header ads

সম্পাদকীয়, ২য় বছৰ ২য় সংখ্যা।

==সম্পাদকীয়==

"The new year stands before us. Like a chapter in a book, waiting to be written."

- Malody Beattie


নতুন বছৰৰ এই নৱ অধ্যায়ত আমি কি লিখিম, সেয়া নিৰ্ভৰ কৰিব আমাৰ কৰ্মৰ বাছনিত, লক্ষ্যৰ দৃঢ়তাত, অধ্যৱসায়ত, সুস্থিৰতাত, সাৱধানতাত । 

গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ নৱবৰ্ষৰ লগতে অসমীয়া বাপতি সাহোন ভোগালী বিহুৰ এই শুভ ক্ষণত জ্ঞানম্ ই-আলোচনীৰ প্ৰতিগৰাকী পঢ়ুৱৈ তথা শুভাকাংক্ষীলৈ অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ । সূৰ্যোদয়ৰ লগে লগে শীতৰ ঘন কুঁৱলী ফালি হ'লেও বাহৰপৰা ওলাই অহা পক্ষীজাকে দিনটোৰ লক্ষ্য বাহতে বান্ধি লোৱাৰ দৰে শীতেও নিজ দায়িত্ব ঠিকে পালন কৰিছে । দিনৰ পিছত দিন, মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ.. প্ৰকৃতিৰ সকলো ঠিকেই আগুৱাইছে । কিন্তু বিভিন্ন ঘাট-প্ৰতিঘাতৰ ফলত, বিশেষকৈ শেহতীয়া কেইটিমান বছৰত যেন আমি (মানৱ জাতিয়ে) বাৰে বাৰে উজুটি খাইছোঁ । সেয়া যিমানে ডাঙৰ সমস্যা নহওঁক, আমি তাৰ বিৰুদ্ধে বিজয়ী হ'বই লাগিব । আমি আগুৱাব লাগিব নতুন উদ্যমেৰে, লক্ষ্য বান্ধিব লাগিব দিগন্তত । বিদ্যালয়বোৰ বাৰে বাৰে বন্ধ ৰাখিব লগীয়া হৈছে । ফলত শৈক্ষিক ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰিছে । এইক্ষেত্ৰত শিক্ষকসকলৰ লগতে সমাজৰ প্ৰতিগৰাকী নাগৰিকৰ কৰণীয় বহুত আছে । এইসকলো সমস্যা, বাধা আমি আমাৰ সন্মিলিত শক্তিৰে নেওচিব লাগিব । আগতে নোহোৱা , নেদেখা এই ব্যতিক্ৰমী সমস্যাবোৰ মোকাবিলা কৰিবলৈ হয়তো আমি হাতত ল'ব লাগিব কিছুমান ব্যতিক্ৰমী পন্থা । ছাত্ৰ-ছাত্ৰীসকলক আমি অকল শ্ৰেণীকোঠাত পাঠভিত্তিক শিক্ষা দিয়াতে সীমাবদ্ধ নাথাকি বিভিন্ন মাধ্যমেৰে বিভিন্ন ধৰণে শিক্ষা দিব পাৰোঁ । আকৌ দৈনিক অবিৰাম গতিত হৈ থকা প্ৰযুক্তিৰ উত্তৰণে আমাক বুজাইছে যে, এই ব্যতিক্ৰমী পন্থাবোৰে ভৱিষ্যত প্ৰজন্মৰ বাবে মূল সমল হ'ব । উদাহৰণস্বৰূপে:- অনলাইন মাধ্যমত পাঠদান, বিভিন্ন প্ৰতিযোগিতা, শিক্ষামূলক তথা বাহ্যিক জ্ঞানবৰ্ধক আলোচনী ইত্যাদি ।

এইবোৰ উদ্দেশ্য আগত ৰাখিয়ে শৈক্ষিক গোট 'জ্ঞানম্', কামৰূপে বিভিন্ন ধৰণে ছাত্ৰ-ছাত্ৰীসকলক কিবা অলপ হ'লেও দিয়াৰ চেষ্টা কৰি আহিছে । আজি চাওঁতে চাওঁতে ডেৰ বছৰৰ ডেওনা অতিক্ৰম কৰা আমাৰ এই গোটটিৰ বিভিন্ন অনুষ্ঠানত ভাগ লোৱা, ই-আলোচনী 'জ্ঞানম্' ত লেখা প্ৰেৰণ কৰা, পঢ়ুৱৈ, শুভাকাংক্ষীসকলে বিভিন্ন দিহা-পৰামৰ্শৰে আমাৰ সহযাত্ৰী হৈ থকা বাবে সকলোলৈ পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ।



 

Post a Comment

0 Comments