header ads

সাক্ষাৎকাৰ

 অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাদেৱৰ লগত এখন্তেক



আজিকালি পৰিয়ালৰ সদস্যসকলৰ জন্মদিন পালন এক গতানুগতিক অনুষ্ঠান হৈ পৰিছে । কিন্তু সমূহীয়াভাৱে এজন ব্যক্তিৰ জন্মদিন উদযাপন কৰা অসম তথা ভাৰতৰ প্ৰেক্ষাপটত এক বিৰল ঘটনা । তেনে এক উজ্জ্বল নিদৰ্শন অসমৰ গৌৰৱ অৰ্জুন ভোগেশ্বৰ বৰুৱাদেৱৰ জন্মদিন ৩ ছেপ্টেম্বৰৰ দিনটো অসমত 'অভিৰুচি দিৱস' হিচাপে পালন কৰি অহা হৈছে।  তেখেতৰ সাক্ষাৎকাৰ এটি ল'বলৈ সুযোগ পাই নিজকে সৌভাগ্যশালী অনুভৱ কৰিছোঁ। তেখেতৰ সৈতে লোৱা সাক্ষাৎকাৰটো পাঠকবৃন্দলৈ আগবঢ়ালোঁ -------------


জ্ঞানম্ ------ প্ৰথমে আপোনাক ওপজা দিনৰ আন্তৰিক শুভকামনা জনালোঁ। আপুনি সুস্থ হৈ থাকক, আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।
১৯৬৬ চনত বেংকক এচিয়ান গেমছ্ত ৮০০ মিটাৰ দৌৰি সোণৰ পদক বুটলি আপুনি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল । ক্ৰীড়াৰ ক্ষেত্ৰখনত প্ৰথম যাত্ৰাৰ আৰম্ভণি কিদৰে হৈছিল, সেই বিষয়ে কিছু কথা জনাব ।
ভোগেশ্বৰ বৰুৱা ------ নমস্কাৰ । শৈক্ষিক গোট জ্ঞানমলৈ শুভকামনা জ্ঞাপন কৰিলোঁ । ১৯৬০ চনত ভাৰতীয় সৈন্যবাহিনীৰ চাকৰিত অন্ধ্ৰপ্ৰদেশৰ চেকেন্দ্ৰাবাদত যোৱাৰ পিছত মোৰ খেলৰ পৰিক্ৰমা আৰম্ভ হৈছিল । প্ৰথমতে মই বক্সিং আৰু ফুটবল খেলত মনোনিৱেশ কৰিছিলোঁ । ফুটবল খেলত পাৰদৰ্শিতাৰ কাৰণেই আমাৰ দলত স্থান পাইছিলোঁ । দলৰ হৈ দিল্লীত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতা এখনত ভাগ ল'বলৈ গৈছিলোঁ ১৯৬২ চনত । তাত দুই-তিনিদিন অনুশীলন কৰাৰ পিছত খেল প্ৰতিযোগিতাখন বাতিল হৈছিল । ভাৰত- চীন যুদ্ধৰ ৰণডংকা বাজিছিল । বৰ হতাশা হৈছিল মনত । ফুটবল খেলুৱৈ হিচাপে সফলতা লাভ কৰাৰ আশা তাতেই সমাপ্ত হৈছিল । ১৯৬০ চনৰ পৰা বিভিন্ন বক্সিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ যদিও মনটো আছিল ফুটবল খেলতহে । শিৱসাগৰৰ জয়সাগৰত সৰুৰে পৰা ৰবাবটেঙাৰ বল খেলি ডাঙৰ-দীঘল হৈছিলোঁ । ফুটবল বলিয়া সৰুৰে পৰাই আছিলোঁ , কিন্তু গাঁৱত উপযুক্ত সুবিধা তথা প্ৰশিক্ষণৰ অভাৱত সফল হ'ব পৰা নাছিলোঁ । ১৯৬২ চনত ফুটবলত সফল হোৱাৰ মনৰ ইচ্ছা পূৰ্ণ নোহোৱাত ভাঙি পৰিছিলোঁ । কেইদিনমানৰ পিছত বিভাগীয় খেল প্ৰতিযোগিতাৰ কাৰণে দৌৰৰ অনুশীলন কৰিছিলোঁ । ৪০০ মিটাৰ দৌৰত ভাল ফলাফল দেখুৱাই ১৯৬৪ চনত অনুষ্ঠিত হ'বলগীয়া অলিম্পিক খেলৰ ট্ৰায়েল দিবলৈ গৈছিলোঁ । কিন্তু তেতিয়া মিলখা সিং 'ষ্টাৰ' খেলুৱৈ । ১০০ মিটাৰ, ২০০ মিটাৰত তেওঁ প্ৰতিনিধিত্ব কৰিব। ৪০০ মিটাৰত তেওঁ হিটতহে দৌৰিব, ফাইনেল নহয় । মোৰ অলিম্পিকৰ আশা নিৰ্বাপিত হ'ল ট্ৰায়েল নিদিয়াকৈ । তাৰ পিছত সহকৰ্মী এগৰাকীৰ উপদেশমৰ্মে ৮০০ মিটাৰত মনোনিৱেশ কৰি এচিয়ান গেমছৰ আগতে বাংগালোৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি প্ৰথম হৈছিলোঁ । অৱশ্যে তেতিয়া মই ৰাজস্থানৰ হৈ খেলত অংশগ্ৰহণ কৰিছিলোঁ । তাৰ পাছত বেংকক এচিয়ান গেমছত অংশগ্ৰহণ , এতিয়া সেইয়া ইতিহাস।

জ্ঞানমৰ প্ৰশ্ন------ আমি জানিব পাৰিছোঁ যে, আপুনি অসম চৰকাৰে মনোনয়ন কৰা পদ্মশ্ৰী বঁটা প্ৰত্যাখ্যান কৰিছিল। ইয়াৰ কাৰণ কি আছিল ?

ভোগেশ্বৰ বৰুৱা------ ৰাজ্য এখনৰ খেলুৱৈ, সাহিত্যিক, বিশিষ্ট ব্যক্তিক পদ্মশ্ৰী বঁটাৰ কাৰণে মনোনীত কৰি পদ্মশ্ৰী বঁটা দিব পৰাটো ৰাজ্য চৰকাৰ এখনৰ কৃতিত্ব । আজিৰ পৰা ৪-৫ বছৰমান আগতে ক্ৰীড়া প্ৰাধিকৰণৰ তৰফৰ পৰা ৰাজ্য চৰকাৰৰ জৰিয়তে মোৰ নামটো পদ্মশ্ৰী বঁটাৰ কাৰণে প্ৰেৰণ কৰিব বিছাৰিছিল । কথাটো গম পাই মই তেখেতসকলক মোৰ নামটো নপঠাবলৈ অনুৰোধ জনাইছিলোঁ । লগতে মোক এই বঁটা প্ৰদান কৰিলে মই পোনছাটেই প্ৰত্যাখ্যান কৰিম বুলি কৈছিলোঁ । মোৰ বয়স হৈছে যথেষ্ট । বিভিন্ন ক্ষেত্ৰত সুনাম অৰ্জন কৰা উঠি অহা প্ৰজন্মক মনোনীত কৰি পদ্মশ্ৰী বঁটা প্ৰদান কৰাৰ ব্যৱস্থা কৰক । তেতিয়াহে ভৱিষ্যতে সেইসকলে পদ্মভূষণ, পদ্মবিভূষণ, ভাৰতৰত্ন বঁটা লাভ কৰি অসমৰ গৌৰৱ বৃদ্ধি কৰিব ।

জ্ঞানমৰ প্ৰশ্ন-
----- সকলো সচেতন পিতৃ -মাতৃয়ে সন্তানক ডাক্তৰ, ইঞ্জিনীয়াৰ হোৱাৰ সপোন দেখুৱায়। কিন্তু ক্ৰীড়াৰ ক্ষেত্ৰখনতো সম্ভাৱনা যথেষ্ট আছে । আমাৰ অভিভাৱকসকলৰ ক্ৰীড়াৰ প্ৰতি আগ্ৰহহীনতাৰ কাৰণ কি বুলি ভাৱে ? এইক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ ভূমিকা কেনেকুৱা আছিল ?

ভোগেশ্বৰ বৰুৱা:------ বৰ্তমান সময়ত মই আকৌ ক্ৰীড়াৰ প্ৰতি অভিভাৱকসকল আগ্ৰহী হোৱাহে দেখিছোঁ । আজি গুৱাহাটীৰ লʼৰা-ছোৱালীবোৰক বিদ্যালয়ৰ আগত ৰাতিপুৱা আৰু বিদ্যালয়ৰ পিছত আবেলি অভিভাৱকসকলে বিভিন্ন খেলৰ প্ৰশিক্ষণ দিবলৈ ঢাপলি মেলে । ল'ৰা-ছোৱালীৰ লগতে মাক-দেউতাকসকলো ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত হোৱা দেখা গৈছে । এইক্ষেত্ৰত বিভিন্ন খেলৰ অৰ্থসৰ্বস্ব প্ৰতিযোগিতাসমূহে অভিভাৱক সকলক আগ্ৰহী কৰি তুলিছে । গ্ৰাম্য অঞ্চলত অৱশ্যে এতিয়াও অভিভাৱকসকল ক্ৰীড়াৰ প্ৰতি উদাসীন । আৰ্থিক অৱস্থা তথৈবচ কাৰণে গাঁৱৰ সহজ-সৰল অভিভাৱকসকলে নিজৰ লৰা ছোৱালীক পঢ়াশুনা কৰাই চাকৰিৰ প্ৰতি আকৰ্ষিত কৰি আহিছে । ইয়াৰ উপৰিও খেলৰ প্ৰশিক্ষণৰ কাৰণে প্ৰয়োজনীয় অৰ্থ যোগান ধৰিব নোৱাৰাটো ক্ৰীড়াৰ প্ৰতি অনীহাৰ এক কাৰণ ।


জ্ঞানমৰ প্ৰশ্ন------ আমাৰ গ্ৰাম্য অঞ্চলবোৰত বহুতো প্ৰতিভা লুকাই আছে । সেইসকল প্ৰতিভাধৰক উলিয়াই আনিবলৈ কেনেকুৱা পদক্ষেপ লোৱা উচিত ? আপোনাৰ পৰামৰ্শ জানিব বিচাৰিম ।

ভোগেশ্বৰ বৰুৱা------ হয় । আমাৰ গ্ৰাম্য অঞ্চলত যথেষ্ট প্ৰতিভা লুকাই আছে । সিহঁতক নিজৰ খেলবোৰত উন্নতি কৰাবলৈ পঞ্চায়ত পৰ্যায়ৰ পৰাই খেলৰ প্ৰশিক্ষণ, আন্ত: গাঁথনি তথা প্ৰতিযোগিতাৰ ওপৰত চৰকাৰে অধিক গুৰুত্ব দিব লাগিব । এই ক্ষেত্ৰত আমি নিজেই চৰকাৰক বহুবাৰ পৰামৰ্শ দিছোঁ । আজি হাৰিয়ানা, পঞ্জাৱ, মণিপুৰ প্ৰভৃতি ৰাজ্যৰ খেলুৱৈসকল আগবাঢ়ি যোৱাৰ মূল কাৰণ হ'ল সেই ৰাজ্যবোৰে ক্ৰীড়াৰ ক্ষেত্ৰত লোৱা সুপৰিকল্পনা । কিন্তু দেখা যায় যে আমাৰ ৰাজ্য চৰকাৰবোৰে আগৰপৰাই ক্ৰীড়া ক্ষেত্ৰত উপযুক্ত পৰিকল্পনা লোৱা দেখা নগ'ল । উপযুক্ত পৰিকল্পনা অবিহনে গ্ৰাম্য প্ৰতিভাবোৰক বিচাৰি উলিয়াই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিব পৰাটো সম্ভৱ নহয় ।


জ্ঞানমৰ প্ৰশ্ন------ প্ৰতিবাৰে অলিম্পিকত আমাৰ দেশে সীমিত প্ৰদৰ্শনহে কৰিবলৈ সক্ষম হৈ আহিছে । আপোনাৰ দৃষ্টিত ইয়াৰ অন্তৰালৰ কাৰণ কি ?


ভোগেশ্বৰ বৰুৱা------কথাটো একেবাৰে সত্য । ১২৫ বছৰীয়া অলিম্পিক ইতিহাসত ভাৰতৰ প্ৰদৰ্শন অতি পুতৌজনক । ইয়াৰ প্ৰধান কাৰণ হ'ল গোটেই ভাৰতবৰ্ষত খেলপথাৰবোৰৰ উপযুক্ত তথা বিজ্ঞানসন্মত আন্ত:গাঁথনিৰ অভাৱ । মই যেতিয়া ১৯৬৬ চনত এচিয়ান গেমছত পদক পাইছিলোঁ , সেই সময়ত অকল দিল্লীতহে ভাল খেলৰ সুবিধা আছিল । তাৰ পিছত বাংগালোৰত অলপ উন্নত সুবিধা আছিল । বিভিন্ন ৰাজ্যত খেলপথাৰবোৰ আছিল যদিও উন্নত মানৰ নাছিল । এতিয়া গুৱাহাটীৰ সৰুসজাইত এথলেটিক্সৰ সুবিধা আছে যদিও বিভিন্ন জিলাৰ অনুন্নত পথাৰত খেলি থকা খেলুৱৈ এজনে সৰুসজাইত কৃতকাৰ্য হোৱাৰ আশা ক্ষীণ । একেখিনি কথা অলিম্পিকৰ প্ৰেক্ষাপটত ঘটে । ভাৰতৰ খেলপথাৰ তথা প্ৰশিক্ষণ এতিয়াও বিশ্বপৰ্যায়ৰ হৈ উঠা নাই । সেয়েহে ভাৰতৰ খেলুৱৈ সকলে বিশ্বৰ অন্য দেশৰ লগত ফেৰমাৰি পদক অৰ্জন কৰা দুৰূহ হৈ পৰে । এইধৰণৰ কথাবোৰৰ কাৰণে ভাৰতৰ অলিম্পিকত প্ৰদৰ্শন পুতৌজনক ।


জ্ঞানমৰ প্ৰশ্ন------ অলিম্পিক বা আন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত যেতিয়া আমাৰ দেশৰ বা ৰাজ্যৰ কোনো খেলুৱৈ অৱতীৰ্ণ হয়, সেই সময়ত ৰাইজৰ ফালৰপৰা শুভেচ্ছাৰ অতিবৃষ্টি হোৱা যেন অনুভৱ হয়। তেনে সময়ত খেলুৱৈসকলে কেনেদৰে নিজৰ মানসিক স্থিতি সন্তুলিত কৰি ৰাখি নিজ লক্ষ্যত উপনীত হব ? এইক্ষেত্ৰত আপোনাৰ মতামত জানিব বিচাৰিম ?

ভোগেশ্বৰ বৰুৱা------আমাৰ ভাৰতীয়সকল বেছি আৱেগিক । আৱেগৰ বশৱৰ্তী হৈ আমি কেতিয়াবা এনে কিছুমান পদক্ষেপ গ্ৰহণ কৰোঁ যে সময়ত খেলুৱৈ সকলৰ অতিমাত্ৰা চাপ বৃদ্ধি হয় । এইবাৰ অলিম্পিকত লাভলীনাৰ পদক জয়ৰ কাৰণে অসমৰ গাঁও, নগৰ-চহৰত চাকি জ্বলাই প্ৰাৰ্থনা কৰা দেখা গ'ল। কিন্তু এইদৰে প্ৰাৰ্থনা কৰি কাৰোবাক পদক জয়ত সহায় কৰিব নোৱাৰি । এইধৰণৰ কথাবোৰে চাপহে সৃষ্টি কৰে। মই কিন্তু লাভলীনাৰ পদক পোৱাৰ কাৰণে প্ৰাৰ্থনা কৰা নাই । মই মাথোঁ প্ৰাৰ্থনা কৰিছোঁ তাই যাতে কোনো আঘাত নোপোৱাকৈ ঘৰলৈ উভতি আহিব পাৰে । কাৰণ বক্সিং এক বিপদসংকুল খেল। লাভলীনা সৰু ছোৱালী । তাই বহুদিনলৈকে খেলিব পাৰিব । সেয়েহে তাই আঘাতমুক্ত হৈ থাকক । আজিকালি সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমৰ যোগেদি প্ৰচাৰ আৰু প্ৰসাৰৰ ফলত খেলুৱৈসকলে যথেষ্ট চাপৰ সন্মুখীন হ'বলগীয়া হয় । এটা ভাল কথা যে আজিকালি খেলুৱৈসকলে খেলৰ প্ৰশিক্ষণ লোৱাৰ উপৰিও মানসিক চাপ প্ৰতিৰোধ কৰিব পৰা অনুশীলন কৰা দেখা যায় । আমাৰ সময়ত সংবাদ মাধ্যমৰপৰা কোনো ধৰণৰ চাপৰ সন্মুখীন হোৱা নাছিলোঁ । এটা কথা, মই বেংকক এচিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা বাতৰি এমাহমান পিছতহে অসমৰ মানুহে গম পাইছিল । এতিয়া আমাৰ সকলোৰে দায়িত্ব যে খেল প্ৰতিযোগিতা এখনত অংশগ্ৰহণ কৰা খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ নামত আমি তেওঁলোকৰ মানসিক চাপ যেন বৃদ্ধি নকৰোঁ ।

জ্ঞানমৰ প্ৰশ্ন------- চাৰ, আপোনাৰ জন্মদিনটো অসম চৰকাৰে ' অভিৰুচি ক্ৰীড়া দিৱস ' হিচাবে পালন কৰি আহিছে। এই দিৱসটোৰ লগত সংগতি ৰাখি নৱ-প্ৰজন্মৰ বাবে বা প্ৰতিভাসম্পন্ন খেলুৱৈৰ বাবে আৰু কিবা কৰিবলগীয়া আছে বুলি আপুনি ভাৱে নেকি ?

ভোগেশ্বৰ বৰুৱা ------ প্ৰতিবছৰে অসম ভিত্তিত এখন দৌৰ (১০০ মিটাৰ, ২০০ মিটাৰ, ৪০০মিটাৰ.....) প্ৰতিযোগিতা অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰিলে দৌৰবিদ উলিয়াই অনাত সুবিধা হ'ব । চৰকাৰে এই বিষয়ত চিন্তা কৰিব পাৰে । ইয়াৰ উপৰিও উচ্চ প্ৰাথমিক বিদ্যালয় পৰ্যায়ৰপৰা প্ৰতিভাসম্পন্ন খেলুৱৈ বাছনি কৰি জলপানিৰ ব্যৱস্থা কৰিব লাগে । চৰকাৰে বিভিন্ন জিলাৰ কৃতী খেলুৱৈসকলৰ লগত উদীয়মান খেলুৱৈসকলৰ অনুশীলনৰ ব্যৱস্থা কৰিলেও ন ন প্ৰতিভাক উলিয়াই আনিব পৰা যাব । শেষত অৱসৰ গ্ৰহণ কৰা খেলুৱৈসকলক বিভিন্ন চৰকাৰী ক্ৰীড়া-সংগঠনৰ মুৰব্বী অথবা পৰিচালনাৰ দায়িত্ব দিলেও ৰাজ্যখনৰ খেলৰ ক্ষেত্ৰখনৰ যথেষ্ট পৰিমাণে উন্নতি সাধন হ'ব বুলি মোৰ বিশ্বাস ।

জ্ঞানম------ চাৰ , আপুনি আমাক আপোনাৰ বহুমূলীয়া সময়খিনি দি ই-আলোচনী 'জ্ঞানম্'ৰ কাৰণে সাক্ষাৎকাৰটো দিয়া বাবে শৈক্ষিক গোট জ্ঞানম, কামৰূপৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ । আপুনি সুস্থ- সবল হৈ থাকক , আপুনি দীৰ্ঘায়ু হওঁক , আপুনি নৱ-প্ৰজন্মৰ কাৰণে সদায় আদৰ্শ হৈ থাকক । আগন্তুক দিনত জ্ঞানমৰ মজিয়াত আপোনাক আকৌ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ ।

ভোগেশ্বৰ বৰুৱা ------ ভাল লাগিল । ই-আলোচনী 'জ্ঞানম্'ৰ যাত্ৰা চিৰপ্ৰবাহমান হওঁক । শৈক্ষিক গোট জ্ঞানম্ , কামৰূপৰ প্ৰতিটো শুভকামলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।



                    

সাক্ষাৎকাৰ গ্ৰহণ----------------


তীৰ্থমণি ডেকা
সহ: শিক্ষক( বিজ্ঞান)
পূৱপাৰ মদাৰতলা উচ্চ মাধ্যমিক বিদ্যালয়
কমলপুৰ শিক্ষাখণ্ড

Post a Comment

0 Comments