header ads

কবিতা

 -প্ৰদূষণ-





জীৱ শ্ৰেষ্ঠ মানৱ তুমি
সভ্যতাৰ চূড়ান্ত শিখৰলৈ মেলিছা ঢাপলি
দুৰ্বাৰ সাহসেৰে প্ৰকৃতিক  জনাইছা প্ৰত্যাহ্বান
সমগ্ৰ যে  কাঢ়ি  লোৱাৰ মন ।

কিন্তু, প্ৰকৃতিও ৰৈ থকা নাই !
নিজস্ব স্বভাৱ সুলভ নীৰৱতাৰে তোমাৰ বিৰুদ্ধে ৰচিছে দুৰ্জয়  বেহু,
চলিছে দুয়ােৰে মাজত দোৰ্ঘোৰ সংঘাত
আৰু ইয়াৰ পৰিণাম হৈছে প্ৰদূষণ ।
প্ৰদূষণ , প্ৰদূষণ----
প্ৰদূষণৰ মহাব্যাধিয়ে  গিলিছে সমগ্ৰ বিশ্ব ,
পৰিণতিত অনেক প্ৰাণী  আজি  বিলুপ্তিৰ  পথত !
দ্ৰুতগতিত বাঢ়িছে ৰাসায়নিক দ্ৰৱ্যৰ ব্যৱহাৰ ,
হৈছে বায়ু, মাটি , জল আৰু শব্দ প্ৰদূষণ
আনিছে  মাতি ৰোগ , ব্যাধি আৰু ভয়ংকৰ ধ্বংস যজ্ঞৰ ।
ক'ল -কাৰখানা ,যান-বাহনৰ   ধোঁৱা-আৱৰ্জনাই
বঢ়াইছে পৰিমাণ বায়ুত অনিষ্টকাৰী গেছৰ
আনিছে বিপদ মাতি জীৱ কুলৰ।

আহা আমি সময় থাকােতেই হওঁ সচেতন
একত্ৰিত হৈ কৰোঁ প্ৰদূষণ দূৰীকৰণ ।
'বিশ্ব-পাৰিপাৰ্শ্বিক' দিৱস পালনেৰে হওঁক
পৰিৱেশ নিৰ্মলকৰণ ।
সকলােৱে মিলি গাওঁ আহা
“গছ থাকিলেহে মানুহ থাকিব”,
“গছ ৰোৱা ভাই
গছ বিনে গতি নাই। "



শ্ৰী শেৱালি বৈশ্য
প্ৰধান শিক্ষয়িত্ৰী
শুৱালকুছি সনাতন বালিকা প্ৰাথমিক বিদ্যালয়
হাজো 

Post a Comment

0 Comments