header ads

যুধিষ্ঠিৰৰ ধৰ্ম পৰীক্ষা । Assamese Short Play by Krishna Kalita

 -----যুধিষ্ঠিৰৰ ধৰ্ম পৰীক্ষা-----



( মঞ্চৰ দুই কোণত দুডাল গছ থাকিব। সন্মুখৰ বাওঁফালৰ গছৰ পিছফালে এখন হ্ৰদৰ ছবি আঁৰি দিব। পঞ্চ-পাণ্ডৱৰ বেশত ক্ৰমে যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱ ধুতী আৰু উদং গাৰে থাকিব । ভীমৰ হাতত গদা আৰু বাকীবোৰৰ হাতত ধনু, পিঠিত তূণ থাকিব )

প্ৰথম দৃশ্য------


( নাট আৰম্ভ হোৱাৰ লগে লগেই মঞ্চৰ বাওঁফালৰ পৰা পিছপিনে থকা সোঁফালৰ গছজোপালৈ আটাইকেইজনে ফোপাই ফোপাই দৌৰি আহি ৰৈ দিব আৰু ঘন-ঘন কৈ উশাহ-নিশাহ ল’ব )


যুধিষ্ঠিৰ- "ভাতৃ নকুল ।"

নকুল -" আজ্ঞা কৰক দাদা ।" 

যুধিষ্ঠিৰ- " বৰ পিঁয়াহ লাগিছে । তৃষ্ণাত কণ্ঠ শুকাই যাব। তুমি গছ  এজোপাত  উঠি চোৱাচোন ক'ৰবাত পানীৰ সন্ধান পোৱা নেকি ! "  

নকুল - "হ'ব দাদা ।" ( ওচৰতে থকা গছডালত উঠিব বা উঠাৰ ভংগিমা দি গ'লটো দাঙি চাৰিওফালে চাই হ্ৰদৰ ছবি থকা দৃশ্যলৈ চাই ক'ব) "সৌৱা, দূৰত বগলী জাতীয় চৰাই উৰি আছে তাতেই পানী আছে হ'বলা ! "( কৈ গছৰ পৰা নামি আহিব )

যুধিষ্ঠিৰ - "যোৱা নকুল, তুমি তাত গৈ নিজেও পানী খাবা আৰু তূণত আমালৈও পানী লৈ আহিবা । আমি ইয়াতে বিশ্ৰাম কৰোঁ । "

নকুল - " আপোনাৰ আজ্ঞা পালন কৰা হ'ব দাদা ।" ( নকুলে ধনু কান্ধত তুলি লৈ হ্ৰদলৈ গতি কৰিব। হ্ৰদৰ ওচৰ পাই ধনু হ্ৰদৰ পাৰত থৈ পানীলৈ আগবাঢ়িব । তেনেতে এক আকাশবাণী হ'ব )

"এই হ্ৰদ মোৰ অধিকাৰত আছে। মোৰ অনুমতি অবিহনে কোনেও ইয়াৰ পানী গ্ৰহণ কৰিব নোৱাৰে । মোৰ প্ৰশ্নৰ উত্তৰ দিলেহে পানী খোৱাৰ অনুমতি লাভ কৰিবা।"

নকুল - ( আকাশবাণীৰ কথাক ভ্ৰূক্ষেপ নকৰি ) "বাদ দিয়াহে তোমাৰ কথা।"( এনেকৈ কৈ পানী খাবলৈ ল'ব আৰু মঞ্চত ঢলি পৰিব। দুজনে ধৰি নকুলৰ মৃতদেহ মঞ্চৰ পিছলৈ দাঙি নিব।)


 দ্বিতীয় দৃশ্য------


অৰ্জুন - ( যুধিষ্ঠিৰলৈ চাই ) " দাদা, নকুল যোৱা বহু সময় হ'ল। উভতি নাহিলচোন । কি বা হ'ল ! "

যুধিষ্ঠিৰ - ( সহদেৱলৈ  চাই )" ভাতৃ সহদেৱ,  যোৱা তুমি গৈ চাই আহা । কি বিপৰ্যয়ৰ সন্মুখীন হ'ল বা !"

সহদেৱ-" আপোনাৰ আদেশ পালন কৰা হ'ব দাদা । " ( লগে লগে তেৱোঁ কান্ধত ধনু তুলি লৈ আগবাঢ়িব।)

সহদেৱ-" ভাতৃ নকুল । ক'ত আছা তুমি ? ক'ত আছা ভাতৃ ? " ( ইফালে সিফালে চাই তেৱোঁ হ্ৰদৰ কাষলৈ গৈ পানী খাবলৈ হালিব। এনেতে পুনৰ আকাশবাণী হ'ব )

"এই হ্ৰদ মোৰ অধিকাৰত আছে । মোৰ অনুমতি অবিহনে কোনেও ইয়াৰ পানী গ্ৰহণ কৰিব নোৱাৰে । মোৰ প্ৰশ্নৰ উত্তৰ দিলেহে পানী খোৱাৰ অনুমতি লাভ কৰিবা ।"

সহদেৱ- ( আকাশবাণীৰ কথাক ভ্ৰূক্ষেপ নকৰি) " বাদ দিয়াহে তোমাৰ কথা । মোক ভয় খুৱাবলৈ কোন তুমি ? " ( এনেকৈ কৈ পানী খাবলৈ ল'ব আৰু মঞ্চত ঢলি পৰিব । দুজনে ধৰি সহদেৱৰ মৃতদেহ মঞ্চৰ পিছলৈ দাঙি নিব )


 তৃতীয় দৃশ্য---------


( যুধিষ্ঠিৰ, ভীম আৰু অৰ্জুন পৰম আগ্ৰহেৰে ৰৈ থাকিব )

যুধিষ্ঠিৰ- ভাতৃ অৰ্জুন । সহদেৱো পানী লৈ উভতি নাহিল । যোৱা তুমি গৈ চোৱা , কি হ'ল ? মোৰ মনত সংশয় হৈছে ।

অৰ্জুন - দাদা, আপোনাৰ আদেশ পালন কৰা হ'ব ।( এনেকৈ কৈ অৰ্জুনো ধনু-কাঁড় লৈ বীৰদৰ্পে হ্ৰদলৈ যাত্ৰা কৰিব । হ্ৰদৰ কাষ পাই পানী ল'বলৈ আঠু ল'ব । তেনেতে পুনৰ পূৰ্বৰ আকাশবাণী শুনা যাব )

" এই হ্ৰদ মোৰ অধিকাৰত আছে । মোৰ অনুমতি অবিহনে কোনেও ইয়াৰ পানী গ্ৰহণ কৰিব নোৱাৰে । মোৰ প্ৰশ্নৰ উত্তৰ দিলেহে পানী খোৱাৰ অনুমতি লাভ কৰিবা । "

অৰ্জুন- " কোন তুমি ? মোক সতৰ্কবাণী দিবলৈ দুঃসাহস কৰিছা ? সাহস আছে যদি সন্মুখলৈ আহি মোক প্ৰত্যাহ্বান জনোৱা । মোৰ বাণত বিদীৰ্ণ হৈ দুনাই মোক এনে প্ৰশ্ন কৰিব নোৱাৰিবা । (তাৰ পিছত পুনৰ পানী খাবলৈ প্ৰস্তুত হোৱাৰ লগে লগেই অৰ্জুনো ঢলি পৰিব । দুজনে অৰ্জুনৰ নিথৰ দেহ মঞ্চৰ পিছফালে লৈ যাব )


চতুৰ্থ দৃশ্য-------


ভীম- ( যুধিষ্ঠিৰলৈ চাই ), " দাদা, বহু পলম হ'ল । অৰ্জুনো উভতি নাহিল । মই গৈ চাই আহো নেকি ? 

যুধিষ্ঠিৰ- " এৰা, ঠিক আছে যোৱা । ( ভীমলৈ চাই । লগে লগে ভীমে গদা তুলি লৈ যাত্ৰা আৰম্ভ কৰিব )

ভীম- " ভাতৃ নকুল, ভাতৃ সহদেব । ক'ত তোমালোক ? ( দুবাৰ ক'ব) তাৰ পিছত ভীমো পানী খাবলৈ হ্ৰদৰ কাষলৈ যাব আৰু লগে লগেই আকাশবাণী হ'ব )

"এই হ্ৰদ মোৰ অধিকাৰত আছে । মোৰ অনুমতি অবিহনে কোনেও ইয়াৰ পানী গ্ৰহণ কৰিব নোৱাৰে । মোৰ প্ৰশ্নৰ উত্তৰ দিলেহে পানী খোৱাৰ অনুমতি লাভ কৰিবা ।"

ভীম- " কোন তুমি ? সাহস আছে যদি ওলাই আহা । ভীমক সতৰ্কবাণী শুনাবলৈ সাহস কৰিছা ? পানী খালে কি কৰা চাওঁ " বুলি তেওঁ হ্ৰদৰ পাৰলৈ আগবাঢ়িব । পানী খাবলৈ ল‌ওঁতেই ভীম ঢলি পৰিব । দুজনে ভীমৰো নিথৰ দেহ মঞ্চৰ পিছফালে লৈ যাব )


পঞ্চম দৃশ্য-------


( যুধিষ্ঠিৰে ৰৈ ৰৈ চিন্তিত হৈ পৰিব। মনতে ভাবিব )

যুধিষ্ঠিৰ- ভীমো গৈ উভতি নাহিল । এজন এজনকৈ আটাইকেইজন ভাতৃ উভতি নাহিল । কি হৈছে ময়ে গৈ চাওঁ । ( যুধিষ্ঠিৰো হ্ৰদলৈ আগবাঢ়িব । হ্ৰদৰ পাৰত ভাতৃ সকলৰ ধনু-কাঁড় , গদা আদি পৰি থকা দেখিব আৰু বহি লৈ ক'ব )

যুধিষ্ঠিৰ- ( গদাটিলৈ চাই ) ভাতৃ ভীম, মহাযুদ্ধত দুৰ্যোধনৰ উৰুভংগ কৰিবা বুলি তুমি প্ৰতিজ্ঞা কৰিছিলা । সেয়া এতিয়া ব্যৰ্থ হ'ল । পাণ্ডৱ বংশৰ যশস্যাবৰ্ধক  মহাবাহু তুমি নিজেই নিপাতিত হ’লা । ( অৰ্জুনৰ ধনুখনলৈ চাই ) ভাতৃ অৰ্জুন, তুমি ইন্দ্ৰতকৈ কোনো গুণেই কম নহ’বা বুলি দেৱতাসকলে মাক কৈছিল । তুমিও সমস্ত আশা বিনষ্ট কৰি অনন্ত শয়ন কৰিলা । কোনে তোমালোকৰ এই দুৰ্গতি কৰিলে ?

( তাৰ পিছত যুধিষ্ঠিৰেও পানীত নামি  যাব )

যক্ষ- ( আকাশৰ পৰা সতৰ্কবাণী)" ম‌ই যক্ষ । ময়েই তোমাৰ ভাতৃ সকলৰ এই দুৰ্দশা কৰিছোঁ । মোৰ প্ৰশ্নৰ উত্তৰ নিদি পানী খাব গ'লে তোমাৰো একে দশাই হ'ব । অতীতৰ পৰাই এই হ্ৰদ মোৰ অধীনত আছে ।" ( গছৰ পিছফালৰ পৰা যক্ষৰ আবিৰ্ভাৱ হ'ব ।  বিশাল দেহৰ , বিকৃত চকু, তেজস্বী এক ভয় লগা লোক )

যক্ষ- ( গম্ভীৰ স্বৰেৰে ) "মোৰ বাধাক নেওচি এওঁলোকে পানী খাবলৈ উদ্যত হৈছিল । তুমিও মোৰ প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ এই পানী গ্ৰহণ কৰিব নোৱাৰিবা ।"

যুধিষ্ঠিৰ - ( ঠিয় হৈ, হাত যোৰ কৰি ) "আপোনাৰ অধিকৃত বস্তু ম‌ই বলপূৰ্বক অধিগ্ৰহণ নকৰোঁ । মই মোৰ ক্ষমতা আৰু যথাৰ্থ বুদ্ধি অনুসৰি আপোনাৰ প্ৰশ্নৰ উত্তৰ দিম ।"

যক্ষ- "অতি সুন্দৰ । এতিয়া মোৰ প্ৰশ্নৰ উত্তৰ দিয়া তেন্তে । "

যুধিষ্ঠিৰ- "ম‌ই প্ৰস্তুত ।"

যক্ষ- " কোৱা, সূৰ্যক আকাশত কোনে প্ৰতিষ্ঠা কৰিছে ?"

যুধিষ্ঠিৰ- "ব্ৰহ্মাই ।"

যক্ষ- "ব্ৰাহ্মণৰ দেৱত্বৰ কাৰণ কি ?"

যুধিষ্ঠিৰ- "বেদ অধ্যয়ণ ।"

যক্ষ- "পৃথিৱীতকৈ ডাঙৰ কি ?"

যুধিষ্ঠিৰ- "মাতৃ ।"

যক্ষ- "আকাশতকৈ উচ্চ কি ?"

যুধিষ্ঠিৰ-"পিতৃ ।"

যক্ষ- "বায়ুতকৈ বেগৱন্ত কি ?"

যুধিষ্ঠিৰ- "মন ।"

যক্ষ-" সনাতন ধৰ্ম কি ?"

যুধিষ্ঠিৰ- "সত্য ।"

যক্ষ- "যশৰ একমাত্ৰ কাৰণ কি ?"

যুধিষ্ঠিৰ- "দান ।"

যক্ষ- "স্বৰ্গৰ একমাত্ৰ কাৰণ কি ?"

যুধিষ্ঠিৰ- "সৎ চৰিত্ৰ ।"

যক্ষ- "শ্ৰেষ্ঠ ধন কি ?"

যুধিষ্ঠিৰ- "শাস্ত্ৰ জ্ঞান ।" 

যক্ষ- "মানুহৰ প্ৰধান ধৰ্ম কি ?"

যুধিষ্ঠৰ- "দিয়া ।"

যক্ষ- "মানুহ স্বৰ্গলৈ যাব নোৱাৰাৰ কাৰণ কি ?"

যুধিষ্ঠিৰ- "দুৰ্জনৰ সংগৰ বাবেই মানুহ স্বৰ্গলৈ যাব নোৱাৰে । "

যক্ষ- "মানুহৰ প্ৰিয় আৰু সুখী হোৱাৰ উপায় কি ?"

যুধিষ্ঠিৰ- "গৰ্ব,অহংকাৰ পৰিত্যাগ কৰিলে মানুহ আনৰ প্ৰিয় হয় আৰু লোভ ত্যাগ কৰিব পাৰিলেই মানুহ সুখী হ'ব । "

যক্ষ- "তুমি আটাইবোৰ প্ৰশ্নৰে শুদ্ধ আৰু সঠিক উত্তৰ দিছা । মই তোমাৰ উত্তৰত সন্তুষ্ট । এতিয়া তোমাৰ ইচ্ছানুযায়ী তোমাৰ এজন ভাতৃকহে ম‌ই জীৱন দান দিম । তুমি কোৱা কাক লাগিব ? "

যুধিষ্ঠিৰ- "তেন্তে নকুলৰ জীৱন দান দিয়া যাওক ।"

যক্ষ- ( আচৰিত হৈ ) "ভীম তোমাৰ প্ৰীতিভাজন আৰু অৰ্জুন তোমাৰ প্ৰধান অৱলম্বন । তেওঁ লোকক পৰিত্যাগ কৰি তুমি বৈমাত্ৰেয় ভাতৃ নকুলৰ জীৱন দান বিচৰাৰ কাৰণ কি ?"

যুধিষ্ঠিৰ- "যিজনে ধৰ্ম ৰক্ষা কৰে তেওঁৰ ধৰ্ম নষ্ট নকৰোঁ । কুন্তী আৰু মাদ্ৰী দুয়োগৰাকী মোৰ পিতৃৰ ভাৰ্যা । মোৰ বাবে কুন্তী যেনে মাদ্ৰীও তেনেই । তেওঁলোক কাৰো প্ৰতি মোৰ ভেদজ্ঞান নাই । কুন্তী আইৰ ম‌ই জীৱিত আছোঁ , গতিকে মাদ্ৰী আইৰ এটি সন্তান নকুল জীৱিত হ‌ওঁক ।"

যক্ষ- "মাহী আইৰ পুত্ৰৰ প্ৰতি তোমাৰ এনে দয়া-ভালপোৱাৰে তুমি ধৰ্মৰ সমাৰ্থক জ্ঞান কৰিছা । তুমি যেতিয়া অৰ্থ আৰু কৰ্মতকৈ ধৰ্মকেই প্ৰধান বুলি মানিছা ,গতিকে তোমাৰ আটাইকেইজন ভাতৃয়ে জীৱন লাভ কৰক ।" ( যক্ষ‌ই হাত দাঙি আশীৰ্বাদ দিব । লগে লগে আটাইকেইজন ভাতৃ মঞ্চত প্ৰৱেশ কৰিব আৰু ইজনে সিজনক আলিংগন কৰিব । ( এনেতে আঁৰ কাপোৰ পৰিব )

কৃষ্ণ কলিতা
কৃষ্ণ কলিতা

মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক,

ৰঙিয়া আৰ্বান, কামৰূপ 

Post a Comment

1 Comments