header ads

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস | Assamese Article by Bhaskarjyoti Talukdar

 --- ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস ---


  এগৰাকী কন্যা শিশুৱেই ভৱিষ্যতৰ এগৰাকী নাৰী । নাৰী সমাজৰ মাতৃস্বৰূপ । এখন দেশ বা সমাজৰ উন্নতি অথবা অৱনতি বহুলাংশে সেই দেশৰ নাৰীৰ প্ৰগতিৰ ওপৰত নিৰ্ভৰ কৰে । কিন্তু কালক্ৰমত নাৰীয়ে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আদি সকলো ক্ষেত্ৰতে নিজৰ মৰ্যাদা হেৰুৱাব লগীয়া হৈছে ।

  যুগ যুগ ধৰি আমাৰ সমাজৰ সকলো ক্ষেত্ৰতে নাৰীৰ পৰিৱৰ্তে পুৰুষক প্ৰাধান্য তথা অগ্ৰাধিকাৰ দিয়াৰ মানসিকতাৰ বাবে নাৰীসকলক বিভিন্ন ক্ষেত্ৰত বৰ্তমান সময়তো অৱহেলিত হিচাবে গণ্য কৰা দেখা যায় । ভাৰতীয় সমাজ ব্যৱস্থাত নাৰীৰ অধিকাৰ উলংঘণ, ভ্ৰূণ হত্যা, নাৰীৰ প্ৰতি শাৰীৰিক আৰু মানসিক নিৰ্যাতন, লিংগ বৈষম্য আদি ক্ৰমাৎ বৃদ্ধি পাই আহিছে । ফলত নাৰীসকলে নিজৰ প্ৰাপ্য সুযোগ-সুবিধাৰ পৰা বঞ্চিত হোৱাৰ লগতে বহুক্ষেত্ৰত জীয়াই থকাৰ অধিকাৰো হেৰুৱাবলগীয়া হৈছে । ভাৰতীয় সমাজত ছোৱালীসকলে সন্মুখীন হৈ অহা অসমতাৰ বিষয়ে মানুহক সজাগ কৰাৰ উদ্দেশ্যে ‘ভাৰত চৰকাৰৰ নাৰী আৰু শিশু উন্নয়ন মন্ত্ৰাণালয়ে’ ২০০৮ চনৰপৰা প্ৰত্যেক বছৰে ২৪ জানুৱাৰী  দিনটোত  ‘ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস’ৰ আয়োজন কৰি আহিছে । ‘ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস’ৰ বাবে ২৪ জানুৱাৰী তাৰিখটো নিৰ্ধাৰণ কৰাৰ কাৰণ হ’ল ১৯৬৬ চনৰ এই দিনটোতে প্ৰয়াত ইন্দিৰা গান্ধীয়ে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ।

 ‘ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস’ৰ প্ৰধান উদ্দেশ্যসমূহ হ’ল :

  (১) লিংগ বৈষম্য দূৰ কৰা ।

  (২) শিশু লিংগ অনুপাত হ্ৰাস কৰা ।

  (৩) কন্যা শিশুসকলৰ শিক্ষা, স্বাস্থ্য আৰু   পৰিপুষ্টিৰ ওপৰত জন সচেতনতা বৃদ্ধি কৰা ।

(৪) কন্যা শিশুসকলক উপযুক্ত সুৰক্ষা প্ৰদান কৰা ।

(৫) কন্যা শিশুসকলক কিছুমান কু-সংস্কাৰ আৰু সামাজিক ব্যাধি ; যেনে : বাল্য বিবাহ , যৌন নিৰ্যাতন , ঘৰুৱা হিংসা আদিৰপৰা সুৰক্ষিত কৰি ৰখা ।  

                                               প্ৰত্যেক বছৰ একোটা বিশেষ বিষয়ক ভিত্তি কৰি ‘ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস’ পালন কৰা হয় । ২০২০ চনৰ ‘ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস ’ৰ মূল বিষয়বস্তু আছিল ‘মোৰ মাত :আমাৰ সমান ভৱিষ্যত’(My Voice : Our equal future) । ২০২১ চনৰ ‘ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস’ ৰ মূল বিষয়বস্তু আছিল ‘লিংগ অনুপাত হ্ৰাস কৰা’(Declining Sex Ratio)। 

 বৰ্তমান ভাৰত চৰকাৰে কন্যা শিশুৰ শিক্ষা আৰু নিম্নগামী শিশু লিংগ অনুপাতৰ সমস্যা দূৰ কৰাত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে । শিশু লিংগ অনুপাতৰ সমস্যা সমাধানৰ উদ্দেশ্যে চৰকাৰে ২০১৫ চনৰ জানুৱাৰী মাহত ‘বেটী বচাও , বেটী পঢ়াও’ আঁচনি মুকলি কৰিছিল । এই আঁচনিয়ে শিক্ষাৰ ক্ষেত্ৰত কন্যা শিশুৰ অংশ গ্ৰহণ সুনিশ্চিত কৰাত সহায় কৰিছে । ইয়াৰ ফলত কন্যা শিশুক লৈ থকা কেতবোৰ কু-সংস্কাৰ দূৰ হোৱাত সহায় হৈছে । ইয়াৰোপৰি ভাৰত চৰকাৰে কন্যা শিশুৰ জন্মত বিভিন্ন ভাট্টা প্ৰদান কৰা , কন্যা শিশুৰ বাবে বিভিন্ন শিক্ষা বৃত্তি , স্কুলীয়া ছাত্ৰীৰ বাবে বিভিন্ন সুযোগ-সুবিধাৰ যোগান ধৰাটো প্ৰশংসনীয় ।

 কন্যা শিশুসকল হ’ল সমাজৰ এক অবিচ্ছেদ্য অংগ । বৰ্তমান ভাৰতীয় সমাজত কন্যা শিশুসকলে বিভিন্ন ক্ষেত্ৰত  সন্মুখীন হৈ  অহা অসুবিধাসমূহ দূৰ কৰিবলৈ এক সুস্থ বাতাবৰণ সৃষ্টি কৰি কন্যা শিশুসকলৰ উপযুক্ত সুৰক্ষা প্ৰদান কৰিব লাগিব । কন্যা শিশুসকলক তেওঁলোকে বহন কৰা পূৰ্ণ সম্ভাৱনীয়তা সন্দৰ্ভত সজাগ কৰি তুলি তেওঁলোকক গতানুগতিকতাৰ পৰা আঁতৰাই নতুন নতুন ভূমিকা তথা বৃত্তিত নিজকে নিয়োজিত হোৱাৰ বাবে সাহস প্ৰদান কৰিব লাগিব । এই ক্ষেত্ৰত এগৰাকী সচেতন নাগৰিক হিচাপে আমাৰ প্ৰত্যেকৰে দায়িত্ব  থকা উচিত । উপযুক্ত শিক্ষা প্ৰদানেৰে প্ৰতি গৰাকী কন্যা শিশুক একো একোগৰাকী সু-নাগৰিক ৰূপে গঢ় দিয়াৰ ক্ষেত্ৰত আমি প্ৰত্যেকেই দায়বদ্ধ হোৱাটো সময়ৰ এক আহ্বান ।

                                         .....................................


 উৎসসমূহ : 

(১) সমসাময়িক ৰাজনৈতিক বিষয়সমূহ : ৰফিক   জামান , মানস প্ৰতিম  বৰুৱা, বৰ্ণালী কলিতা  ।

(২) সমসাময়িক ৰাজনৈতিক সমস্যা : ড : প্ৰাণেশ্বৰ নাথ ।

(৩) পয়োভৰা ( মাহেকীয়া আলোচনী ) ।

   


 
লেখকৰ ঠিকনা:          

শ্ৰীভাস্কৰজ্যোতি তালুকদাৰ

মোবাইল নম্বৰ : ৮৬৩৮৮৭৪৯৭৮

তৃতীয় বৰ্গৰ কৰ্মচাৰী,

বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় ।

কামৰূপ জিলা সংমণ্ডল ,আমিনগাঁও ।

Post a Comment

0 Comments