জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতত স্বদেশপ্ৰেম
অসমৰ সাহিত্য - সংস্কৃতি জগতৰ এক উজ্জ্বল ভোটাতৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা । কবিতা, নাট, শিশু - সাহিত্য ৰচনাৰ উপৰি গীত - মাত ৰচনাৰে তেওঁ অসমক সমৃদ্ধ কৰি গৈছে । তেওঁ নিজে গীত ৰচনা কৰি সেইবোৰত সুৰাৰোপিতও কৰিছিল । তেওঁৰ গীতে কেৱল অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰাই নহয় , মানুহৰ অন্তৰতম প্ৰদেশত জোৱাৰৰো সৃষ্টি কৰিবলৈ সক্ষম হৈছিল । জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীতত প্ৰকৃতিৰ ৰূপ - সৌন্দৰ্যই ঠাই পোৱাৰ উপৰিও কিছুমান গীতত স্বদেশ প্ৰেমৰ ভাব অতি হৃদয়স্পৰ্শী হৈ প্ৰকাশ পাইছে ।
নিজৰ দেশৰ প্ৰতি থকা ভালপোৱা বা প্ৰেমেই স্বদেশপ্ৰেম । স্বদেশপ্ৰেম কেৱল অন্তৰত থাকিলেই নহ'ব দেশমাতৃৰ প্ৰয়োজনকালত সেই প্ৰেমত উদ্বুদ্ধ হৈ কৰ্মভূমিত নামি পৰাজনহে প্ৰকৃত দেশপ্ৰেমিক । জ্যোতিপ্ৰসাদ আছিল তাতকৈও উৰ্দ্ধত । তেওঁৰ অন্তৰৰ দেশপ্ৰেমৰ জ্যোতিয়ে আন হেজাৰজনৰ হৃদয় উজলাই তুলিছিল । গীতেৰে, নাটেকেৰে, কবিতাৰে জ্যোতিপ্ৰসাদে স্বদেশপ্ৰেমৰ স্ৰোত নিজৰ অন্তৰৰ পৰা জনতাৰ অন্তৰলৈ প্ৰৱাহিত কৰিছিল । বিশেষকৈ গীতবোৰৰ প্ৰভাৱ অতি ক্ষিপ্ৰ আৰু ফলপ্ৰসূ আছিল ।
ভৰপূৰ তামোলেৰে, সেউজীয়া পথাৰেৰে ওপজা গাঁওখন জিলিকি থাকে । সেই গাঁৱৰ একঠা মাটি পোৱাটো জন্মস্বত্ব । কিন্তু শতৰুৰ বাবে এমুঠি ভোকৰ ভাত, গাত এখনি কাপোৰ নোপোৱা হৈ পৰাত জ্যোতিপ্ৰসাদৰ অন্তৰত বিপ্লৱৰ অগনি দাউ-দাউকৈ জ্বলি উঠিছিল । সেয়ে নিজৰ মাটিৰ অধিকাৰ, নিজৰ ভাত, নিজৰ কাপোৰ, নিজৰ দেশ ৰখাবলৈ তেওঁ গাঁৱৰ ডেকা-ডেকেৰীৰ অন্তৰতো বিপ্লৱ আনিবলৈ গানৰ মাধ্যমেৰে কৈছে,
"কালৰ মূৰ্তি ধৰি
শতৰু মূৰত
আকাশৰ সৰগ পেলাওঁ ।"
ভাৰতবৰ্ষত বিয়পি পৰা যুঁজৰ অগনি শিখা দেখিও টোপনি মাৰি থকা অসমীয়াৰ দুৰ্ভাগ্যক তেওঁ ধিক্কাৰ দিছিল । তেওঁ মুক্তকণ্ঠে আহ্বান জনাইছিল ―
"কোন ক'ত আছ আহ অ' সমনীয়া
তই সমুখত হ থিয়
মাতৃপূজাৰ ভাগ লবলৈ
দেৰি কৰ কিয় ?"
দেশমাতৃৰ পূজাত ভাগ লবলৈ তেওঁ অসমীয়াক জগাইছিল ―
"জননীৰ সন্তান জাগা
জাগা শক্তিমান জাগা মুক্তিপ্ৰাণ
মৃত্যু গছকি আনা জয় জিনি
কৰি দুৰ্জয় অভিযান ।"
সুপ্ত প্ৰাণক উজ্জীৱিত কৰিবলৈ তেওঁ লিখিছিল ―
"শক্তি গায়ত্ৰী মনত পেলোৱা
হ'বা দুৰ্নিবাৰ
তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্পমান
অ' মোৰ আপোন পাহৰা দুৰ্মদ বীৰ
অজেয় নজোৱান ।"
অসমীয়াৰ অন্তৰ্নিহিত শক্তিক জাগ্ৰত কৰিবলৈ জ্যোতিপ্ৰসাদে বাৰে বাৰে গীতেৰে কৈছিল ―
"কিয় পাহৰিলি বিজয়ী বাহুৰ বল
তোৰ অস্ত্ৰ কেনিনো গ'ল ?
অস্ত্ৰ বিচাৰি ল তই অস্ত্ৰ বিচাৰি ল ।
এন্ধাৰত তই থাকিবি কিয়নো
জগত পোহৰ হ'ল ।"
লুইতৰ পাৰৰ ডেকাক তেওঁ বিপ্লৱৰ মন্ত্ৰ দিছিল ―
"লুইতৰ পাৰৰে আমি ডেকা ল'ৰা
মৰিবলৈ ভয় নাই",
আমি আগে বাঢ়ি
ডিঙি পাতি পাতি
তেজেৰে বলিশাল
যামে বোলাই ।"
জীৱন - যৌৱন পণ কৰি দেশমাতৃক উদ্ধাৰ কৰিবলৈ তেওঁ ডেকাসকলৰ মন শিলেৰে বান্ধিবলৈ কৈছিল ―
"স্বাধীনতা ধন
নতুবা মৰণ
লোহাৰে শিলেৰে
বান্ধি ল' মন ।
বজ্ৰকণ্ঠে বিশ্বক শুনা
সত্যৰ জয়গান
বুকুৰ তেজেৰে ধুই দে আজি
ভাৰতৰ অপমান
সাজু হ, সাজু হ, নৱ জোৱান ।"
বিপ্লৱী ভাষাৰে তেওঁ অসমীয়াক বিশ্ববিজয়ী হবলৈ উৎসাহিত কৰিছিল । ডেকাসকলক ' নৱ জোৱান ' বুলি কৈ সংগ্ৰামত জপিয়াই পৰিবলৈ সঘনাই প্ৰেৰণাদায়ক গীত ৰচিছিল । তেওঁ ৰচনা কৰা এটা বিখ্যাত গীত হ'ল ―
" বিশ্ববিজয়ী নৱজোৱান
বিশ্ববিজয়ী নৱজোৱান
শক্তিশালী ভাৰতৰ
ওলাই আহা ওলাই আহা
সন্তান তুমি বিপ্লৱৰ ।
সমুখ সমৰ ভয় নকৰিবি
মুক্তি যুঁজাৰু হুঁচিয়াৰ
মৃত্যু বিজয় কৰিব লাগিব
স্বাধীনতাৰ খুলি দুৱাৰ । "
ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে যিবোৰ স্বদেশপ্ৰেমমূলক গীত লিখিছিল, সেইবোৰৰ ভাষা আছিল শক্তিশালী । মানুহৰ অন্তৰক প্ৰত্যক্ষভাৱে স্পৰ্শ কৰিব পৰাকৈ সেই গীতবোৰৰ সুৰো আছিল সুকীয়া । সেইবাবেই জ্যোতিপ্ৰসাদৰ সেই বিপ্লৱী গীতবোৰ চিৰদিন অসমীয়াৰ প্ৰাণত থাকিব ।
দীপাঞ্জলি দেৱী
সহ: শিক্ষয়িত্ৰী,
২নং ভোমোলাহাটী প্ৰাথমিক বিদ্যালয় ।
শিক্ষাখণ্ড- কৰৰা ।
0 Comments