Labels

সংকল্প

   


সংকল্প

: "বৰদেউতা, বৰমাই মোক মাৰিছে ।" ― কান্দি কান্দি হিয়াই বৰদেউতাকৰ কোলাত উঠিলগৈ ।

:"হেৰা, তুমিনো ছোৱালীজনীক কিয় মাৰিছাহে ?"

: "মোৰ ল'ৰাই খেলি থকা বস্তুবোৰ বাৰে বাৰে টানি আনি ল'ৰাটোক কন্দুৱাই থাকে, বাধা দিলেও নুশুনে তাই। মাক ভাল হ'লেহে ছোৱালী ভাল হ'ব । মোৰ ল'ৰা পিছে কেতিয়াও ইমান দুষ্ট হ'ব নোৱাৰে।"

: "তুমিনো কি বুজিবা জোনাকী, তোমাক 'মা' বুলি মতা ল'ৰাটোও যে তাইৰে সহোদৰ !! মৃত সন্তান জন্ম দিয়া বৌয়েকৰ কোলা শুৱনি কৰিবলৈ ভাইটিয়ে একে সময়তে প্ৰসৱ বেদনাত ছটফটাই থকা ভাইবোৱাৰীৰ যমজ সন্তানৰ এটা সন্তান তোমাৰ কোলাত তুলি দিছিল। তোমাক জানিবলৈ নিদিওঁ বুলি ভাইটি আৰু ভাইবোৱাৰীক দিয়া কথা ৰাখিবলৈ মই যে 'সংকল্পবদ্ধ' আছিলো‍ঁ ।"
                                    ----------------------------------xxx-------------------------------

Post a Comment

0 Comments