কাব্যঋষিলৈ অভিনন্দন---
" মই আজিয়েই কৈ থ'লোঁ , অসমে পৰৱৰ্তী জ্ঞানপীঠ বঁটাটো কবিতাৰ কাৰণে পাব " , -------২০০১ চনতে কোৱা জ্ঞানপীঠ বঁটা বিজয়ী মামনি ৰয়ছম গোস্বামীৰ কথাষাৰ সত্যপ্ৰমাণিত কৰি কাব্য ঋষিয়ে অসমক উপহাৰ দিলে চিৰআকাংক্ষিত সাহিত্য জগতৰ সেই শ্ৰেষ্ঠ উপহাৰ । তৃতীয়গৰাকী অসমীয়া সাহিত্যিক হিচাপে দেশৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটাৰে বিভূষিত হ'ল অসমীয়া কাব্য-সাহিত্যৰ এগৰাকী কিম্বদন্তি পুৰুষ , লোককলা , চিত্ৰশিল্প আৰু ভাস্কৰ্যৰ বৰেণ্য সমালোচক , গোলাপী জামুৰ কবি নীলমণি ফুকন । ১৯৫০ চনৰ পৰাই নিৰলসভাৱে কাব্যচৰ্চা কৰি অহা কাব্যঋষি নীলমণি ফুকনে এইদৰেই আকৌ দেশৰ সাহিত্য জগতত উৰুৱালে সুৱদী সুৰীয়া অসমীয়া ভাষা আৰু অসমীয়া সাহিত্যৰ বিজয় পতাকা ।
অসমীয়া কাব্য সাহিত্যক এক অনন্য মাত্ৰা প্ৰদান কৰা নীলমণি ফুকনৰ জন্ম হৈছিল ১৯৩৩ চনৰ ১০ ছেপ্টেম্বৰত উজনি অসমৰ দেৰগাঁৱত । ১৯৫০ চনৰ পৰা কবিতা লিখিবলৈ লোৱা নীলমণি ফুকনে অসমীয়া কবিতাত প্ৰতীকীবাদ আৰু চিত্ৰকল্পবাদৰ প্ৰভাৱ পেলায় । সমালোচকৰ মতে নীলমণি ফুকনে অসমীয়া কবিতালৈ এক মেদহীন ব্যঞ্জনাৱহ , চিত্ৰকল্পধৰ্মী ভাষা লৈ আহিছিল আৰু ইয়াৰ চমকপ্ৰদ নতুনত্বই নতুন কবিসকলকো অনুপ্ৰাণিত কৰিছিল । কাব্যচৰ্চাৰ সমান্তৰালভাৱে তেওঁ লোককলা , চিত্ৰশিল্প আৰু ভাস্কৰ-চৰ্চা কৰিবলৈ লৈছিল । শিল্পকলাৰ সমালোচনাৰ পৰম্পৰা নথকা অসমীয়া ভাষাত নীলমণি ফুকনেই প্ৰথমে একান্ত মনোযোগেৰে সমালোচনাৰ ধাৰা এটা প্ৰৱৰ্তন কৰিছিল । চিত্ৰশিল্প আৰু ভাস্কৰ্যৰ ৰসজ্ঞান আৰু তত্বজ্ঞানে তেওঁৰ কবিতাকো এটা ডাঙৰ আয়তন দিছে । যদিও নীলমণি ফুকনৰ কবিতাত ৰোমাণ্টিকতাৰ চাপ দেখিবলৈ পোৱা যায় , তেওঁ কিন্তু ৰোমাণ্টিকতাৰে বাট বুলা এগৰাকী আধুনিক কবিহে । ৰোমাণ্টিকতাৰ আৱেগবিহ্বলতাৰ পৰা ওলাই আহি এক স্বকীয় চিন্তাধাৰাৰে কবি নীলমণি ফুকনে আধুনিক অসমীয়া কবিতাক এক অন্য মাত্ৰা, অন্য এক গতি প্ৰদান কৰিছে ।
নীলমণি ফুকনে কবিতাক ' অন্তৰৰ বস্তু ' বুলি অনুভৱ কৰে । ভবানন্দ দত্তই এবাৰ কবি নৱকান্ত বৰুৱালৈ কিতাপ এখন উপহাৰ দিওঁতে লিখিছিল , ' from head to heart ' । অৰ্থাৎ ' এজন বুদ্ধিজীৱীৰ পৰা এজন কবিলৈ '। কবিয়ে যদিও শব্দেৰে কবিতা লিখে , তথাপি শব্দ বা বচনৰ সিপাৰে থকা জগতখনত প্ৰৱেশ কৰিবলৈ তেওঁৰ আকুল আহ্বান থাকে । নীৰৱতাৰ শব্দই যেন কবিক অহৰহ মাতি থাকে । সেয়ে নীলমণি ফুকনৰ দৰে অতি উচ্চ পৰ্যায়ৰ কবিয়েও নিজকে ক'ৰবাত আধৰুৱা যেন অনুভৱ কৰে । সেই চুড়ান্ত কবিতাটো যেন তেওঁ আজিও লিখিব পৰা নাই , তেনেকুৱা অনুভৱ কৰে ।
নীলমণি ফুকনৰ কবিতা যথেষ্ট পৰিমাণে প্ৰতীকধৰ্মী হ'লেও , সেই প্ৰতীকত সাৰ্বজনীনতা আছে । যিয়ে তেওঁক ব্যক্তিগত অনুভৱৰ পৰা বহু উৰ্ধত লৈ গৈছে । এক নিজা কাব্যভাষাৰে , গাৱলীয়া বা লোকায়ত প্ৰতীকেৰে তেওঁ সহজ-সৰল মানুহৰ সৰলতা অংকন কৰিছে । সাধাৰণ মানুহৰ আশা-আকাংক্ষা , সংগ্ৰামে তেওঁৰ কবিতাত ঠাই পাইছে । তেওঁৰ কবিতা কিছু পৰিমাণে জটিল হ'লেও সেইবোৰে পাঠকৰ সৌন্দাৰ্যানুভূতিক স্পৰ্শ নকৰাকৈ নাথাকে । তেওঁৰ কবিতাই পাঠকৰ মন- মগজুক জোকাৰি দিয়াৰ পিছতো কিন্তু পাঠকক কবিতাৰ সেই নান্দনিক সৌন্দৰ্যৰ পৰা বঞ্চিত নকৰে ।
নীলমণি ফুকনৰ কবিতা , এক লিখি বা কৈ শেষ কৰিব নোৱাৰা বিষয় । কাব্যঋষিৰ অনুভৱৰ স্বকীয়তাৰে সদায় জিলিকি থকা তেখেতৰ সাহিত্যিক কৰ্মৰাজিৰ ওপৰত সমালোচনা আগবঢ়োৱাৰ ধৃষ্টতা আমাৰ নাই । মাথো এই লেখাৰ যোগেদি আমি তেওঁক অভিনন্দন জনাব বিচাৰোঁ । ঋষিৰ দৰে ব্যক্তিত্বৰ অধিকাৰী কবি নীলমণি ফুকনে কবিতাক সাধনাৰ স্তৰলৈ উন্নীত কৰিছে আৰু তাৰ ফলশ্ৰুতিত অসমবাসীলৈ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল , সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটা । গোটেই অসমবাসী আকৌ এবাৰ গৌৰাৱান্বিত হৈছে । আমিও জ্ঞানম্ পৰিয়ালৰ তৰফৰ পৰা শতিকাৰ মহান কবিজনালৈ যাচিছোঁ আন্তৰিক অভিনন্দন । সু-স্বাস্থ্যৰে কবি দীৰ্ঘজীৱি হওঁক আৰু তেওঁৰ চিন্তাৰ বিচ্ছুৰণেৰে অসমীয়া কাব্যসাহিত্যক আৰু জিলিকাই তোলক । শেষত গোলাপী জামুৰ কবিৰ প্ৰিয় এফাঁকি কবিতাৰে লিখনিৰ সামৰণি মাৰিছোঁ-
" জীৱনক যদি নুবুজিলোঁ
দুখ নাই
ফাগুন আছে ,
জোনাকীপৃথিৱীক যদি নাজনিলোঁ
শোক নাই
স্বপ্ন আছে ,
চিনাকি জীৱনে জীৱন দিব
হৃদয়ে হৃদয় দিব
আকাশে আকাশ
জোনাকী !! "
লভিতা মেধী |
লেখকৰ ঠিকনা:
লভিতা মেধী ।
সহঃ শিক্ষয়িত্ৰী, পীতাম্বৰ আদৰ্শ হাইস্কুল ।
শিক্ষাখণ্ড- ৰঙিয়া, কামৰূপ ।
0 Comments