header ads

বিশেষ লেখা

 গুৰুৰ সান্নিধ্যৰ সুখস্মৃতি


পাঁচ ছেপ্তেম্বৰ, ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন। সেইদিনা গোটেই ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ সচেতন নাগৰিকে এইজনা মনীষীক সুঁৱৰিব । ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ ভাৰত ৰাষ্ট্ৰৰ সৰ্বোচ্চ পদ ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত আছিল । সুগভীৰ চিন্তাৰ এজন ৰাজনীতিবিদ হোৱাৰ আগতেই তেওঁ আছিল একেধাৰে প্ৰখৰ মেধাসম্পন্ন এজন শিক্ষাবিদ,এজন দাৰ্শনিক,এজন গ্ৰন্থাগাৰ আৰু আছিল এজন প্ৰকৃত শিক্ষক ; যিজনে নিজৰ গোটেই জীৱন দেশ আৰু শিক্ষাৰ্থীৰ বাবে উছৰ্গা কৰিছিল ।যেতিয়া সমগ্ৰ ভাৰতবাসীয়ে তেওঁৰ অৱদানৰ প্ৰতি নতশিৰ হৈ তেওঁৰ জন্মদিন উদযাপন কৰিবলৈ বিচাৰিছিল, তেতিয়া তেওঁ নিজে কৈছিল "....it would be my proud privilege if 5th September is observed as Teachers' day".১৯৬২ চনৰ পৰা এইজনা মনীষীৰ জন্মদিন 'শিক্ষক দিৱস 'ৰূপে উ‌দযাপিত হৈ আহিছে ।

ভাৰতীয় ইতিহাসত শিক্ষাদানৰ অন্য এক অনুপম ক্ষেত্ৰ হৈছে ভাৰতীয় সংগীত । সেই ক্ষেত্ৰখনতো ' সংগীত বিদ্যাদান' আৰু 'বিদ্যাগ্ৰহণ' কাৰ্যই যুগ যুগ ধৰি এক সক্ৰিয় ভূমিকা পালন কৰি আহিছে। ভাৰতীয় ইতিহাসত ছাত্ৰই গুৰুৰ আশ্ৰমত থাকি শিক্ষা গ্ৰহণ কৰাৰ কথা উল্লেখ আছে ।
      
         গুৰুৰ স্নেহ আৰু ছাত্ৰৰ ভক্তিৰ অলেখ উদাহৰণে আমাৰ ইতিহাস অলংকৃত কৰিছে । ভাৰতীয় সংগীত বিদ্যাৰ উৎপত্তিৰ দিশ অতি প্ৰাচীন কালৰ পৰাই বহু চৰ্চিত আৰু বিকশিত ; বেদৰ পৰা আৰম্ভ কৰি নাট্যশাস্ত্ৰ , সংগীত ৰত্নাকৰ , নাৰদীয় শিক্ষা , বৃহৎদেশী আদি বিভিন্ন প্ৰামাণ্য গ্ৰন্থৰ দ্বাৰা ঐশ্বৰ্যমণ্ডিত । কিন্তু এই বিদ্যাৰ প্ৰায়োগিক জ্ঞানদান গুৰুৰ মুখৰ পৰাই হৈছিল । গুৰুৱে গাই পথ প্ৰদৰ্শন কৰিছিল ; শিষ্যই শুনি , চৰ্চা কৰি তাক আয়ত্ত কৰিছিল । গোটেই প্ৰক্ৰিয়াটোত গুৰুৰ জ্ঞানদান পদ্ধতিৰ নৈপূৰ্ণ আৰু শিষ্যৰ একত্ৰিত মনোনিৱেশ ঘনীভূত হৈ আছিল । সংগীতক সেয়ে 'গুৰুমুখী বিদ্যা' বোলা হয় ।



         ভাৰতীয় সংগীতৰ আলোচনাত এক বহু চৰ্চিত শব্দগুচ্ছ হৈছে ' গুৰু শিষ্যৰ পৰম্পৰা ' । আমাৰ সংগীত অতি প্ৰাচীন । ভাৰতীয় সভ্যতাৰ জন্মৰ সৈতে এই সংগীতৰ জন্ম বুলি ইতিহাসে কয় । অতীজৰে পৰা অহৰহ সাধনাৰে এই ঐতিহ্য উজ্জ্বলৰ পৰা উজ্জ্বলতৰ কৰি ৰাখিছে বহু মহান কলাকাৰে । কেৱল সংৰক্ষণেই নহয় , তাক সংবৰ্ধিত কৰি প্ৰভাৱমান কৰি ৰখাৰ দায়িত্বও পালন কৰিছে এইসকল সংগীত গুণীয়ে । তেওঁলোকে 'গুৰুৰ ভূমিকাত শিষ্যৰ শিক্ষক'-- এই বিদ্যাত নিপুণ কৰি তোলাৰ অসাধ্য সাধনো কৰিছে । ফলস্বৰূপে হাজাৰ বছৰ প্ৰাচীন সংগীতৰ ধাৰা আজিকোপতি প্ৰভাৱমান হৈ থাকি ভাৰতীয় সংস্কৃতিৰ দ্যুতি অম্লান কৰি ৰাখিছে । সংস্কৃতিৰ উজ্জ্বল মণি ভাৰতীয় সংগীতৰ ধাৰা গুৰুৱে সযতনে দান কৰিছিল শিষ্যৰ হাতত আৰু শিষ্যই সেই ধাৰা বহন কৰি নিজৰ সাধনাৰে তাক আৰু বিকশিত কৰি ভৱিষ্যত প্ৰজন্মৰ হাতত তুলি দিছিল । ' গুৰু শিষ্যৰ পৰম্পৰা ' শব্দগুচ্ছ গূঢ়াৰ্থ এই প্ৰক্ৰিয়াৰ মাজত সোমাই আছে । গুৰুৰ সান্নিধ্যত শিষ্যই কেৱল বিদ্যা আহৰণ কৰা নাছিল ; গুৰুৰ জীৱন দৰ্শন , অধ্যাৱসায় , একাগ্ৰতা , মাৰ্গীয় সংগীতে দিয়া আধ্যাত্মিকতাৰ আধাৰত শিষ্যৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ হৈছিল ।

       
 নগাঁও চহৰত অনুষ্ঠিত নগাঁও সংগীত সন্মিলনৰ আৰম্ভণিৰ সন্ধিয়া মই সংগীত পৰিবেশন কৰি থাকোঁতে আমন্ত্ৰিত শিল্পী ওস্তাদ গুলাম মোস্তাফা খানে সভাগৃহত হঠাতে পদাৰ্পণ কৰি মোৰ পৰিবেশন শুনিছিল । পৰিবেশনৰ অন্তত আমি ৰেয়াজ বা চৰ্চা সম্বন্ধে কিছু কথা পাতিছিলোঁ ।কিবা দৈৱিক সংযোজনৰ ফলত তেওঁ মোৰ প্ৰতি বিশেষ কৃপা কৰি মোক শিকাবলৈ লৈছিল । তেওঁ আছিল ভাৰতৰ এজন শীৰ্ষস্থানৰ কলাকাৰ আৰু মই আছিলোঁ সংগীতৰ সামান্য জ্ঞান থকা এজনী অসমীয়া ৱোৱাৰী , দুটি সন্তানৰ মাতৃ । বিশ্বাস- অবিশ্বাসৰ মাজৰে মই পৰিয়ালৰ সৈতে বোম্বে ওলাইছিলোঁগৈ । তাত তেওঁৰ আতিথ্যৰ পৰিচয় পাই আমি ধন্য মানিছিলোঁ । আমি আছিলোঁ তেওঁৰ বাসস্থানৰ পৰা যথেষ্ট দূৰত । এদিন আমি হতবাক হৈছিলোঁ , যিদিনা তেওঁ লগত এজন ব্যক্তি লৈ , লোকেল ট্ৰেইনত উঠি , টিফিন কেৰিয়াৰ পূৰ্ণ কৰি , ঘৰত তৈয়াৰ কৰা সম্পূৰ্ণ মোগলাই আহাৰ আমালৈ লৈ আহিছিল । সেয়া আছিল আৰম্ভণি । শিক্ষাৰ সুদীৰ্ঘ কালত বহুবাৰ তেওঁৰ ঘৰত মই আছিলোঁ , মোৰ প্ৰতিটো সুবিধা -অসুবিধাৰ প্ৰতি তেওঁ চকু ৰাখিছিল । ঘৰৰ বাকী সদস্যবোৰেও মোক অনবৰতে ঘেৰি ৰাখিছিল । মই অনুশীলন কৰিছিলোঁ এজনী সৰু ছোৱালীৰ দৰে । কেতিয়াবা নিৰাশ হৈছিলোঁ , চকুপানীও টুকিছিলোঁ , কিন্তু এক প্ৰচণ্ড শক্তিৰে তেওঁ মোক আৱৰি ৰাখিছিল । তেওঁ মোৰ চৰ্চাৰ কেইদিন আন শিষ্যক আহিবলৈ মানা কৰিছিল ; যাতে মোক দিনটোৰ গোটেইখিনি সময় দিব পাৰে । মাজে মাজে তেওঁৰ মুখেৰে তেওঁৰ গুৰু গৃহবাসৰ গল্প শুনিছিলোঁ । গুৰুৰ গৃহত শিক্ষা সাং কৰি তেওঁ কানপুৰত এজন বন্ধুৰ লগত থাকি সাধনা কৰিছিল । বন্ধুজন কামলৈ ওলাই যোৱাৰ পাছত তেওঁ শুইছিল আৰু গোটেই নিশা আনক ব্যাঘাত নকৰিবলৈ মুখ ঢাকি সাধনা কৰিছিল । দুটা চিৰিৰ মাজত অকণমান মুকলি ঠাইত বহি তেওঁ গোটেই নিশা চৰ্চা কৰিছিল । দুটা সৰু টিউচনৰ পইচাৰে খাবলৈ কম পৰিছিল ; কেতিয়াবা ভাগৰতে নাখাইছিল । তেওঁ এজন লোকৰ কথা কৃতজ্ঞতাৰে সুঁৱৰিছিল ।
ওচৰ চুবুৰীয়াই কোমল বয়সৰ ল'ৰাজনৰ সাধনাৰ প্ৰতি আকৰ্ষিত হৈ স্নেহেৰে দুখন শুকান ৰুটি আৰু অলপ তৰকাৰী দি থৈ গৈছিল আৰু জোৰকৈ তেওঁৰ কাপোৰ কেইটা ধুৱলৈ লৈ গৈছিল । তেওঁক হেনো বাৰে বাৰে কৈছিল.... "গুলাম মোস্তাফা ! তুম্ বহোত বৰে কলাকাৰ বনোগে । " ইমান কঠোৰ সাধনাৰ পিছত লাহে লাহে যশ, প্ৰতিষ্ঠাৰ উচ্চ স্থান লাভ কৰাৰ পাছতো তেওঁৰ বিলাসীতাৰ প্ৰতি অকনো টান নাছিল ।


        
       মোৰ গুৰু ওস্তাদ গুলাম মোস্তাফাক মই মোৰ ঘৰত অতি ওচৰৰ পৰা পাইছিলোঁ । সংসাৰৰ হুলস্থূলৰ মাজতে মই যেতিয়াই-তেতিয়াই বহি চৰ্চা কৰিছিলোঁ । মই উঠি গ'লে তেওঁ নিজে ৰেয়াজ আৰম্ভ কৰিছিল । কেতিয়াবা আমি ওলাই গৈছিলোঁ তেওঁৰ বন্ধুৰ ঘৰলৈ , মোৰ দেউতাৰ ঘৰলৈ । অনুশীলনৰ বন্ধনৰ পৰা মুক্তি পাই মই ক্ষন্তেকতে পাহৰিলেও তেওঁ কেতিয়াও পাহৰা নাছিল । ঘৰ পোৱাৰ লগে লগে কাপোৰ সলাই ৰেয়াজত বহিবলৈ আদেশ দিছিল । তেওঁ নিজেও তানপুৰাটোৰ কাষৰ পৰা আঁতৰি নগৈছিল । কেতিয়াবা ৰাতিপুৱা তিনিবজাতো বিছনাৰ পৰা আমি শুনিছিলোঁ  তেওঁৰ ৰেয়াজৰ গুৰু গম্ভীৰ ধ্বনি। তেওঁৰ বাবে সংগীত আৰু জীৱনৰ মাজত কোনো ফাঁক নাছিল । মই উপলব্ধি কৰিছিলোঁ যে সংগীতৰ সৈতে এই একাত্মতাৰ বাবেই মোৰ গুৰু আৰু সংগীতৰ সকলো গুৰুৱে সংগীত বিদ্যাক নিখুঁত ৰূপত কণ্ঠৰ আয়ত্তাধীন কৰিব পাৰে আৰু প্ৰতিষ্ঠাৰ শীৰ্ষস্থানত উপনীত হয় ।


           ভাৰতীয় সংগীতৰ এক বিশাল মহিৰূহ স্বৰূপ এইজনা গুৰুৰ ছত্ৰছায়াত লালিত-পালিত হৈ মোৰ সংগীতে ৰূপ ল'লে । ওস্তাদ গুলাম মোস্তাফা খান আৰু তেওঁৰ পৰিয়ালৰ সৈতে চল্লিছ বছৰ কাল আমাৰ যোগসূত্ৰই সংগীত , জীৱন একাকাৰ কৰি এনে এক আত্মীয়তা গঢ়ি তুলিলে যে মোৰ পৰিয়ালৰ দুটা প্ৰজন্মই তেওঁৰ পৰিয়ালৰ সৈতে একাত্ম হৈ পৰিল এই জনমলৈ , হয়তো পৰজনমলৈও ।
         
            প্ৰকৃত গুৰু জ্ঞানৰ সাগৰ , তেওঁলোকৰ জ্ঞান স্থবিৰ নহয় । কাৰণ তেওঁলোক নিৰন্তৰ জ্ঞানৰ সাধনাত মগ্ন । প্ৰকৃত গুৰু উদাৰ মনোভাৱেৰে দানী । তেওঁ সৰু সৰু দুৱাৰ খুলি জ্ঞানৰ ভাণ্ডাৰ মুকলি কৰাৰ কিটিপ জানে । তেওঁৰ বাবে সকলো শিষ্যই একে সমান । যি শিষ্যই গুৰুৰ সৈতে বিমল বিশ্বাসৰ সম্বন্ধ স্থাপন কৰি ল'ব পাৰিছে , গুৰুৱে তেওঁক দান কৰাত কাৰ্পণ্য নকৰে । নিজৰ যোগ্যতা , প্ৰতিভা, একাগ্ৰতা, অধ্যৱসায় অনুযায়ী শিষ্যই পাবলগীয়া খিনি লাভ কৰে ।
        
           গুৰু এক উজ্জ্বল পোহৰ , যি পোহৰত শিষ্য আলোকিত হৈ উঠে । গুৰু এক প্ৰখৰ ধনাত্মক শক্তি , তাৰ স্পৰ্শত শিষ্যৰ মন উদ্দীপ্ত হৈ উঠে । গুৰু নিজে এক দৰ্শন , যাৰ প্ৰভাৱত শিষ্যৰ জীৱনে দৃঢ়তাৰে খোজ লয় ।
             শিক্ষক দিৱসৰ এই শুভক্ষণত বিশ্বৰ বিভিন্ন ক্ষেত্ৰত জ্ঞানদানত ব্ৰতী প্ৰতিজন মহান গুৰুলৈ মোৰ অন্তৰৰ অন্তঃস্থলীৰ পৰা সহস্ৰ প্ৰণাম যাচিছোঁ ।



শিখা দত্ত,
এসময়ৰ এগৰাকী আগশাৰীৰ শাস্ত্ৰীয় সংগীত শিল্পী,  
অৱসৰপ্ৰাপ্ত প্ৰৱক্তা
ৰাজ্যিক সংগীত মহাবিদ্যালয়
অসম

অলংকৰণ:----
পল্লবী পাঠক।



Post a Comment

0 Comments