানু সাজে

শিঙাৰ নিস্বান বাজে ’আদি ৷

বৰগীতৰ বিষয়ে আমাৰ সমাজত যি ধৰণৰ ব্যাখ্যা হয় বা হৈছে সেয়া স্বাভৱিকতেই অত্যন্ত গুৰুত্বপূৰ্ণ ৷ অসমীয়া সংগীতৰ গতি-প্ৰবাহত বৰগীতক সুকীয়া মৰ্যাদা দিয়া হৈছে আৰু সেই ধাৰা যে আজীৱন অক্ষুণ্ণ থাকিব সেয়া নিঃসংকোচে ক’ব পাৰি ৷ কেৱল দুজনা গুৰুৱে ৰচনা কৰা বুলিয়ে নহয়–বৰগীতৰ মাজত থকা শাস্ত্ৰীয় সংগীতৰ ভাবধাৰাই, ইয়াৰ সুৰ, তাল, লয় তথা ভাব-ভাষাই সকলোৰে অন্তৰত যি এক ভাবৰ উদ্ৰেক ঘটায়–বৰগীতৰ তাতেই মহত্ব ৷ শিক্ষাত বৰগীতৰ প্ৰয়োজনীয়তা সম্পৰ্কে ক’বলৈ হ’লে ক’ব পাৰি যে–বৰগীতে আমাৰ জাতীয় ঐতিহ্যৰ এক মহত্বম যাত্ৰাক প্ৰতিনিধিত্ব কৰিছে ৷ যি যাত্ৰাই আমাৰ অতীত-বৰ্তমান সকলোকে প্ৰভাৱিত কৰি ৰাখিছে ৷ বৰগীত অধ্যয়ন আৰু পৰিৱেশনে আমাক যি উচ্ছ চিন্তাৰ গৰাকী কৰিব পাৰে অথবা উচ্ছ জীৱন আদৰ্শ, পৰিশীলিত জীৱনশৈলী ইত্যাদিৰ সৈতে অভ্যস্ত কৰিব পাৰিব পাৰে–সেয়া অন্য গীতৰ মাজত থাকিলেও সিমান প্ৰগাঢ় নহয় ৷ এগৰাকী সমালোচকে কোৱা এষাৰি মন্তব্য এইখিনিতে উল্লেখ কৰিব পাৰি ৷ তেওঁ কৈছিল–‘‘অসমীয়া সমাজৰ মাজত এনেকুৱা শৈশৱ কাৰো এতিয়াও হয়তো পাৰ হৈ অহা নাই যিয়ে বৰগীতৰ এটা কলি এবাৰলৈ হ’লেও উচ্ছাৰণ কৰা নাই ৷’’ জীৱনৰ সনাতন সৌন্দৰ্য, উচ্চ চেতনা তথা আধ্যাত্মিক আদৰ্শৰ বাবে বৰগীতৰ প্ৰয়োজনীয়তা শিক্ষাত সদায় আছে আৰু থাকিব ৷ শেষত ড॰ বাণীকান্ত কাকতিৰ এষাৰি মন্তব্যৰে ইয়াৰ সামৰণি মাৰিছোঁ–

‘‘এফালে লোকৰঞ্জন আৰু আনফালে অতৰ্কিতভাৱে আধ্যাত্মিকতাৰ ওখ আদৰ্শলৈ জনসাধাৰণৰ আকৰ্ষণ–এয়ে অসমীয়া গীতি-সাহিত্যত বৰগীতৰ ঐতিহাসিক বিশেষত্ব ৷’’

ড॰ ধৰণী লাহন                                        
গুৱাহাটী কলেজ









অলংকৰণ:--  
 

                                                                         


Post a Comment

0 Comments