header ads

বিজ্ঞানৰ ইটো-সিটো ।

 বিজ্ঞানৰ ইটো-সিটো---


১/ আখৰ আৰু শব্দ শুদ্ধকৈ কোৱাত জিভাই সহায় কৰে । 

২/ মানুহৰ শৰীৰত প্ৰায় ৬৫০ টা পেশী থাকে । এটা খোজ দিবলৈ প্ৰায় ২৫০ টা পেশীয়ে একেলগে কাম কৰিব লগা হয় । 

৩ / হামিয়াওঁতে প্ৰায় ৪৩ টা মুখৰ পেশীৰ দৰকাৰ হয় আৰু হাঁহোতে ১৭ টা পেশীৰ দৰকাৰ হয় । 

৪/ বাগিচাৰ পৰা অনা এক চামুচ মাটিত প্ৰায় ১ কৌটি বেক্টেৰীয়া, ১.২৫ লাখ ভেঁকুৰ আৰু ২৫ ,০০০ শেলাই থাকে । 

৫/ আপেল , মধুৰিয়াম , নাচপতি আদিৰ বাকলিত যথেষ্ট পৰিমাণৰ আঁহ পোৱা যায় । সেইকাৰণে তেনেধৰণৰ ফল বাকলি নুগুচোৱাকৈ খাব লাগে । 

৬/ বিজ্ঞানীসকলৰ মতে মানুহৰ নাকে প্ৰায় তিনি ত্ৰিলিয়ণ বেলেগ বেলেগ গোন্ধ চিনাক্ত কৰিব পাৰে । 

৭/ পৃথিৱীৰ আটাইতকৈ ওখ গছ জোপা হৈছে,' অষ্ট্ৰেলিয়ান ইউকেলিপটাচ' । গছ জোপা প্ৰায় ৪৩৫ ফুট ওখ ।

৮/ ২০০০ৰ ভিতৰৰ এজন শিশুৰ জন্মতে দাঁত থাকে । 

৯/ পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ কবলত নপৰিবলৈ এটা ৰকেটে চেকেণ্ডত ৭ মাইল বেগেৰে যাত্ৰা কৰে । 

মালা কুমাৰী শৰ্মা

সংগ্ৰাহক--

মালা কুমাৰী শৰ্মা। 

পাত্ৰপুৰ মধ্য ইংৰাজী বিদ্যালয় । 

শিক্ষাখণ্ড :কৰৰা, কামৰূপ ।

Post a Comment

0 Comments