header ads

চুটি গল্প

 জানা যেন কল্পতৰু



আজি কেইদিনমানৰপৰা আমাৰ ছায়াৰ মানে আমাৰ শান্তিছায়াৰ ঘৰত একেবাৰেই মন বহা নাই ৷ অকল তাইৰেই নে ? লগৰ ধুনু-মুনু, জুনুকাৰো একেই অৱস্থা ৷ হ’বৰে কথা ৷ কালি আবেলি আটাইকেইজনী লগ হৈ গাঁৱৰ মাজৰ নামঘৰটোৰপৰা এপাক মাৰি আহিলেগৈ ৷ আজিও যাব ৷ আৰতি বাইদেৱে কৈছে নহয়, নামঘৰতেই বোলে সিহঁতৰ কৃষ্ণনৃত্যটোৰ আখৰা কৰিব ৷ আখৰাৰ কথা মনলৈ আহিলেই তাইৰ হাতে-ভৰিয়ে একো একোটা ছেও নাচি উঠে ৷ আনকালে দুপৰীয়া ভাত-পানী খাই উঠি এইখিনি পৰত তাই অকণমান শোৱে, নহ’লে সাধুৰ কিতাপ এখনকে পঢ়ে ৷ পিছে আজি নাই, ক’তো মন নবহে ৷ নামঘৰতহে মনটো আছে ৷ ধুনু-মুনুহঁত আহিলেই যাব ৷ ৰাস্তাৰ ফালে এনেয়ে এপাক চাবলৈ বুলি পদূলিমুখ পালেগৈ ৷ নাই, সেয়া ধনটি খুড়াহে ৷ চাইকেলত কল, নাৰিকল, কুঁহিয়াৰ আদিৰে এবোজা কৰি লগতে দুখন মোনাও ভৰ্তি কৰি কিবা আনিছে– নামঘৰৰে বস্তু হেনো ৷ কাইলৈৰ নাম-প্ৰসঙ্গৰ প্ৰসাদৰ বাবে আনিছে ৷ চাইকেলৰ কেৰিয়াৰতে বহি তাইৰো খুড়াৰ লগতে নামঘৰলৈকে যাবৰ মন গ’ল ৷ নাই, সিহঁতে বেয়া পাব ৷ দেউতাকে কৈছে নহয়, নামঘৰত কামে কামে ঢেৰ মানুহ আছে ৷ মাকৰ আজি তাইৰ লগত কটাবৰ একেবাৰে সময় নাই ৷ পাকঘৰৰ কাম খৰকৈ সামৰি-সুতৰি তেওঁ বৰদেউতাকহঁতৰ ঘৰত পিঠাগুৰি খুন্দিবলৈ গ’ল ৷ ঢেঁকীশালৰ মাত ঘৰলৈকে শুনি.. লগত খুড়ী-বৰমাহঁত আছেই ৷ চুবুৰিটো যেন উবুৰি খাই পৰিছে ৷ আইতাকে কৈ থকা শুনিছে, গধূলিলৈ সকলোৱে মিলি সিহঁতৰ ঘৰত পকামিঠৈ বান্ধিবহি ৷ কাইলৈ সকলো ভকতে চাহৰ লগত পকামিঠৈ খাবলৈ পাব লাগিব ৷ গোটেই গাঁওখনতে কিবা এক উদুলি-মুদুলি পৰিবেশ ৷ সকলো যেন উৎসৱৰ আয়োজনত ব্যস্ত ৷ কালিলৈ গুৰু-জয়ন্তী ৷ কাৰ্যসূচীখন তাই দেউতাকৰ টেবুলতে দেখিছে ৷ পুৱাই ভাগৱত ভ্ৰমণ, তাৰ পিছত নাম-প্ৰসঙ্গ, মাহ-প্ৰসাদ, জলপান বিতৰণ, আহাৰ গ্ৰহণ, আবেলি ভাগলৈ মুকলি সভা, আকৌ গধূলিলৈ গায়ন-বায়ন আৰু ভাওনা প্ৰদৰ্শন.. ধুনু-মুনুহঁতক কাৰ্যসূচীখন আঙুলিৰ মূৰত লেখি লেখি বৰ্ণনা কৰি ছায়া নামঘৰৰ দিশে গৈ থাকিল ৷ কাইলৈ মুকলি সভাত সিহঁতে নাচিব ৷ সিহঁতৰ কৃষ্ণনৃত্যটোৰ আজি শেষ আখৰা কৰিব ৷ নৃত্যৰ সাজ-পাৰ ইতিমধ্যে সকলোৱে যোগাৰ কৰিছেই ৷ সেয়ে সিহঁতৰো গা আজি সাতখন-আঠখন ৷
নামঘৰৰ বাটচ’ৰাতে নামঘৰীয়া ককাই ৰ’দত দি থোৱা মুখাবোৰ সামৰি আছিল ৷ কাইলৈ লাগিব, ভাওনাৰ ভাৱৰীয়াসকলে পিন্ধিব ৷ মুখাবোৰ এনেয়ে চুই চালে সিহঁতে ৷ বিধে বিধে মুখা– ৰাক্ষস, ৰাক্ষসী, বান্দৰ, সিংহ, চৰাই আদিৰ কোনোটোৰ চকু, কোনোটোৰ দাঁত-মুখ, কোনোটোৰ চুলি– কি ভয়ানক !

ইফালে-সিফালে ভাগে ভাগে কামত ব্যস্ত মানুহবোৰৰ কাষে কাষে সিহঁতে এনেয়ে এপাক মাৰিলে ৷ কোনোবাই যদি ঘাঁহ-বন চাফা কৰিছে, কোনোবাই ৰং দিছে, কোনোৱে আকৌ প্ৰয়োজনীয় বয়-বস্তু গোটাইছে ৷ আখৰাৰ বাবে বাইদেৱো আহি পোৱাহি নাই ৷ নামঘৰীয়া ককাই সিহঁতক নামঘৰৰ মজিয়াতে বহিবলৈ মাতি নিজেও খুটা এটাত আঁউজি বহিল ৷ অলপ জিৰাব খুজিলে ৷ নামঘৰৰ দুৱাৰমুখতে আটাইকেইজনীয়ে সেৱা এটা কৰি ভিতৰলৈ সোমাই গৈ ককাৰ কাষতে পাৰি থোৱা ঢাৰি-কঠত বহিলগৈ ৷

 ছায়া ছোৱালীজনী অলপ অনুসন্ধিৎসু মনৰ ৷ তাইৰ গুৰুজনাৰ বিষয়ে অলপ বেছিকৈ জানিবৰ মন ৷ ককাৰ ফালে চাই সুধিলে,–" ককা, আমি যে গুৰু-জয়ন্তী পাতোঁ– গুৰুজনাই আমাক বহুত কিবা-কিবি দি গৈছে নেকি? অকণমান কোৱাচোন– জানিবৰ বৰ মন যায় ৷ ডাঙৰ হ’লে অৱশ্যে কিতাপত পঢ়িবলৈ পাম– এতিয়া ডাঙৰ পুথিবিলাক পঢ়িব নোৱাৰো নহয় ৷"
  ধুনু-মুনুহঁতেও ককাৰ মুখলৈ চালে ৷
মুখত এক প্ৰশান্তিৰ হাঁহি লৈ ককাই আৰম্ভ কৰিলে গুৰুজনাৰ গুণানুকীৰ্তন,

‘‘জয় গুৰু শংকৰ  সৰ্ব গুণাকৰ
যাকেৰি নাহিকে উপাম,
তোহাৰি চৰণকু       ৰেণু শতকোটি
বাৰেক কৰোহো প্ৰণাম ৷৷’’
–অমিয়া সুৰ তেওঁৰ কণ্ঠত ৷ বুজিছা মইনাহঁত, তেওঁ আছিল ‘সৰ্ব গুণাকৰ’ । এই যে নামঘৰটো, সত্ৰ, নাট-ভাওনা, বৰগীত, খোল-তাল-ডবা, নাম-প্ৰসংগ, মুখা শিল্প– এই সকলোবোৰ সংস্কৃতিৰ উপাদান তেওঁৰে অৱদান ৷ পুৱাই সুমধুৰ বৰগীত এটা শুনিলে আমাৰ যেনেকৈ ভক্তিত মূৰ দোঁ খায়, তেনেকৈ নামঘৰত কীৰ্তন-ভাগৱতৰ পদ-ঘোষা শুনিলেও ভগৱানৰ মাহাত্ম্য অনুভৱ কৰোঁ ৷ ভাওনাৰ কাহিনী উপভোগ কৰিও ভগৱানৰ লগত সাক্ষাৎ হোৱা যেন পাওঁ ৷ তেওঁ কেৱল মহাপুৰুষেই নহয়– জাতীয় জীৱনৰ ভেঁটি গঢ়োতাও ৷ নামঘৰটো জাতীয় ৰংগমঞ্চ, থিয়েটাৰ মঞ্চৰ দৰে ৷ ইয়াত কেৱল নাট-ভাওনাই নহয়, ৰাজহুৱা সকাম-নিকাম, ধৰ্মালোচনা সভা, নাম-কীৰ্তন, জগৰ-অপৰাধৰ বিচাৰ আদিও হয় ৷ আকৌ তেওঁ সৃষ্টি কৰা গীত-নৃত্য, বাদ্য আৰু অন্যান্য শিল্পসমূহৰ প্ৰসাৰ-প্ৰচাৰ আৰু সংৰক্ষণৰ বাবে সত্ৰ স্থাপন কৰিছিল ৷ অসমৰ সেই সময়ৰ সমাজখন নতুনকৈ গঢ় দিবলৈ তেওঁ যে কিমান কি কৰিছিল ? "
 ভাৱতে বিভোৰ হ’ল ককা ৷ যেন শংকৰী যুগলৈ উভতি গ’ল । এটা দীঘলীয়া হুমুনিয়াহ কাঢ়ি পুনৰ ক'বলৈ ধৰিলে,
  "জানানে মইনাহঁত, তেৰাৰ সময়ৰ সমাজখন তেনেই অনাচাৰ-ব্যভিচাৰে ভৰি পৰিছিল, উচ্চ-নীচ ভেদ-ভাৱে বৰকৈ শিপাইছিল ৷ উচ্চ জাতিৰ মানুহে নিম্ন জাতিৰ মানুহৰ লগত মিলা-মিছা নকৰিছিল, খোৱা-বোৱাতো দূৰৰে কথা ৷ চুলেই জাত যোৱাৰ নিয়ম আছিল ৷ ধৰ্মৰ নামতো সমাজখন ভাগ ভাগ হৈছিল ৷ অতি খৰছী যাগ-যজ্ঞ, পূজা-পাতল, বলি-বিধানৰ জৰিয়তেহে ধৰ্মীয় কাৰ্য হৈছিল ৷ ধৰ্মৰ নামত অকল জীৱ-জন্তুৱেই নহয়, মানুহকো বলি দিয়া হৈছিল ৷ দুখীয়া মানুহে ধন-বিতৰ অভাৱত কোনো ধৰ্মীয় কাম-কাজ কৰিব নোৱাৰিছিল– ধৰ্মীয় পুথি-পাজি আদি তেওঁলোকৰ পৰা নিলগাই ৰখা হৈছিল ৷
গুৰুজনাই বেদ-উপনিষদ, পুৰাণ, ৰামায়ণ, মহাভাৰত আদি সকলো ধৰ্মগ্ৰন্থ অধ্যয়নৰ দ্বাৰা ধৰ্মৰ প্ৰকৃত সাৰ-তত্ত্ব উদ্ধাৰ কৰি এক নতুন সহজ-সৰল সাধাৰণ মানুহে বুজি পোৱা ধৰ্মৰ প্ৰৱৰ্তনেৰে সমাজৰ প্ৰচলিত ধৰ্মৰ অন্যায়-অবিচাৰ নাইকিয়া কৰিবলৈ চেষ্টা কৰিছিল ৷ তেওঁ দুবাৰকৈ ভাৰতৰ হিন্দুসকলৰ পৱিত্ৰ তীৰ্থস্থানবিলাক ভ্ৰমণ কৰি ধৰ্মীয় অভিজ্ঞতা গোটাই ‘নৱ বৈষ্ণৱ ধৰ্ম’ বা ‘এক শৰণ হৰিনাম ধৰ্ম’ৰ প্ৰৱৰ্তন কৰিছিল ৷ তেওঁ মানুহক বুজাই দিছিল– ভগৱানক লাভ কৰিবৰ বাবে ব্যয়বহুল যাগ-যজ্ঞ, বলি-বিধান, পূজা-পাতলৰ প্ৰয়োজন নাই আৰু বহু দেৱ-দেৱী উপাসনাৰো প্ৰয়োজন নাই ৷ বিষ্ণুৱেই শ্ৰেষ্ঠ দেৱতা আৰু তেওঁৰ নাম-মহিমা শ্ৰৱণ-কীৰ্তন কৰিলেই ভগৱানক লাভ কৰিব পাৰি ৷ ভগৱান সকলোতে বিৰাজমান ৷ গুৰুজনাই ‘নামঘৰ’ প্ৰতিষ্ঠা কৰি তাতেই ভগৱন্তৰ নাম-কীৰ্তনৰ ব্যৱস্থা কৰিছিল ৷ উচ্চ-নীচ, সৰু-বৰ, ধনী-দুখীয়া আদি সকলো জাতি-কুলৰ লোকেই তেওঁৰ ধৰ্ম গ্ৰহণ কৰিব পাৰিছিল আৰু নামঘৰত একেলগে বহি ভগৱানৰ নাম ল’ব পাৰিছিল, আনকি প্ৰসাদো গ্ৰহণ কৰিছিল ৷ মানুহ মাত্ৰেই সমান– এই নীতি সাৰোগত কৰি তেওঁ গাৰোৰ গোবিন্দ, মিৰিৰ পৰমানন্দ, আহোমৰ নৰহৰি, ভোটৰ জয়ৰাম আদিক শিষ্য কৰি লৈছিল ৷
গুৰুজনাই কৈছিল–
"ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কুল
দাতাত চোৰত যাৰ দৃষ্টি একতুল ৷’’

ছায়াই আচৰিত হৈ ক'লে, "গুৰুজনাৰ অপাৰ মহিমা নহয়নে ককা ?" 
             ককাই মূৰটো দুপিয়ালে আৰু পুনৰ গল-হেঁকাৰি এটা মাৰি কৈ গ’ল– "অ’, গুৰুজনাই কেৱল মানুহৰ মাজতে সমতা-একতাৰ কথা কোৱা নাছিল, জীৱ-জন্তুৰ প্ৰতিও দয়াৰ দৃষ্টি ৰাখিবলৈ সকীয়াই দিছিল–
‘‘কুকুৰ-শৃগাল গৰ্দভৰো আত্মাৰাম ৷
জানিয়া সবাকো পৰি কৰিবা প্ৰণাম ৷৷’’
মহিলাসকলকো তেওঁ পুৰুষৰ সমানেই ধৰ্মীয় কাৰ্যত অংশগ্ৰহণৰ পোষকতা কৰিছিল ৷ কাৰণ সেই সময়ত বহু ধৰ্মীয় অনুষ্ঠানত মহিলাক প্ৰৱেশ কৰিবলৈ বা আগভাগ ল’বলৈ নিদিছিল ৷"
       "সঁচাকৈয়ে গুৰুজন ভগৱানৰ নিচিনা" --- ধুনুয়ে ক'লে । ককাই তৃপ্তিৰ এটা হাঁহি মাৰি আকৌ ক'বলৈ ধৰিলে, 
       "গুৰুজনাৰ প্ৰৱৰ্তিত ধৰ্মই সাধাৰণ মানুহৰ মনত ঠাই লোৱাত সেই সময়ৰ বলি-বিধানত বিশ্বাসী ব্ৰাহ্মণ পুৰোহিত শ্ৰেণীৰ টোপনি হৰিছিল আৰু আহোম ৰজাক শংকৰ গুৰুজনাৰ বিৰুদ্ধে গোচৰ দিছিলগৈ ৷ ৰজাৰ ৰোষত পৰি তেওঁ বহু ঠাইত আত্মগোপন কৰি কোচ ৰজা নৰনাৰায়ণ-চিলাৰায়ৰ ৰাজ্যত আশ্ৰয় লৈছিলগৈ ৷ ইয়াতো তেওঁ ধৰ্ম নষ্ট কৰাৰ গোচৰত ৰজাৰ বিচাৰাধীন হৈছিল ৷ পিছে নৰনাৰায়ণ ৰজাই গুৰুজনাৰ পাণ্ডিত্য আৰু মাহাত্ম্য বুজি পাইছিল ৷ সেয়ে ধৰ্ম প্ৰচাৰৰ বাবে আৰু ধৰ্মীয় সাহিত্যসমূহ যেনে– কীৰ্তন ঘোষা, বৰগীত, গুণমালা, ভাগৱত, অঙ্কীয়া নাট আদি সুকলমে সৃষ্টি কৰিব পৰাকৈ এক সুন্দৰ পৰিবেশ দিছিল আৰু সকলোবোৰ সা-সুবিধা প্ৰদান কৰিছিল ৷ অৱশ্যে ধৰ্মপ্ৰচাৰ-প্ৰসাৰৰ কামত সততে তেওঁৰ লগত আছিল মাধৱ গুৰুজনা ৷ মুঠতে মইনাহঁত, অসমীয়া সমাজখন সকলোফালৰ পৰা চহকী কৰি থৈ গ’ল– শংকৰ-মাধৱ গুৰু দুজনাই ৷"
       ছায়াই উৎফুল্লিত হৈ ক'লে, "ককা, তোমাৰ পৰা গুৰুদুজনৰ বহু নজনা কথা জানিলোঁ ।"
       ককাই সাফল্যৰ এটা হাঁহি মাৰি সিহঁতক ক'লে,
        "কাইলৈ মুকলি সভাত বহু গণ্য-মান্য ভকত-বৈষ্ণৱে গুৰুজনাৰ অৱদানৰ বিষয়ে ভাষণ দিব নহয়– তোমালোকে মন দি শুনিবা আৰু বহুত কথা শিকিব পাৰিবা ৷"
        সিহঁত আটাইকেইজনীয়ে "হ'ব ককা" বুলি  শলাগিলে ।
        ককাই তালযোৰ হাতত লৈ ক'লে,   "বাৰু, এতিয়া মোৰ লগতে ঘোষা এটিকে গোৱা–"
‘‘শ্ৰীমন্ত শংকৰ      হৰি ভকতৰ
        জানা যেন কল্পতৰু
        তাহান্ত বিনাই       নাই নাই নাই
                  আমাৰ পৰম গুৰু৷’’
                  
         অতপৰে ধুনু-মুনু-শান্তিছায়াহঁতে যেন একান্তমনে দেৱ-দেৱতাৰ অলৌকিতাৰ সাধুহে শুনিলে ৷ মনবোৰ ভৰিল– বিস্ময়েৰে এজনীয়ে আনজনীৰ চকুলৈ চালে ৷ আৰতি বাইদেৱো ইতিমধ্যে আহি পালেহি ৷ সিহঁতো বহাৰ পৰা উঠি আখৰাৰ বাবে সাজু হ’ল ৷




পূৰবী চুতীয়া,
সহ. শিক্ষয়িত্ৰী,
নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুল, নহিৰা
শিক্ষাখণ্ড- ৰামপুৰ

Post a Comment

0 Comments