header ads

গদ্যশিল্প

 জাতিৰ পিতা মহাত্মা গান্ধী




‘জাতিৰ পিতা’ আছিল তেওঁ ৷ মহামানৱ মহাত্মা গান্ধী । তেওঁৰ সম্পূৰ্ণ নাম আছিল মোহনদাস কৰমচাঁদ গান্ধী । তেওঁৰ জন্ম হৈছিল ১৮৬৯ চনৰ ২ অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰত । তেখেতৰ দেউতাকৰ নাম আছিল কৰমচাঁদ গান্ধী আৰু মাতৃৰ নাম আছিল পুতলী বাঈ। তেওঁ ১৮৮৩ চনত কস্তুৰবা মাখনজীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । মহাত্মা গান্ধীয়ে শৈশৱকালৰ শিক্ষা পোৰবন্দৰ আৰু ৰাজকোটৰ পৰা কৰিছিল ।
মহাত্মা গান্ধী এজন মধ্যমীয়া বুদ্ধিৰ ছাত্ৰ আছিল আৰু স্বভাৱত অতি লাজকুৰীয়া আছিল । তেওঁ প্ৰায়ে স্কুললৈ দৌৰি অহা-যোৱা কৰিছিল, যাতে কাৰো সৈতে কথা পাতিব লগা নহয় ৷ মহাত্মা গান্ধী সৰুৰে পৰাই অতি ধৰ্মপৰায়ণ আছিল, কাৰণ তেওঁ এটা ব্ৰাহ্মণ পৰিয়ালৰ সন্তান আছিল । তেওঁৰ মাতৃ পুতলীবাঈ এগৰাকী ধৰ্মপৰায়ণা মহিলা আছিল । মহাত্মা গান্ধীক সৰুকালতে এহেজাৰটা মন্ত্ৰ শিকোৱা হৈছিল, যাৰ বাবে তেওঁৰ মনত ভগৱানৰ প্ৰতি বিশ্বাস বাঢ়ি গৈছিল ।
প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বেৰিষ্টাৰী পঢ়িবৰ কাৰণে তেওঁ বিলাতলৈ যাত্ৰা কৰে । বিলাতত থকা কালত তেওঁ নিজৰ আহাৰ নিজে ৰান্ধি খাইছিল । মাতৃৰ ওচৰত কৰি যোৱা প্ৰতিজ্ঞা তেওঁ দৃঢ়তাৰে পালন কৰিছিল । তেওঁ বিলাতত থকা কালতে পিতৃ বিয়োগ ঘটে । ১৮১১ চনত বেৰিষ্টাৰী পাছ কৰি তেওঁ ভাৰতলৈ ঘূৰি আহে ।
সুপ্ত প্ৰতিভাই বিকাশৰ পথ বিচাৰি থাকে । পথ যেতিয়া প্ৰশস্ত হয়, প্ৰতিভাই তেতিয়াই স্ৰোতস্বিনীৰ তীব্ৰ গতিৰে ধাৱমান হয় বিকাশৰ পথত । গান্ধীজীৰ প্ৰতিভাৰ বিকাশৰ পথ মাতৃভূমিত নাছিল; আছিল সুদূৰ দক্ষিণ আফ্ৰিকাৰ নাটাল ৰাজ্যত । সেই সময়ত নাটালত প্ৰবাসী ভাৰতীয় ব্যৱসায়ী আৰু শ্ৰমিকসকলৰ ওপৰত ব্ৰিটিছ প্ৰভুসকলৰ অমানুষিক অত্যাচাৰ, নিৰ্যাতন চৰমসীমাত উপনীত হৈছিল । ১৮৯৩ চনত তেওঁ নাটাললৈ যাত্ৰা কৰে ভাৰতীয় নিৰ্যাতিতসকলৰ মুক্তিৰ পণ লৈ । ব্ৰিটিছ চৰকাৰৰ এখনি অন্যায় আৰু সৰ্বধ্বংসী বিলৰ বিৰুদ্ধে গান্ধীজীৰ প্ৰথম সংগ্ৰাম আৰম্ভ হয়; সেই সংগ্ৰাম অহিংসা আৰু আপোচহীন সংগ্ৰাম । পাছত সেয়াই সত্যাগ্ৰহ আন্দোলন নামে অভিহিত হয়৷
গান্ধীজীয়ে ২০ বছৰতকৈ অধিক কাল নাটালত থাকি ‘নাটাল ভাৰতীয় কংগ্ৰেছ’ প্ৰতিষ্ঠা কৰে আৰু নানা সাংগঠনিক কাম সম্পদনা কৰি ১৯১৪ চনত ভাৰতলৈ ঘূৰি আহে ।
১৯৩৯ চনত পৃথিৱীব্যাপী আৰম্ভ হয় সৰ্বধ্বংসী দ্বিতীয় মহাসমৰ । তাৰ প্ৰৱল ঢৌৱে ভাৰতৰ বুকুতো প্ৰচণ্ড খুন্দা মাৰিলেহি । ব্ৰিটিছৰ কূট-ছলনাত প্ৰলুব্ধ নহৈ এইবাৰ গান্ধীজীয়ে আৰম্ভ কৰিলে ভাৰত ত্যাগ আন্দোলন । ১৯৪২ চনৰ ৮ আগষ্ট তাৰিখে কংগ্ৰেছৰ বম্বে অধিৱেশনত ভাৰতৰ পূৰ্ণ স্বাধীনতা আৰু ইংৰাজৰ ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত হ’ল । কৌটিকণ্ঠ জিনি প্ৰতিধবনি হ’ল ইংৰাজৰ ভাৰত ত্যাগ দাবী । গান্ধীজী আৰু হাজাৰ হাজাৰ নেতা কাৰাৰুদ্ধ হ’ল । হাজাৰজনে প্ৰাণ বলিদান দিলে । বহুজন ফাঁচী কাঠত ওলমিল । কিন্তু ভাৰতবাসী আন্দোলনত অলৰ-অটল হিমালয় হৈ ৰ’ল । ফলত ইংৰাজৰ ভাৰত ত্যাগ আসন্ন হৈ পৰিল । ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতে হৃত স্বাধীনতা ঘূৰাই পালে । কিন্তু ভাৰত চিৰদিনৰ বাবে ভাৰত আৰু পাকিস্তান দুই খণ্ডত বিভক্ত হৈ পৰিল ।
তাৰ বেদনাই গান্ধীজীক অপৰিসীম আঘাট দিলে । ১৯৪৮ চনৰ ৩০ জানুৱাৰী তাৰিখে দিল্লীৰ এখন প্ৰাৰ্থনাসভালৈ যাওঁতে নাথুৰাম গড্‌ছে নামৰ এজন আততায়ীৰ গুলীত মহাত্মা গান্ধীৰ মৃত্যু হয় ৷ ভাৰতৰ এজন মহা-মানৱে মানৱ জীৱনৰ পৰা বিদায় মাগে ৷



লিজা শৰ্মা 
দশম শ্ৰেণী
নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুল, নহিৰা
ৰামপুৰ শিক্ষাখণ্ড
ম’বাইল নং : ৬৯০০৪৫৭৩৭০

Post a Comment

0 Comments