header ads

প্ৰথা বিনিময়ৰ । Assamese Poem by Nayanmani Das

 ----------প্ৰথা বিনিময়ৰ------------


জোনটিৰ জ্যোতিক পাৰে জানো

নুমুৱাব ডাৱৰে ,

উদ্যমৰ প্ৰাবল্যত টিকে জানো

খন্তেকৰ বিমর্ষতা ?


পোৱাৰ দৌৰত নহয় ,

মন খুলি দিয়াৰ অকৃত্ৰিম আগ্ৰহলৈ

প্ৰাপ্যক বিচৰা ৷


দিলেহে পাবা ,

খুৱালে খাবা ,

মানৱ ধৰ্মৰ এয়াই যে

চিৰন্তন প্ৰথা বিনিময়ৰ ৷

নয়ন মণি  দাস

লেখকৰ ঠিকনা :

✍️ নয়ন মণি দাস

সহকাৰী শিক্ষক

১২৯৩ নং কাৰিগাঁও প্ৰাথমিক বিদ্যালয়

শিক্ষাখণ্ড- ছমৰীয়া, কামৰূপ ।

Post a Comment

0 Comments