header ads

ভ্ৰমণ কাহিনী

 ভ্ৰমণ কাহিনী



ছুইজাৰলেণ্ডৰ বিশ্ব ঐতিহ্যস্থলী বাৰ্ণ চহৰ ( UNESCO, WORLD HERITAGE CITY BERN ) ভ্ৰমণৰ অভিজ্ঞতাঃ-------------


ছুইজাৰলেণ্ড ইউৰোপ মহাদেশৰ এনে এখন দেশ, যিখন দেশক পৃথিবীৰ ভূ-স্বৰ্গ বুলি কোৱা হয় । সমগ্র ছুইজাৰলেণ্ডৰ প্ৰাকৃতিক দৃশ্যৰাজি অতি মনোৰম আৰু নয়ন জুৰোৱা । এই দেশখনৰ প্ৰকৃতি আৰু আধুনিক প্ৰযুক্তিবিদ্যাৰ অভূতপূর্ব সংমিশ্রণক এক অপূর্ব নিদর্শন বুলি ক'ব পাৰি । জেনেভা চহৰৰ মাজে মাজে এক প্ৰাকৃতিক হ্ৰদ চহৰখনৰ এটা মূৰৰ পৰা আনটো মূৰলৈ বিস্তৃত হৈ যেন সোণত সুৱগাহে চৰাইছে । এই হ্ৰদত ব্যৱসায়িক ভিত্তিত আধুনিক ষ্টীমাৰ চলাচল কৰে । এই ষ্টীমাৰবোৰ প্ৰধানকৈ পৰ্যটকসকলৰ কাৰণে ব্যৱহৃত হয় । ইয়াৰ বাহিৰেও অলেখ পালতৰা নাও চলাচল কৰা দেখা যায় । এই বিলাক ব্যক্তিগতভাৱে চহৰৰ আঢ্যৱন্ত লোকসকলে অৱসৰ বিনোদনৰ সময়ত ব্যৱহাৰ কৰে । ব্যৱসায়িক ষ্টীমাৰবোৰ সময়ে সময়ে চলাচল কৰে চহৰখনৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ । এইবিলাকত খোৱা- বোৱাকে আদি কৰি অন্যান্য বিনোদনৰ সুন্দৰ ব্যৱস্থাও আছে । পৰ্যটকৰ চাহিদা অনুসৰি ইয়াত থকা কেবিনবিলাকত সুৰাজাতীয় পানীয় যোগানৰ ব্যৱস্থাও আছে । এই ষ্টীমাৰ জাহাজবোৰত নিজৰ পৰিয়ালৰ লগত গ’লে অতিশয় উপভোগ্য আৰু মনোগ্রাহী হৈ পৰে । চলন্ত জাহাজৰ পৰা ইয়াৰ উপকূল অঞ্চলৰ নান্দনিক দৃশ্যসমূহ এফালৰ পৰা উপভোগ কৰাৰ সময়ত জীৱনৰ সাৰ্থকতা উপলব্ধি কৰা যেন লাগে ।

ছুইছ চৰকাৰৰ তৎপৰতাত এই হ্ৰদৰ পানী অতি নিৰ্মল । এই হ্ৰদৰ ঠায়ে ঠায়ে কিছুমান পানীৰ ফোৱাৰা দেখা পোৱা যায় । এই ফোৱাৰাবোৰ হ্ৰদৰ জলপৃষ্ঠৰ পৰা ৪০/৫০ ফুট মান উচ্চতা পর্যন্ত ওপৰলৈ উঠা দেখা যায় । এই দৃশ্য অতি মনোৰম । ছুইজাৰলেণ্ডৰ জেনেভা চহৰৰ জলবায়ু অতি সুন্দৰ আৰু স্বাস্থ্যসন্মত । ইয়াত বায়ু প্ৰদূষণ নাই বুলিয়েই ক’ব পাৰি । এই চহৰৰ বাসিন্দাসকলৰ ব্যক্তিগত বাহনৰ সংখ্যা আঙুলিৰ মূৰত গণিব পাৰি । ইয়াৰ প্ৰধান কাৰণ হ’ল দেশখনৰ সুসংহত আৰু সুপৰিচালিত ৰাজহুৱা পৰিবহণ ব্যৱস্থা ৷ এই চহৰৰ প্রধান প্ৰধান ৰাস্তাসমূহত বিজুলী শক্তিৰদ্বাৰা চালিত অত্যাধুনিক বাছৰ প্ৰচলন আছে । বাছবোৰ ৰেলগাড়ীৰ ডবাৰ দৰে দুখনকৈ সংলগ্ন কৰা থাকে । এই বাছবোৰৰ আসনবোৰ পৰিষ্কাৰ আৰু পৰিকল্পিতভাৱে সজ্জিত । বাছবোৰত সকলো শ্ৰেণীৰ যাত্রীকে সমানে সুবিধা প্ৰদান কৰা হয় । ইয়াত যান- জঁট প্ৰায় শূন্য। আমাৰ দেশৰ যান- বাহন ব্যৱস্থাৰ লগত ইয়াৰ কোনো ধৰণৰ তুলনা নহয় ৷ ইয়াৰ প্ৰধান কাৰণ হৈছে দেশখনৰ স্বচ্ছল অৰ্থনৈতিক ব্যৱস্থা । আমাৰ দেশত অৱশ্যে মানুহৰ জীৱন-ধাৰণৰ মান তেনেই পিছপৰা । উল্লেখ্য যে আমাৰ দেশৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাও তেনেই অনুন্নত আৰু পৰিকল্পনাহীন । তাৰ তুলনাত উন্নত দেশবোৰৰ যাতায়াত ব্যৱস্থা কাৰিকৰীভাৱে বহুত আগবঢ়া । আমাৰ দেশত তেনে নহয় বাবে ইয়াত জলবায়ুৰ প্ৰদূষণৰ মাত্ৰাও বেছি । আনহাতে দুৰ্ঘটনাৰ পৰিমাণো ইয়াত যথেষ্ট বেছি । বাছ চলাচলৰ উপৰিও ছুইজাৰলেণ্ডত প্ৰচলিত ট্ৰামগাড়ীৰ কথা ক’বলৈ হ'লে ভাৰতবৰ্ষতকৈ বহুগুণে শ্ৰেষ্ঠ । নকৈ নোৱাৰি যে এনে ক্ষেত্রত ভাৰত চৰকাৰৰ অৱহেলাই বিদ্যমান ।

এতিয়া আহোঁ ছুইজাৰলেণ্ডৰ এখন অতি পুৰণি ঐতিহ্যমণ্ডিত চহৰ বাৰ্ণলৈ। এই চহৰখন দেশখনৰ উত্তৰ-পশ্চিম কোণত অৱস্থিত । ইয়াক ৰাষ্ট্ৰসংঘৰ শিক্ষা , বিজ্ঞান আৰু সাংস্কৃতিক সংস্থাই ( UNESCO) বিশ্ব ঐতিহ্যস্থলী( WORLD HERITAGE SITE) হিচাবে মান্যতা প্ৰদান কৰিছে । এই বাৰ্ণ চহৰৰ সভ্যতাই ১৭ শতিকাৰ পৰা আজি পৰ্যন্ত অতি গৌৰৱেৰে দেশখনৰ নাম উজ্জ্বল কৰি ৰাখিছে । এই চহৰখনৰ দাঁতি কাষৰীয়া অঞ্চলবোৰ পৰ্বত-পাহাৰেৰে ভৰি আছে । চহৰখনলৈ যোৱা পৰ্যটকসকলৰ কাৰণে দেশখনৰ পৰ্যটন বিভাগে টুৰিষ্ট গাইডৰ সুন্দৰ ব্যৱস্থা কৰি দিছে ৷ ইয়াত অৱস্থিত Rose Garden ৰ পৰা সমগ্ৰ বাৰ্ণ চহৰৰ এক সামগ্রিক দৃশ্য পৰ্যটকসকলে উপভোগ কৰিবলৈ সক্ষম হয় । ছুইজাৰলেণ্ডৰ বিখ্যাত এই World Heritage City বাৰ্ণত ১৬০০শ শতিকাত প্ৰতিষ্ঠা কৰা Clock Towerবোৰ যেন আজিও ছুইচ ঘড়ীৰ পৃথিৱী বিখ্যাত মানৰ সাক্ষৰ হৈ আছে ৷ চহৰৰ ভিন্ন প্ৰান্তত থকা এনে বহুতো Clock Tower আজি পৰ্যন্ত সময়ৰ অকণো হীন-ডেঢ়ি নঘটাকৈ চলি আছে । সেয়ে এই চহৰখনক Clock Tower বুলিও কোৱা হয় ৷ ইয়াৰোপৰি এই চহৰৰ সুউচ্চ ৰঙা চালযুক্ত ৰঙা ভৱনবোৰ চালে চকুৰোৱা । গাইডসকলে ভ্ৰমণকাৰীসকলক লৈ যোৱা বিভিন্ন ঠাই সমূহৰ ভিতৰত ইয়াৰ সাংসদ ভৱন, Clock Tower সমূহ, পৌৰাণিক গীৰ্জা সমূহ( Cathedral) আৰু বিয়েৰ পাৰ্কেই ( Bear Park) প্ৰধান । এই সমূহ পৰ্যটনস্থলী সাধাৰণতে গাইডৰ তত্বাৱধানত পদব্ৰজে চাব পাৰি ৷ গাইডজনে প্ৰতিটোৰে বিৱৰণ ইংৰাজী ভাষাত সহজ- সৰলভাৱে দৰ্শনাৰ্থীক বুজাই দিয়ে। বাৰ্ণ চহৰত ভিন্ন উপায়েৰে পৰ্যটকসকলক আকৰ্ষিত কৰাৰ প্ৰয়াস কৰা হয় । পৰ্যটকৰ বাবে গাইডে চাইকেল, স্কুটাৰ আদি সততে সাজু কৰি ৰাখে ।

অতি পুৰণি এই বাৰ্ণ চহৰৰ বিষয়ে নানান ধৰণৰ মুখৰোচক কাহিনী ১৬০০শ শতিকাৰ পৰা আজি পৰ্যন্ত চলি আহিছে । ইয়াৰ জনসাধাৰণৰ মাজত এটা বিশ্বাস আছে যে এই চহৰখনত ৰাতি ৰাতি প্ৰেতাত্মাৰ বিচৰণ চলে । কিছু স্থানত নৈশ প্ৰহৰীয়ে সেইবোৰ প্ৰত্যক্ষ কৰা বুলিও জনৰৱ আছে । চহৰখনত অতি পুৰণি বহুবোৰ ভৱন এতিয়াও খালী হৈ আছে ৷ সেইবিলাকত স্থায়ীভাৱে মানুহ নাথাকে যদিও চৰকাৰে Tourism ৰ কাৰণে সেই ঘৰসমূহ মাজে সময়ে মেৰামতি কৰি থাকে । তাৰোপৰি Korm House Platz, Granary Square নামৰ ঠাই দুখনৰ পৰা বগা ধোঁৱা ( কুঁৱলী) মাজে মাজে নিৰ্গত হৈ থাকে । এইবিলাক একো একোটা পৰিঘটনা ।

ইং ১৭৯৮ চনত ফৰাছী সৈন্যই বাৰ্ণ চহৰ আক্ৰমণ কৰিছিল । সেই সময়ত চহৰখনৰ প্ৰতিৰক্ষাৰ দ্বায়িত্বত মাত্ৰ ১২,০০০ হাজাৰ সৈন্য মজুত আছিল । কিন্তু ৩০,০০০ হাজাৰ ফৰাছী সৈন্যৰ সম্মুখত বাৰ্ণিজ সেনাই তিষ্ঠিব নোৱাৰি আত্মসমর্পণ কৰিবলৈ বাধ্য হয় । বাৰ্ণ চহৰৰ মাজেদি কৰা ভ্ৰমণৰ সময়ত গাইডজনে এনে ধৰণৰ বৰ্ণনাবোৰ ভ্ৰমণকাৰী সকলক অৱগত কৰায় । 

পুৰণি বাৰ্ণ চহৰখনত বহুকেইখন নামী- দামী ৰেষ্টুৰেণ্ট আছে । সেইবোৰৰ গৰাকীসকলে পৰ্যটকসকলক আকৰ্ষিত কৰি নিজৰ নিজৰ ৰেষ্টুৰেণ্টলৈ আহ্বান জনায় । যিয়ে যি ৰেষ্টুৰেণ্টলৈ যায় তাতেই তেওঁলোকক তেওঁলোকৰ পছন্দৰ আহাৰ যোগান ধৰা হয় । যিসকলে পানীয় গ্ৰহণ কৰে , তেওঁলোকৰ বাবেও সুন্দৰ ব্যৱস্থা কৰা থাকে । আহাৰ গ্ৰহণ কৰাৰ পাছত তেওঁলোকক লৈ যোৱা হয় পাৰফিউম বনোৱা কাৰখানালৈ । কোনোৱে ক্ৰয় কৰিবলৈ বিচাৰিলে সেই সুবিধাও দিয়া হয়। দিনটোৰ কাৰ্যসূচী এনেদৰেই সমাপ্ত হয় ।

এই বাৰ্ণ চহৰত বিখ্যাত বিজ্ঞানী এলবার্ট আইনষ্টাইনৰ এটা মিউজিয়াম আছে । এই মিউজিয়ামত বিজ্ঞানীজনৰ ৭০টা মান ফিল্ম শ্বো, আত্মজীৱনী সম্বলিত গ্ৰন্থ দেখুওঁৱাৰ ব্যৱস্থা আছে । তাত বিজ্ঞানীজনৰদ্বাৰা আৱিষ্কৃত বিভিন্ন আৱিষ্কাৰৰ অডিঅ' ভিজুৱেল কৰা হয় । এই বিষয়ত আগ্ৰহী পৰ্যটকসকলৰ বাবে এই শ্বোৰ ব্যৱস্থা অতিকৈ স্মৰণীয় আৰু তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে ।

UNESCO WORLD HERITAGE SITE বাৰ্ণ চহৰখনৰ বিষয়ে কৈ অন্ত কৰিব নোৱাৰি । অতি মনোৰম এই চহৰখনৰ প্ৰতিটো অঞ্চল ভ্ৰমণ কৰিলে কিবা এক নতুন আৱিষ্কাৰ কৰা যেন অনুভৱ হয় । Regio Express Lotachberger Train নামৰ ট্ৰেইন এখনে বাৰ্ণ চহৰৰ পৰা Brig নামৰ ঠাই টুকুৰালৈ লৈ যায় পৰ্যটকসকলক । এই ট্ৰেইন যাত্ৰা ১০০ বছৰ পুৰণি এটা পাহাৰীয়া ৰাস্তাৰে কৰা হয় ৷ এই যাত্রাত সমগ্র বাৰ্ণ চহৰৰ প্ৰাকৃতিক দৃশ্য পাহাৰৰ শিখৰৰ পৰা উপভোগ কৰিব পাৰি । Brig ৰ পৰা বাৰ্ণ চহৰলৈ পুনৰ ঘূৰি অহাৰ সময়ত এই ট্ৰেইন Lotachberg Base টানেলৰ মাজেদি আহে । এই অভিজ্ঞতা অতি বিস্ময়কৰ আৰু আনন্দদায়ক।

ইয়াৰ Cable car বোৰ পৰ্যটকৰ এক অন্যতম আকৰ্ষণ । এই কেব’ল কাৰৰ ভিতৰত Niederhoen , Stockhorn আৰু Neisen Funicular য়ে পৰ্যটকসকলক লৈ যায় ইয়াত থকা এটা পৰ্বতৰ পৰা আনটো পৰ্বতৰ শিখৰলৈ । ইয়াৰ দ্বাৰাই পৰ্যটকসকলে বিৰল প্ৰাকৃতিক সৌন্দর্য উপভোগ কৰাৰ উপৰিও এক সুন্দৰ অভিজ্ঞতা অনুভৱ কৰিব পাৰে। ইয়াৰ উপৰিও বিভিন্ন পাহাৰীয়া অঞ্চলত অৱস্থিত ৰেষ্টুৰেণ্ট বোৰেও পৰ্যটকসকলক সাধ্যানুসাৰে আতিথ্য প্ৰদান কৰে । Grindelwald নামৰ উপত্যকাৰ পৰা ৬ জনীয়া কেব’ল কাৰ নিয়মিত ভাৱে চলাচল কৰে বৰফ আবৃত অঞ্চলবোৰলৈ । সমূদ্রপৃষ্ঠৰপৰা ২১৬৮ ফুট উচ্চতাত থকা Rope Way ত চলাচল কৰা Cable Car ইউৰোপ মহাদেশৰ ভিতৰত অতি বিৰল Cable Rope Way । ইয়াত গ'লে Bchalpee Lake নামে মুকুতা সদৃশ এটা পৰ্বতীয়া হ্ৰদ দেখা পায়। ইয়াৰ দৃশ্য অতি মনোৰম । অন্য এক অতি আকৰ্ষণীয় যাত্রা কৰিব পাৰি Guntrau ৰেল’ৱেৰ মাধ্যমেদি, যাৰ বিষয়ে নিলিখিলে এই লেখা আধৰুৱা হৈ ৰ’ব যেন লাগে । এই ৰেলযাত্ৰা interlekenost. Kleine ৰ পৰা Gungtracyoch লৈ যাব পাৰি । এই ৰেলগাড়ীখন সমূদ্রপৃষ্ঠৰপৰা ৩৪৫৪ মিঃ ওপৰেৰে অহা-যোৱা কৰে । সেই উচ্চতাত ইউৰোপ মহাদেশৰ সৰ্বোচ্চ ৰেলষ্টেচন আছে। ইয়াৰ পৰা Aletch Glacier ৰ দৃশ্য উপভোগ কৰিব পাৰি । অনুকূল বতৰত Aletch Glacier Unesco World Heritage Site ৰ অন্যতম এক আকৰ্ষণ ।

বাৰ্ণ চহৰৰপৰা এঘণ্টা অতিক্রম কৰিলে জেনেভা লেকৰ পাৰত অলিম্পিক মিউজিয়াম অৱস্থিত । এই মিউজিয়াত পৰ্যটকসকলৰ কাৰণে অলিম্পিক খেলৰ লগত জড়িত সকলো ধৰণৰ খেলৰ তথ্য সংৰক্ষিত হৈ আছে । পৰ্যটকসকলৰ বাবে এইটো এক আকৰ্ষণীয় সুবিধা । এনেবোৰ বিৰল অভিজ্ঞতা ছুইজাৰলেণ্ড ভ্ৰমণ কৰিবলৈ যোৱা পৰ্যটকসকলে উপভোগ আৰু প্ৰত্যক্ষ কৰিব পাৰে ।


দিলীপ লেখাৰু।
ফোন:-- ৮৪৭২৮৩৯৪৫১


Post a Comment

0 Comments