header ads

কামৰূপ জিলাৰ এক অভিনৱ ' একাডেমিক চাৰপ্ৰাইজ '।

 কামৰূপ জিলাৰ এক অভিনৱ ' একাডেমিক চাৰপ্ৰাইজ '---

        শিক্ষাৰ জগতখন যে ক্ৰমান্বয়ে সংকুচিত হ'বলৈ আৰম্ভ কৰিছে সেই কথা প্ৰতিগৰাকী চিন্তাশীল ব্যক্তিয়ে অনুভৱ কৰে । কেৱল চিন্তাশীল ব্যক্তি সকলৰেই যে অনুভৱ সেইটো নহয় , প্ৰতিগৰাকী অভিভাৱকৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মনতো এক গভীৰ চিন্তা, গভীৰ বেদনাবোধ । সকলোৰেই মনত এটাই প্ৰশ্ন- জাতিটোৰ ভৱিষ্যত কি ? আমাৰ শিক্ষা ব্যৱস্থাৰ ভৱিষ্যত কি ?

       ইতিমধ্যে নতুন শিক্ষানীতি - ২০২০ আমাৰ শিক্ষাক্ষেত্ৰখনত অৱধাৰিত ভাৱে সোমাই পৰিছে । নতুন শিক্ষানীতিয়ে আমাৰ শিক্ষাৰ ক্ষেত্ৰখনলৈ যে ব্যাপক পৰিৱৰ্তন আনিব সেইটো নিশ্চিত । নতুন শিক্ষানীতিক আমি কেনেদৰে প্ৰয়োগ কৰোঁ সেইটোৰ ওপৰতেই নিৰ্ভৰ কৰিব নতুন শিক্ষা নীতিৰ সাৰ্থকতা । এই ক্ষেত্ৰত এটা কথা নিশ্চিত ভাৱে কʼবই লাগিব যে শিক্ষা বিভাগৰ লগতে শিক্ষানুষ্ঠানসমূহেও নিজস্বভাৱে কিছু পৰীক্ষামূলক উদ্যোগ ল'ব লাগিব । এনে উদ্যোগক আমি Best Practice বুলি ক'ব পাৰোঁ । এতিয়া অনেক শিক্ষানুষ্ঠানে নিজ নিজ সামৰ্থ অনুযায়ী কিছু Innovative Practice কৰিবলৈ মন মেলিছে । প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষানুষ্ঠানসমূহে এনে পৰীক্ষামূলক কামকাজত মনোনিবেশ কৰিবলৈ আৰম্ভ কৰিছে ।

       আমাৰ শিক্ষানুষ্ঠানবোৰ যে বহি আছে তেনেও নহয় । অৱশ্যে চৰকাৰী বিভাগবোৰৰ পৰাও উদগনিমূলক প্ৰচেষ্টা লাগিব । কামৰূপ জিলাৰ স্কুল পৰিদৰ্শক শ্ৰীঅপূৰ্ব ঠাকুৰীয়াৰ এটা এনে কামে আমাক যথেষ্ট আনন্দ দিছে । কামৰূপ জিলাখনৰ বিদ্যালয়বোৰক একোখনকৈ হাতেলিখা আলোচনী প্ৰস্তুত কৰিবলৈ দিয়া হয় । এইদৰে তেওঁ ১২৫১ খন বিদ্যালয়ৰ পৰা হাতেলিখা আলোচনী একোখন প্ৰস্তুত কৰিলে । এনে কাম সঁচাকৈয়ে প্ৰশংসাৰ যোগ্য ।

       আজিকালি বিদ্যালয়বোৰত আলোচনীৰ নামত কোনো পুঁজি নাথাকে । ছাত্র-ছাত্ৰীৰপৰা আলোচনীৰ নামত মাচুল লোৱাৰ পূৰ্বৰ নিয়মবোৰ এতিয়া নাই । অৰ্থাৎ বিদ্যালয়বোৰত আলোচনী প্ৰকাশৰ নিত্য নৈমিত্তিক পৰম্পৰাৰ যৱনিকা পৰাটোৱেই বাস্তৱ কথা হৈ পৰিছে । আনকি কলেজবোৰতো একেখন ছবি । কলেজবোৰতো আলোচনীৰ শিতানত মাচুল লোৱাৰ পুৰণি পৰম্পৰাৰো প্ৰায় অৱসান ঘটিছে । এতেকে আলোচনী প্ৰকাশৰ কথাবোৰো তল পৰিছে । পূৰ্বতে একোখন আলোচনীৰ বাবেই একোখন কলেজ জনাজাত আছিল । তেনে আলোচনীবোৰ সংৰক্ষণো কৰা হৈছিল । এতিয়া সেইবোৰ পুৰণি কথা । সেইবোৰ কথা ক'বলৈ হ'লে একোখন মহাভাৰতেই হ'ব ।

       এনে পৰিপ্ৰেক্ষিততেই কামৰূপ জিলাৰ প্ৰায় ১২৫১ খন বিদ্যালয়ৰদ্বাৰা হাতেলেখা আলোচনী প্ৰস্তুত কৰি স্কুল পৰিদৰ্শকৰ কাৰ্যালয়ত উন্মোচন কৰা হয় । এনে কাম স্কুল পৰিদৰ্শকগৰাকীৰ উদ্যোগ অবিহনে কেতিয়াও সম্ভৱ নহʼলহেঁতেন । ক'বলৈ গ'লে নতুন শিক্ষানীতিৰ সঠিক ৰূপায়ণৰ ক্ষেত্ৰত স্কুল কৰ্তৃপক্ষৰ সমান্তৰালভাবে চৰকাৰী শিক্ষাবিভাগৰ ক্ষেত্ৰতো ’ ইন'ভেটিভ আইডিয়া ’ থকা বিষয়াও লাগিব ।

        যোৱা ২৪ জানুৱাৰী তাৰিখে কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰশাসনীয় ভৱনত এখন বিশেষ সভাত যোগদান কৰাৰ সুবিধা পালোঁ। সভাখনত জিলাখনৰ ১২৫১খন বিদ্যালয়ৰদ্বাৰা প্ৰকাশিত ১২৫১খন হাতেলিখা আলোচনীৰ এখন আনুষ্ঠানিক প্ৰদৰ্শনী অনুষ্ঠিত হ'ল । প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা প্ৰকাশিত হাতেলিখা আলোচনী প্ৰদৰ্শনীমেলাখনত প্ৰদৰ্শিত কৰি এক অভিলেখ স্থাপন কৰিলে ।

        বিদ্যালয়সমূহৰ ভিতৰত বুনিয়াদী, মাধ্যমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয় সমূহৰ মাজত এক প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হ’ল। তেওঁলোকক বঁটা প্ৰদান কৰাও হ’ল । এনেবোৰ ক্ষেত্ৰত প্ৰতিখন বিদ্যালয়কে হাতেলিখা আলোচনীখনৰ বাবে একোখন Appreciation certificate তো উপায়ুক্ত মহোদয়ৰ পৰা দিয়াৰ ব্যৱস্থা হ’ল । লগতে হাতেলিখা আলোচনীসমূহ বন্ধাই চৰকাৰী স্কুল পৰিদৰ্শকৰ কাৰ্যালয়ত সংৰক্ষিত কৰি ৰখাৰ ব্যৱস্থাও গৃহীত হ’ল ।

        এগৰাকী ছাত্ৰ বা ছাত্ৰী যেতিয়া আমাৰ দৰে বয়সীয়াল হ'ব , তেতিয়া তেওঁৰ বাবে নিজৰ হাতেৰে লিখা আলোচনীখনৰ মূল্য কিমান বাঢ়িব সেই কথা কল্পনাও কৰিব নোৱাৰি । হাতেলিখা আলোচনী এখনৰ মূল্য তেনে পৰ্যায়তো নিহিত থাকিব । হাতেলিখা আলোচনীৰ জন্ম আমাৰ কটন কলেজতো হৈছিল । ১৯০৭ চনত কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে ’সেউতী’ নামেৰে এখন হাতেলিখা আলোচনী উলিয়াইছিল । তাৰ পিছতো কেবাবাৰো এখন আলোচনীৰ প্ৰকাশ অব্যাহত থাকিল । মুদ্ৰণ যন্ত্ৰৰ আগমণৰ লাগে হাতেলিখা আলোচনীৰ প্ৰকাশ অনুক্ৰমে স্তব্ধ হ’ল । আলোচনীবোৰ কটন কলেজৰ (এতিয়া বিশ্ববিদ্যালয়) গ্ৰন্থাগাৰত উপলব্ধ হ'ব নে ? আমি তেনে আলোচনীবোৰক সুৰক্ষিত আৰু সংৰক্ষিত কৰি ৰাখিব পাৰিছোঁনে ?তেনে আলোচনী এখন চাব পৰা হ'লে মনত কিমান আনন্দ পালোহেঁতেন--- ।

        মুদ্ৰিত আলোচনীত এনে আবেগ জড়িত নাথাকে । কাৰণ এনে আলোচনীত মই নিজে হাতেৰে লিখা আখৰখিনি নাথাকে । আমি প্ৰতিখন বিদ্যালয়ৰ লগতে স্কুল কৰ্তৃপক্ষৰ কাৰ্যালয়তো একোখন সংগ্ৰহশাল ৰখাৰ ব্যৱস্থা হোৱাটো বিচাৰোঁ । এনে এটি ব্যৱস্থাই আমাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত লিখাৰ প্ৰতি এক বিশেষ অনুৰাগ জাগ্ৰত কৰিব সেইটো নিশ্চিত । তেনে সংগ্ৰহালয়ত আমাৰ আৱেগ- অনুভূতিও সংৰক্ষিত হৈ থাকিব ।

দয়ানন্দ পাঠক

লেখকৰ ঠিকনা:

দয়ানন্দ পাঠক,

বিশিষ্ট শিক্ষাবিদ ।

গুৱাহাটী, অসম ।

Post a Comment

0 Comments