header ads

শিক্ষকতা জীৱনৰ আনন্দ-১

 শিক্ষকতা জীৱনৰ আনন্দ-১


অপূৰ্ব ঠাকুৰীয়া

বিদ্যালয়সমূহৰ পৰিদৰ্শক ,

জিলা প্ৰাথমিক শিক্ষা বিষয়া ,

জিলা মিছন সমন্বয়ক

সমগ্ৰ শিক্ষা , কামৰূপ


           ১৯৯৫ চনৰ মে' মাহৰ বাইছ তাৰিখ । ৰাতিপুৱা ৭.৩০ মান বাজিছে । স্নাতক পৰ্যায়ৰ শেষান্ত পৰীক্ষা দি গৈ ঘৰতে আছোঁ । পিছে আৱাসত হোৱা বদ্ অভ্যাস তেতিয়াও মাৰ যোৱা নাই । শোৱতেও দেৰি , শুই উঠোতেও দেৰি । সিদিনাও ব্যতিক্ৰম হোৱা নাই । ৰাতিপুৱা ৭ বজাৰ পিছতো ঘোৰ টোপনি ! তেনেতে পদূলিৰ পৰাই অপূৰ্ব অপূৰ্ব বুলি ডাঙৰ ডাঙৰকৈ মাতি জেওৰাত চাইকেলখন আওজাই থৈ নাথ ছাৰ ঘৰৰ ভিতৰলৈ সোমাই আহিল । নাথ ছাৰ মানে আমি পঢ়া নগৰবেৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰদ্ধাৰ গোবিন্দ নাথ ছাৰ । সকলোৱে নাথ বি.এছ. চি. বুলিয়ে জানে । এগৰাকী স্বনামধন্য শিক্ষক, এজন সফল পিতৃ । (কোৱা যুগুত যে তেখেতৰ এগৰাকী পুত্ৰই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰিছিল ।) বাইদেৱে ছাৰ অহা বুলি জগাই দিয়াত ধহ্ মহ্কৈ উঠি আহিলোঁ । ছাৰক সন্মুখতে দেখি বৰ লাজ পালোঁ । ছাৰে মোক একো ক'বলৈ নিদি মাথো ক'লে, " যি আৰাম কৰিলি, কৰিলি । কাইলৈৰ পৰা মোৰ লগত ওলাবি । শিমলীতোলা ছোৱালী হাইস্কুলত বিজ্ঞানৰ শিক্ষক এজন লাগে । তই তাতে জইন কৰিবি। " এইখিনিকে কৈ‌ ছাৰে মা-দেউতাক মাত লগাই সেই দিনালৈ বিদায় ল'লে ।‌

         ছাৰে কোৱামতে কিন্তু পিছদিনা যাব নোৱাৰিলোঁ। ঘৰত এখন চাইকেল । দেউতাকো লাগে । এক সপ্তাহমানৰ ভিতৰত দেউতাই নতুন চাইকেল এখন যোগাৰ কৰি দিলে। হিৰো কম্পেনীৰ । দেউতাৰ বদান্যতাত আৰু নাথ ছাৰৰ আগ্ৰহ , আদেশত এক জুনৰ পৰা এনেদৰে আৰম্ভ হ'ল জীৱনৰ এক অনন্য অধ্যায় । অন্য এক ঠিকনা । শিমলীতোলা ছোৱালী হাইস্কুল (সদ্য প্ৰাদেশীকৃত) ৰ বিজ্ঞান শিক্ষক-অপূৰ্ব ঠাকুৰীয়া।

       নগৰবেৰা হাইস্কুলৰ পৰা অৱসৰ লৈয়ে নাথ ছাৰে শিমলীতোলা অঞ্চলবাসী ৰাইজৰ আগ্ৰহত বিদ্যালয়খনত অবৈতনিক শিক্ষক হিচাপে যোগদান কৰে । ছাৰৰ লগতে শ্ৰদ্ধাৰ হিমানী বাইদেউ, মণিকা বাইদেউ আদিৰ লগত ময়ো যোগ দিয়াত বিদ্যালয়খনৰ শিক্ষক হ'লগৈ পাঁচ গৰাকী । এগৰাকী হিন্দী শিক্ষয়িত্ৰী । ছাৰ হ'ল সকলোৰে জ্যেষ্ঠ আৰু অভিজ্ঞ আৰু মই হʼলো সৰ্বকনিষ্ঠ আৰু অনভিজ্ঞ । তথাপি এক বিশেষ আনন্দ । শিকিছোঁ, শিকাবলৈ, শিকাৰ পৰিৱেশ দিবলৈ যত্ন কৰিছোঁ ।‌ ছাৰে‌ ৰাতিপুৱা প্ৰায় ৭-৩০ বজাতে আমাৰ পদূলি মুখ পায় । ময়ো সাজু হৈ থাকোঁ । ছাৰৰ ঘৰৰ পৰা বিদ্যালয়লৈ ১০ কিলোমিটাৰ দূৰত্ব । আমাৰ পৰা প্ৰায় ৭ কিলোমিটাৰ । সদা দীপ্ত ছাৰে এক বিশেষ গতিৰে চাইকেল চলায় । ময়ো গতিত গতি মিলাই গৈ থাকোঁ । কোনো দুখ নাই , কোনো ভাগৰ নাই । মনত এক বিশেষ প্ৰশান্তি । শিকাৰ আনন্দ, শিকোৱাৰ আনন্দ আৰু এনেদৰে চলি থাকে এচাম সম্ভাৱনাময়ী শিশুক মানুহ কৰাৰ , মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ কচৰৎ ।

        এই আনন্দ বোৰৰ মাজত আৰু এক বিশেষ আনন্দ যোগ হৈছিল যিদিনা মাহৰ শেষত বিদ্যালয় কৰ্তৃপক্ষৰ পৰা শ্ৰদ্ধেয় পাল ছাৰে বেতন (মাননী) হিচাপে তিনিশ টকা মোলৈ আগবঢ়াইছিল । এয়া আছিল মোৰ জীৱনত কৰ্মৰ বিনিময়ত হোৱা প্ৰথম আয়/উপাৰ্জন । এই আয় তুলনা বিহীন । এই আয়েৰে সিদিনা সহকৰ্মী সকলক খুওৱা চাহ-মিঠাই , ঘৰলৈ বুলি মাছ আনি লগে-ভাগে এসাজ খোৱাৰ আনন্দ আছিল অনন্য ।

        বিজ্ঞান শিক্ষক হিচাপে আমাৰ দায়িত্বও আছিল কিছু বেছি । এই দায়িত্ব নিষ্ঠাৰে পালন কৰাৰ ত্ৰুটি ৰখা নাছিলোঁ। তাৰোপৰি বিদ্যালয় খনৰ প্ৰথম বেটচ্ দশম শ্ৰেণীৰ ছাত্ৰী সকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে সেই বছৰতে প্ৰস্তুতি চলাইছিল । আমি পাৰ্যমানে তেওঁলোকক প্ৰস্তুত কৰাৰ চেষ্টা কৰিছিলোঁ । 

        ডিচেম্বৰ মাহত টেষ্ট (পৰীক্ষা) হৈছিল । জানুৱাৰী মাহৰ পৰা ক্লাছবোৰ সেৰেঙা হৈছিল যদিও আমি দশম শ্ৰেণীৰ ছাত্ৰী সকলক বিশেষ ধ্যান দিছিলোঁ । অৱশ্যে ব'হাগ বিহুৰ পিছতে এপ্ৰিলৰ ২০ তাৰিখে আমি শিক্ষকতা জীৱনৰ এই অধ্যায়ৰ সামৰণি পেলাই গুৱাহাটী লৈ ধাপলি মেলিব লগা হৈছিল । ইতিমধ্যে স্নাতকোত্তৰ শ্ৰেণীত আমাৰ নামভৰ্তি হৈছিল আৰু শ্ৰেণীবোৰ আৰম্ভ হৈছিল । শিক্ষকতা জীৱনৰ এই মধুৰ সময়ছোৱাই আজিও আমাৰ হৃদয়ত এক বিশেষ স্থান দখল কৰি আছে । অসংখ্য স্মৃতি বিজড়িত এই সময়ছোৱা আছিল মোৰ বাবে বৰ আপোন । আজিও সেই সজীৱতা মাৰ যোৱা নাই ।। (আগলৈ)

অপূৰ্ব ঠাকুৰীয়া



Post a Comment

0 Comments