header ads

ৰাতুল গোস্বামীৰ ধাৰাবাহিক লেখা

 খণ্ড ২



বিষ্ণুৰাভাঃ জনগণৰ বাবেই এৰিছিল পুলিচি চাকৰিৰ মোহ ----------

"তোমালোকৰ ভালনে ? 

আজি বাৰু আমি কাৰ সৈতে চিনাকি হ’ম ?

ঠিক, যোৱা শুক্ৰবাৰে আধৰুৱা হৈ ৰোৱা বিষ্ণুৰাভাৰ বৰ্ণিল জীৱনৰ আৰু এটি অধ্যায় আমি আলোচনা কৰিম । 
আচলতে কি জানা ! বিষ্ণুৰাভাক বুজিবলৈ আমাক বহুদিন লাগিব । হ’লেও খৰখেদাকৈ ভুৰুকাত হাতী নভৰাওঁ ।
কি ! বুজা নাই ? মানে বিশাল জীৱনটোৰ কথা এদিনতে চমুৱাই নকওঁ । নহ’লে তোমালোকৰ জ্ঞান খণ্ডিত হ’ব । খণ্ডিত জ্ঞান বৰ ভয়ঙ্কৰ । 

বাৰু , তোমালোকৰ নিশ্চয় আগৰ কথাখিনি মানে ৰাভাদেৱৰ শৈক্ষিক যাত্ৰা সম্পৰ্কে কোৱা কথাখিনি মনত আছে । ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশ লৈ ৰংপুৰৰ পৰা ১৯৩১ চনত পলাই গৈ কলিকতা পাইছিলগৈ। সেই সময়চোৱা যেন কলিকতা হৈ পৰিছিল ভাষা-সাহিত্য-সংস্কৃতিৰ এক জীৱন্ত সাধনা ক্ষেত্ৰ । ৰাভা আছিল আজন্ম শিল্পী । সেই সময়ত তেওঁৰ মনৰপৰা স্বাধীনতা সংগ্ৰামৰ সক্ৰিয়তা লুপ্ত হ’বলৈ বাধ্য হৈছিল । কলিকতা পোৱাৰ পিচতে ৰাভাৰ মন-গহনত সুপ্ত হৈ থকা শিল্পী প্ৰাণটোৱে সাৰ পাই উঠিল । সাহিত্য- সংস্কৃতিৰ কাম কৰাৰ দুৰ্বাৰ হাবিয়াসে তেওঁৰ মনটোক উত্ৰাৱল কৰি তুলিলে। কথাছবি আৰু সাহিত্য দুয়োটা ক্ষেত্ৰতে ৰাভা হৈ পৰিল অগ্ৰণী ।

তোমালোকে জানি থোৱা ভাল, ঊনবিংশ শতিকাত কলিকতাত হোৱা নৱজাগৰণৰ পৰিপ্ৰেক্ষিতত সেই সময়ত কলিকতাত অধ্যয়ন কৰি থকা সমূহ অসমীয়া ছাত্ৰই ১৮৮৫ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰি 'জোনাকী ' আলোচনী প্ৰকাশ কৰিছিল । জোনাকী আলোচনীয়ে অসমীয়া সাহিত্যত নৱন্যাস যুগৰ সূচনা কৰে । ১৯০৭ চনত পদ্মনাথ গোহাঞি বৰুৱাৰ সম্পাদনাত 'উষা' নামৰ আলোচনীখন প্ৰকাশ হৈছিল। প্ৰকাশৰ সময়ৰে পৰা লক্ষ্মীনাথ বেজবৰুৱাই উষাত 'কৃপাবৰ বৰুৱা' ছদ্মনামত প্ৰৱন্ধ ৰচনা কৰে। উষাৰ তৃতীয় ভাগৰ তৃতীয় সংখ্যাত 'কৃপাবৰ বৰুৱাৰ প্ৰত্যাগমণ' নামৰ প্ৰৱন্ধৰ তলত প্ৰকাশ হোৱা 'এংলো ইণ্ডিয়ান' নামৰ প্ৰৱন্ধটিক লৈ হোৱা সমস্যাৰ বাবে জোনাকীৰ গতি কিছু স্তব্ধ হৈ পৰে ।

১৯০৯ চনৰ আগষ্ট মাহত কলিকতাত অধ্যয়নৰত ছাত্ৰ আৰু কেইজনমান প্ৰৱাসী অসমীয়াই মীৰ্জাপুৰ ষ্ট্ৰীটৰ লায়েক জুবিলী ইনষ্টিটিউটৰ এটা কোঠাত ছাত্ৰসকলৰ মাজত পুনৰ যোগাযোগ স্থাপনৰ বাবে গোট খায় । এই সভাত তেওঁলোকে জোনাকী কাকতৰ পুনৰ প্ৰকাশ কৰিবলৈ ঠিক কৰে । কিছুদিন পিছত সভাত উপস্থিত থকাসকলে লক্ষ্মীনাথ বেজবৰুৱাক কথাখিনি কোৱাত তেওঁ কয় যে কলিকতাত প্ৰৱন্ধ গোটাই সম্পাদনা কৰি , যোৰহাটলৈ পঠিয়াই , তাত ছপা কৰি , পুনৰ কলিকতাত বিতৰণ কৰাটো দুৰূহ কথা হ’ব । সেয়ে বেজবৰুৱাই নিজে সাহিত্য চৰ্চাৰ বাবে এক প্ৰকাশিত ৰূপ দিয়াৰ মানসেৰে তেওঁলোকৰ পৰা প্ৰৱন্ধ বিচাৰে । সেইমতে তেওঁলোকে প্ৰৱন্ধ লিখি বেজবৰুৱাৰ হাতত অৰ্পণ কৰে । এই কথাত যতীন্দ্ৰনাথ দুৱৰাৰ সমৰ্থন পাই তেওঁ আলোচনীখনৰ নাম 'বাঁহী' ৰাখে । লক্ষ্মীনাথ বেজবৰুৱাৰ হাওড়াৰ আৱাসৰ ওচৰতে 'সলকিয়া প্ৰিণ্টিং ৱৰ্কছ' নামৰ এক ছপাখানা আছিল । ১৮৩১ শকৰ আঘোণ মাহ অৰ্থাৎ ১৯০৯ চনৰ নৱেম্বৰ মাহত লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত বাঁহী আলোচনীৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যা প্ৰকাশ হৈ ওলায় । প্ৰথম বছৰৰ প্ৰথম সংখ্যাৰ বাঁহীত, প্ৰথম পিঠিত এগৰাকী মহিলাই গছৰ তলত বাঁহী বজোৱা ছবি এখনৰ তলত লক্ষ্মীনাথ বেজবৰুৱাৰ বাঁহী কবিতাটি প্ৰকাশ কৰা হৈছিল । তোমালোকে জানি আচৰিত হ’বা ৩২ পৃষ্ঠাৰ বাঁহীৰ মূল্য আছিল এটকা আঠ অনা মাত্ৰ । এই বাঁহী আলোচনীৰ ‘চিত্ৰলেখা’ নামৰ শিতানটি পৰিচালনাৰ দায়িত্ব লৈছিল বিষ্ণুৰাভাই । সেই সময়তে তেওঁ শাস্ত্ৰীয় সংগীতৰ অনুশীলনো চলাইছিল । কি যে আচৰিত ! সেই সময়তে ৰাভাই কলিকতাত অনুষ্ঠিত হোৱা এক প্ৰদৰ্শনীত ভিক্টৰ হিউগ নামৰ ইংৰাজ লেখক এজনৰ চৰিত্ৰৰ মেকআপ কৰি সকলোৰে প্ৰশংসা পাইছিল । ৰাভাই নিজাকৈ এটা ‘অৰ্গো পিকচাৰ্চ ক'ৰপ'ৰেচন’ খোলাৰ কাম কৰিব লৈছিল ; কিন্তু দুখৰ বিষয় সেই সময়ত আকৌ ইংৰাজ পুলিচৰ নজৰত পৰিল। চট্টগ্ৰামত হোৱা এক সংঘৰ্ষত ৰাভাকো সন্দেহ কৰি তালাচী কৰে । চিনেমা কৰা আশা মনতে সামৰি ৰাভা গৈ ঢাকা পালেগৈ । ৰাভাৰ ককায়েক নন্দলাল ৰাভাই বিষ্ণুক পুলিচৰ চাকৰিত মকৰল কৰাৰ চেষ্টা কৰে । ৰাভাক চাকৰিৰ বাবে শ্বিলঙলৈ যাবলৈ দিয়ে, কিন্তু ৰাভা ওলালগৈ ভিনিহিয়েক ধাবাৰাম মেচৰ বৰপেটাৰ বাসভৱন । সত্ৰীয়া -সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বৰপেটাত ৰাভা হৈ পৰিল তন্ময় । পুলিচৰ চাকৰি পিঠি দি গায়ন-হৰমোহনৰ তলত বৰগীতৰ অনুশীলনহে আৰম্ভ কৰিলে । কিছুদিন পাছত এই কথা ককায়েকেও গম পালে । ভিনিহিয়েকে ৰাভাই চাকৰিৰ কামৰ বাবে শ্বিলঙলৈ নগৈ বৰগীত শিকি থকা গম পাই পিছদিনাই তেওঁক শ্বিলঙলৈ পঠিয়াই দিলে । বৰগীতৰ শিক্ষা আধৰুৱা কৰি ৰাভা শ্বিলং পালেগৈ । হাতত নিয়া কৰ্ণেল ডি. স্মিথৰ চিঠি নি শ্বিলঙৰ বিষয়া মিঃ কালাঘণক দিলে । কেইদিনমানৰ ভিতৰতে ৰাভাই ডি. এচ. পি. পদত নিযুক্তি পালে । কিন্তু পুলিচ বিষয়া হৈ ইংৰাজৰ বাবে সেৱা কৰি নিজৰ মানুহক লাঠি চলাব ! তেনে কাম কৰিবলৈ ৰাভাক অন্তৰাত্মাই অনুমতি নিদিলে । সেয়ে পুলিচ চাকৰিৰ মোহ এৰি তেওঁ শ্বিলং ত্যাগ কৰিলে । গুচি আহিল তেজপুৰলৈ ।

নবীন, উৎপল ! আজি তোমালোকক ৰাভাৰ পুলিচি চাকৰিৰ আঁৰৰ কথাখিনি কʼলোঁ। অহা সপ্তাহত তেজপুৰৰ আলোকময় সাংস্কৃতিক পৰিক্ৰমাৰ কিছু ঘটনা জনাম । আজিলৈ এৰো--- "

-------------###---------------



ৰাতুল চন্দ্ৰ গোস্বামী
প্ৰধান সম্পাদক
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষা সন্মিলনী

Post a Comment

0 Comments