header ads

প্ৰৱন্ধ

 --অসমৰ নৱবৈষ্ণৱ সাহিত্যত শংকৰদেৱৰ অৱদান-



" শংকৰ-প্ৰতিভা বাদ দিলে অসমীয়া ভাষা-সাহিত্য , শিল্প-কলা নালাগে, অসমীয়া জাতিটোৰেই জঁকা ওলাই পৰিব ।" ( নীলমণি ফুকন)

      ১৪৪৯ খৃষ্টাব্দত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয় । এইজনা মহান পুৰুষে মহেন্দ্ৰ কন্দলিৰ টোলত পঢ়ি থকা বয়সতেই ভকতিৰ চাৰিখুঁটি মাৰি 'হৰিশ্চন্দ্ৰ উপাখ্যান' পুথিখন ৰচনা কৰিছিল বুলি কোৱা হয়। অসমীয়া সাহিত্য-সংস্কৃতিলৈ তেওঁৰ অনবদ্য অৱদান উল্লেখযোগ্য । বিভিন্ন তীৰ্থস্থানবোৰত ঘূৰি-ফুৰি বিভিন্নজন সন্ত-মহন্তক, বিশেষকৈ নৱ-বৈষ্ণৱ বা ভক্তি-ধৰ্ম প্ৰৱৰ্তক , প্ৰচাৰক আদিক লগ পাইছিল ; তেওঁলোকৰ লগত ধৰ্ম-দৰ্শন, ৰীতি-নীতি,আচাৰ-ব্যৱহাৰ আদিৰ বিষয়ে বিতংকৈ আলোচনা‌ কৰিবলৈ তেওঁ সুবিধা পাইছিল।


     শংকৰদেৱে খ্ৰীষ্টীয় পঞ্চদশ আৰু খ্ৰীষ্টীয় ষোড়শ শতিকাৰ ভিতৰত সৌমাৰ কামৰূপ আৰু কমতাত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰে । ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে তেওঁ গীত, কাব্য,নাট, গ্ৰন্থ অনুবাদ, ভক্তিমূলক গ্ৰন্থ আদি ৰচনা কৰে । লগতে গীত,পদ্য ,নাট, অভিনয় আদিও প্ৰৱৰ্তন কৰে। তেওঁৰ সাহিত্য-কৃতিয়ে জনসাধাৰণৰ ওপৰত গভীৰভাবে ৰেখাপাত কৰে । এই প্ৰসংগত শংকৰদেৱক বিশেষভাৱে সহায় কৰে মাধৱদেৱ, অনন্ত কন্দলি,ৰাম-সৰস্বতী, ৰত্নাকৰ কন্দলি আদি কবিসকলে। শংকৰদেৱৰ নেতৃত্বত বিকশিত হৈ উঠা সাহিত্যক ' অসমৰ জাতীয় সাহিত্য ' আখ্যা দিব পাৰি। সেয়েহে, আজিও নৱবৈষ্ণৱ সাহিত্যৰ সামাজিক প্ৰভাৱ কমি যোৱা নাই ।


নৱবৈষ্ণৱ সাহিত্যৰ বিকাশত যিদৰে ভক্তি মাৰ্গৰ
গভীৰ প্ৰভাৱ অস্বীকাৰ কৰাৰ উপায় নাই, তদ্ৰুপ তেওঁৰ পূৰ্বৱৰ্তী কবিসকলৰ প্ৰভাৱো নুই কৰিব নোৱাৰি। শংকৰদেৱে নিজেই মাধৱ কন্দলি আদি কবিসকলৰ প্ৰভাৱৰ কথা স্বীকাৰ কৰি গৈছে ।  শংকৰী যুগৰ অসমীয়া সাহিত্য ৰচিত হৈছিল নৱবৈষ্ণৱ ধৰ্ম বা ভক্তি ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে। ইয়াৰ উপৰিও কৃষ্ণ ভক্তি প্ৰচাৰ কৰিবলৈ ভাওনাৰ ‌সৃষ্টি কৰিছিল আৰু তেতিয়াৰ পৰাই অসমত অসমীয়া ভাওনাৰ পৰম্পৰা আৰম্ভ হয় ।


     খ্ৰীষ্টীয় ষোড়শ শতিকাৰ প্ৰায় দ্বিতীয় দশকৰ পৰা ইষ্ট -কুটুম্ব , বন্ধু-বৰ্গ , পৰিয়াল সহিতে শংকৰদেৱে
ব্ৰহ্মপুত্ৰ পাৰ হৈ আহোম ৰাজ্যৰ উত্তৰ পাৰে থাকিবলৈ লয় । কিন্তু আহোম ৰজাৰ সৈতে শংকৰদেৱৰ সম্পৰ্ক বেয়া হৈ আহিবলৈ ধৰাত আহোম ৰাজ্য পৰিত্যাগ কৰি  ভূঞাসকলৰ সৈতে তেওঁ কোচ ৰাজ্যৰ পাটবাউসীত থাকিবলৈ লয় আৰু নিগাজিকৈ  তাতে সত্ৰ স্থাপন কৰে। পাটবাউসী সত্ৰৰ পৰাই ছকুৰি শিষ্যৰ সৈতে শংকৰদেৱে দ্বিতীয়বাৰৰ বাবে তীৰ্থভ্ৰমণ কৰিবলৈ যায়। ইয়াৰ পিছতেই চিলাৰায় দেৱানৰ বিশেষ‌ উদ্যোগত তেওঁ মহাৰজা নৰনাৰায়ণৰ ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰে আৰু  শংকৰদেৱে এই সময়তে বিবিধ মহৎ গ্ৰন্থ ৰচনা কৰে, বিভিন্ন গ্ৰন্থ অনুবাদ কৰাৰ লগতে বিভিন্ন গীত , ভটিমা আদিও ৰচনা কৰে।

 

শংকৰদেৱে অসমীয়া সাহিত্যলৈ বৰঙণি যোগোৱা উল্লেখনীয় ৰচনাৱলী সমূহ হ'ল :


কাব্য ------ হৰিচন্দ্ৰ উপাখ্যান,  অমৃত মন্থন, ৰুক্মিণী-হৰণ,অজামিল উপাখ্যান ,বলিছলন , কুৰুক্ষেত্ৰ,
 গজেন্দ্ৰ-উপাখ্যান, গোপী-উদ্ধৱ সংবাদ , কৃষ্ণ প্ৰয়াণ-পাণ্ডব  নিবাৰণ ।

ভক্তিতত্ব প্ৰকাশ ‌ গ্ৰন্থ ------- ভক্তি প্ৰদীপ , ভক্তি ৰত্নাকৰ , নিমিনৱ সিদ্ধ সংবাদ ,অনাদি -পাতন ।

অনুবাদ মূলক ------- ভাগৱত (প্ৰথম , দ্বিতীয়, অষ্টম,দশম, একাদশ, দ্বাদশ খণ্ড ), ৰামায়ণৰ
উত্তৰা কাণ্ড ।

অঙ্কীয়া নাট ------- পত্নী প্ৰসাদ, কালিয়দমন, কেলিগোপাল, পাৰিজাত হৰণ, ৰুক্মিণী হৰণ,
ৰাম বিজয়।

গীত -------- ১/বৰগীত (২৩৪টা বৰগীতৰ ৩৫ টাহে পোৱা যায় )

  ২/ভটিমা ----------দেৱ ভটিমা , নাট ভটিমা, ৰাজ ভটিমা

  ৩/টোটয়

৪/ চপয়

নাম -প্ৰসংগৰ গ্ৰন্থ ----------- কীৰ্তন , গুণমালা।


   " মহাপুৰুষ  শংকৰদেৱৰ কথা কৈ ওৰ পেলাব নোৱাৰি । তেনে চেষ্টাক মহাপুৰুষৰ ভাষাৰে ক'বলৈ গ'লে- ভুৰুকাত হাতী সুমুৱাৰ নিচিনা । আজি পাঁচশ বছৰ ধৰি গুণজ্ঞ অসমীয়া ৰাইজে মহাপুৰুষৰ গৌৰৱ-কীৰ্তন কৰি আহিছে । অসমীয়া কৃষ্টি-সভ্যতা, ভক্তি মাৰ্গ সম্পৰ্কে যিপিনে চকু ফুৰাওঁ, সিপিনেই মহাপুৰুষৰ অৱদান দেখা পাওঁ । "  (ড° সূৰ্যকুমাৰ ভূঞা)

( উৎস: অসমীয়া সাহিত্যৰ ইতিবৃত্ত আৰু ইণ্টাৰনেট ।)




কল্পনা হালৈ
মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক
সমল কেন্দ্ৰ- দলৈতোলা
শিক্ষাখণ্ড-হাজো
কামৰূপ

Post a Comment

0 Comments