ধাৰাবাহিক লেখা:-
ছয়গঁঞা উপভাষাৰ চমু আলোচনা (তৃতীয় খণ্ড-যোৱা খণ্ডৰ পিছৰ পৰা..)
উত্তৰাঞ্চল ভাষাৰ তিনিটা ৰূপ পোৱা যায় ৷ সেইকেইটা হৈছে...
ক) ছাটাবাৰী, জামবাৰী, হাতীপাৰা, আন্ধেৰীটাৰী আদি অঞ্চলজুৰি কথিত ভাষাটোক জামবাৰী অঞ্চলৰ ভাষা বুলিব পাৰি ।
খ) দেওচৰ, ধেলাচৰ, ন-পাৰা আদি ঠাই সাঙুৰি লৈ প্ৰচলিত ভাষাটো জামবাৰী অঞ্চলৰ ভাষা বুলিব পাৰি ।
গ) গুমী, আগগুমী, পিছগুমী, আলিকাষ, গৰৈমাৰী আদি অঞ্চলক সাঙুৰি গুমী অঞ্চলৰ ভাষা ।
৩/ দক্ষিণ অঞ্চলৰ ভাষা : ছয়গাঁওৰ দক্ষিণে মেঘালয়ৰ সীমান্তলৈ পাহাৰৰ নামনি অঞ্চল মূলতঃ জনজাতীয় লোকৰ বাসস্থান । পাতিৰাভা লোক সৰহ যদিও বড়ো আৰু গাৰো মানুহো এই অঞ্চলৰ ভূমিপুত্ৰ । ঔগুৰি, পাল্টান, বগে, বনগাঁও অঞ্চলৰ ৰাভা মানুহখিনিয়ে যিটো ভাষা কয় ই অসমীয়া ভাষাৰেই জনজাতীয় কথিত ৰূপ । ড° উপেন ৰাভা হাকাচামে এই ভাষাটোক 'ৰাভামিজ' হিচাপে পৰিচয় কৰাই দিছে । ই 'মাইতৰীয়া' আৰু 'ৰংদানী' ৰাভা ভাষাৰ পৰা সুকীয়া গঢ়ৰ । ইয়াৰ অধ্যয়ন বিস্তৰ ।
৪/ ন-পমুৱা বা চৰাঞ্চলৰ ভাষা : ছয়গাঁওৰ গৰৈমাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো মুছলমান অধ্যুষিত গাঁও আৰু চৰ অঞ্চলত প্ৰচলিত ভাষাটো এক মিশ্ৰ ভাষা ৷ খেতিবাতিৰ এচিলাত পমুৱা হিচাপে আনি নিগাজীকৈ সংস্থাপিত হোৱা বাংলাভাষী মুছলমান সম্প্ৰদায়ৰ এই অঞ্চলৰ ঘনত্ব অধিক ৷ তাৰোপৰি অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰে চৰাঞ্চলৰ কিছুলোকৰ মাজত ভটিয়ালী বাংলা আৰু অসমীয়া ভাষাৰ মিশ্ৰণত এক মিশ্ৰ ভাষা পোৱা যায় ৷
ৰেখাচিত্ৰৰে ছয়গঁঞা ভাষাৰ আঞ্চলিক ৰূপসমূহ দেখুওৱা হ'ল-------
ছয়গাঁওৰ উত্তৰাঞ্চলৰ ভাষা ( আঞ্চলিক ৰূপ )
ক) জামবাৰী আঞ্চলিক ৰূপ: ছয়গাঁওৰ কেন্দ্ৰীয় ভাষাতকৈ ছাটাবাৰী, জামবাৰী, হাতীপাৰা, আন্ধেৰীটাৰী আদি অঞ্চলজুৰি ভাষাটো কিছু সুকীয়া ৷ পূৰ্বতে যাতায়াত আৰু যোগাযোগৰ অসুবিধাৰ কাৰণে তেওঁলোকৰ মাজত উচ্চাৰণগত পার্থক্য দেখিবলৈ পোৱা যায় ৷
ৰূপতত্ত্বৰ দিশেৰে ছয়গাঁও স্থানীয় আৰু জামবাৰীৰ পাৰ্থক্য পৰিলক্ষিত হয় ৷ ভুবছনৰ প্ৰত্যয় হাঁতক, চেৰ, চেক আদিৰ পৰিৱৰ্তে জামবৰীয়া ভাষাত হেনাক, থেক, থেৰ ব্যৱহাৰ হয় ৷ উদাহৰণ:-
মান্য অসমীয়া ছয়গঁঞা জামবাৰীয়া
গাঁওবুঢ়াহঁতক গাঁওবুঢ়াহঁতক গাঁওবুঢ়াহেনাক
গাঁওবুঢ়াহঁতৰ গাঁওবুঢ়াচেৰ গাঁওবুঢ়াথেৰ
গাঁওবুঢ়াহঁতক গাঁওবুঢ়াচেক গাঁওবুঢ়াথেক
কামৰূপী বহুবচনৰ প্ৰত্যয় কিছুমান যেনে: মাখা, গিলান, গিলা, হাত আদি জামবাৰী ভাষাটো বহুল প্ৰচলিত ৷
মান্য অসমীয়া ছয়গঁঞা জামবাৰীয়া
তোমালোক তহানা তহঁত
তেওঁলোক তাহানা সেহাত
ল'ৰা-ছোৱালীবোৰ চোলিমাখা চোলিগিলান
মোমাইদেউহঁত মামাহান মামাহত
কিছুমান শব্দক স্ত্ৰীলিংগবাচক কৰিবলৈ কামৰূপীয়া ভাষাত- ৰী, - নী, - ঈ প্ৰত্যয়ৰ প্ৰয়োগ কৰা হয় ৷ ছয়গঁঞা মূল ভাষা আৰু জামবাৰীৰ ভাষাতো ইয়াৰ প্ৰয়োগ একে, কেৱল উচ্চাৰণগত পাৰ্থক্য থাকে ৷
কামৰূপীয়া ছয়গঁঞা জামবাৰীয়া
ৰামপুৰীয়ানী ৰামপুন্নী ৰামপুৰেনী
আমৰঙীয়ানী আমৰেল্লী আমৰেঙেনী
নিৰ্দিষ্টবাচক প্ৰত্যয় যেনে- টা, টো, ডাল, পাত, জোপা, খন আদিৰ ক্ষেত্ৰত জামবাৰীয়া ভাষাত -তি, -তু, -দাল, খৰ, ডখৰা আদিৰ প্ৰয়োগ সৰহ হয় ৷
মান্য অসমীয়া ছয়গঁঞা জামবাৰীয়া
এইটো এতো এতু / এতি
সেইটো সেতো সেতু / সেতি
মানুহজন মানুহতো মানহ্তু
গছজোপা গাছডাল গাছডাইল
সাপডাল সাপখুৰ সাপখৰ্
মাংসটুকুৰা মাংসডখৰা মাংসডখৰ্
জামবাৰীৰ ভাষাত 'অপিনিহিত'ৰ ব্যৱহাৰ সুকীয়া ৷ অপিনিহিত'ৰ অৰ্থ হ'ল পূৰ্বে স্থাপন ৷ অপিনিহিত'ত ই বা উ স্বৰক পূৰ্বে স্থাপন কৰা হয় ৷ যেনে:-
মান্য অসমীয়া ছয়গঁঞা জামবাৰীয়া
হৈছে হোচি হৈছি
কুঁহিয়াৰ কুঁহাৰ কুঁইহাৰ
ডাউকী ডাউক ডাক
আপইতা আপান্তা আপুনতিয়া
বিশিষ্ট ব্যঞ্জন ধ্বনি 'ঙ' ৰ উচ্চাৰণ ছয়গঁঞা স্থানীয় ৰূপত - ৱ, -ন, -হ আদিৰ ৰূপত পৰিৱৰ্তিত হয় ৷ জামবাৰীৰ স্থানীয় ৰূপত 'ঙ' ক বিশিষ্ট ব্যঞ্জন ধ্বনি বহুল ব্যৱহাৰ হয় ৷ ছয়গঁঞাত 'ৱ' অৰ্ধস্বৰ হয় ৷
মান্য অসমীয়া ছয়গঁঞা জামবাৰীয়া
বেঙা বেৱা বেঙা
টেঙা তেৱা টেঙা
ৰঙা ৰাৱা ৰাঙা
ভাঙ্ ভান ভাঙ্
মাংস মাৱস্ মাঙখ
জোঙা জুনা জঙা
-------------------------
আগলৈ..........
দীপাংকৰ ঠাকুৰীয়া
গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ
গৱেষণাৰ বিষয়- লোকসংস্কৃতি
2 Comments
খুব ভাল লাগিল লিখনিটো পঢ়ি, দুই এটা বানান আৰু অসৱধানতাৰ বাবে হোৱা ভুল আছে, শুধৰালে ভাল লাগিব।
ReplyDeleteবানানৰ বহু ভুল আছে।যুক্তাক্ষৰবোৰ সঠিক হোৱা নাই । সম্পাদকে যে এবাৰো প্ৰুফ চোৱা নাই এয়া নিশ্চিত। ৰেখাচিত্ৰ বুলি কৈ কোনো ৰেখাচিত্ৰ ইয়াত সংযোগ কৰা নহ'ল। ইমান ওপৰে ওপৰে কাম কৰিলে আলোচনীখনৰ মৰ্যদা কেনেকৈ ৰক্ষা হব?
Delete