header ads

প্ৰৱন্ধ:-জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱ-

 জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱ-


মাক আছিল সত্যসন্ধ্যা পিতা কুসুম্বৰ

    বৰদোৱাতে জন্ম হৈছিল শ্রীমন্ত শংকৰ

          পোন্ধৰশ শতিকাৰ দ্বিতীয় দশকৰ প্রথমাৰ্ধত অসম মাতৃয়ে এটা উজ্জ্বল নক্ষত্র প্রসৱ কৰিছিল ; যি নক্ষত্রই নিজে উদ্ভাষিত হোৱাৰ লগে লগে সেই পোহৰত উজলাই তুলিছিল অন্ধবিশ্বাস ,কু- সংস্কাৰৰ কৰাল গ্ৰাসত ককবকাই থকা এখন সমাজ । সেই ক্ষণজন্মা পুৰুষগৰাকীক প্রসৱ কৰি ধন্য হৈছিল অসম মাতৃ । শিশু অৱস্থাতেই ঘাট- মাউৰা হৈ বুঢ়ীমাকৰ আঁচলৰ তলত ডাঙৰ -দীঘল হৈ শিশুটি উত্পতীয়া হৈছিল । যিটো কথা বুঢ়ীমাক
খেৰসুতীয়ে কস্মিন কালেও কল্পনা কৰা নাছিল । অতিষ্ঠ হৈ বুঢ়ীমাকে কৰ্কথনা কৰি কৈছিল....

  ভাল আমৰ পুলি হৈ বকৰাণিত গজিলি
তই বংশৰ চাকি নুমুৱালি---------

  আমাৰ জাতিৰ গৌৰৱ সেই শিশুটিৰ নাম ৰখা হ'ল শংকৰ । এই শংকৰগুৰুৰ আদি পুৰুষসকল সুদূৰ কান্যকুব্জৰ পৰা আহিছিল । তাকে লৈ আমাৰ অন্য এক গৌৰৱৰ প্রতীক হিয়াৰ আমঠু বিশ্বৰত্ন ভূপেন হাজৰিকাই গাইছিল--------------

     সুদূৰ কান্যকুব্জৰে পৰা বাৰভূঞা আহিছিলে
 সেই বংশত শংকৰদেও ইয়াতে জনমিলে------

বুঢ়ীমাকৰ ককৰ্থনা শুনি , সমবয়সীয়া শিশুৰ লগত অলৌ -টলৌকৈ ঘূৰি ফুৰোতেই শংকৰে জীৱনৰ বাৰটা ( ১২ ) বসন্ত গৰকিলে । বুঢ়ীমাকৰ আৰু সহ্য নহʼল , টানি আঁজুৰি নি এইবাৰ মহেন্দ্ৰ কন্দলিৰ টোলত নাম লগাই দিলে । সেই মুহূৰ্তৰ পৰাই শিশুটোৰ জীৱন চকৰি অন্যফালে ঘূৰিবলৈ আৰম্ভ কৰিলে । প্রতিভাই যেন বিকাশৰ বাবে সুৰুঙা বিচাৰি আছিল আৰু সুবিধা পাই পাৰ ভাঙি ওলাই আহিল । জুইক জানো কাপোৰেৰে ঢাকি ৰাখিব পাৰি ? যি মূলা বাঢ়ে তাৰ দুপাততে চিন আপ্ত বাক্যশাৰীৰ সঁচা প্রমাণ গুৰু কন্দলিয়ে শংকৰৰ গাত দেখিবলৈ পালে । টোলত ভৰ্তি হৈ মাত্র বৰ্ণমালা শিকিয়েই শংকৰ যে অনন্য প্রতিভাৰ আকৰ, তাৰ চিনাকি দিছিল কোনো স্বৰচিহ্ন নথকাকৈ কেৱল বৰ্ণৰ সমষ্টিৰে ভগৱান শ্রীকৃষ্ণৰ গুণানুকীৰ্তন কৰি ৰচনা কৰা এটা কালজয়ী কবিতাৰে । যিটো কবিতা পঢ়ি গুৰু কন্দলি আচৰিত হোৱাই নহয় কিংকৰ্তব্যবিমূঢ়ো হৈছিল ।

          কৰতল কমল কমলদল নয়ন ।

           ভৱদৱ দহন গহনবন শয়ন ।।

খৰতৰ বৰশত হতদশ বদন ।

খগচৰ নগধৰ ফণধৰ শয়ন ।।

          নপৰ নপৰ পৰ শতৰত গময় ।

          সভয় মভয় মম হৰশত তয়......

উক্ত কবিতাই শংকৰৰ জীৱনৰ গতিপথ সলাই দিলে । কবিতাৰ ভাবাৰ্থই গুৰু কন্দলিক এনেভাৱে মোহিত কৰিলে যে সঁচায়ে এই শিশুটি পিছলৈ ডাঙৰ মানুহ হ'ব নিশ্চয় বুলি ভৱিষ্যত বাণী কৰিলে । সেই মুহূৰ্তৰ পৰাই গুৰু কন্দলিয়ে শংকৰৰ নামৰ শেষত দেৱ লগাই দিলে আৰু তেতিয়াৰ পৰাই শিশুটি শংকৰ গুচি শংকৰদেৱ হ'ল আৰু গুৰুৱে টোলৰ ছাত্রসকলৰ ওপৰত 'ওজা ছাত্র' পাতিলে । ইয়াৰ পিছত শংকৰৰ অপ্রতিৰোধ্য গতি থমকি ৰ'ব লগা নহ'ল । সৰ্বগুণৰ আকৰ হৈ পৰিল শংকৰদেৱ

      জয়গুৰু শংকৰ সৰ্বগুণাকৰ

       যাক এৰি নাহিকে উপাম

     তোহাৰি চৰণক ৰেণু শতকৌটি

     বাৰেক কৰোহো প্রণাম  --------------

  মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আমাৰ জাতিটোৰ অজেয় প্রবাদ পুৰুষ । এনে প্রতিভাধৰ অনেক পুৰুষৰ জন্ম অসমত হৈছে ; যিয়ে অসমীয়া জাতিটোৰ প্রতিষ্ঠাৰ বাবে কিবা নহয় কিবা এটা কৰি থৈ গৈছে । কিন্তু এনে বহুমুখী প্রতিভাধৰ ব্যক্তিৰ জন্ম একমাত্র শংকৰদেৱৰ বাহিৰে দ্বিতীয়জন হোৱা নাই । শ্রীমন্ত শংকৰদেৱৰ বাবে মহাপুৰুষ অভিধা সঁচাকৈ সাৰ্থক বুলি বিবেচিত হৈছে । অসমৰ যশস্বী সাহিত্যিক ড৹ নগেন শইকীয়াই পৃথিৱীৰ মহাপুৰুষসকলৰ লগত তুলনা কৰি শংকৰদেৱৰ প্রতিভা এনেদৰে বৰ্ণনা কৰিছে---- " একোটি ব্যক্তিত্বৰ মাজত তত্বজ্ঞ দাৰ্শনিকৰ , শাস্ত্রজ্ঞ পণ্ডিতৰ অপূৰ্ব বস্তু নিৰ্মাণক্ষম প্রজ্ঞাৰ অধিকাৰী , কবিৰ নৃত্য-গীত-বাদ্য এই তিনিবিধ তত্ব আৰু প্রয়োগত পাৰংগত এগৰাকী প্রতিভাধৰ স্রষ্টাৰ নাট্যতত্ব আৰু নাট্যকলাবিদ নাট্যকাৰ আৰু অভিনেতাৰ পৰ্যটক সংস্কাৰক আৰু সংগঠকৰ এগৰাকী চিত্রকৰ আৰু সৰ্বোপৰি নৱ-বৈষ্ণৱ আন্দোলনক দাস্য ভক্তিৰ প্রাধান্যেৰে এক শক্তিশালী নতুন মাত্রা দিওঁতা .... সমগ্র বিশ্বৰ কোনো সন্তৰ মাজত এনে গুণ , প্রতিভা আৰু দক্ষতাৰ একত্র সমাৱেশ এতিয়ালৈকে হোৱা নাই । এইজনা মহাপুৰুষেই অসমীয়া জাতিৰ অন্তৰ্জীৱন আৰু বৰ্হিজীৱনত প্রভাৱ বিস্তাৰ কৰি অসমীয়াৰ জাতীয়ত্বত প্ৰাণ প্রতিষ্ঠা কৰি গ'ল । "

    কি নামে বান্ধিলা জাতি শংকৰ গুৰু

    কি নামে বান্ধিলা ভেটি ,

    তোমাৰ গীতে মাতে অমীয়া সুৰেৰে

    আমি অসমীয়া জাতি শংকৰ গুৰু

    কি নামে বান্ধিলা ভেটি ---------------

   শ্রীমন্ত শংকৰদেৱ আছিল সংস্কৃতিৰ পূজাৰী ।
সেই সময়ত প্রচলিত ধৰ্মান্ধতা , গোড়ামিৰ প্রতি জেহাদ ঘোষণা কৰি শংকৰদেৱে সাংস্কৃতিক অভিযান চলাইছিল । যি সাংস্কৃতিক অভিযান আছিল দুস্কৃতিক দমন কৰি মানুহৰ মন জয় কৰাৰ অভিযান । মানুহৰৰ মন জয় কৰাৰ লগতে চিত্ত শুদ্ধিৰ বাবে সহজ-সৰল জীৱনৰ বাট মোকলাই দিছিল । সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই শংকৰ দেৱক জগত মহাসভালৈ উলিয়াই অনাৰ পথ দেখুৱাই দিলে ।

     পৃথিৱীৰ কʼৰবাত অসমৰ অতীত আৰু বৰ্তমানৰ চিনাকি দিবলৈ আমাৰ আজি কি সম্বল আছে ? কিবা আছেনে ? একোৱেই নাইনে ? কাৰ চিনাকিৰে আমাৰ চিনাকি দিম ?
আছে ! জগতৰ আগত মূৰ দাঙি ঠিয় হ'বলৈ , বুকু ফিন্দাই ক'বলৈ আমাৰ এটাই পৰিচয় আছে । আমি শংকৰদেৱৰ দেশৰ মানুহ , তেওঁৰেই সতি- সন্ততি আমি তেওঁৰেই অনুগামী । আমি প্রতিজনে এই চিনাকিৰে গৰ্ব অনুভৱ কৰিব পাৰোঁ  ।




        হেমেন চন্দ্র হাজৰিকা
 সহঃ শিক্ষক
বিৰোগাঁও মজলীয়া বিদ্যালয়
ৰামপুৰ শিক্ষা খণ্ড  |
অলংকৰণ:-   
 তন্দ্ৰা দে


Post a Comment

0 Comments