সোণালী দিনৰ অপেক্ষাত
লকডাউনৰ সময়ছোৱাত নিজকে মানসিকভাৱে ভাগৰি পৰা যেন অনুভৱ কৰিছোঁ ৷ লকডাউনৰ কাৰণে স্কুলসমূহ বন্ধ, ইফালে বাহিৰত ওলাই গৈ একো কামো কৰিব নোৱাৰোঁ, চৌদিশে কেৱল ক'ভিড-১৯ অতিমাৰীৰ বিভীষিকা ৷ পুৱা শুই উঠাৰপৰা ৰাতি শোৱাৰ আগমুহূৰ্তলৈকে গতানুগতিক কাম ! ক'তো একো নতুনত্ব নাই ! স্বাভাৱিকতে ভাগৰি পৰা মোৰ দেহ আৰু মনক নতুনত্ব তথা সতেজতা প্ৰদান কৰিবলৈয়ে মই প্ৰাত:ভ্ৰমণলৈ ওলোৱাৰ এক নতুন অভ্যাস গঢ়ি তুলিলোঁ ৷ প্ৰাত:ভ্ৰমণ কৰাতো ভাল অভ্যাস বুলি জনা স্বত্বেও সময়ৰ অভাৱৰ বাবে সেয়া আগতে মোৰ পক্ষে সম্ভৱপৰ হোৱা নাছিল । অৱশ্যে বৰ্তমান স্কুল বন্ধ হোৱা বাবে সেয়া সম্ভৱপৰ হৈছে ৷ এতিয়া মই সদায় প্ৰাত: ভ্ৰমণলৈ ওলাওঁ ৷ আজিও তাৰ ব্যতিক্ৰম হোৱা নাই । প্ৰাত:ভ্ৰমণলৈ আহি সেউজীয়া ধাননিৰ সৌন্দৰ্য চাই চাই জীৱনৰ মাধুৰ্য পান কৰি থকাৰ সময়তে প্ৰাত:ভ্ৰমণলৈ বুলি ওলোৱা গাঁৱৰে প্ৰতুল খুড়াক লগ পালোঁ ৷
দিগন্ত , “ সুপ্ৰভাত খুড়া, প্ৰাত:ভ্ৰমণলৈ ওলাইছে ? ”
প্ৰতুল খুড়া ,“ অ' দিগন্ত দেখোন, সুপ্ৰভাত ৷ প্ৰাত:ভ্ৰমণলৈ ওলাইছোঁ । পিছে তুমিও আজিকালি প্ৰাত:ভ্ৰমণলৈ ওলোৱা নেকি ? ”
দিগন্ত,“ অ' খুড়া, মই কেইদিনমান আগৰপৰাহে নতুনকৈ এই অভ্যাসটো গঢ়ি তুলিছোঁ ৷ ”
প্ৰতুল খুড়া , “ ভালেই কৰিছা দিয়া। পিছে তোমালোকৰ স্কুলসমূহ বন্ধ হৈয়ে আছে , কেতিয়াকৈ জানো খুলিব ? ”
দিগন্ত , “ হয় খুড়া, স্কুলসমূহ খোলাই নাই ৷ কি যে হ'ব ছাত্ৰ-ছাত্ৰীবোৰৰ ! ভাবিলে চিন্তাই লাগে ৷ গোটেই শৈক্ষিক পৰিৱেশটো বিধ্বস্ত হৈ যোৱাৰ নিচিনা হ'ল। অনলাইন ক্লাছসমুহ চলি আছে যদিও খুব কম সংখ্যক ছাত্ৰ-ছাত্ৰীহে উপকৃত হৈছে। ইফালে চৌদিশে অতিমাৰীৰ আতংক ৷ ”
প্ৰতুল খুড়া ,“ তাকেই অ'। পিছে,ভালেই হৈছে দিয়া তোমালোকৰ, স্কুললৈও যাব নালাগে, ঘৰতে বহি বহি দৰমহাকেইটা লৈ আছা ৷ তোমালোকৰ ভাগ্যই ভাল দিয়া ৷ঢ়”
প্ৰতুল খুড়াই কোৱা শেষৰ কথাখিনি শুনি মোৰ মনৰ সতেজতাখিনি মুহূৰ্ততে কৰ্পূৰৰদৰে উৰি গ'ল ৷ তেওঁৰ কথাখিনি শুনি মোৰ পেটে পেটে খং উঠিছিল যদিও খঙটো প্ৰকাশ নকৰি সৌজন্যতাৰ খাতিৰত এটি মিচিকিয়া হাঁহি মাৰি মুখেৰে একো নামাতি মনে মনে তেখেতক পাৰ কৰি গুচি আহিলোঁ ৷ এইখিনি কথা শুনি শুনি মোৰ এইকেইদিন কাণ ঘোলা হোৱাৰ উপক্ৰম হৈছে ৷ যোৱা বছৰ লকডাউনত স্কুল বন্ধ হোৱাৰপৰা বৰ্তমানলৈকে বিভিন্নজনৰ মুখত এইখিনি কথা শুনি শুনি মোৰ ইতিমধ্যে কাণ পকি গৈছে ৷
এৰা, আমাৰদৰে শিক্ষকসকলেহে বুজি পায় ঘৰতে বহি বহি দৰমহা লোৱাৰ সুখ কিমান ? আমিহে জানো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ অবিহনে ঘৰতে বহি থকাৰ আনন্দ কিমান ? নিজৰ আৰ্জিত জ্ঞানৰ ভঁৰাল দেৱশিশুসকলৰ মাজত বিলাই দিব নোপোৱাৰ আৰু জ্ঞানৰ ভঁৰালত মামৰ ধৰিবলৈ দিয়াৰ সুখ কিমান ? এৰা, কোনে বুজিব আমাৰদৰে শিক্ষকসকলৰ মনৰ মাজত যোৱা বছৰৰপৰা কি ধুমুহা বলি আছে !
শদিয়াৰপৰা ধুবুৰীলৈকে বিস্তৃত হৈ থকা শিক্ষকসকলে ক'ভিড-১৯ অতিমাৰীৰ কাৰণে যোৱা বছৰৰপৰা হোৱা লকডাউনত ঘৰতে থাকিবলৈ পাই যথেষ্ট সকাহ পাইছিল ৷ কিন্তু, প্ৰথম অৱস্থাত আৰাম যেন অনুভৱ হোৱা লকডাউনৰ বন্দিত্বই শিক্ষকসকলৰ জীৱনত কেনেকুৱা মনোকষ্টৰ সৃষ্টি কৰিছিল সেয়া ভুক্তভোগী শিক্ষকসকলেহে ভালদৰে জানে ৷ ঘৰৰপৰা বহুদূৰত থাকি শিক্ষকতা কৰিব লগা হোৱা আমিবোৰে প্ৰথমতে ঘৰতে থাকিবলৈ পাই ভাল পাইছিলোঁ যদিও দিন যোৱাৰ লগে লগে সেই ভাল লগাবোৰে আমুৱাবলৈ ধৰিলে ৷ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ লগত হাঁহি-ধেমালি কৰি কটোৱা মধুৰ ক্ষণবোৰৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰা হ'লোঁ ৷ শিক্ষক সকলৰ বাবে স্কুলখনেই হৈছে পৃথিৱীৰ ভিতৰতে আটাইতকৈ সুখৰ ঠাই ৷ ঘৰ-সংসাৰত যদি কিবা অশান্তিও হয় তেন্তে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মধুৰ সান্নিধ্যই সেয়া পাহৰাই দিয়ে ৷ এনেকুৱা সৰগীয় সুখৰ মন্দিৰস্বৰূপ বিদ্যালয়খনলৈ যাবলৈ নোপোৱাতো কিমান অশান্তিকৰ, সেয়া কেৱল আমাৰদৰে শিক্ষকসকলেহে ভালদৰে বুজি পায় ৷ গতিকে , কোনোবাই যদি শিক্ষকসকলক ঘৰতে বহি সুখ-আনন্দত দৰমহা লোৱাৰ সৌভাগ্য ঘটা বুলি কয় তেতিয়া মোৰ স্বাভাৱিকতেই দুখো লাগে, খঙো উঠে ৷ কিন্তু, এই পৰিস্থিতিৰ কাৰণে আমি জানো জগৰীয়া ? এয়া জানো আমি নিজেই সৃষ্টি কৰি লোৱা পৰিৱেশ ? গোটেই বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰা ক'ভিড-১৯ অতিমাৰীৰ কাৰণে স্কুলসমূহ বন্ধ হোৱা আৰু অ'নলাইন ক্লাছৰ ব্যৱস্থা কৰা-- এই পৰিস্থিতি জানো আমি নিজেই সৃষ্টি কৰি লৈছোঁ ? আমাৰো জানো মন নাযায় আগৰদৰে নিৰ্ভয় মনেৰে স্কুললৈ গৈ কণ-কণ ল'ৰা-ছোৱালীবোৰৰ লগত হাঁহি-ধেমালি কৰিবলৈ, পাঠদান কৰিবলৈ, সহকৰ্মী শিক্ষক-কৰ্মচাৰীসকলৰ লগত হাঁহি-ধেমালি কৰিবলৈ, সুখ-দুখৰ ভাগ-বাটোৱাৰা কৰিবলৈ ? কিন্তু, শিক্ষকসকলৰ মনোবেদনা নুবুজাসকলে আমাক কেৱল ঘৰতে বহি দৰমহা লোৱাটোহে দেখিলে ৷ শিক্ষকসকলে যে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে এই দুৰ্যোগৰ সময়তো ৰাইজক সহায়ৰ হাত আগবঢ়াই আহিছে সেইটো হ'লে কোনেও নেদেখিলে ৷ শিক্ষকসকলে যে ক'ভিড-১৯ অতিমাৰীৰ সময়ত হোৱা স্কুল বন্ধত অ'নলাইনযোগে পাঠদান কৰি আহিছে , জনসাধাৰণৰ সাহায্যাৰ্থে এদিনৰ দৰমহা চৰকাৰী সাহায্য-পুঁজিলৈ আগবঢ়াইছে , ওচৰ-চুবুৰীয়া দুখীয়া পৰিয়াললৈ সাহায্য সামগ্ৰী প্ৰদান কৰিছে , আনকি ক'ভিড-১৯ ৰ পৰিপেক্ষিতত চৰকাৰে আগবঢ়োৱা সেৱাতো প্ৰত্যক্ষভাৱে জড়িত হৈছে-- সেইবোৰৰ হিচাপ ৰখা , সেইবোৰ কামৰ স্বীকৃতি দিয়া মানুহ কেইজন ওলাব ? আনকি কিছুমান শিক্ষকৰ অ'নলাইনযোগে পাঠদান কৰাৰ দক্ষতা নথকা স্বত্বেও যথেষ্ট কষ্ট আৰু ধৈৰ্য্য সহকাৰে অ'নলাইনযোগে পাঠদান কৰিবলৈ শিকিবলগীয়া হৈছে ৷ আমাৰ দৰমহাৰ হিচাপ ৰখাতকৈ সেইবোৰ কামৰ স্বীকৃতি দিলে আমি আকৌ ভালদৰে কৰ্তব্য পালন কৰিবলৈ উৎসাহ পালোঁহেঁতেন ৷ কিন্তু এওঁলোকে আমাক স্বীকৃতি আৰু উৎসাহ দিয়াৰ সলনি প্ৰয়োগ কৰা তিৰ্যক বাক্যবাণে আমাৰ উৎসাহত চেঁচা পানী ঢালে ৷
এতিয়া মোৰ মনত মাথোঁ এটাই প্ৰশ্ন- কেতিয়া আহিব সেই সোণালী সুদিন যেতিয়া আমি সকলোৱে ক'ভিড-১৯ অতিমাৰীক পৰাভূত কৰি নিৰ্ভয়মনেৰে স্কুললৈ গৈ নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰিব পাৰিম যাতে ঘৰতে বহি দৰমহা লোৱা বুলি কোৱাসকলৰ তিৰ্যক বাক্যবাণ বন্ধ হৈ যায় ৷ আহিবনে আকৌ ঘূৰি সেই সোণালী সুদিন ? সেই দিন যাতে অতি শীঘ্ৰেই ঘূৰি আহে তাৰবাবে আমি অপেক্ষাৰত ৷সেইবোৰ কথা ভাবি ভাবি আহি থাকোঁতে কোন সময়ত ঘৰৰ নঙলামুখ পালোঁহি গমেই পোৱা নাছিলোঁ ৷ হঠাতে জিমিয়ে মোক দেখি নেজ জোকাৰি জোকাৰি মুখেৰে কুঁ কুঁ শব্দ কৰি আগবাঢ়ি আহি তাৰ গাটো মোৰ ভৰিত ঘঁহি দিয়াতহে মোৰ সম্বিত ঘূৰি আহিল ৷ মই জিমিৰ মৰমৰ প্ৰতি সঁহাৰি জনাই তাৰ মূৰে-গায়ে হাত বুলাই দি নঙলা খুলি ঘৰলৈ সোমাই গ’লোঁ ৷
প্ৰেৰক
দীপামণি দৈমাৰী
সহ: শিক্ষয়িত্ৰী, বালিঝাৰ এম. ই. মাদ্ৰাছা
শিক্ষাখণ্ড: ছমৰীয়া
মোবাইল নং: ৯৭০৭৮৩৫১৮২
0 Comments