header ads

শিক্ষাত শ্ৰৱণ-দৰ্শন সঁজুলি । Assamese Article by Jiyaur Rahman

 শিক্ষাত শ্ৰৱণ-দৰ্শন সঁজুলি---


            আমাৰ বহি:জগতৰ জ্ঞান-অভিজ্ঞতা আহৰণৰ দুৱাৰ খিৰিকি হৈছে জ্ঞানেন্দ্ৰিয় সমূহ । এই ভিন্ন জ্ঞানেন্দ্ৰিয় সমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল চকু দুটা আৰু কাণ দুখন । নিজ চকুৰে দেখি আৰু নিজ কাণেৰে শুনি লাভ কৰা জ্ঞান- অভিজ্ঞতাৰ দৰে নিৰ্ভৰযোগ্য আৰু বিশ্বাসযোগ্য কথা আন একোৱেই হ'ব নোৱাৰে । চকুৰ দৃষ্টি আৰু কাণৰ শব্দ সংবেদনৰ অভিজ্ঞতাই যিকোনো লোককে যিকোনো কথাতে সহজে প্ৰত্যয় নিয়াব পাৰে । সেয়েহে কোৱা হয় , 'দেখিলেহে লেখিম ' ' নেদেখা-নুশুনা কথা ', ' নাভূত-নাশ্ৰুত বিষয় ' । আধুনিক শিক্ষাতো এই কথাৰ উপলব্ধিৰে শিশুৰ শিক্ষাদান প্ৰসংগত শ্ৰৱণ আৰু দৰ্শন অভিজ্ঞতাৰ পূৰ্ণ উপযোগ কৰাৰ ব্যৱস্হা কৰিছে । ইয়াৰ বাবে বিবিধ দৃশ্য-শ্ৰাব্য শিক্ষা সঁজুলিৰ প্ৰয়োগ কৰা হয়।

       আধুনিক শিক্ষা এক উল্লেখযোগ্য পৰিবৰ্তন এয়ে যে ছাত্ৰ-ছাত্ৰী সকলক শিক্ষকে প্ৰত্যক্ষ আৰু মৌখিক ভাৱে শিক্ষা দিয়াৰ পৰিবৰ্তে পৰোক্ষ ভাৱে শিক্ষা সঁজুলিৰ যোগেদিহে শিক্ষাদান কৰা হয় । ইয়াৰ বাবে শিক্ষকে জটিল আৰু দায়িত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লগা হয় । পুৰণি কালত কোনো শিক্ষা সঁজুলিৰ প্ৰয়োগ নাছিল । আনকি পাঠ্যপুথিৰ ব্যৱস্থাও নাছিল । তেতিয়া ছাত্ৰ-ছাত্ৰী সকলে শিক্ষকৰ মৌখিক স্বৰ অনুকৰণ কৰি তাক মুখস্থ কৰি শিক্ষা আহৰণ কৰিব লগা হৈছিল । বৰ্তমান ইয়াৰ দাৰ্শনিক পৰিবৰ্তন সাধন হৈছে । আধুনিক যুগত বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ অগ্ৰগতিয়ে শিক্ষাদানৰ ব্যৱস্থা অধিক উন্নত কৰা দেখা গৈছে । ইয়াৰ বাবে শিক্ষকৰ পূৰ্বৰ মৌখিক শিক্ষাদান ব্যৱস্থাৰ পৰিবৰ্তে চিত্ৰ , মেপ , মডেল , চাৰ্ট , গ্ৰাফ , ফিল্ম , টেলিভিচন , কম্পিউটাৰ আদি উন্নত সা-সঁজুলি প্ৰয়োগ কৰি পাঠদান ব্যৱস্থা কৰা হৈছে । এই ব্যৱস্থাৰ যোগেদি শিক্ষা অধিক কাৰ্যকৰী আৰু শিশুক স্বত:প্ৰণোদিত বিধৰ কৰি তুলিবলৈ চেষ্টা কৰা হৈছে । সেয়েহে আধুনিক শিক্ষাক বহল অৰ্থত শিশুৰ আত্মশিক্ষাৰ ব্যৱস্থা বুলি কব পাৰি । শ্ৰৱণ-দৰ্শন সঁজুলিবোৰৰ প্ৰয়োগে বৰ্তমান শিক্ষকক অধিক দায়িত্বশীল আৰু আত্মসচেতনভাবে ভূমিকা গ্ৰহণৰ বাবেহে প্ৰস্তত কৰি তুলিছে ।

শিক্ষাত শ্ৰৱণ-দৰ্শন সঁজুলি প্ৰয়োগৰ প্ৰয়োজনীয়তা:

১/ শিক্ষা সঁজুলিবোৰৰ যোগেদি সহজে শিক্ষকৰ নিজৰ মনৰ চিন্তা অধিক স্পষ্ট ভাৱে ছাত্ৰ-ছাত্ৰীৰ মাজত দাঙি ধৰিব পাৰে । সেইবাবে এই সঁজুলিবোৰৰ যথোচিত প্ৰয়োগে শিক্ষকৰ শিক্ষাদান কাৰ্যৰ জটিলতা গুচাব পাৰে ।

২/ শ্ৰৱণ-দৰ্শন সঁজুলি প্ৰয়োগৰ ফলত ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ মনৰ ধাৰণা স্পষ্ট কৰি তুলিব পৰা বাবে বিষয়বস্তু অধিক আকৰ্ষণীয় হৈ উঠে ; ফলত তেওঁলোকে মনোযোগ আৰু আগ্ৰহ প্ৰদান কৰিব পাৰে । এনে অৱস্থাত শিক্ষাগ্ৰহণ কাৰ্য স্বত:স্ফূৰ্ত আৰু স্বত:প্ৰণোদিত বিধৰ হৈ উঠিব পাৰে ।

৩/ দৃশ্য-শ্ৰাৱ্য সঁজুলিবোৰে শিক্ষকৰ শিক্ষা বিষয়ৰ স্পষ্ট প্ৰতিৰূপ ছাত্ৰ-ছাত্ৰীৰ মনত জগাই তুলিব পাৰে । ইয়াৰ ফলত তেওঁলোকৰ শিক্ষা অভিজ্ঞতাৰ প্ৰতিৰূপ অধিক সময়ৰ বাবে মনত ধৰি ৰাখিব পাৰে ।

৪/ পাঠ্য বিষয়ৰ কঠিনতাৰ বাবে বহুতো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকলৈ ভয় কৰা দেখা যায় । কিন্তু শিক্ষা সঁজুলিবোৰে শিক্ষাদান ব্যৱস্থা সহজ-সৰল আৰু স্বত:স্ফূৰ্ত বিধৰ কৰি তোলে বাবে ছাত্ৰ-ছাত্ৰী আৰু  শিক্ষকৰ মাজত সহযোগিতা আৰু বুজা পৰা ভাৱ বৃদ্ধি হয় ।

৫/ দৃশ্য-শ্ৰাৱ্য সঁজুলিবোৰে ব্যক্তিক দৰ্শন আৰু  শ্ৰৱণ সম্বন্ধীয় ইন্দ্ৰিয়ানুভূতিৰ প্ৰশিক্ষণ দিব পাৰে । ইয়াৰ ফলত ইন্দ্ৰিয়ানুভূতিৰ যথাৰ্থতা লাভ কৰি উঠি শুদ্ধ আৰু সঠিক জ্ঞান লাভ কৰি উঠাটো সম্ভৱ হ'ব পাৰে । 

৬/ এই সঁজুলিবোৰে ছাত্ৰ-ছাত্ৰীৰ মনত নজনা কথা জানিবলৈ আৰু  নেদেখা বস্তু দেখিবলৈ প্ৰয়োজনীয় মানসিক প্ৰস্তুতিৰ সৃষ্টি কৰে । শিক্ষাত অভিৰোচনৰ সৃষ্টি কৰা শিক্ষকৰ যি প্ৰধান দায়িত্ব তাক এই সঁজুলিবোৰে অতি সহজ সাধ্য কৰি তুলিব পাৰে ।

৭/ শিক্ষা সঁজুলিৰ উপযুক্ত প্ৰয়োগে শ্ৰেণীকক্ষৰ গতানুগতিক আৰু নিয়ন্ত্ৰিত পৰিবেশৰ জড়তা গুচাই শিক্ষা পৰিবেশ স্বত:স্ফূৰ্ত , আনন্দদায়ক আৰু ক্ৰীড়াময় বিধৰ কৰি তুলিব পাৰে । ইয়াৰ ফলত শিক্ষাদান আৰু শিক্ষাগ্ৰহণ কাৰ্য অধিক সজীৱ আৰু  আন্তৰিকতাপূৰ্ণ হৈ উঠে ।

       শ্ৰৱণ-দৰ্শন সঁজুলিবোৰক কেইবাটাও ভাগত ভাগ কৰিব পাৰি । সেই কেইটা হ'ল-

ক) প্ৰত্যক্ষ অভিজ্ঞতা দান কৰা সঁজুলি।

খ) পৰোক্ষ অভিজ্ঞতা দান কৰা সঁজুলি।

গ) সাংকেতিক অভিজ্ঞতা দান কৰা সঁজুলি।

      এক ঐতিহাসিক ঠাই নিজ চকুৰে চাবলৈ যোৱাটো প্ৰত্যক্ষ অভিজ্ঞতাৰ ভিতৰত পৰে । ইয়াত বিষয় বস্তুৰ পৰা ব্যক্তিয়ে প্ৰত্যক্ষ ভাৱে নিজ চকুৰে আৰু  নিজ কাণেৰে অভিজ্ঞতা লাভ কৰে । 

     দ্বিতীয়বিধ অভিজ্ঞতা হৈছে কোনো বস্তু বা বিষয় সম্বন্ধে পৰোক্ষ ভাৱে পোৱা অভিজ্ঞতা । যেনে- মেপ , গ্লোব , মডেল , চিত্ৰ ইত্যাদি । ইয়াত ব্যক্তিয়ে নিজ চকুৰে অভিজ্ঞতা পাব নোৱাৰে হেতুকে তাৰ আৰ্হিৰ পৰা প্ৰত্যক্ষ ভাৱে অভিজ্ঞতা আহৰণৰ চেষ্টা কৰে । 

    তৃতীয়বিধ অভিজ্ঞতা প্ৰত্যক্ষও নহয়, পৰোক্ষও নহয় । ইয়াত চিত্ৰ বা সংকেতৰ যোগেদি এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ পৰা লাভ কৰা অভিজ্ঞতা । যেনে কথিত আৰু লিখিত ব্যৱস্থাৰ যোগেদি শব্দ আৰু সংখ্যাৰ জ্ঞান বিনিময় কৰা ।

   কেইবিধমান জনপ্ৰিয়তা অৰ্জন কৰা দৃশ্য-শ্ৰাৱ্য সঁজুলি হ'ল--------

* ব্লেকবোৰ্ড আৰু চক।

* মেপ আৰু গ্লোব।

* চিত্ৰ আৰু মডেল।

* চিনেমা প্ৰদৰ্শন।

* শিক্ষামূলক ভ্ৰমণ।

শ্ৰৱণ-দৰ্শন সঁজুলিবোৰ প্ৰয়োগৰ নীতি সমূহ-

» ছাত্ৰ-ছাত্ৰীৰ বয়স,মানসিক যোগ্যতা আদিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষকে শিক্ষা সঁজুলিবোৰ প্ৰয়োগ কৰিব লাগে ।

» শিক্ষকে এই সঁজুলিবোৰ শ্ৰেণীত প্ৰয়োগ কৰাৰ পূৰ্বে তাৰ প্ৰয়োজনীয় আঁচনি প্ৰস্তুত কৰি ল'ব লাগে ।

» শিক্ষকে লক্ষ্য ৰাখিব লাগে যে এই সঁজুলিবোৰৰ প্ৰয়োগে তেওঁৰ শিক্ষা নিৰ্দেশনা সহজ সৰল আৰু স্বাভাবিক কৰি তুলিব পাৰে ।

» শ্ৰৱণ-দৰ্শন সঁজুলিবোৰ সম্বন্ধে শিক্ষকৰ কিছু প্ৰায়োগিক অভিজ্ঞতা থকাটো প্ৰয়োজন । শ্ৰেণীত এই সমূহ প্ৰয়োগৰ বেলিকা দেখা দিয়া যান্ত্ৰিক বিজুটি তেওঁ গুচাব পাৰিব লাগিব ।


                          *******

চৈয়দ জিয়াউৰ ৰহমান
লেখকৰ ঠিকনা:

চৈয়দ জিয়াউৰ ৰহমান ।

সহ: শিক্ষক, 

কানিকুছি নিজবড়িগোগ হাইস্কুল ।

শিক্ষাখণ্ড-ৰঙিয়া , কামৰূপ ।

Post a Comment

0 Comments