header ads

প্ৰতিকূলতা , প্ৰত্যাহ্বান নেওচি এক আশাৰ তিৰ্ বিৰণি- জিলা শিক্ষা বিষয়াৰ সফলতাৰ আন এক অধ্যায় ।

 প্ৰতিকূলতা , প্ৰত্যাহ্বান নেওচি এক আশাৰ তিৰ্ বিৰণি- জিলা শিক্ষা বিষয়াৰ সফলতাৰ আন এক অধ্যায় ---

       কামৰূপ জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলৰ এটি গাৰো সম্প্ৰদায়ৰ লোকৰ বসতি অঞ্চল হ'ল 'গোহালকোণা' । এই 'গোহালকোণা'ই বহুদিনৰপৰা ভুগি থকা আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল বিদ্যালয়সমূহত গাৰোভাষী শিক্ষকৰ অভাৱ । আন মাধ্যমৰ শিক্ষকে গাৰো মাধ্যমত শিক্ষাপ্ৰদান কৰিব নোৱাৰাৰ ফলস্বৰূপে গাৰোমাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলে বহুত অসুবিধাৰ সন্মুখীন হৈ আহিছিল । বহুদিনৰপৰা ভুগি থকা এই সমস্যাৰ অন্ত পেলাবলৈ কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক লগতে জিলা শিক্ষা বিষয়া শ্ৰদ্ধাৰ অপূৰ্ব ঠাকুৰীয়াদেৱৰ বিশেষ প্ৰচেষ্টাত সেই অঞ্চলৰ গাৰো মাধ্যমৰ বিদ্যালয় সমূহত গাৰো মাধ্যমৰ শিক্ষকৰ অভাৱ দূৰ কৰিবলৈ সেই অঞ্চলৰ শিক্ষিত তথা আগ্ৰহী যুৱক- যুৱতী সকলক একগোট কৰি তেওঁলোকে যাতে আগন্তুক টেট্ পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা লাভ কৰিব পাৰে তাৰ বাবে বৈদ্যুতিন মাধ্যমেৰে এটি এমহীয়া প্ৰশিক্ষণ শিবিৰৰ ব্যৱস্থা কৰা হৈছিল । 'গোহালকোণা 'ৰ স্থানীয় ৰাইজৰ অনুৰোধত শিক্ষকৰ এই অভাৱ দূৰ কৰিবলৈ শিক্ষা বিস্তাৰত সদা সচেতন ঠাকুৰীয়াদেৱৰ সহযোগী হিচাপে এই ক্ষেত্ৰত বিভিন্ন পাৰদৰ্শী সমল ব্যক্তিয়ে এই প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন কৰে । প্ৰায় ৪০ গৰাকী শিক্ষাৰ্থীয়ে ভাগ লোৱা এই প্ৰশিক্ষণ শিবিৰ সম্পূৰ্ণ বিনামূলীয়া আছিল । এই প্ৰশিক্ষণ কাৰ্যসূচীত ঠাকুৰীয়াদেৱক সহযোগ আগবঢ়ায় ক্ৰমে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড° প্ৰণৱ শইকীয়া, বিশ্ববিদ্যালয় খনৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপিকা ক্ৰমে ড° অৰ্চনা অধিকাৰী, ড° দেৱজানী দুৱৰা, ড° অৰুণিমা বৰা, ড° ইন্দ্ৰানী কলিতা, ড° দীপাংকৰ মালাকৰ, বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্য, নলবাৰী ডায়েটৰ প্ৰবক্তা গীতিকা দত্ত শৰ্মা, সমগ্ৰ শিক্ষা, অসমৰ ৰাজ্যিক প্ৰালোচক মোজাফ্ফৰ আলী আৰু গলীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গিৰীন্দ্ৰ কাশ্যপে ।

         উল্লেখযোগ্য যে যোৱা তিনি অক্টোবৰত কামৰূপ জিলাৰ গোহালকোণা হাইস্কুলত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভ উদ্ধোধন কৰিছিল কামৰূপৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা কামৰূপৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই । অনুষ্ঠানত শিক্ষাবিদ পৰেশ বৈশ্য, অধ্যাপক ড° প্ৰণৱ শইকীয়া, ড° দীপাংকৰ মালাকাৰে বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল । এই প্ৰশিক্ষণ কাৰ্যসূচীত বিশেষকৈ প্ৰাথমিক বিদ্যালয় আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ বাবে অনুষ্ঠিতব্য টেট্ পৰীক্ষাত অৱতীৰ্ণ হ'ব খোজা সকলে ভাগ লয় । ভৱিষ্যতে উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাবে হ'ব লগা গাৰো মাধ্যমৰ টেট্ পৰীক্ষাত অৱতীৰ্ণ হ'ব খোজা সকলৰ বাবেও এনে প্ৰশিক্ষণ কাৰ্যসূচীৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিব পৰা গৈছে । কামৰূপৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক ডাঙৰীয়াৰ দূৰদৰ্শী প্ৰচেষ্টাৰ বাবে গাৰো সম্প্ৰদায়ৰ লোকসকলে সন্তোষ প্ৰকাশ কৰিছে । এই গোটেই প্ৰক্ৰিয়াৰ আঁত ধৰোঁতা সংগঠক গাঁওখনৰে বাসিন্দা UCO বেংকৰ অৱসৰপ্ৰাপ্ত মুখ্য প্ৰবন্ধক হাৰ্ডিক দি চাংমা দেৱ আৰু এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি টেট্ উত্তীৰ্ণ হোৱা এগৰাকী প্ৰশিক্ষাৰ্থী নকৰাক্কী ডাপ্পিও, মাৰাকৰ লগত এই সফল প্ৰক্ৰিয়াটোৰ বিষয়ে হোৱা জ্ঞানম্ ৰ এটি সাক্ষাৎকাৰ আগবঢ়োৱা হ'ল । লগতে এই সমগ্ৰ প্ৰক্ৰিয়াৰ আঁৰৰ মূল ব্যক্তি শ্ৰদ্ধাৰ কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা জিলা শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়া মহোদয়ে জ্ঞানম্ ৰ আগত ব্যক্ত কৰা নিজৰ অভিজ্ঞতাখিনি সন্নিবিষ্ট কৰা হ'ল :

■ জ্ঞানম্ ৰ প্ৰশ্ন- গাৰো মাধ্যমৰ শিক্ষকৰ অভাৱ পূৰণৰ ক্ষেত্ৰত যি প্ৰশিক্ষণৰ ব্যৱস্থা লোৱা হৈছিল তাৰ আৰম্ভণি কেনেদৰে হৈছিল ?

■ হাৰ্ডিক দি চাংমা দেৱৰ উত্তৰ- ১৯৪৮ চনত স্থাপিত গোহালকোণা হাইস্কুলখন হায়াৰ চেকেণ্ডাৰীলৈ উন্নীতকৰণ আৰু গাৰো মাধ্যমৰ শিক্ষক নোহোৱাত অসুবিধাৰ সৃষ্টি হোৱা বাবে আমি ৰাইজৰ প্ৰতিনিধি হিচাপে ৩ গৰাকী লোকে অপূৰ্ব ঠাকুৰীয়া ছাৰৰ ওচৰলৈ যাওঁ আৰু আমাৰ সমস্যাৰ কথা অৱগত কৰোঁহক । ঠাকুৰীয়া ছাৰে আমাৰ কথাখিনি অতি গুৰুত্বসহকাৰে লয় আৰু কয় যে অন্য মাধ্যমৰ শিক্ষকসকলে যিহেতু গাৰো মাধ্যমত শিক্ষা প্ৰদান কৰাতো অসুবিধা সেয়ে গাৰো মাধ্যমত টেট্ উত্তীৰ্ণৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব । তেওঁ কয় যে আপোনালোকে গোহালকোণা অঞ্চলৰ শিক্ষিত যুৱকসকলক একত্ৰিত কৰক আমি সহায় কৰিম, প্ৰশিক্ষণৰ ব্যৱস্থা কৰিম আৰু মই এদিন গৈ সকলো কথা বুজাই কম । সেইমতে আমি গাঁৱত আহি সকলো কথা বিৱৰি ক'লো আৰু পৰীক্ষাৰ বাবে যোগ্য প্ৰাৰ্থীখিনিক লৈ এটা দল গঠন কৰিলোঁ । তাৰ পিছত ঠাকুৰীয়া ছাৰে লগত এটি শিক্ষাবিদৰ দল লৈ আমাৰ গাঁৱলৈ আহে আৰু প্ৰাৰ্থীসকলক সকলো কথা বুজাই কয় । সেইদিনা সন্ধিয়া প্ৰায় ৭ বজালৈকে আমাৰ গাঁৱত থাকি তেওঁলোকৰ দলটোৰ যথেষ্ট কষ্ট হয় । কিছুদিন পিছত অনলাইন প্ৰশিক্ষণ আৰম্ভ হয় । এনেদৰেই আৰম্ভণি হয় ।

■ জ্ঞানম্ ৰ প্ৰশ্ন- অনলাইন মাধ্যমত কিমান দিন প্ৰশিক্ষণ দিয়া হৈছিল আৰু কিমানজন পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল ?

■ নকৰাক্কী ডাপ্পিও, মাৰাকৰ উত্তৰ- প্ৰায় ১মাহ প্ৰশিক্ষণ দিয়া হৈছিল । সন্ধিয়া ৬ বজাৰপৰা আৰম্ভ হৈছিল প্ৰশিক্ষণ । ইয়াত ৩৩ গৰাকী পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল ।

■ জ্ঞানম্ ৰ প্ৰশ্ন- বৰ্তমান সময়ত এজন শিক্ষাবিষয়া হিচাপে ঠাকুৰীয়া ছাৰৰ কৰ্মৰাজীক আপুনি কেনেদৰে অভিহিত কৰিব ?

■ হাৰ্ডিক দি চাংমা দেৱৰ উত্তৰ- কামৰূপ জিলা শিক্ষাৰ ক্ষেত্ৰত বহুদূৰ আগুৱাই যাবলৈ সক্ষম হ'ব ।

■ জ্ঞানম্ ৰ প্ৰশ্ন- প্ৰশিক্ষণকাৰ্যৰ বাবে কিবা খৰচ হৈছিল নেকি ?

■ হাৰ্ডিক দি চাংমা দেৱৰ উত্তৰ- ঠাকুৰীয়া ছাৰৰ নিচিনা ব্যক্তি আগতে পোৱা নাই । তেওঁৰ নেতৃত্বত শিক্ষাৰ ক্ষেত্ৰখন বহুত আগুৱাই যাব বুলি বিশ্বাস । আমাৰ গাঁৱৰ মানুহে বহুত ভাল পাইছে তেখেতক । আমি এটকাও খৰচ কৰিবলগীয়া হোৱা নাই । আমাৰ গাঁৱৰ ৰাইজে মৰমতে খেতিৰ কিবা বস্তু দিবলৈ ইমান জোৰ কৰা স্বত্তেও তেওঁ কোনোদিনে নিয়া নাই । আমাৰ প্ৰশিক্ষাৰ্থীসকলে সম্পূৰ্ণ বিনামূলীয়াভাৱে উন্নত মানৰ প্ৰশিক্ষণ পাইছে আৰু ভাল ফলাফল পাইছে ।

■ জ্ঞানম্ ৰ প্ৰশ্ন- গাৰো মাধ্যমত শিক্ষকৰ অভাৱ হোৱাত কি কি অসুবিধাৰ সৃষ্টি হৈছিল ?

■ হাৰ্ডিক দি চাংমা দেৱৰ উত্তৰ- দুখীয়া ল'ৰা ছোৱালীয়ে ডনবক্স স্কুলত নামভৰ্তি কৰিব নোৱাৰে আৰু মাধ্যমৰ সমস্যাৰ বাবে বিদ্যালয়তো ভাল শিক্ষা ল'ব নোৱাৰে । তাৰ ফলত মেঘালয়লৈ ছাত্ৰ-ছাত্ৰীসকল পঢ়িবলৈ যাবলগীয়া হৈছিল যিটো আমাৰ বাবে বহুত কষ্টকৰ হয় ।


       শ্ৰদ্ধাৰ ঠাকুৰীয়া মহোদয়ে জ্ঞানম্ ৰ আগত ব্যক্ত কৰা তেখেতৰ অভিজ্ঞতাখিনি এনেধৰণৰ-----

■ জ্ঞানম্ ৰ প্ৰশ্ন- চাৰ, এই সফল প্ৰশিক্ষণ কাৰ্যসূচীটোৰ সম্পৰ্কত আপোনাৰ অভিজ্ঞতাখিনি আমাক জনালে সুখী হম ।

■ ঠাকুৰীয়া মহোদয়ৰ উত্তৰ- প্ৰথম কথা হ'ল অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলখিনিত পৰ্যাপ্ত শিক্ষকৰ এটা অভাৱ আছে । আওহতীয়া হোৱা বাবে তেনে ঠাইবোৰত দূৰৰ শিক্ষক যাবলৈ টান পায় । যিহেতু গাৰো মাধ্যমৰ বিদ্যালয়ত শিক্ষাদান কৰিবলৈ গাৰোভাষী শিক্ষকৰে প্ৰয়োজন সেইকাৰণে তাত শিক্ষকৰ অভাৱ এটা থাকি গৈছে । মূলতঃ ছয়গাঁও, বকো আৰু ৰাণী ব্লকৰ সীমান্ত অঞ্চলত ৭২ খন বিদ্যালয় আছে য'ত মাত্ৰ ১১৫ গৰাকী শিক্ষক আছে । তাত বেছিভাগ এজনীয়া বা কিছু সংখ্যকত দুজনীয়া শিক্ষকেৰে বিদ্যালয়সমূহ চলি আছে । সেই অঞ্চলবোৰত গাৰো মাধ্যমত পঢ়া শিক্ষিত যুৱক-যুৱতী আছে যদিও তেওঁলোকে প্ৰতিযোগিতা মূলক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ মনোবল পাব পৰা কোনো পৰিৱেশ নাপায়, সেয়াও তাত শিক্ষকৰ অভাৱ হোৱাৰ এটা কাৰণ । মোৰ মনত আগৰ পৰাই এটা চিন্তা আছিল যে কেনেকৈ সেই অঞ্চলবোৰত শিক্ষকৰ অভাৱ দূৰ কৰিব পৰা যায় , পিছত যেতিয়া গোহালকোণাৰ স্থানীয় সজাতি দলটো আহি মোক কথাখিনি ক'লে তেতিয়া মই তেওঁলোকক অনুৰোধ কৰিলোঁ যাতে তেওঁলোকে সেই অঞ্চলৰ শিক্ষিত যুৱক-যুৱতী সকলক লৈ এটা গোট গঠন কৰে । তাৰপিছত সেইমতে অক্টোবৰ মাহত মই লগত এটি শৈক্ষিক গোট লৈ তালৈ গৈ গোটেই পৰিকল্পনাখিনি কৰিছিলোঁ । আগ্ৰহী শিক্ষিত যুৱক-যুৱতীৰ গোটৰ সকলোৰে হোৱাটছ্ এপ নম্বৰ সংগ্ৰহ কৰি আমি অনলাইন মাধ্যমত প্ৰশিক্ষণৰ সমল, লগতে তেওঁলোকৰ মনত আত্মবিশ্বাস জাগ্ৰত কৰিবলৈ প্ৰেৰণামূলক বাৰ্তা ভিডিঅ', অদিঅʼ আদিৰ ৰূপত তেওঁলোকক যোগান ধৰিছিলোঁ । প্ৰতিদিনে সন্ধিয়া সময়ত আমি দুটাকৈ শ্ৰেণী আগবাঢ়িছিলোঁ আৰু এই গোটেই প্ৰক্ৰিয়াটোত মই প্ৰতিদিনে জড়িত আছিলোঁ । তেনেদৰে আমি ১৩ গৰাকী গাৰো মাধ্যমৰ টেট্ উত্তীৰ্ণ প্ৰাৰ্থী পাবলৈ সক্ষম হʼলোঁ, যিটো আমাৰ বাবে খুবেই ভাল লগা বিষয়, আমাৰ কষ্টখিনি সাৰ্থক হোৱা বুলি ভাবিছোঁ ।

■ জ্ঞানম্ ৰ প্ৰশ্ন- হয় চাৰ, আমি তাৰ টেট্ উত্তীৰ্ণ এগৰাকী প্ৰশিক্ষাৰ্থী নকৰাক্কী ডাপ্পিও, মাৰাকৰ লগত কথা পাতিছিলোঁ । তেওঁ কৈছে যে তেওঁলোক অকল পৰীক্ষাত সফল হৈছে সেয়াই নহয় , আপোনাৰ সান্নিধ্যত তেওঁলোকে যিখিনি পালে সেইখিনিৰে এতিয়া তেওঁলোকে পিছৰ প্ৰজন্মকো বাট দেখুৱাই নিব পাৰিব বুলি বিশ্বাস হৈছে ।

 ■ ঠাকুৰীয়া মহোদয়ৰ উত্তৰ- হয়, সেইটোৱে আচলতে আমাৰ সফলতা । আমি প্ৰায়ে কিছুমান ক্ষেত্ৰত কিছুমান উন্নয়নমূলক পদক্ষেপ লওঁ, যিয়ে এটা পৰ্যায় পোৱা পিছত ৰৈ যায় । কিন্তু মই ভাবোঁ যদি আমি এটা প্ৰজন্মক লগত লৈ তেওঁলোকৰ মাজত সেইখিনি সোমাই দিব পাৰোঁ, তেতিয়া তেওঁলোকে পিছৰ প্ৰজন্মক আগুৱাই লৈ যাব আৰু এই ধাৰা অব্যাহত হ'ব । প্ৰকৃতাৰ্থত গোহালকোণাৰ ৰাইজৰ প্ৰশাসনৰ লগত সংযোগ টনকিয়াল হোৱাটো খুবেই প্ৰয়োজন আছিল ।

       উত্তীৰ্ণ প্ৰাৰ্থী সকলক মাননীয় শিক্ষামন্ত্ৰী মহোদয়, উপায়ুক্ত মহোদয়, বিধায়িকা মহোদয়া আদি উপস্থিত থাকি সম্বৰ্ধনা জনোৱা হ'ল, মই ভাবোঁ এয়াও অন্য এক সফল পদক্ষেপৰূপে চিহ্নিত হৈ ৰʼব, যিয়ে সেই ভিতৰুৱা অঞ্চলৰ বাসিন্দা সকলৰ বাবে সুদূৰ পৰাহত থকা প্ৰশাসন ব্যৱস্থাক ওচৰ চপোৱাত সহায় কৰিব ।


যুগুতালে:

নৱ কুমাৰ নাথ,

নয়ন মণি দাস ।

সদস্য, 'জ্ঞানম্', কামৰূপ ।

Post a Comment

1 Comments

  1. It is a great achievement indeed. Thanks and gratitude to Apurba Thakuria Sir.

    ReplyDelete