header ads

গীতা-উপনিষদত গুৰু চৰ্চা । Assamese Article by Paresh Baishya

 --গীতা-উপনিষদত গুৰু চৰ্চা--


          প্ৰাচীন কালত গুৰুগৃহতহে শিক্ষা লাভৰ ব্যৱস্থা আছিল , এই কথা সৰ্বজনবিদিত । আনকি ভগৱান শ্ৰীকৃষ্ণয়ো সন্দীপন মুনিৰ ওচৰত শিক্ষা লাভ কৰিছিল বুলি প্ৰবাদ আছে । আনকি জগতগুৰু মহাপুৰুষ শংকৰদেৱেও মহেন্দ্ৰ কন্দলিৰ ওচৰত শিক্ষা লাভ কৰিছিল । গুৰুগৃহত যি শিক্ষা দিয়া হৈছিল সেয়া বেদ , উপনিষদ বা গীতা আদিত সন্নিবিষ্ট অমৰ বাণী সমূহৰ আধাৰতেই পৰিচালিত হৈছিল । শিক্ষা লাভৰ অন্তত যাতে শিক্ষাৰ্থীসকলে সকলো ধৰণৰ মানৱীয় গুণৰ দ্বাৰা সমৃদ্ধ হ'ব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল । প্ৰাচীন কালত গুৰুৱে বিদ্যালাভ কৰিবলৈ অহা শিক্ষাৰ্থীসকল কেইটামান বিশেষ গুণৰ অধিকাৰী হোৱাটো বাঞ্ছা কৰিছিল । এই বিষয়ে মুণ্ডক উপনিষদৰ দ্বিতীয় অধ্যায়ৰ ১৩ নম্বৰ শ্লোকত আছে:----

           তস্মৈ স বিদ্যানুপসন্নায় সম্যক প্ৰশান্তচিত্তায় শমান্বিতায় । 

           যেনাক্ষৰং পুৰুষং বেদ সত্য প্ৰোবাচ তাং তত্ত্বাতো ব্ৰহ্মবিদ্যম ।।

           ইয়াৰ পৰা জানিব পাৰি যে প্ৰাচীন কালত বিদ্যা শিকিবলৈ অহা শিক্ষাৰ্থীসকল কেইটামান গুণৰ অধিকাৰী হোৱাটো গুৰুৱে বিচাৰিছিল । গুৰুৱে বিচৰা শিক্ষাৰ্থীসকলৰ থাকিবলগীয়া গুণসমূহ হ'ল: ----শিক্ষাৰ্থীসকল মন বা ইন্দ্ৰিয় সংযমী হ'ব লাগিব ; অধ্যাৱসায়ী হ'ব লাগিব ; ত্যাগ বা বৈৰাগ্যৰ মানসিকতা থাকিব লাগিব ; শিক্ষাৰ্থীৰ একাগ্ৰতা থাকিব লাগিব আৰু শিক্ষাৰ্থীসকল বিশ্বাসী হ'ব লাগিব । প্ৰাচীন কালত গুৰুৱে ভালদৰে উপলদ্ধি কৰিছিল যে খেতিৰ মাটি এডৰা ভাল নহ'লে যিদৰে বীজ ৰোপণ কৰিলেও ভাল ফল পোৱা নাযায় , তেনেদৰে শিক্ষাৰ্থীৰ মানসিক আৰু দৈহিক প্ৰস্তুতি খুবেই প্ৰয়োজন ।

           শ্ৰী মদ্ভাগৱদগীতাৰ ' জ্ঞান যোগ 'ৰ বিভিন্ন শ্লোকত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক বুজনি দিবলৈ প্ৰয়োগ কৰা অমৰ বাণী সমূহতো গুৰু চৰ্চাই স্থান পাইছে । তাত গুৰুমুখী বিদ্যাৰ মাহাত্ম্যৰ বিষয়ে আলোচনাই স্থান পাইছে ।

       তদবিদ্ধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া ।

       উপদেক্ষ্যন্তি তে জ্ঞানং জ্ঞানিনস্তত্ত্বদৰ্শিন।। ৩৪।।

         এই শ্লোকত সুন্দৰ ভাৱে কৈছে যে বিদ্যা গুৰুমুখী হোৱা উচিত । স্বতন্ত্ৰভাৱে কোনোৱে জ্ঞান পুথি পঢ়ি জীৱনত অগ্ৰগতি লাভ কৰিব নোৱাৰে । জ্ঞান লাভৰ বাবে সদ গুৰুৰ আশ্ৰয়ৰ কোনো বিকল্প নাই । আনকি গুৰুৰ প্ৰতি শ্ৰদ্ধাশীল নহ'লেও বিদ্যা বা জ্ঞান লাভ নহয় । আনকি উপনিষদৰ যুগতো শিষ্যসকলে একোছা অৰণি হাতত লৈ গৈ গুৰুকুলৰ আচাৰ্যৰ ওচৰত দণ্ডৱত প্ৰণাম কৰিহে গুৰুকুলত উপনীত হৈছিল । শ্লোকটোত শিক্ষাৰ্থীসকলৰ বাবে বিদ্যা লাভৰ অমোঘ অস্ত্ৰ হিচাপে গুৰুক প্ৰশ্ন সোধাৰ প্ৰয়োজনীয়তাৰ কথাটো উল্লেখ আছে । শিক্ষাৰ্থীয়ে কেৱল বিনীতভাৱে গুৰুৰ বাণী শুনি থাকিলেই নহ'ব , পৰিপ্ৰশ্নৰ দ্বাৰা গুৰুবাণীৰ বা বিষয়বস্তুৰ মৰ্ম উপলব্ধি কৰিব পাৰিব লাগিব । শিক্ষাত গুৰু -শিষ্যৰ মাজত জ্ঞান আৰু জিজ্ঞাসাৰ আদান- প্ৰদানটো যে উত্তম বিধৰ হোৱা উচিত সেই কথাও ইয়াৰ জৰিয়তে উপলব্ধি হয় । আত্মোৎসৰ্গ আৰু সেৱাৰ মনোভাবেৰে শিষ্যই নিজকে সমৰ্পিত কৰি বিদ্যা আহৰণ কৰা উচিত ।

        শিক্ষা প্ৰদানত গুৰুৱে শিষ্যক মাৰ্গ দৰ্শন কৰোৱাবলৈ সামৰ্থ্য হোৱাৰ দক্ষতা অৰ্জন কৰাৰ ওপৰতো গীতাত গুৰুত্ব দিয়া হৈছে । শিক্ষাৰ্থীৰ মনৰ দুৱাৰ খুলি দিব পৰাটোতহে শিক্ষকৰ সফলতা নিৰ্ভৰ কৰে ।

        গীতাৰ 'জ্ঞান যোগ'ৰ ৩৮ নম্বৰ শ্লোকত আছে:---

         নহি জ্ঞানেন সদৃশং পবিত্ৰমিহ বিদ্যতে ।

          তৎ স্বয়ং যোগসংসিদ্ধ: কালেনাত্মনি বিন্দতি।।৩৮।।

           আজিকালিৰ দীক্ষান্ত সমাৰোহৰ দৰে প্ৰাচীন কালত গুৰুগৃহত শিক্ষা অন্ত হোৱাৰ পিছত সমাৱৰ্তনৰ দৰে ব্যৱস্থা কৰা হৈছিল , য'ত গুৰুৱে শিক্ষাৰ্থীসকলক ঘৰলৈ আহি মানিবলগীয়া কৰ্তব্যৰ বিষয়ে সোঁৱৰাই দিয়া হৈছিল । এই বিষয়ে তৈত্তিৰীয় উপনিষদৰ শ্লোক নম্বৰ ১।১১।৪ ত তেনে কিছুমান কৰ্তব্যৰ উল্লেখ আছে । গুৰুৱে শিষ্য সকলক সঁচা কথা কোৱা , সৎ পথত চলা , শাস্ত্ৰ সন্মত কৰ্ম কৰা , আত্মজ্ঞান লাভৰ বাবে যত্নৱান হোৱা , অধ্যয়নৰ পৰা বিৰত নথকা , সুস্থ গাৰ্হস্থ্য জীৱন যাপন কৰা , ন্যায়ৰ পথ মানি চলা , আত্মৰক্ষাৰ ক্ষেত্ৰত অৱহেলা নকৰা আৰু যোগ্যজনক সদায় সন্মান কৰা আদি পৰামৰ্শ মানি চলিবলৈ দিহা দিছিল । আনহাতে সদায় দম্ভ নোহোৱাকৈ , বিনয়ীভাৱে , শ্ৰদ্ধাৰে দান কৰিবলৈ পৰামৰ্শ দিছিল ।


পৰেশ বৈশ্য
লেখকৰ ঠিকনা:

পৰেশ বৈশ্য

 অৱসৰপ্ৰাপ্ত অধ্যক্ষ, দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় ।

হাজো, কামৰূপ।

ফোন : ৯৮৫৯২-৬৩৯৭৩

Post a Comment

0 Comments