header ads

সাক্ষাৎকাৰ-কংকন কিশোৰ দত্ত

 সাক্ষাৎকাৰ-কংকন কিশোৰ দত্ত



"প্ৰকৃত শিক্ষা হ'ল সেইটোহে, যি শিক্ষাই পঠনীয় দিশসমূহৰ বিকাশ ঘটাই ছাত্ৰ-ছাত্ৰীসকলক প্ৰগতিশীল কৰি তুলিব পাৰে । এখন দেশ প্ৰগতিৰ শিখৰত আৰোহণ কৰিবলৈ সেই দেশৰ শিক্ষা ব্যৱস্থা নৱজাগৰণৰ দ্বাৰা জাগৃত হোৱাটো এক প্ৰয়োজনীয় প্ৰামাণিক চৰ্ত । এই নৱজাগৰণৰ ধ্বজা বহন কৰাৰ দায়িত্ব পালন কৰিব লাগিব একো একোজন ধনাত্মক চিন্তাৰে উদ্দীপ্ত প্ৰগতিশীল শিক্ষকে । আহক, আজি 'জ্ঞানম্'ৰ মজিয়াত আমি আপোনালোকক এনে এগৰাকী শিক্ষকৰ ওচৰলৈ লৈ যাওঁ, যিগৰাকী শিক্ষকে কেৱল অসম বা ভাৰততে নহয় আন্ত:ৰাষ্ট্ৰীয় ক্ষেত্ৰতো সুনাম অৰ্জন কৰিছে । তেখেত হ'ল ২০২১ চনৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাপ্ৰাপ্ত বিশিষ্ট শিক্ষক কংকন কিশোৰ দত্ত ।"

জ্ঞানম্:-  ২০২১ বৰ্ষৰ সন্মানীয় ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ বাবে পোন প্ৰথমে 'শৈক্ষিক গোট, জ্ঞানম্ , কামৰূপ’ৰ তৰফৰ পৰা আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ৷

কংকণ কিশোৰ দত্ত:- সৰ্বপ্ৰথমে 'শৈক্ষিক গোট জ্ঞানম'ৰ লগত জড়িত প্ৰতিজন কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে আপোনালোকৰ এই সন্মিলিত প্ৰচেষ্টাত সৃষ্টি হোৱা 'জ্ঞানম'ৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ।



জ্ঞানম্:- আপুনি এগৰাকী আদৰ্শ শিক্ষক হিচাপে বৰ্তমান আমাৰ শিক্ষা ব্যৱস্থাত চলি থকা কেৰোণসমূহ দূৰ কৰি সুস্থ শৈক্ষিক বাতাবৰণ গঢ় দিয়াৰ ক্ষেত্ৰত কি মতামত আগবঢ়াব ?

কংকণ কিশোৰ দত্ত:- আমাৰ শিক্ষা ব্যৱস্থাত কেৰোণ থকা বুলি ক'লে ভুল কোৱা হ'ব, কিয়নো আপোনাৰ / মোৰ দৰে হাজাৰজন শিক্ষকে ছাত্ৰসমাজৰ উন্নতিৰ বাবে বহু কষ্ট কৰি আহিছে । কিন্তু নিশ্চিতভাৱে সুস্থ শৈক্ষিক বাতাৱৰণ গঢ় দিবৰ বাবে আমি আৰু কষ্ট কৰিব লাগিব । বহুখিনি অভাৱ আৰু সীমাবদ্ধতা থকা স্বত্বেও আমাৰ শিক্ষকসকলে অহোপুৰুষাৰ্থ চেষ্টা চলাই আহিছে । এই কথাক কোনেও নুই কৰিব নোৱাৰে, কিন্তু কেতিয়াবা এনে হোৱাও দেখা পোৱা যায় যে বহু চেষ্টা কৰিও শিক্ষকজনে বা বিদ্যালয়খনে ইতিবাচক ফল লাভ কৰিবলৈ সক্ষম হোৱা নাই । এই ক্ষেত্ৰত আমি নিজে গ্ৰহণ কৰা প্ৰচেষ্টাটো কিমান ফলপ্ৰসূ হ'ব মূল্যায়ন কৰা প্ৰয়োজনীয়তা আহি পৰে । তেনেদৰে প্ৰত্যেকে গ্ৰহণ কৰা কাৰ্যসূচীক এক গৱেষণাৰ মাজেৰে লৈ গ'লে যি শুদ্ধিকৰণ ঘটি এক সঠিক ফলপ্ৰসূ কাৰ্যসূচীলৈ ৰূপান্তৰিত হ'ব, পৰৱৰ্ত্তী সময়ত যাক শিক্ষাৰ লগত জড়িত সকলো অংশীদাৰে গ্ৰহণ কৰিব পাৰিব । এনেদৰে ছাত্ৰ-ছাত্ৰীসকলৰ মংগলাৰ্থে বা শৈক্ষিক ব্যৱস্থা উত্তৰণৰ বাবে গ্ৰহণ কৰা সফল কৰ্ম বা প্ৰচেষ্টাসমূহক উৎসাহিত কৰাৰ লগতে সকলোৱে আদৰি ল'ব লাগে । উদাহৰণস্বৰূপে, ক'ভিডকালীন পৰিস্থিতিত 'জ্ঞানম'ৰ দৰে শৈক্ষিক পদক্ষেপ সঁচাই প্ৰশংসনীয় ।



জ্ঞানম্:- 'ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০’ৰ প্ৰয়োগে শিক্ষা ব্যৱস্থাত নতুন দিগন্তৰ সূচনা কৰিব বুলি আপুনি ভাৱেনে ? যদি ভাৱে, কেনেকুৱা পৰিৱৰ্তন অহাৰ সম্ভাৱনা আছে শিক্ষা জগতত ?

কংকণ কিশোৰ দত্ত:- ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে শিক্ষা জগতত এক আমূল পৰিবৰ্তন আনিবলৈ সক্ষম হ'ব । প্ৰাক্‌ প্ৰাথমিক স্তৰৰ পৰা উচ্চ শিক্ষালৈকে নতুন শিক্ষানীতিয়ে আমাৰ শৈক্ষিক ব্যৱস্থাটোৰ কাঠামো বহুপৰিমানে সলাই তুলিব । একবিংশ শতিকাৰ কৌশলেৰে ছাত্র-ছাত্রীক সাজু কৰি তুলিব পৰাকৈ সৃজনাত্মক চিন্তন, বুদ্ধিদীপ্ততাৰ বিকাশ আদি জীৱন কৌশল সমূহক প্ৰস্ফুটিত কৰিব পৰা বহু সুবিধা আৰু পৰিৱৰ্তনশীল পাঠ্য ক্ৰমণিকাৰ দৰে নৱতম সংযোগে ইয়াক এক অন্য মাত্রা প্ৰদান কৰিব । বিষয় নিবাৰ্চনৰ সুবিধা আৰু মাতৃভাষা কেন্দ্ৰিক শিক্ষাই সকলো শিশুকে আনুষ্ঠানিক শিক্ষাৰ মাজলৈ আনিব ।

জ্ঞানম্:- চাৰিটাকৈ উল্কাপিণ্ডৰ আৱিষ্কাৰ কৰি আপুনি নাছাৰ ৱেবচাইটত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে । এই আৱিষ্কাৰৰ আঁৰৰ কাহিনীৰ বিষয়ে অকণমান জনাব নেকি ? বিজ্ঞানক বিশেষকৈ মহাকাশ বিজ্ঞানক ছাত্ৰ- ছাত্ৰীৰ মাজত কেনেকৈ জনপ্ৰিয় কৰি তুলিব পাৰি বুলি আপুনি ভাৱে ? এই সন্দৰ্ভত আপুনি আপোনাৰ বিদ্যালয়ত অথবা আপোনাৰ অঞ্চলত কিবা পদক্ষেপ হাতত লৈছে নেকি ?

কংকণ কিশোৰ দত্ত:- আৱিষ্কাৰ বুলি নকৈ চিনাক্তকৰণ বুলি ক'লে কথাটো বেছি উপযুক্ত হ'ব । ASC (Pater National Asteroid Collaboration) নামৰ নাচাৰ এক ভগ্নী অনুষ্ঠানৰ লগত আমি দলীয় ভাৱে এই কাৰ্য কৰিছিলো, য'ত আমেৰিকাৰ হাৱাই স্থিত Pann Stars নামৰ দুৰবীক্ষণৰ পৰা আমি মহাকাশৰ চিত্র সংগ্রহ কৰিছিলোঁ আৰু সেই চিত্রসমূহ পৰ্যবেক্ষণ কৰি আমাৰ প্ৰতিবেদন জমা কৰিছিলোঁ । এই গোটেই প্ৰক্ৰিয়াটো online মাধ্যমেৰে নিৰ্দিষ্ট চফ্টৱেৰৰ সহায়ত সম্পন্ন কৰিছিলোঁ । এই প্ৰকল্পত জড়িত হোৱাৰ মূল উদ্দেশ্য আছিল অসমত বিশেষকৈ ছাত্র সমাজত মহাকাশ বিজ্ঞানৰ প্ৰতি ধাউতি বৃদ্ধি কৰা আৰু সজাগতা সৃষ্টি কৰা । বৰ্তমান আমি এনে প্ৰকল্পত ছাত্র-ছাত্রীকো জড়িত কৰিছোঁ । পৰৱৰ্তী সময়ত আৰু অধিক ছাত্র-ছাত্রীক ইয়াৰ লগত জড়িত কৰা হ'ব ।


জ্ঞানম্:- ল’কডাউন তথা কৰ’ণাকালীন বন্ধৰ বাবে যোৱা প্ৰায় ডেৰবছৰ জুৰি বিদ্যালয়সমূহ বন্ধ হৈ থকাত ছাত্ৰ-ছাত্ৰীবোৰৰ মাজত এক বৃহৎ শিকন ঘাটিৰ সৃষ্টি হৈছে ৷ আগন্তুক দিনবোৰৰ বাবে অসমৰ শিক্ষাক্ষেত্ৰত ই এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিব ৷ এই প্ৰত্যাহ্বানৰ সৈতে মোকবিলা কৰিবলৈ হ’লে কোনবোৰ বিষয়ৰ ওপৰত গুৰুত্ব দিয়া উচিত ?

কংকণ কিশোৰ দত্ত:- কৰ'ণা মহামাৰীৰ ফলত সৃষ্টি হোৱা জটিল পৰিৱেশে আমাৰ শিক্ষা ব্যৱস্থা স্থবিৰ কৰি তুলিছে । অনলাইন মাধ্যমৰ সহায়ত শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছে যদিও বহু গ্ৰামাঞ্চলত সুবিধাজনক নেটৱৰ্ক তথা পৰ্যাপ্ত আন্তঃগাঠনি নথকাৰ বাবে বহু দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী এনে সুবিধাৰ পৰা বঞ্চিত হৈছে । এনে পৰিস্থিতিত ছাত্ৰ ছাত্ৰীসকলৰ শিকন প্ৰক্ৰিয়াত যি ঘাটিৰ সৃষ্টি হৈছে সেই ঘাটি পূৰণ কৰিবৰ বাবে আমি শিক্ষকসমাজে অনাগত সময়ত শিক্ষণ শিকন পদ্ধতিত বহুতো সাল-সলনি ঘটাবৰ প্ৰয়োজনীয়তা আহি পৰিব । আমাৰ প্ৰতিগৰাকী শিক্ষকৰে যথেষ্ট সৃজনীমূলক প্ৰতিভা আছে । গতিকে প্ৰতিজন শিক্ষকে নিজৰ সৃষ্টিশীলতাক শিকন-শিক্ষণ পদ্ধতিত ব্যৱহাৰ কৰি, নৱতম সংযোগ ঘটাই তাক কেনেদৰে ছাত্ৰ-ছাত্ৰীৰ মনোগ্ৰাহী কৰি তুলিব পাৰি তাৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে । কেনেদৰে কম সময়ত আমনি নলগাকৈ অধিক কথা শিকাব পাৰোঁ তাৰ বাবে আমাৰ শিকন পদ্ধতিত কলা সমন্বিত কৌশল ব্যৱহাৰৰ দৰে নৱীনতম পদ্ধতিসমূহক ব্যৱহাৰ কৰি আমাৰ শ্ৰেণীকোঠাটোক এখন ৰঙ্গমঞ্চলৈ পৰিণত কৰিব পাৰোঁ, য'ত ছাত্ৰ ছাত্ৰীসকল আনন্দ লাভ কৰাৰ উপৰিও জ্ঞান, বোধ আৰু কৌশল এই তিনিওটা দিশতে বিকশিত হ'ব । 



জ্ঞানম্:- চৰকাৰী বিদ্যালয়সমূহত কৰ্ম-সংস্কৃতি গঢ়ি তুলিবলৈ বিদ্যালয়সমূহে নিজাকৈ কি কি প্ৰচেষ্টা হাতত লব পাৰে ? বিশেষকৈ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰছাত্ৰীক পাঠ্যপুথিৰ জ্ঞানৰ উপৰিও আন কোনবোৰ কথা শিকালে তেওঁলোক অধ্যয়নৰ প্ৰতি আগ্ৰহী হৈ পৰিব ?

কংকণ কিশোৰ দত্ত:- চৰকাৰী বিদ্যালয়ত কৰ্ম-সংস্কৃতি গঢ় দিবলৈ হ'লে আমি শিক্ষকসমাজ নিজে কিছু সংশোধিত হোৱাৰ প্ৰয়োজনীয়তা আছে । প্ৰতিজন ব্যক্তিৰে কিছুমান স্বকীয় বৈশিষ্ট (ভাল/বেয়া) থাকে; যেতিয়ালৈকে সেই ব্যক্তিজনৰ অন্তৰাত্মাই নিজকে শুদ্ধ কৰাৰ আহ্বান নজনায়, তেতিয়ালৈকে আনে হেচুকী থাকিলেও হয়তো শুদ্ধ নহ'ব পাৰে । ইয়াৰ উপৰিও এনে ক্ষেত্ৰত বিদ্যালয় প্ৰধান তথা বিভাগৰ বহু কৰণীয় আছে । অগ্ৰজ সকলে কৰ্ম-সংস্কৃতিৰ এক উৎকৃষ্ট নিদৰ্শন দেখুৱাই থৈ গ'লেহে উঠি অহা প্ৰজন্মই ইয়াক গ্ৰহণ কৰিব । 
প্ৰাথমিক বিদ্যালয়ে হওঁক বা মাধ্যমিকে হওঁক, ছাত্ৰ-ছাত্ৰীক কেতিয়াও কেৱল পাঠ্যপুথিৰ মাজত আৱদ্ধ কৰি ৰাখিব নালাগে । মই ভাৱো পাঠ্যপুথিখন অতিৰিক্ত পুথিৰ দৰেহে থাকিব লাগে, ছাত্ৰ-ছাত্ৰীয়ে প্ৰয়োজনীয় সকলো শিক্ষা নিজৰ চাৰিওকাষৰ পৰিৱেশৰ পৰাই গ্ৰহণ কৰিব পাৰে । আমি শিক্ষকসমাজেও ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশৰ পৰা শিকিব পৰাকৈ শ্ৰেণীকোঠাটো প্ৰস্তুত কৰি তুলিব লাগে বা তেওঁলোকক শ্ৰেণীকোঠাৰ বাহিৰলৈ লৈ যাব লাগে । ব্যৱহাৰিক ভাৱে লাভ কৰা জ্ঞান ছাত্ৰ-ছাত্ৰীসকলৰ মন -মগজুত স্থায়ীভাৱে ৰৈ যায় ।


জ্ঞানম্:- 'জ্ঞানম্'ৰ বাবে আপোনাৰ বহুমূলীয়া সময়কণ দিয়া বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ । শিক্ষাৰ ক্ষেত্ৰখনত আপোনাৰ নীতি-আদৰ্শ আমাৰ বাবে সদায় পাথেয় হৈ ৰ'ব । আমাৰ প্ৰতিজন শিক্ষকেই এই নীতি-আদৰ্শসমূহ অন্ত:কৰণেৰে গ্ৰহণ কৰিলে প্ৰতিখন বিদ্যালয়েই এখন আদৰ্শ বিদ্যালয় হিচাবে পৰিগণিত হ'ব ।

কংকণ কিশোৰ দত্ত চাৰে লাভ কৰা বঁটাৰ তালিকা:


১) ২০১৮ চনত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মন্ত্ৰণালয়ৰ দ্বাৰা অনুষ্ঠিত ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষক সমাৰোহত শ্ৰেষ্ঠ গৱেষণা পত্ৰ পুৰস্কাৰ ।

২) ২০১৯ চনত ইউনেস্কোৰ দ্বাৰা আয়োজিত Dell polcy Hack কাৰ্যসূচীত অংশগ্ৰহণ কৰি বঁটা ।

৩) ২০১৯ চনত অসম চৰকাৰৰ দ্বাৰা দীক্ষা অসমলৈ যোগোৱা বৰঙনিৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ বঁটা ।

৪) ২০২০ চনত ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু গৱেষণা পৰিষদে আয়োজন কৰা সৰ্বভাৰতীয় শিশু দৃশ্য শ্ৰাব্য সমাৰোহত শ্ৰেষ্ঠ শ্ৰাব্য বঁটা ।

৫) ২০২০ চনত অসম চৰকাৰৰ দ্বাৰা ই শিক্ষাত আগবঢ়োৱা বৰঙণিৰ বাবে ৰাজ্যিক কৃৰ্তি শিক্ষক পুৰস্কাৰ।

৬) শিক্ষাত তথ্য প্ৰযুক্তিৰ ব্যৱহাৰ তথা উৎকৰ্ষ সাধনৰ বাবে ভাৰত চৰকাৰৰ পৰা ২০১৯ বৰ্ষৰ ৰাষ্ট্ৰীয় আই. চি.টি   শিক্ষক বঁটা ।

৭) ২০২১ বৰ্ষত আন্তঃৰাষ্ট্ৰীয় সংস্থান নাছাৰ অধীনত আই. এ. এচ. চি নামৰ প্ৰকল্পত অংশগ্ৰহণ কৰি ৩ তাকৈ উল্কাপিণ্ডৰ প্ৰাথমিক উপস্থিতি নিৰূপনেৰে আন্তঃৰাষ্ট্ৰীয় সংস্থা নাছাৰ ৱেবচাইটত নিজৰ নাম অন্তৰ্ভূক্তি ।

৮) ২০২১ চনত ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু গৱেষণা পৰিষদে আয়োজন কৰা সৰ্বভাৰতীয় শিশু দৃশ্য শ্ৰাব্য সমাৰোহত শ্ৰেষ্ঠ নব্য সাধন (new media) বঁটা ।

৯) ২০২১ বৰ্ষৰ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটা ।

Post a Comment

0 Comments