header ads

'জ্ঞানম্' - জ্ঞানৰ বটবৃক্ষ হৈ ৰওঁক । Assamese Article by Hemen Chandra Hazarika

' জ্ঞানম্' - জ্ঞানৰ বটবৃক্ষ হৈ ৰওঁক 

       প্ৰয়াত জনতাৰ ৰাষ্ট্ৰপতি ড৹ এ পি জে আব্দুল কালামৰ মিছন ২০২০ বৰ্ষৰ কোনো এটি শুভ দিনত এগৰাকী চিনাকি মননশীল ব্যক্তিত্বৰ অধিকাৰিণী বাইদেউৰ পৰা এটা সৌভাগ্যবান মোবাইল ক'ল, কিন্তু মোৰ বাবে দূৰ্ভাগ্য যে মই প্ৰথমতে তাক গ্ৰহণ কৰিবলৈ সমৰ্থ হোৱা নাছিলোঁ । 

       পিছত পুনৰবাৰ মোৰ দুৰ্ভাষ যন্ত্ৰটোৰ পৰ্দাত স্পষ্ট ৰূপত নামটো জিলিকি উঠি যন্ত্ৰটোৱে প্ৰাণ পাই উঠিছিল । এটা সৃষ্টিশীল মনৰ অধিকাৰিণী , যিয়ে আনকো সেই কামত জড়িত কৰাবলৈ দুৰ্বাৰ আকাঙ্খা মনত পুহি ৰাখে । তেখেতে কৈছিল জ্ঞানমৰ জন্মৰ আঁৰৰ আদি কথা ; লগতে দাবী কৰিছিল এটা লেখা দিবলৈ । মোৰ দৰে এজন অকিঞ্চন লেখকে জ্ঞানমৰ দৰে আলোচনীলৈ লেখা দিব পৰাকৈ নিজকে যোগ্য কৰি তুলিব পাৰিছোঁ জানো ? অন্তৰত সাহস গোটাই আৰু আত্মবিশ্বাস ৰাখি ' গুৰু প্ৰণামো তোমাক ' শিৰোনামৰে কবিতা এটা পঠিয়াই দিলোঁ । মোক আচৰিত কৰি নিৰ্দিষ্ট সময়ত মোৰ লেখাটো বুকুত সামৰি জ্ঞানমৰ প্ৰস্তাৱনা সংখ্যাত প্ৰকাশ হৈ ওলায় । আনন্দৰে ভৰি পৰিল মনটো । মনতে ভাবিলোঁ লেখক হ'ব পাৰিছোঁ তেন্তে !!

 জ্ঞানম্ এতিয়া সেউজীয়া দুপৰীয়া হৈছে সূৰুযৰ তাপ আৰু পোহৰত ঠিয় হৈছে আকাশ ধিয়াই । ছাত্ৰাৱস্থাতে পঢ়া ইংৰাজী কবিতা এটালৈ মনত পৰিল । তাৰে এটা খণ্ড- 

            In the heart of a seed 

          Buried deep so deep 

          a dear little plant 

          lay fast as sleep . 

          পুনশ্চ: 

          Little drops of water 

          and little grains of sand 

          Makes a mighty ocean 

          and pleasent land . 

          ' এটোপ এটোপ কৰি 

            ডাৱৰৰ পানী পৰি  

            ভৰি গ'ল বহল সাগৰ 

            কণ কণ বালিচাহী  

             ইটে-সিতে লগ লাগি 

             সাজি দিলে ধৰণী ডাঙৰ  ।।' 

             ঠিক তেনে এক লক্ষ্য আৰু আদৰ্শ আগত লৈ শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ বৌদ্ধিক চিন্তাৰ খোৰাক যোগাবৰ বাবে সাহিত্যৰ পথাৰত নৱতম সংযোজন ঘটিল জ্ঞানম্ ই-আলোচনীখনৰ । 

              নামেই যাৰ পৰিচয় । যাৰ শিৰ বহু অভিজ্ঞ ব্যক্তিৰ বিশেষ আশীৰ্বাদেৰে পুষ্ট হৈছে, তাৰ অৱশ্যেই ভৱিষ্যত সমুজ্বল হ'বই । এনেদৰেই জ্ঞানম্ আগবাঢ়িল । ইয়াৰ মাজতে সংযোগ ঘটিল ইয়াৰ সম্পাদিকা গৰাকীৰ সতে । যিয়ে নিজৰ চৰকাৰী ব্যস্ততা অতি নিষ্ঠা সহকাৰে পালন কৰিও, নিজৰ মূল্যবান সময় খৰচ কৰিও জ্ঞানমৰ দৰে আলোচনীখন সম্পাদনা কৰিছে । দৰাচলতে অতি ব্যস্ত জনেহে কাম কৰিব পাৰে । এগৰাকী ইংৰাজ লেখকে কৈছিল যদি তুমি কিবা এটা কাম নিষ্ঠা একাগ্ৰতা আৰু নিয়াৰিকৈ সমাপন কৰিব খুজিছা তেতিয়াহ'লে এজন ব্যস্ত মানুহৰ সন্ধান কৰা । যাৰ হাতত অফুৰন্ত সময় আছে তেওঁ কোনো কামেই সময়ত সমাপন কৰিব নোৱাৰে । তেনে গুণৰ অধিকাৰীণী এগৰাকী সম্পাদিকা ; লগতে সমগ্ৰ দলটো কৰ্মদক্ষ আৰু অভিজ্ঞ । তাৰ বাবেই জ্ঞানম্ ৰ এই বৌদ্ধিক গতি । 

            এনেবোৰ বৌদ্ধিক গুণসম্পন্ন  সংগ লাভ কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ । আমি যেন আপোন হৈ পৰিছোঁ । প্ৰতিটো সংখ্যাৰ বাবে লেখা দিবলৈ দাবী । এই দাবীয়ে মোক অনুপ্ৰাণিত কৰিছে কলম ধৰি ৰাখিবলৈ । 

            জ্ঞানম্  অদূৰ ভৱিষ্যতে এখন অপ্ৰতিদণ্ডী অপ্ৰতিৰোধ্য ই-আলোচনী হ'ব তাৰ চানেকি ইতিমধ্যে প্ৰকাশ পাইছে । লেখাসমূহৰো এটা মৰ্যাদা আছে । আমাকো তাৰ সমভাগী হোৱাৰ সুযোগ দিয়াৰ বাবে কৃতজ্ঞ । জ্ঞানম্ সদায়েই জ্ঞানৰ বট বৃক্ষ হৈ ৰওঁক । তাৰ ছাঁত জিৰাবলৈ আগ্ৰহেৰে বাট চাই থকা সমূহকে আকোঁৱালি লওঁক । 

           জ্ঞানম্ শৈক্ষিক গোট, কামৰূপ আৰু সমগ্ৰ শিক্ষা কামৰূপ এতিয়া এটা যুগান্তকাৰী নাম । য'ত কামৰূপ জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া , লগতে নানান বৌদ্ধিক জ্ঞান আৰু অভিজ্ঞতাৰে পুষ্ট সমল ব্যক্তিয়ে নিৰন্তৰ এচাম পোহৰ উন্মুখ ভৱিষ্যত পুৰুষৰ জ্ঞান অন্বেষণৰ কমাৰশালত নিয়োজিত কৰ্মোদ্যমী কৰ্মীৰ সমন্বিত প্ৰচেষ্টাত জন্ম দিছে এখন ই-আলোচনী , যাৰ নাম 'জ্ঞানম্'  । 

           নামেই যাৰ পৰিচয় । এই সকল ব্যক্তিৰ অভিজ্ঞতাপুষ্ট আশীৰ্বাদ যাৰ লগত আছে সেয়া বেয়া হ'ব পাৰে জানো ?  এয়া শুভ কাম । শুভ কামত ব্ৰতী হোৱাটোৱেই শুভ কামৰ সাৰ্থকতা ।

          এয়া জ্ঞান অন্বেষণৰ কাম । মগজুৰ কছৰৎৰ কাম । মগজুৰ কছৰৎৰ ফলত আমাৰ চিন্তা শক্তি বাঢ়িব । 

         আমি চিন্তা কৰিবলৈ শিকিম । জ্ঞানম্ চিন্তা-চৰ্চা কৰাৰ এক প্লেটফৰ্ম । সেই প্লেটফৰ্মত আমাৰো উঠিবলৈ মন যায় । আহক গুৰুসকল , আমি চিন্তা কৰিবলৈ লওঁ। কাৰণ প্ৰতিজন ব্যক্তিৰ অভ্যন্তৰত অন্য এজন ব্যক্তি সুপ্ত অৱস্থাত লুকাই থাকে । 

         যেনেদৰে   ln the heart of seed..... এটা গুটিৰ অভ্যন্তৰত এজোপা সম্ভাৱনাময় ফলে ফুলে , জাতিষ্কাৰ হোৱা গছ লুকাই থাকে, ঠিক তেনেদৰে আপোনাৰ ভিতৰত থকা জনক উলিয়াই আনক । 

         জন্মতে জ্ঞানম্ এখন দুমহীয়া ই-আলোচনী আছিল আৰু এতিয়া তিনিমহীয়া হৈছে । ইতিমধ্যে জ্ঞানম্ ৰ ৭(সাত) টা সংখ্যা প্ৰকাশ পাইছে আৰু অষ্টম সংখ্যাটো প্ৰকাশৰ পথত ।  

         আপোনাৰ দীঘলীয়া অভিজ্ঞতাৰে , আপুনি দেখি থকা , শুনি থকা কথাখিনিকে আপোনাৰ চিন্তাৰে , আপোনাৰ ভাষাৰে শব্দৰে লিখক । তেতিয়া দেখিব সি হৈছে এটা নিটোল কবিতা, গল্প, প্ৰৱন্ধ বা আন আন কিবা । তেনে এখন ঠাইত যেতিয়া আপোনাৰ নামটো লেখাটোৰ সৈতে প্ৰকাশ হৈ ওলাব তেতিয়া আনন্দৰে ভৰি পৰিব মন । তেতিয়া আপোনাৰ নিচা লাগিব, আপুনি নিচাত ডুবিব । সেই নিচা অধ্যয়নৰ নিচা, এই নিচাই আপোনাক ভাবিবলৈ ,চিন্তা কৰিবলৈ শিকাব । এইবাৰ এই নিচা লাগিলে আপুনি বেলেগ এজন হৈ জন্ম পাব । আপুনি লিখক, লিখাওক । এইখন এখন বেলেগ জগত । 

       আপুনি চিন্তা কৰিবলৈ সময় উলিয়াই লওঁক । 

 ই হ'ল শক্তিৰ উৎস । ইয়াৰ জৰিয়তে আপোনাৰ পেনোৰামা দৰ্শন হ'ব । বহুতৰ মাজত আপুনি বেলেগ হওঁক । সময়বোৰ কেতিয়াও একেদৰে নাথাকে । একোৱেই নাথাকে একেদৰে । সুখো স্থায়ীভাৱে নাথাকে,দুখো । 

       কি ঠিক আপোনাৰ মাজত লুকাই থকা প্ৰতিভা ওলাই আহিবলৈ অপেক্ষা কৰি আছে । জ্ঞানম্ আপোনাৰ বাবে সেই আধাৰ হ'ব পাৰে । মাত্ৰ আপুনি সেই সুযোগ গ্ৰহণ কৰক আৰু আপোনাৰ বন্ধু মহলকো সেই শুভ বাৰ্তাটো দিয়ক । কাৰণ লেখক/লেখিকা নাথাকিলে আলোচনী এখন বৰ্তি থাকিব জানো ? লেখক, পঢ়ক,পঢ়ুৱাওক আৰু আলোচনীখন জীয়াই ৰখাত অৰিহণা যোগাওক । এখন আলোচনীৰ প্ৰকাশৰ আঁৰত বহু বেদনা, কষ্ট, চিন্তা-চৰ্চা আদি লুকাই থাকে । ইয়াৰ উদ্দেশ্য থাকে । ইয়াৰ লগত জড়িতসকলে আনৰ বাবে চিন্তা কৰে । আমাক সকলোকে অন্য এখন জগতৰ সৈতে চিনাকি কৰি দিবলৈ কৰা নিৰলস প্ৰয়াসৰ বাবে বন্ধুসকল এই মহান কামত নিজকে জড়িত কৰাবলৈ এবাৰ মন নাযায়নে ? আহক, আমিও ইয়াৰ লগত জড়িত হৈ শুভ কামৰ অংশীদাৰ হওঁ । আলোচনীখনৰ এটা শুভ ফলাফলে আমাকো গৌৰৱান্বিত নকৰিবনে ? 

জ্ঞানম্ ৰ লগত জড়িত প‌্ৰতিগৰাকী গুণীলৈ সশ্ৰদ্ধ

প্ৰণিপাত । জ্ঞানম্ জিন্দাবাদ  ।। 

লেখকৰ ঠিকনা:

হেমেন চন্দ্ৰ হাজৰিকা

 সহঃ শিক্ষক,

বিৰোগাঁও মজলীয়া বিদ্যালয়

 শিক্ষাখণ্ড- ৰামপুৰ, কামৰূপ  ।

  ৯৮৬৪৪৪০২২১

Post a Comment

0 Comments