header ads

বানপানী । Assamese Poem by Angshuman Das

 --- বানপানী---

বানপানী  অ' বানপানী

 কিয়নো আহা তুমি ?

তুমি আহিলে 

আমাৰ মনবোৰ যায় ভাঙি ৷


বৰষুণ আহিলে 

আমাৰ দেউতাহঁতে

মনৰ আনন্দৰে

পথাৰত কৰে খেতি ৷


যেতিয়া পথাৰখন 

সেউজীয়া হৈ পৰে,

আমাৰ মনবোৰ

সোণোৱালী হৈ পৰে৷


কিন্তু অবতৰীয়া বানপানী

তুমি যেতিয়াই আহা ,

আমাৰ সোণোৱালী সপোনবোৰ

ভাঙি থৈ যোৱা৷


                                                                ******

লেখকৰ ঠিকনা:

অংশুমান দাস

চতুৰ্থ শ্ৰেণী

৩২৭ নং লেজা প্ৰাথমিক বিদ্যালয় ।

 শিক্ষাখণ্ড- কমলপুৰ, কামৰূপ ।

Post a Comment

0 Comments