এছিয়া মহাদেশৰ থাইলেণ্ড দেশৰ ঐতিহ্যমণ্ডিত চহৰ অয়ােথ্যায়া (Ayutthaya) ৰ বিষয়ে কিছু কথা, কিছু অভিজ্ঞতা :-
থাইলেণ্ডৰ ১৪/১৫ শ শতিকাৰ বিশ্ব ঐতিহ্যমণ্ডিত ( UNESCO HERITAGE CITY) অয়ােথ্যায়া চহৰৰ বিষয়ে এই অধ্যায়ত বিৱৰণ ডাঙি ধৰিবলৈ প্ৰয়াস কৰিম । বেংকক চহৰৰপৰা ৮৩ কিঃমিঃ উত্তৰফালে অয়ােথ্যায়া চহৰখন অৱস্থিত । অয়ােথ্যায়া চহৰখনত বর্তমানে একোৱেই চাবলৈ নাই বুলি ক'ব পাৰি । পুৰণি ধ্বংসাৱশেষবােৰহে বাকী আছে এতিয়া তাতে মাত্র নীৰৱ , নিস্তব্ধ এটা পৰিৱেশৰ সাক্ষী হৈ । ১৩৬৯ চনত প্রতিষ্ঠা হােৱা এই চহৰখন বিদেশী ম্যানমাৰ-সৈন্যই সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছিল আৰু ইয়াৰ সকলাে সম্পদ লুটি লৈ গৈছিল । তাৰ পিছত ১৫শ শতিকাত ইয়াক পূর্ণনির্মাণ কৰা হৈছিল । কেইবা শতিকাৰ আগৰ অয়ােথ্যায়া চহৰ, তিনি মুখ্য ৰাজ অট্টালিকা একোৱেই এতিয়া বাকী নাথাকিল । ইয়াৰ ভগ্নাৱশেষবােৰৰ মাজত অক্ষত অৱস্থাত থাকিল মাথোঁ পুৰণি অয়ােথ্যায়া চহৰৰ 'ৰয়েল বাটফ্রা চাই মন্দিৰ', যি বৰ্তমান পর্যটকসকলৰ আকৰ্ষণৰ মূলকেন্দ্র । ইয়াৰ কাৰুকাৰ্য আৰু ধর্মীয় পৰম্পৰাৰ লগত মিল খােৱা ভাস্কর্য চালে চকুৰােৱা । ইয়াৰ ১৬ মিঃ উচ্চতাৰ (৫২ ফুট) বুদ্ধমূর্তি অতি আকর্ষণীয় । এই বুদ্ধমূর্তি ১৭০ মিঃ পাট সােণেৰে তৈয়াৰ কৰা হৈছে । চহৰখনৰ বিভিন্ন ঠাইত অসংখ্য বুদ্ধমূর্তি শাৰী শাৰীকৈ নিৰ্মাণ কৰি সজাই থোৱা আছিল । কিন্তু সেই মূৰ্তিবােৰৰ শিৰচ্ছেদ কৰি ধ্বংস কৰি পেলাইছিল বিদেশী আক্রমণকাৰীয়ে । এইবােৰ প্রত্যক্ষ কৰিলে আজিৰ তাৰিখতো পর্যটকসকলৰ অন্তৰে হাহাকাৰ কৰি উঠে ।
পর্যটকসকলে নাঁৱেৰে গৈ যেতিয়ালৈকে পুৰণি অয়ােথ্যায়া চহৰখন পৰিভ্ৰমণ নকৰে, তেতিয়ালৈকে তেওঁলােকৰ ভ্ৰমণসূচী সম্পূর্ণ হােৱা বুলি ক'ব নােৱাৰি । নাঁৱেৰে যাব খুজিলে, তাত পর্যটকৰ বাবে অতি সহজে নাঁও উপলব্ধ হয় । এনেদৰে নাঁৱেৰে ভটিয়াই গ'লে চাওফায়া নদীৰ সংগমস্থলত, আনুমানিক ১৩২৪ চনত নির্মাণ কৰা এক বুদ্ধৰ প্রতিমা আজিও বিদ্যমান । পশ্চিম দিশে আগুৱাই গ’লে দেখা পােৱা যায় ১৩০৩ চনত নির্মাণ কৰা থাইলেণ্ডৰ আগৰ যুৱৰাজ “ইউ থঙৰ" পুৰণি বাসস্থান ৰাজ-অট্টালিকা । আৰু কিছু আগুৱাই গ'লে অয়ােথ্যয়া চহৰৰ অন্য পুৰণি স্মৃতিচিহ্নবােৰ দেখিবলৈ পােৱা যায় ।
অয়ােথ্যয়া চহৰৰ সবাতোকৈ ধুনীয়া বুলি খ্যাত “ৱাট ৰাটচাবুৰাণা মন্দিৰ" নির্মাণ কৰা হৈছিল ১৪২৪ চনত, যিটো পিছত ধ্বংসপ্রাপ্ত হৈছিল । ইয়াত দুজন থাই ৰাজকুমাৰে পৰস্পৰৰ মাজত হাতীত উঠি যুঁজ দি অকাল মৃত্যুবৰণ কৰিছিল । থাই ৰজা ৱাটচাবুৰাণা-২ য়ে এই মন্দিৰটো সিংহাসনৰ বাবে যুঁজ দি অকাল মৃত্যুক আঁকোৱালি লোৱা দুই জ্যেষ্ঠ ভাতৃৰ সোঁৱৰণত নিৰ্মাণ কৰোৱাইছিল । এইবিলাকৰ উপৰিও অয়ােথ্যায়া চহৰৰ বহু ঠাইত সিঁচৰতি হৈ পৰি ৰােৱা অনেক স্মৃতিচিহ্ন, পর্যটকসকলৰ বাবে আশ্চর্যজনক আৰু আকর্ষণীয় । এনেদৰে সিঁচৰতি হৈ থকা কাৰুকার্যখচিত স্মৃতিচিহ্নবােৰ থাইবাসীয়ে আজিও অতি সযতনে সংৰক্ষণ কৰি ৰাখিবলৈ যত্নৰ ত্রুটি কৰা নাই । এই স্মৃতিবােৰৰ গুৰুত্ব অতি আন্তৰিকতাৰে উপলব্ধি কৰি তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে ; ইয়াৰ কোনাে হানি-বিঘিনি হ’বলৈ দিয়া নাই । এই সংৰক্ষিত স্মৃতিচিহ্নবােৰ বাহিৰে বাহিৰে চোৱাৰ বাহিৰে কোনােটোৰ ভিতৰলৈ যােৱাৰ থাই চৰকাৰৰ ফালৰপৰা অনুমতি নাই ।
তাৰ পাছত থাইলেণ্ডত নতুন চৰকাৰ গঠনৰ কাৰণে প্রক্রিয়া আৰম্ভ হৈছিল । ফলস্বৰূপে ৰজা টাকচনে ২৪ বছৰকাল থাইলেণ্ড চলাইছিল ১৭৬৮ চনৰপৰা ১৭৮২ চনপর্যন্ত । তাৰ পাছত সামৰিক অভ্যুত্থানৰদ্বাৰা টাকচিনৰ শাসনভাৰ ওফৰাই কিং ৰামা-১ শাসনত অধিষ্ঠিত হৈছিল । ইয়াৰ পাছত পৰম্পৰা অনুসৰি শাসনত অধিষ্ঠিত হৈছিল ৰজা মংকুট । ১৮৫১ চনৰপৰা ১৮৬৮ চনলৈকে তেওঁ শাসনভাৰ চলাইছিল । ৰজা মংকুটৰ পাছত তেওঁৰ পুত্ৰই শাসনভাৰ গ্ৰহণ কৰিছিল যাৰ নাম আছিল চুলাংকণৰামা-৫ । তেওঁ শাসন কৰিছিল সুদীর্ঘ সময়ৰ বাবে; ১৮৬৮ চনৰপৰা ১৯১০ চনপর্যন্ত । এনেদৰে থাইলেণ্ডৰ শাসন ব্যৱস্থাৰ ওপৰত শেহতীয়াভাৱে ৰজা ভুমিবল, অদুলাভেজ, ৰােমা- ৯ম শাসনত অধিষ্ঠিত হয় আৰু এতিয়ালৈকে শাসনত অধিষ্ঠিত হৈ আছে ।
বর্তমান প্রচলিত নিয়ম অনুসৰি ৰাজ-পৰিয়ালৰ লােক “ৰজা” হৈ দেশখনৰ মুখ্য প্রশাসক আৰু চৰকাৰৰ মুৰব্বী হিচাপে শাসন চলায় । বেংকক চহৰত থাই নেচনেল-এচেম্বলি আছে । এই এচেম্বলিৰ দুটা সদন আছে । উচ্চ সদন আৰু নিম্ন সদন । উচ্চ সদনত ১৫০ জন চিনেটৰ আৰু নিম্ন সদনত ৪৮০ জন নির্বাচিত প্রতিনিধি (MP) আছে । ৭৬ খন ৰাজ্যৰে গঠিত থাইলেণ্ডৰ শাসনভাৰ এনেদৰেই চলে । থাইলেণ্ডৰ ৰাজধানী বেংকক চহৰত ৰাজভৱনত ৰাজ পৰিয়াল বাস কৰে । জাতীয় এচেম্বলি বেংকক চহৰতে অৱস্থিত ।
শেষত ইয়াকে ক’ব পাৰি যে, বেংককক ৰাজধানী হিচাপে লৈ থাইলেণ্ড এখন যথেষ্ট উন্নত দেশ । ইয়াৰ প্ৰতিজন নাগৰিক অতি সৰল আৰু অমায়িক ; মুখত এটা মিচিকিয়া হাঁহি লাগিয়ে থাকে । তেওঁলোক অতিথিপৰায়ণ ; যদিওবা এছিয়ান দেশ হৈও তেওঁলোকে পশ্চিমীয়া প্ৰভাৱহে আজিকালি বেছিকৈ গ্ৰহণ কৰা দেখিবলৈ পোৱা যায় ।
দিলীপ লেখাৰু |
দিলীপ লেখাৰু ।
0 Comments