header ads

বিজ্ঞানৰ ইটো সিটো

বিজ্ঞানৰ ইটো সিটো



১) সাপে নিজতকৈ ডাঙৰ খাদ্য গিলিব পাৰে ।সাপে জীৱিত অৱস্থাতেই নিজৰ আকাৰতকৈ ডাঙৰ জীৱ এটা গোটে গোটে গিলি খাব পাৰে। মুখৰ ভিতৰত ঢিলাকৈ সজ্জিত হৈ থকা দাঁতৰ পাৰিবোৰে মুখৰ আকাৰতকৈও ডাঙৰ খাদ্যবোৰ মুখত সুমুৱাই লোৱাত সহায়  কৰে । ইয়াৰ উপৰিও ভিতৰলৈ জোঙা হৈ থকা দাঁতবোৰে খাদ্যবস্তু ভিতৰলৈ থেলি দিয়াত সহায়  কৰে, লগতে মুখত থকা অতিমাত্ৰা লালটিয়ে খাদ্যবস্তু খিনি পিছলাই সাপৰ ডিঙিলৈ লৈ যোৱাত সহায়  কৰে ।

২) যকৃত( liver) আমাৰ দেহৰ একমাত্ৰ অংগ যি নিজেই আকৌ পুনঃজীৱিত ( regenerate)কৰিব পাৰে । সেয়ে সহজে যকৃতৰ এটা অংশ আন এজনৰ দেহত স্থাপন কৰাটো সম্ভৱ হয়। 

৩) আমি সাৰ পাই থকা সময়ত আমাৰ দেহৰ অন্য অংশৰ লগতে মগজুও সক্ৰিয় হৈ থাকে। এই মগজুৱে প্ৰায় ২৫ ৱাটৰ বিদ্যুৎ উৎপাদন কৰিব  পাৰে । তাৰ সহায়ত  আমি এটা সৰু বাল্ব জ্বলাব পাৰোঁ।

৪) আমাৰ শৰীৰটো যেতিয়া  শুই থাকে , আমাৰ মগজুৱে তেতিয়াও কাম কৰি থাকে, যাৰ বাবে আমি সপোন দেখোঁ । 

৫) আমাৰ মগজুৱে শৰীৰৰ আন আন অংগবোৰলৈ ঘণ্টাত প্ৰায় ২৭৪ ৰ পৰা ৪০০ কিঃমিঃ গতিৰে বাৰ্তা পঠিয়াব পাৰে ; যাৰ ফলত আমাৰ দেহৰ যিকোনো অংশ জ্বলিলে , কাটিলে বা মহে কামুৰিলেও আমি তৎক্ষণাতে সঁহাৰি জনাব পাৰোঁ । 


সংগ্ৰাহক----------
পল্লবী পাঠক
বিজ্ঞান শিক্ষয়িত্ৰী
শিঙিমাৰী পুখুৰীপাৰ মধ্য ইংৰাজী বিদ্যালয়

 শিক্ষাখণ্ড - ছয়গাঁও

অলংকৰণ:-- 



Post a Comment

0 Comments