Labels

অনুবাদ লেখা

 এলবাৰ্টিনা চিচুলু : এক সাহসী সত্তা

          ঠেৰেঙালগা প্ৰচণ্ড শীতৰ সময়ৰ কথা.. গাঁওখনৰ বহুতো লোক এক অচিন, দুৰাৰোগ্য বেমাৰত আক্রান্ত হৈ পৰিছিল । মা মণিকাঝিৰ দেহতো লাহে লাহে এই ৰোগৰ লক্ষণে দেখা দিছিল । ঠেটুঁৱৈ ধৰা জাৰৰ দিনতো তাইৰ সৰ্বশৰীৰৰপৰা অহৰহ ঘাম বৈ আছিল, গৰমৰ প্ৰকোপত তাইৰ গালদুখন দগ্ধ হৈ যোৱা যেন লাগিছিল । তাইৰ মন গৈছিল বৰফাবৃত গোটেই ঘাঁহবোৰ যেন মুখমণ্ডলত ঘঁহি পেলাব । তাই নিজৰ স্ফীত উদৰত হাত থৈ ধৰালৈ আহিবলগীয়া শিশুটিক উদ্দেশ্যি ক'লে, " সাহসী হ'বা মোৰ বাচা ! শীত সোনকালেই শাম কাটিব, আমি একেলগে সদায় শক্তিশালী । " শিশুটিয়েও যেন কিবা বুজি পাই পেটৰ ভিতৰতে ভৰি আচাৰি মাকক তাৰেই ইংগিত দিলে । মণিকাঝি বিচনাত উঠি বহিল । মাজনিশা আপদীয়া ভোক এটাই উজাই অহাত আগৰে বাকী ৰোৱা মাংস অকণ চোবাই গিলি থ'লে । ভোকটো চোন কিবা চিৰবৈৰী !! 


দিনবোৰ এনেকৈয়ে পাৰ হৈ গৈ থাকিল । এটা জোনাকভৰা নিশা হঠাতে তাইৰ উশাহ ঘন হৈ আহিছিল... মণিকাঝিয়ে বুজিছিল যে পৃথিৱীৰ বুকুলৈ তাইৰ দ্বিতীয়টি সন্তানৰ আগমনৰ সময় সমাগত । চুবুৰীয়া এণ্টীলা, কাৰদপাহঁতে তাইৰ প্ৰসৱত সহায় কৰিবলৈ দৌৰি আহিছিল । সিহঁতে তাইৰ পিঠিত পিহি দিছিল আৰু কুহুমীয়া পানীৰ সেক দিছিল । যেতিয়া তাই দুহাতেৰে সদ্যোজাত কন্যা সন্তানটিক তুলি ধৰিছিল,  মণিকাঝিয়ে জানিছিল যে তাই এজনী অসাধাৰণ কন্যা ভূমিষ্ঠ কৰিলে ,  তাই হ'ব বিশেষ, অনন্য  .. নাম তাইৰ 'এলবার্টিনা'। 


এযুৰি ক'লা সুগভীৰ চকুৰে এলবাৰ্টিনা দেখিবলৈ বৰ ৰূপহী আৰু গঠনত শক্তিশালী আছিল । ককায়েক মেকেঞ্জীৰ তাই বৰ আদৰৰ আছিল, দুয়ো মিলি খুহুতীয়া কথাবোৰত বেছ হাঁহিছিল । মৰমতে তাইক এতিয়া সকলোৱে নিৎচিকি বুলিহে মাতিবলৈ লৈছিল । মাংস আছিল তাইৰ বৰ প্ৰিয় খাদ্য ; ককায়েক মেকেঞ্জীৰ পিছে পিছে তাই মাকে পুহিবলৈ অনা কুকুৰাৰ পোৱালিবোৰ বাৰীৰ ঢাপলৈকে খেদি ফুৰিছিল । মাক মণিকাঝিয়ে বাৰীত তৰহে তৰহে ৰুই থোৱা শাক-পাচলিবোৰ গচকি নষ্ট কৰিলে সিহঁত দুয়ো বাৰুকৈয়ে গালি খাইছিল । লাহে লাহে নিৎচিকিৰ দুই ভায়েক ক্ৰমে ভেলাফী আৰু কুডালীলৰো জন্ম হ'ল আৰু এজনী ভনীয়েক - নমিয়ালেক' । নিৎচিকিৰ এতিয়া তিনিটাকৈ ভায়েক-ভনীয়েকৰ যতন লোৱা, আলপৈচান ধৰাৰ গধুৰ দায়িত্ব । মাকে বাৰীৰ পাচলি লৈ হাটলৈ বেচিবলৈ যায় । দেউতাকৰ কাম ঘৰৰপৰা আঁতৰত । তাই আৰু ককায়েক মেকেঞ্জীয়ে মিলি ঘৰৰ কামবোৰ কৰে , ভায়েক-ভনীয়েকক উমলায় আৰু গধূলি সকলোৱে মনৰ আনন্দত একেলগে গায়.. " একতাই পৰম বল, সদায় সাহসী হোৱা " ।


সিহঁতৰ ককাক কিংগিৱিয়ে ঘোঁৰাৰ প্ৰতিপালন কৰিছিল । তেওঁৰ সবাতোকৈ প্ৰিয় ঘোঁৰাজনী আছিল ছিশ্বি। ককাকে নিৎচিকিক ছিশ্বিৰ পিঠিত বহি কেনেকৈ চেঁকুৰিব পাৰি তাকে শিকাইছিল । লগতে, কেনেকৈ ছিশ্বিক মৰমেৰে কথা ক'ব লাগে, ধুনীয়া মিহি নোমখিনিত হাত বুলাই মৰম কৰিব লাগে । এইবাৰ বৰদিনৰ সময়ত দেউতাক বনিলিঝিও ঘৰলৈ আহিছিল, নিৎচিকিয়ে ছিশ্বিক লগত লৈ দেউতাকক বাছ আস্থানৰপৰা আনিবলৈ গৈছিল । তাইক তেনেকৈ দেখি দেউতাকে বৰ গৌৰৱ অনুভৱ কৰিছিল । এটি সন্তোষৰ হাঁহি মাৰি তেওঁ জীয়কৰ সৈতে ঘৰমুৱা হৈছিল । 


জীৱনৰ ষষ্ঠটো জন্মদিনত তাইক মাকে গাঁৱৰে একমাত্র প্ৰাথমিক স্কুলখনত নাম লগাই দিবলৈ লৈ গৈছিল । ওখ, হটঙা শিক্ষকজনে তাইৰ নামটো আচহুৱা বুলি কৈ নাম লগোৱাৰ সময়তে সলাই ল'বলৈ ক'লে । কিন্তু মাকে তাইক ইমান মৰমেৰে দিয়া নামটো তাই সলাবই বা কিয় !! বিকৃত ৰুচিৰ শিক্ষকজনে তাইৰ নামটোক লৈ কৰা উপহাস তাই নসহিলে আৰু নাম নলগাও বুলি একেকোবে তাৰপৰা উচাট মাৰি ওলাই গুচি আহিল । আহি থাকোঁতে গোটেই বাটটোত তাই ভাবি থাকিল... ' সঁচাই তাইৰ নামটো কিছু দীঘলীয়া যদিও শুনিবলৈ বৰ শুৱলা.... এল...বাৰ্টি...না । ' মাকে এলবাৰ্টিনা নামৰ মহীয়সী বীৰাংগনা এগৰাকীৰ কথা প্ৰায়েই তাইক কৈ থাকিছিল.. তাই বুজিছিল মাকে কিয় তাইৰ নামটো 'এলবাৰ্টিনা' ৰাখিছিল । তায়ো পিছে বেছ সাহসী.. নিজকে তাই তেনেকৈয়ে ভাবে । 


অসুস্থ মাকে বিচাৰিছিল তাই আখৰ চিনক, অনাখৰী হৈ মাকৰ দৰে আজলী হৈ নৰওক । ককাক আৰু দেউতাকেও বহুত বুজোৱাৰ পিছত যেনিবা 'এলবাৰ্টিনা' বুলিয়ে স্কুলত নাম লিখাবলৈ সৈমান হৈছিল । শ্ৰেণীৰ সবাতোকৈ ডাঙৰ শিক্ষার্থী তায়েই আছিল । সেয়ে তাইকে মুখিয়াল পতা হ'ল। 


দিনবোৰ গৈ থাকিল... প্ৰাথমিক শ্ৰেণী সাং কৰি স্কুল এৰাৰ সময় সমাগত । তেনেতে এদিন নিৎচিকিৰ প্ৰিয় বান্ধৱী বেট্টীয়ে ক'লে, " মোৰ বুদ্ধিমতী বান্ধৱীজনী, তুমি দেখোন হাইস্কুলত পঢ়িবলৈ জলপানি পোৱা পৰীক্ষাত বহিব পাৰা.. মই জানোঁ তুমি পাৰিবা ।" বেট্টীৰ সু-পৰামৰ্শক সন্মান জনাই নিৎচিকিয়ে মনপুতি পৰীক্ষাৰ বাবে পঢ়াত লাগিল । ৰাতি দুপৰলৈ মমবাতি জ্বলি শেষ নোহোৱালৈকে তাই পঢ়ি থাকিছিল । অংক, শব্দৰ বানান, সাধাৰণ জ্ঞান আৰু যে কত কি !! ইস্ কি যে হ'ব.. পৰীক্ষা চোন আহিয়ে পালে.. 


পৰীক্ষাৰ দিনা চিকমিকাই থকা জোতা - মোজা আৰু চাফা সাজযোৰ পিন্ধি, পেঞ্চিল জোঙা কৰি তাই ছিশ্বিক লগত লৈ কেন্দ্রলৈ বুলি ওলাল । পৰীক্ষাত যে তাইৰ হাত-ভৰি নচলা হৈ পৰিল.. আও, ইমান জটিল অংককেইটাহে আহিব লাগে নে !! আঙুলি কঁপিল, মুখ শুকাল । কিন্তু নিজৰ মনটোক বুজনি দিলে যে পৰীক্ষাত ভাল ফলাফল বিচাৰিলে ভয় খালে নহ'ব, পাৰ্যমানে সকলো প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ কৰাহে কথা । তাৰপিছত তাই দেখোন নিজকে শান্ত কৰি প্ৰায় আটাইবোৰ প্ৰশ্নৰ উত্তৰ কৰিব পাৰিলে । তিনি ঘন্টা পৰীক্ষাত বহি আত্ম-সন্তুষ্টিৰে কেন্দ্রৰপৰা ওলাই ছিশ্বিৰ পিঠিত বহি তাই ঘৰলৈ আহিল । দহ দিনৰ পিছত জলপানি পোৱা পৰীক্ষাৰ্থীৰ নামসমূহ কেন্দ্রই জাননীত ঘোষণা কৰিব । 


পৰীক্ষাৰ ফলাফল চাই তাই হতবাক । বয়স বেছি হেতুকে তাইৰ প্ৰাৰ্থীত্ব নাকচ কৰা বুলি ফলাফলৰ জাননীত লিখি থোৱা আছে । তাই কেনেবাকৈহে নকন্দাকৈ থাকি ভাবিব ধৰিলে, ' কান্দিলে নহ'ব, ইয়াৰ সমাধানৰ কথা ভবাটোহে সময়ৰ কাম। ' নিজকে চম্ভালি লৈ তাই পৰীক্ষাকেন্দ্ৰৰ প্ৰধানক লগ কৰি চিধাকৈ সুধিলে কিয় তেওঁ পৰীক্ষাৰ আগতে একো বাধা আৰোপ নকৰি ফলাফলৰ সময়ত এইদৰে বয়সৰ দোহাই দি প্ৰাৰ্থীত্ব বাতিল কৰিছে । মানুহজনে স্পষ্টকৈ একো উত্তৰ দিব নোৱাৰি তাইলৈ এক পুতৌসূচক দৃষ্টিৰেহে চালে । পিছদিনাৰ কাকতত তেওঁ নিজৰ ধূৰ্তালিৰ পৰিচয় দি এক সম্পূর্ণ মনেসজা কাহিনীক বাতৰিৰূপে প্ৰকাশ কৰোৱালে । নিৎচিকিৰ ঘৰৰ সহজ-সৰল মানুহখিনিয়ে বৰ মনোকষ্ট পালে । 


কিন্তু সাহসী নিৎচিকি বিচলিত নহ'ল । তাই সমগ্র সত্য ফাদিল কৰি সংবাদদাতাক গোটেই কথা বিৱৰি অৱগত কৰিলে। গাঁৱৰ সকলোৱে তাইৰ সাহসিকতা আৰু উপস্থিত বুদ্ধিৰ শলাগ ল'লে । তাইক অৰ্হতাৰ ভিত্তিত এক জলপানিও প্ৰদান কৰা হ'ল । তাইৰ মনটো উলাহত নাচি উঠিল... তাই যে এতিয়া হাইস্কুলীয়া হ'বগৈ !! গাঁওখনৰ প্ৰথমজনী ছোৱালী হিচাপে তাই হাইস্কুলৰ শিক্ষা ল'বলৈ সুদূৰ মাটাটীল চহৰলৈ যাবলৈ নিজকে সাজু কৰিলে । প্ৰিয় বান্ধৱী বেট্টীক জোৰকৈ সাৱটি ধৰি তাই কৃতজ্ঞতা প্ৰকাশ কৰিলে । তাইৰ ঘৰৰ মানুহে মনৰ আনন্দতে কুকুৰা মাৰি ভোজভাতৰ আয়োজন কৰিলে । লগা দুযোৰমান পোছাক আৰু বহী-কলম বান্ধি নিৎচিকিয়ে বাকচ সাজু কৰি থ'লে । মাটাটীল চহৰলৈ পঢ়িবলৈ যাবলৈ ৰাওনা হোৱাৰ আগতে ছিশ্বিৰ সৈতে তাই কিছু সময় কটাব খুজিছিল । ছিশ্বিৰো যেন মনটো গধুৰ হৈ পৰিছিল নিৎচিকিয়ে যাবলৈ ওলোৱাত । তাই বুজি পায় । ছিশ্বিৰ মিহি, কোমল নোমখিনি হাতেৰে পিহি নিৎচিকিয়ে মৰম যাঁচিছিল । আকলুৱা চাৱনিৰে তাইলৈ চাই ছিশ্বিয়ে যেনিবা সুধিবহে খুজিছিল, ' তালৈ যোৱাৰ পিছত তুমি মোক পাহৰি পেলাবা নেকি, নিৎচিকি ? ' ছিশ্বিক সজোৰে সাৱটি ধৰোঁতে তাইৰ চকুলো বৈ আহিল । 



স্কুলৰ দিনবোৰ আৰম্ভ হ'ল। সকলো শিক্ষাৰ্থীয়ে পুৱা বেলি নোলাওঁতেই শোৱাপাটীৰপৰা উঠি প্ৰাতঃকৰ্ম কৰি নিজৰ নিজৰ কোঠালি পৰিষ্কাৰ কৰি পাঠগ্ৰহণৰ বাবে থকা কেন্দ্রত যাব লাগে । অতি কম দিনৰ ভিতৰতে নিৎচিকি এজনী বৰ নিয়মানুৱর্তী শিক্ষাৰ্থী হিচাপে পৰিগণিত হ'ল । সকলো ঠিকেই চলি গৈ থাকিল, মাথোঁ লুঠুৰী খাবলৈ দিয়াৰ পৰতহে মাকজনীলৈ তাইৰ বেছিকৈ মনত পৰে । মৰমৰ মাকজনীয়ে যে কিমান সুস্বাদু লুঠুৰী ৰান্ধি খুৱাইছিল ঘৰত... !! ইয়াতে যে তাই এতিয়া পৰ্যাপ্ত আহাৰো নাপায় খাবলৈ । কিন্তু, পিছ মুহূর্ততে নিজৰ আৱেগক সামৰি থৈ অসুস্থ মাকৰ কথা চিন্তি তাই পঢ়াত একান্তচিত্তে মনোনিৱেশ কৰিলে । পিছবেলা খেলিবলৈ ওলাই গ'লে তাইৰ ছিশ্বিলৈ বৰ মনত পৰিছিল ।  বন্ধৰ দিনবোৰত সিহঁতে মিলি শাৰীৰিকভাৱে টান কাম কিছুমানো  কৰিব লগা হৈছিল । পাঠ্যক্রমৰ এনেবোৰ শিক্ষাই তাইক মানসিকভাৱে আৰু বেছি সবল কৰি তুলিছিল । ককায়েক, ভায়েক ভনীয়েকৰ কথা মনত পেলাই ভাবি থাকিছিল তাই... সিঁহতক বাৰু কোনে সাধুকথা শুনায় এতিয়া.. ককায়েক মেকেঞ্জীয়ে বাৰু কুকুৰাৰ মাংস খাওঁতে তাইক মনত পেলায়নে... বুকুখন বিষাই যায় তাইৰ.. আপোন ঘৰখনলৈ ঘূৰি যোৱাৰ ইচ্ছা তীব্ৰতৰ হয় । কিন্তু শিক্ষয়িত্ৰীসকলে তাইক আৰু লগৰ সকলো ছাত্রীকে বুজায় সময়ৰ কাম সময়মতে কৰাটো কিমান জৰুৰী। তাইৰো শিক্ষয়িত্ৰীসকলৰ দৰে হ'বলৈ মন যায়... 


এদিন তাই এগৰাকী শিক্ষয়িত্ৰী আৰু সহপাঠীবোৰৰ লগত ৰেলগাড়ীৰে জোহান্সবার্গলৈ গৈছিল । তাতে থকা কেন্দ্রত বহুতো ৰুগ্ন আৰু বয়োবৃদ্ধ লোকে বাস কৰে। দিনটো নিৎচিকিহঁতে তেওঁলোকৰ পৰিচৰ্যা কৰিলে, কিনি লৈ যোৱা নতুন সাজবোৰ তেওঁলোকক পিন্ধাই দিলে । কি যে এক বুজাব নোৱাৰা স্ফূৰ্তি, শান্তি লভিছিল সিদিনা নিৎচিকিহঁতে !! ঘৰখনলৈ মনত পৰিছিল তাইৰ.... মাক-দেউতাক, ককাক, ককায়েক, ভায়েক, ভনীয়েক ছিশ্বি বেট্টী --- এইখনেই তাইৰ সৰু পৃথিৱী । কিন্তু সিদিনা প্ৰথমবাৰৰ বাবে তাইৰ নিজকে বৰ বিশাল পৃথিৱী এখনৰ অংশ যেন লাগিছিল... এনেকুৱা অনুভৱ হৈছিল যেন তাইৰ আৰু বহুতৰে প্ৰতি কৰণীয় আছে । তাই জীৱনটোক নতুনকৈ বেলেগ ধৰণে চাবলৈ শিকিছিল । 

অ'... লাহেকৈ তাইৰ আৰু এটা চখ হৈছে -- টেনিচ খেলা । সকলোৱে কয় তাই হেনো ভাল টেনিচ খেলে ।



দিনবোৰ বৰ ধুনীয়াকৈ পাৰ হৈ গৈ আছিল... তাই শিক্ষা সাং কৰি নিজৰ গাঁওখনলৈ ঘূৰি আহিল । নিৎচিকি এতিয়া গাভৰুজনী হ'ল  । ককায়েক মেকেঞ্জীয়ে তাইৰ বিবাহৰ বাবে উপযুক্ত পাত্ৰ বিচাৰি চলাথ কৰিলে । ৱাল্টাৰ চিচুলু নামেৰে এজন সুশিক্ষিত, সাহসী আৰু বলিষ্ঠ নেতাৰ সৈতে নিৎচিকিৰ বিবাহ সম্পন্ন হ'ল । বিবাহৰ দিনা তাইক আশিস দিবলৈ অহা প্ৰত্যেকজন শুভাকাঙ্ক্ষীকে তাই একোটিকৈ গছপুলি উপহাৰ দিলে । স্বামী ৱাল্টাৰৰ সৈতে মিলি নিৎচিকিয়ে এখন স্বাধীন দক্ষিণ আফ্রিকাৰ সপোন ৰচিছিল । এই লক্ষ্য আগত ৰাখি ৱাল্টাৰ আৰু এলবাৰ্টিনাই ( নিৎচিকি ) গাঁৱে গাঁৱে সজাগতা অভিযান আৰম্ভ কৰিলে । চাওঁতে চাওঁতে এটি পুত্ৰ সন্তানৰ মাতৃ হ'ল এলবাৰ্টিনা । সিহঁতৰ এই মুক্তিকামী আঁচনিবোৰৰ সম্ভেদ শাসকশ্রেণীয়ে পাবলৈ বৰ বেছি সময় নালাগিল । হঠাতে এদিন আৰক্ষী সিহঁতৰ বাসগৃহত উপস্থিত হৈ তাইক প্ৰহাৰ কৰিলে আৰু স্বামী ৱাল্টাৰ চিচুলুক বন্দী কৰি লৈ গ'ল। ২৬ টা বৰ্ষ কাৰাবন্দী হৈ কটোৱা ৱাল্টাৰে কাৰাগাৰত থাকোঁতেও বিভিন্ন প্রকাৰে পত্নী এলবাৰ্টিনাৰ কামত সহায় কৰি গৈছিল। এলবাৰ্টিনাই কেতিয়াও বিচলিত নহৈ অন্য সাহসী নাৰীসকলকো একগোট কৰি এক মহিলা মৰ্চা খুলি নিজৰ লক্ষ্যৰ দিশে কাম কৰি যোৱাত অটল আছিল । এলবাৰ্টিনায়ো বহুবাৰ কাৰাবাস খাটিবলগীয়া হৈছিল । কিন্তু জীৱনত কেতিয়াও হাৰ মানিবলৈ নিশিকা নিৎচিকিজনীক তাহানিতে মাক মণিকাঝিয়ে শিকাই থৈ যোৱা গান তাইৰ তেজত বৈ আছিল.... ' সাহসী হোৱা ,  শক্তিমন্ত হোৱা... একতাই পৰম বল... '।



অনুবাদ ---------



কৃষ্ণা সোণোৱাল
সহঃ শিক্ষয়িত্ৰী
তাতিবামা আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয় 
ৰাণী শিক্ষাখণ্ড


Post a Comment

0 Comments