header ads

প্ৰৱন্ধ

  শঙ্কৰদেৱ চেতনা : সাম্যবাদ আৰু মানৱতাবাদৰ প্ৰসংগত



   মানৱতাৰ মূৰ্তপ্ৰকাশ, আধ্যাত্মিক চেতনাৰ নৱধাৰা নৱদ্বীপ্ত কৰি বৌদ্ধিক -সামাজিক- সাংস্কৃতিক জাগৰণৰ দ্বাৰা শুদ্ধ - সত্য জ্ঞানৰ পথ দেখুৱাই অসমৰ জাতীয় জীৱনৰ সৌধ নিৰ্মাণ কৰা মহাপুৰুষজনেই হ'ল শ্ৰীমন্ত শঙ্কৰদেৱ। মধ্যযুগীয় সমাজ ব্যৱস্থাৰ জাত-পাতৰ সংকীৰ্ণতা, ধৰ্মান্ধতা, অন্ধবিশ্বাস, কু-সংস্কাৰেৰে আৱৰি থকা সময়ছোৱাতে শঙ্কৰদেৱে বিশ্বজনীন মানৱতাবাদী আদৰ্শৰে সংস্কৃতিৰ বৰঘৰ নিৰ্মাণ কৰি ভাতৃত্ববোধৰ এনাজৰীৰে শৃংখলিত জীৱনৰ আধাৰ প্ৰতিষ্ঠা কৰিছিল । বৈদিক সনাতন ধৰ্মৰ ধাৰাটো নৱবৈষ্ণৱ আন্দোলনেৰে অসমলৈ বোৱাই আনি এক নৱজাগৰণৰ সূচনা কৰিছিল । এই ভক্তি আন্দোলন সাৰ্বজনীন, প্ৰগতিৰ বাহক আৰু মানৱীয় প্ৰমূল্যৰ ওপৰত প্ৰতিষ্ঠিত । তেওঁ প্ৰচাৰ আৰু প্ৰসাৰ কৰা এক-শৰণ হৰিনাম ধৰ্মৰ সাধন মাৰ্গ হ'ল ভক্তি । যি ভক্তি মাৰ্গত ভজন, ভোজন, ভাষা আৰু ভূষাৰ শুদ্ধতা আছে । এই ভক্তি মাৰ্গ জটিলতাৰ পৰা মুক্ত, ব্যয়বহুল নহয় আৰু আড়ম্বৰপূৰ্ণ আচাৰৰ পৰা মুক্ত । ইয়াত ভক্ত আৰু ভগৱন্তৰ সম্পৰ্ক পোনপটীয়া, য'ত উপাসক আৰু উপাস্যৰ  সংযোগকাৰী মধ্যৱৰ্ত্তীজনৰ প্ৰয়োজন নাই ।

যদ্যপি নৱবিধ ভক্তি মাধৱৰ ।
শ্ৰৱণ- কীৰ্ত্তন আতো মহা শ্ৰেষ্ঠতৰ ।। 
                                         ( ভাগৱত- ১/৩৮)
নৱবিধ ভক্তিৰ ভিতৰত শ্ৰৱন-কীৰ্ত্তনক গুৰুজনাই স্বতন্ত্ৰ স্থান দিছে । এই সাধন মাৰ্গ সহজ-সুলভ, য’ত হিংসাৰ কোনো স্থান নাই, য'ত সম অধিকাৰ আৰু সমমৰ্যদা আছে । কৃষ্ণ হৈছে একমাত্ৰ উপাস্য দেৱতা । এই ধৰ্ম কোনো বিশেষ শ্ৰেণী বা বিশেষ সম্প্ৰদায়ৰ বাবে নহয় । এনেদৰে কৃষ্ণ-সংস্কৃতিৰ মাজেৰে গুৰুজনাই 'ওৱা
নৰলোক হৰি ভজিয়োক' বুলি কৈ বিশ্বমুখী চেতনাৰে দুবাহু উৰ্দ্ধ কৰি প্ৰকৃত সাম্যবাদৰ বুনিয়াদ গঢ়িছিল।
              জনসমাজক সুস্থিৰ ধ্যান-ধাৰণাৰে সংপৃক্ত কৰিবলৈ মহাপুৰুষজনাই মাৰ্গীয় সংগীতৰ ধাৰা সৃষ্টি কৰিছে যিবিলাক বৰগীত ৰূপে পৰিচিত, ভাগৱতৰ ক্ষুদ্ৰ সংকলন- কীৰ্ত্তন ঘোষা ৰচনা কৰিছে, ভাওনাৰ জৰিয়তে কৃষ্ণ ভাৱনাৰ পথ মুকলি কৰিছে, ভাৱনা পূৰ্বক ভক্তি সাধনৰ সংস্কৃত শাস্ত্ৰ 'ভক্তি ৰত্মাকৰ' প্ৰনয়ণ কৰিছে । অনন্ত প্ৰতিভাধৰ এইজনা মহাপুৰুষে বেদান্তৰ ব্ৰহ্মক ভাগৱতৰ ভকতিৰ জৰিয়তে আৰু গীতাত শ্ৰীকৃষ্ণৰ মাধ্যমেৰে  ' নাহি ভকতিত জাতি- অজাতি বিচাৰ' বুলি কৈ আধ্যাত্মিক সাম্যবাদৰ অন্তৰ্লীন প্ৰৱাহ বোৱাই দিছিল । প্ৰকৃত মানৱীয় দৰ্শনৰ আৱিষ্কাৰ কৰি সমন্বয়মুখী চেতনাৰে সকলো জাতি- জনগোষ্ঠীক একতাৰ ডোলেৰে বান্ধি জাতীয় জীৱনৰ সৌধ নিৰ্মাণ কৰিছিল । গাৰোৰ গোবিন্দ, নগাৰ নৰোত্তম, মিকিৰৰ বলাই আতৈ, মুছলমানৰ চান্দসাই, কছাৰীৰ ৰমানন্দ, মিচিঙৰ পৰমানন্দ, বনিয়াৰ হৰিদাস, কৈৱৰ্তৰ পূৰ্ণানন্দকে আদি কৰি সকলোকে নামঘৰৰ মজিয়াত একেলগে বহুৱাই সাম্যবাদৰ উন্মেষ সাধন কৰি গৈছে । এই সম্পৰ্কত  নেতাজী সুভাষ চন্দ্ৰ বসুৱে কৈছিল- " তোমালোকে প্ৰায় প্ৰত্যেক দিনেই কলিকতাৰ 'মুনমেণ্ট'ৰ তলত মিটিং পাতি সাম্যবাদৰ বক্তৃতা দি আছা, সেইবোৰ বক্তৃতা কলিকতা মহানগৰীৰ আকাশত অন্ত:সাৰ শূণ্য শব্দ কৰি বিলীন হৈ গৈছে। যদি তোমালোকে প্ৰকৃতাৰ্থত সাম্যবাদৰ চাক্ষুষ দৰ্শন কৰিব বিচৰা তেনেহলে অসমৰ ভিতৰুৱা এখন গাঁৱলৈকে যোৱা। চোৱা অসমৰ মাটিত লাভ কৰা সাম্যবাদ আজিকোপতি কেনেদৰে বৰ্তি আছে ।"
             মহাপুৰুষ শঙ্কৰদেৱে বিজ্ঞানসন্মতভাৱে ভাৰতীয় আধ্যাত্মিক চেতনাক নৱদীপ্ত কৰি হৃদয়ৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল এনেদৰে-
                                                                               
ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল।
দাতাত চোৰত যেন দৃষ্টি এক তুল।।
নীচত সাধুত যাৰ ভৈল এক জ্ঞান ।
তাহাকেসে পণ্ডিত বুলিয় সৰ্বজন।।           
                                                  (কীৰ্ত্তন)
সমন্বয়েই যে ধৰ্মৰ উদ্দেশ্য তাক জনমানসত প্ৰতীয়মান কৰিবলৈ সামূহিক চিন্তাৰ পৰিব্যপ্তিৰ ভাৱনাৰে সাম্য-মৈত্ৰী-সমন্বয়-সংহতিৰ বুনিয়াদ শক্তিশালী ৰূপত প্ৰকাশ কৰিছে । গুৰুজনাৰ ভাষাত- 

"ভাগৱত শাস্ত্ৰে শ্ৰদ্ধা কৰিব নিতান্ত।
নকৰিবা নিন্দা আন শাস্ত্ৰকো একান্ত ।।"
                                    (নিমি নৱসিদ্ধ সংবাদ) 

শঙ্কৰদেৱৰ আধ্যাত্মিক দৰ্শনত স্ত্ৰীসকলক ভক্তিস্বৰূপা জ্ঞান কৰা হৈছে । বৈদিক যুগত নাৰীক যি সন্মান দিয়া হৈছিল, সেই সন্মান ঘূৰাই আনিবলৈ আৰম্ভ কৰা সৰ্বভাৰতীয় আন্দোলনত অসমৰ মুখ্য প্ৰৱক্তা আছিল শ্ৰীমন্ত শঙ্কৰদেৱ । তেওঁৰ দৃষ্টিত নাৰী প্ৰতিটো ৰূপতে স্নেহময়ী, মমতাময়ী, বিশ্বাসী আৰু হিতকাৰী । গুৰুজনাই কৈছে- 

"স্ত্ৰী-শূদ্ৰে কৰৈ যদি আমাত ভকতি।
তাহাত কহিবা ইটো জ্ঞান মহামতি ।।"
                                    ( কীৰ্ত্তন  ঘোষা ২৮২৬)

          শঙ্কৰদেৱে সমাজ গঠন প্ৰক্ৰিয়াত সাধাৰণ লোকৰ অংশগ্ৰহণ নিশ্চিত কৰি গণতান্ত্ৰিক আদৰ্শ প্ৰতিষ্ঠা কৰিছে । ভাৰতবৰ্ষত গণতন্ত্ৰৰ ভেটি স্থাপন কৰা প্ৰথমজন দাৰ্শনিক হ'ল মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ । শঙ্কৰদেৱৰ এই সমাজ নিৰ্মাণ আৰু সমন্বয়মুখী যাত্ৰাত মহাপুৰুষ মাধৱদেৱৰ সংযোগে এক সুকীয়া মহত্ত্ব প্ৰদান কৰিছে । মাধৱদেৱৰ গুৰুভক্তি আৰু দাস্যভক্তি বিশ্বত অতুলনীয় । এই দুজনা পুণ্যশ্লোকে অসমৰ প্ৰতিটো নৃ-গোষ্ঠীৰ প্ৰবাহিত সত্তাক একত্ৰিত ৰূপত ভাস্বত কৰি জনগোষ্ঠীয় সমন্বয়ৰ ক্ষেত্ৰত অভিনৱ পদক্ষেপ লৈছিল । মহাপুৰুষ দুজনাৰ সাহিত্য-সংস্কৃতি, কলা-দৰ্শনৰ কেন্দ্ৰীয় প্ৰৱাহ আছিল- জীৱন আৰু সংস্কৃতি, আধ্যাত্মিকতা আৰু মানৱতা । এনে মহান চিন্তা-দৰ্শনেৰে মানৱ সম্পদ গঢ়াৰ পথ প্ৰশস্ত কৰিছিল । মানৱীয় সত্তাৰ সম্পদ আৰু সম্ভাৱনাক সমাজৰ কল্যাণৰ হকে আৱিষ্কাৰ কৰিছিল । স্বকীয় মহিমা আৰু গৰিমাৰে অসমীয়া জাতিক ৰাজহাড় পোনাই জীয়াই থাকিব পৰাকৈ বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিছে । উদাৰনৈতিক দৃষ্টিভংগীৰে নৃত্য, সংগীত, নাট, শিল্প, ভাস্কৰ্যৰ মাধ্যমেৰে জাতীয় চেতনাৰ সঞ্চাৰ কৰিছে ।
সাম্প্ৰতিক সময়ৰ প্ৰাসংগিক চিন্তা এয়ে যে- বিশ্বদৰবাৰত  প্ৰতিষ্ঠাৰ সংকল্প লোৱা অসমীয়াই শঙ্কৰদেৱৰ দৰ্শন সত্য-শুদ্ধ ৰূপত অসম মুলুকতে প্ৰতিষ্ঠা কৰাত সফল হৈছেনে ?
অতি সম্প্ৰতি এচামে অভিষ্ট সিদ্ধিৰ বাবে শঙ্কৰদেৱ চেতনাক বিকৃত কৰাৰ কাৰণে আৱেগৰ খেলত নিমজ্জিত হোৱা নাইনে ?
জীৱিকা আৰু মান ৰক্ষাৰ বাবে একাংশই গুৰুজনাৰ সাম্যবাদী চিন্তা-চেতনা পদদলিত কৰা কাৰ্য কৰি থকা নাইনে ?

এনে প্ৰেক্ষাপটত আধুনিক দৃষ্টিভংগীৰে বিজ্ঞানসন্মতভাৱে প্ৰণালীবদ্ধ প্ৰক্ৰিয়াৰে শঙ্কৰদেৱ চৰ্চাৰ মূল্যাংকন কৰিব লাগিব । আমাক আধ্যাত্মিক পৰিৱেশ লাগে- য'ত আনন্দ থাকে, উত্তেজনা নাথাকে । মমতাৰ ভিত্তিত সমতাৰ এখন সমাজ লাগে । এই কথা নিশ্চিত যে- শঙ্কৰী আদৰ্শৰ জীৱন্ত ধাৰাক সঠিক ৰূপত আগবঢ়াই নিব পাৰিলেহে বিশ্বৰ বুকুত আমাৰ স্বাভিমান সুদৃঢ় হ'ব । শঙ্কৰদেৱ চেতনাৰ নিৰ্মোহ বিশ্লেষণৰ দ্বাৰাহে সুস্থ-সবল, প্ৰগতিশীল আৰু সমন্বয়মুখী অসমীয়া জাতি গঠন সম্ভৱপৰ হ'ব ।

সহায়ক গ্ৰন্থপঞ্জী:
১। ময়ুৰ বৰা, ব্ৰাহ্মণ্যবাদৰ ক'লীয়া ডাৱৰ আৰু অসম, আঁক-বাক, গুৱাহাটী-১, ২০১৩
২। কৈলাশ দাস আৰু জীৱকান্ত নাথ, শঙ্কৰদেৱ চৰ্চা: বিদ্বেষ আৰু বিভ্ৰান্তি, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, ২০১০
৩। ভকতি নিজৰা, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭১ সংখ্যক আৰ্বিভাৱ মহোৎসৱ, তলিয়া, ২০১৯

হীৰেণ কুমাৰ দাস 

Post a Comment

0 Comments