----------দিব্যাংগ------------
" বৰদেউতা , কি কৰিছেনো ? "
" কি কৰিম অ' বোপাই , জীৱনটো কিবা অসাৰ হৈ পৰিছে । কৰিবলৈ একোৱেই নোহোৱা হ'ল। অৱসৰৰ পাছত বাৰান্দাৰ চকীখনেই জীৱন-সংগী হ'ল অ' বোপাই ! "
" বৰদেউতা, কাইলৈ ওলাবচোন , আপোনাক এঠাইলৈ লৈ যাম ; গৈ ভাল পাব আপুনি । "
দৰ্শকসকলে তাইৰ লয়লাস ভৰা নৃত্য দেখি আপোন-বিভোৰ হৈ পৰিল । জাউৰিয়ে জাউৰিয়ে দৰ্শকৰ উষ্ম আদৰণিৰে মঞ্চখন ৰজনজনাই উঠিল ।
" বৰদেউতা ,আজি চকীৰ পৰা নামি অইন ক'ৰবাতহে দেখোন ! "
" কালিৰ নৃত্যই জীৱনটো অসাৰতাৰপৰা প্ৰাণময় কৰি তুলিলে । ভৰি দুখন থাকিও খোৰা হ'ব খুজিছিলোঁ , ভৰি নথকাজনেওচোন জীৱনৰ জটিল সময়ক প্ৰত্যাহ্বান জনাব পাৰিছে । "
সহ: শিক্ষয়িত্রী,
ছমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয় ।
শিক্ষাখণ্ড- ছমৰীয়া, কামৰূপ।
ম'বাইল নংঃ ৮৬৩৮০৬৫৯১৪
2 Comments
👌👌
ReplyDelete👌👌
ReplyDelete