header ads

শিশু দিৱস আৰু নেহৰু খুড়া । Assamese Article by Barbee Das

 ----শিশু দিৱস আৰু নেহৰু খুড়া----


         ১৮৮৯ খ্ৰীষ্টাব্দৰ ১৪ নৱেম্বৰ তাৰিখে এলাহাবাদত নেহৰু খুড়াৰ জন্ম হয় । তেখেতৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃৰ নাম স্বৰূপৰাণী নেহৰু। নেহৰু খুড়াই প্ৰাথমিক শিক্ষা নিজ বাসগৃহত ব্যক্তিগত শিক্ষকৰ সহায়ত লাভ কৰিছিল । ১৫ বছৰ বয়সত ইংলেণ্ডলৈ গৈ শিক্ষা লাভ কৰে আৰু পিছত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰে । ১৯১২ খ্ৰীষ্টাব্দত তেখেতে ভাৰতলৈ ঘূৰি আহে । ১৯১৯ খ্ৰীষ্টাব্দত নেহৰু খুড়াই ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰি ভাৰতৰ স্বাধীনতা আন্দোলনত আগভাগ লয় । ১৯৪৭ খ্ৰীষ্টাব্দৰ ১৫ আগষ্ট তাৰিখে ভাৰতবৰ্ষ স্বাধীন হয় আৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হয় জৱাহৰলাল নেহৰু । জৱাহৰলাল নেহৰুৱে শিশুসকলক বহুত ভাল পাইছিল । শিশুৰ প্ৰতি থকা মৰম আৰু যত্নৰ বাবে নেহৰু খুড়াৰ জন্মদিনটো ' শিশু দিৱস ' হিচাপে উদযাপন কৰা হয় । তেখেতে কৈছিল যে শিশুসকল হেনো বাগিচাৰ ফুলৰ কলিৰ নিচিনা ; গতিকে সিহঁতক বহুত যত্ন আৰু মৰম কৰিব লাগে । নেহৰু খুড়াই বেছিভাগ সময় শিশুসকলৰ লগতে কটাইছিল । তেখেতৰ মতে শিশুসকল দেশৰ ভৱিষ্যত । ' শিশু দিৱস ' ভাৰতৰ প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয়তে উদযাপন কৰা হয় । সেইদিনা বিদ্যালয়বোৰত বিভিন্ন প্ৰতিযোগিতা পতা হয় আৰু তাত শিশুসকলক অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হয় । ' শিশু দিৱস 'টো আমাৰ অতি মৰমৰ । ' শিশু দিৱস 'উদযাপনৰ মূল উদ্দেশ্য হ'ল প্ৰতিটো শিশুক মৰম-চেনেহ দিয়াৰ লগতে শিশুৰ শিক্ষা আৰু আন আন অধিকাৰৰ প্ৰতি গুৰুত্ব দিয়া । এই মহান নেতা , লেখক তথা আমাৰ অতি মৰমৰ নেহৰু খুড়াৰ ১৯৬৪ খ্ৰীষ্টাব্দৰ ২৭ মে' তাৰিখে মৃত্যু হয় । 


       " ভুলে কেতিয়াবা গৌৰৱ উজ্জ্বল ভৱিষ্যতক বিনাশ কৰে । "

                                                                 জৱাহৰলাল নেহৰু । 

বাৰ্বী দাস 


লেখকৰ ঠিকনা:

বাৰ্বী দাস ।

আদৰ্শ বিদ্যালয় দোকুছি ।

শিক্ষাখণ্ড- ছমৰীয়া, কামৰূপ ।

ফোন-৯৩৬৫৭-‌১১০২৮

Post a Comment

0 Comments