header ads

কবিতা

 বীৰ সেনানী



পৰাধীনতাৰ দুৰ্বিষহ যাতনা মোহাৰি বিদেশী বগা বঙালৰ হাতোৰা ছিঙি ;
জীৱন ত্যাগৰ শলিতা জ্বলাই
স্বাধীনতাৰ দুৱাৰ খুলি দিলা ,
হে শত শত শ্বহীদ , সশ্ৰদ্ধ প্ৰণিপাত ।

গণতন্ত্ৰৰ সুদৃঢ় ভেটি গঢ়ি
ত্ৰিৰংগ নিচান সগৌৰৱে উৰিল ,
গুজৰাটৰ পৰা উত্তৰ পূৰ্বাঞ্চল
লাডাখ-কাশ্মীৰৰ পৰা কন্যাকুমাৰী ।

হৃদয় জোকাৰি যোৱা বিপ্লৱৰ অসমো ৰোৱা নাছিল থমকি ।
মুকুন্দ , কনকলতা , মণিৰাম , কুশলৰ বাটে
হাজাৰ জনে বীৰত্ব দেখুৱালে ।

অসমীয়াইও জানে সংগ্ৰামৰ অগণি জ্বলাই
শতৰুৰ হিয়া বিদাৰি স্বাধীনতা আঁজুৰি আনিবলে ;
সম্প্ৰতি প্ৰখৰ ৰ’দ কিম্বা ঠেৰেঙা লগা শীতৰ
বৰফাবৃত পাহাৰ ফালি ,
দেশ ৰক্ষাত নিয়োজিত বীৰ সেনানী ।
কাৰ্গিল , ড্ৰাচ , বাটালিক , লাডাখ , কাশ্মীৰত
এতিয়াও দুৰ্বাৰ সাহসেৰে শক্ৰক দিয়ে এশিকনি ।



নীৰৱ শৰ্মা
১২৬ নং মৈহাটী প্ৰাথমিক বিদ্যালয় ।
কমলপুৰ শিক্ষাখণ্ড

Post a Comment

0 Comments