header ads

কবিতা

 -স্বাধীনতা দিৱস-


 



মহামানৱ মহাত্মাৰ নেতৃত্বত দেশ হ'ল স্বাধীন,
দুশ বছৰ ব্ৰিটিছ চৰকাৰৰ হৈ আছিল অধীন ।
ব্ৰিটিছ চৰকাৰৰ বন্দুক কিম্বা ফাঁচিলৈ নকৰি ভয়,
অসহযোগ, আইন অমান্য আৰু ভাৰত- ত্যাগ কাৰ্যসূচী লয় ।


স্বাধীনতা আনিবলৈ বহুলোকে জীৱন দিলে দান,
এই স্বাধীনতা অক্ষুণ্ণ ৰাখি শ্বহীদক জনাওঁ সন্মান ।
১৯৪৭ চনৰ ১৫ আগষ্টত আমাৰ দেশ স্বাধীন হ'ল,
লক্ষ লক্ষ লোকৰ ত্যাগ-কষ্ট অথলে নগ'ল ।


ৰবীন্দ্ৰনাথৰ ৰাষ্ট্ৰীয় সংগীত পতাকাৰ তলত গাওঁ,
বংকিমচন্দ্ৰৰ 'বন্দে মাতৰম' উচ্চস্বৰে কওঁ ।
প্ৰতিবছৰে ১৫ আগষ্টত পতাকা উত্তোলন কৰোঁ,
স্বাধীনতা সংগ্ৰামী বীৰ শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰোঁ ।

 

গুৰুচৰণ মজুমদাৰ
প্ৰধান শিক্ষক
চাপাঠুৰী নিম্ন প্ৰাথমিক বিদ্যালয়
শিক্ষা খণ্ড: ৰামপুৰ
জিলা: কামৰূপ 

Post a Comment

0 Comments