header ads

প্ৰৱন্ধ

 এবাৰ ব্যৱহৃত প্লাষ্টিক বৰ্জন কাৰ্যসূচীত 'শিশুদূত'ৰ ভূমিকা



যিবোৰ মানৱসৃষ্ট পদাৰ্থই প্ৰকৃতিৰ অভাৱনীয় ক্ষতিসাধন কৰিছে , তাৰ ভিতৰত অন্যতম হ'ল প্লাষ্টিক । প্লাষ্টিকৰ অবাধ প্ৰচলনে অকল বায়ু, পানী, মাটিকে ক্ষতি কৰা নাই , বৰং ই মানুহৰ শৰীৰলৈও ভাবুকি কঢ়িয়াই আনিছে । চিন্তাৰ বিষয় এই যে প্লাষ্টিকৰ ব্যৱহাৰ কমাতকৈ দিনে দিনে বাঢ়িহে আছে । এনে পৰিস্থিতিত প্লাষ্টিক ব্যৱহাৰৰ বেলিকা সতৰ্কীকৰণেই নহয় নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লোৱাটো অত্যন্ত জৰুৰী বিষয় হিচাপে সৰ্বত্ৰতে চিহ্নিত হৈছে ।


       প্লাষ্টিকৰ ভাগবোৰৰ ভিতৰত এবাৰ ব্যৱহৃত (Single Use Plastic- SUP) প্লাষ্টিকবোৰে প্ৰকৃতি তথা জীৱ-জন্তুৰ শৰীৰৰ বেছি ক্ষতি কৰিছে । খাদ্য-সামগ্ৰী কঢ়িয়াবলৈ সততে ব্যৱহাৰ কৰা এনে এবাৰ ব্যৱহৃত প্লাষ্টিকবোৰে প্লাষ্টিক আৱৰ্জনা (plastic waste) সৃষ্টি কৰাই নহয় মাটিৰ উৰ্বৰতা হ্ৰাস, সাগৰীয় পানী প্ৰদূষণ, মানুহ তথা জীৱ-জন্তুৰ শৰীৰৰ প্ৰতি ভাবুকি, জলবায়ু পৰিৱৰ্তন আদিৰ অন্যতম কাৰক হিচাপে চিহ্নিত হৈছে। অথচ বিকল্পৰ সহজলভ্যতা বা নিয়ন্ত্ৰণৰ কঠোৰ ব্যৱস্থাৰ অভাৱত এই সমস্যাই সমাধানৰ বিপৰীতে জটিল হোৱাৰ সম্ভাৱনাহে প্ৰকট হৈছে । অৱশ্যে বিশ্বৰ বিভিন্ন দেশে এনে প্লাষ্টিক ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰাই নহয়, বিকল্পৰ সন্ধানত নামি পৰিছে । আমাৰ চুবুৰীয়া ৰাজ্য চিকিমত এনে প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ ফলত বহু পৰিমাণে উপকৃত হৈছে । কোৱা যুগুত যে এই বৰবিহৰপৰা প্ৰকৃতিক  ৰক্ষা কৰি মানৱকুল, পশু-পক্ষীৰ অপকাৰ হোৱাটো ৰোধ কৰিবলৈ জন সচেতনাৰ অত্যন্ত প্ৰয়োজন আছে । এই ক্ষেত্ৰত পৰিৱৰ্তনকামী বাহকৰ ভূমিকা হ'ব অতি গুৰুত্বপূৰ্ণ ।


       কোৱা যুগুত যে পৰিৱৰ্তনৰ বাহকসকলে নিজৰ লগতে সমাজক যোগাত্মক দিশৰ প্ৰতি ধাবিত কৰি নিজ তথা সমাজৰ উপকাৰ সাধে । কোনো এক দুৰ্যোগৰ সময়ত সমাজক পথৰ সন্ধান দিয়ে। কুসংস্কাৰ, অন্ধ-বিশ্বাসত আছন্ন সমাজক সংস্কাৰৰ সন্ধান দিয়ে। সমাজৰ হিতৰ বাবে বাৰ্তা বাহকৰ ভূমিকা লৈ সহস্ৰজনক উদ্বুদ্ধ কৰে। সমস্যা সমাধানৰ বাবে নব্য চিন্তা-চেতনাৰে পথৰ সন্ধান কৰে । আনকি প্ৰজন্মৰ পিছত প্ৰজন্মক প্ৰকৃতি আৰু সমাজৰ উত্তৰণৰ বাবে দায়বদ্ধ কৰি তোলে । 


    কোৱা বাহুল্য যে এনে পৰিৱৰ্তনৰ বাহক শিশুসকল হ'লে সমাজৰ অনেক উপকাৰ হয় । শিশু মনতে এনে শুভ চিন্তাৰ উন্মেষ হ'লে ই আজীৱন স্থায়ীত্ব লাভ কৰে। তাৰোপৰি, শিশুৰ আবেদন সকলোৱে গুৰুত্ব সহকাৰে লয় আৰু কাৰ্যকৰী কৰাৰ চেষ্টা কৰে ।‌ প্লাষ্টিক বৰ্জন কাৰ্যসূচীত শিশুসকলকো পৰিৱৰ্তনৰ বাহক হিচাপে জড়িত কৰাৰ সেয়ে প্ৰয়োজনীয়তা আছে । 


     শিশুসকলক জড়িত কৰাৰ এনে সম্ভাৱনাক গুৰুত্ব‌ সহকাৰে লৈ তথা প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী মহাশয়ৰ এবাৰ ব্যৱহৃত প্লাষ্টিক মুক্ত ভাৰতবৰ্ষ গঢ়াৰ সপোন আৰু এই সন্দৰ্ভত ২০১৯ চনৰ ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ ভাষণ যোগে জনোৱা আহ্বানৰ (clarion call) প্ৰতি সমৰ্থন জনাই কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ জৰিয়তে লোৱা হয় এক অভিনৱ পদক্ষেপ। ২০১৯ বৰ্ষৰে অক্টোবৰ মাহত তদানীন্তন জিলা উপায়ুক্ত প্ৰমুখ্যে অসম ৰাজ্যিক প্ৰযুক্তি আৰু শিক্ষা পৰিষদৰ বিষয়া‌, আই.টি. চি. বিষয়া, শিক্ষা বিষয়া, শিক্ষক-ছাত্ৰ-ছাত্ৰী আদিৰ উপস্থিতিত এক গাম্ভীৰ্যপূৰ্ণ  অনুষ্ঠানত এই কাৰ্যসূচীৰ ‌শুভাৰম্ভণি কৰা হয় । এই পদক্ষেপৰ অংশ হিচাপে মূলতঃ এবাৰ ব্যৱহৃত প্লাষ্টিকৰ পৰা জিলাখনক মুক্ত কৰাৰ সংকল্প লোৱা হয় ।


    উল্লেখ্য যে প্ৰায় দুই লাখ ছাত্ৰ-ছাত্ৰীক সামৰি ৰূপায়িত এই কাৰ্যসূচীৰ যোগে 'স্বচ্ছতা হি সেৱা' ষ্টিকাৰ বিদ্যালয় আৰু ঘৰত লগোৱাৰ ব্যৱস্থা কৰা হয়। ষ্টিকাৰ সমূহত 'মোৰ ঘৰ আৰু বিদ্যালয় এবাৰ ব্যৱহৃত প্লাষ্টিকৰ পৰা মুক্ত' শীৰ্ষক বাৰ্তা সন্নিবিষ্ট আছিল আৰু শিশুসকলে যাতে এই বাৰ্তা নিজ নিজ পৰিয়াল তথা অঞ্চলটোলৈ লৈ যাব পাৰে তাৰ দিহা কৰা হৈছিল। তাৰোপৰি, তেওঁলোকে  বিদ্যালয়ৰ প্ৰাতঃসভাৰ সময়ত এবাৰ ব্যৱহৃত প্লাষ্টিকৰ পৰা নিজ পৰিয়াল তথা অঞ্চলটোক মুক্ত কৰাৰ সংকল্প লোৱা হৈছিল । উল্লেখ্য যে এই ষ্টিকাৰ বোৰ ক্ৰয় কৰাৰ ক্ষেত্ৰত ITC Ltd ৰ CSR fund ৰ সহায় লোৱা হৈছিল । প্লাষ্টিক বৰ্জনৰ ক্ষেত্ৰত জিলাখনে লোৱা এই পদক্ষেপ নিত্যান্তই প্ৰশংসনীয়।


       বিদ্যালয়সমূহৰ পৰা পোৱা তথ্য অনুসৰি এই কাৰ্যসূচীটোৱে ছাত্ৰ-ছাত্ৰীৰ(শিশু সকলৰ) মাজত এক যোগাত্মক বাৰ্তা কঢ়িওৱাৰ লগতে পৰিয়ালসমূহৰ মাজতো এই বাৰ্তাৰ প্ৰভাৱ দেখা পোৱা গৈছে । এই কাৰ্যসূচীৰ সফল ৰূপায়নে প্লাষ্টিক বৰ্জনৰ ক্ষেত্ৰত জিলাখনত এক জন আন্দোলন গঢ়াৰ সম্ভাৱনা আছে । সামৰণিত ইয়াকে ক'ব পাৰি যে শিশু সকলে এবাৰ ব্যৱহৃত প্লাষ্টিক বৰ্জন কাৰ্যসূচীৰ দূত হিচাপে যি বাৰ্তা নিজৰ লগতে বিদ্যালয় তথা পৰিয়াললৈ নিয়াৰ প্ৰয়াস চলালে তাৰ প্ৰভাৱ যে সুদূৰ প্ৰসাৰী হ'ব সেয়া ধুৰূপ ।।


  অপূৰ্ব ঠাকুৰীয়া
বিদ্যালয়সমূহৰ পৰিদৰ্শক
জিলা প্ৰাথমিক শিক্ষা বিষয়া
জিলা মিছন সমন্বয়ক
সমগ্ৰ শিক্ষা, কামৰূপ

Post a Comment

0 Comments