header ads

তত্বাৱধায়িকাৰ একলম।

 তত্বাৱধায়িকাৰ একলম …


‘ শিল্পী মই তিনিওকালৰ - অতীত , বৰ্তমান আৰু অনাগত ভৱিষ্যতৰ’- জ্যোতিপ্ৰসাদ আগৰৱালা ।

পোনতে ১৭ জানুৱাৰী , ২০২২ ইং তাৰিখে শিল্পী দিৱস উপলক্ষে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক শৈক্ষিক গোট জ্ঞানম , কামৰূপৰ তৰফৰ পৰা যাচিছোঁ সশ্ৰদ্ধ প্ৰণিপাত । ৰূপকোঁৱৰখ্যাত জ্যোতিপ্ৰসাদ আগৰৱালা আছিল একেধাৰে এগৰাকী নাট্যকাৰ , কবি , সাহিত্যিক , সংগীতজ্ঞ , বোলছবি নিৰ্মাতা আৰু সংগ্ৰামী ৰাজনীতিজ্ঞ । তেখেতৰ সাংস্কৃতিক চেতনা তথা অসমীয়া সাংস্কৃতিক জগতখনলৈ আগবঢ়োৱা অনবদ্য অৱদানে অসমৰ সমাজজীৱনত এক আমূল পৰিবৰ্তন সাধন কৰিছে । আধুনিক অসমীয়া সংগীতৰ এক বিশেষ ধাৰা প্ৰৱৰ্তন কৰি তেখেতে অসমীয়া সংগীতজগতলৈ এক অনবদ্য অৱদান আগবঢ়াই গৈছে ৷ তেখেত আছিল প্ৰথম অসমীয়া বোলছবি ‘জয়মতী’ৰো নিৰ্মাতা ৷' হে অসমীয়াৰ বুকুৰ আপোন , হিয়াৰ আমঠু – তোমাক আমি শ্ৰদ্ধাৰে সুুৱৰিছোঁ ।

তত্বাবধায়কৰ কলমত এই সংখ্যাত কামৰূপ জিলাৰ মেঘালয় সীমান্তৱৰ্তী গড়ভাঙাৰ শৈক্ষিক পৰিবেশৰ বিষয়ে চমু অৱলোকন আপোনালোকলৈ আগবঢ়াইছোঁ ।


গড়ভাঙা:

    আধুনিক যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত বৰ্তমান যুগতো অতি পিছপৰা গুৱাহাটী মহানগৰীৰ নিকটৱৰ্তী এখন গাঁও , নাম গড়ভাঙা । গড়ভাঙা ঠাইখন ৰাণী শিক্ষা খণ্ডৰ অন্তৰ্গত আওহতীয়া পাহাৰীয়া , অতি দুৰ্গম , অসম - মেঘালয় সীমান্তৱৰ্তী এলেকাত অৱস্থিত । এতিয়াও বাহিৰৰ পৃথিৱীৰ পৰা বিচ্ছিন্ন বুলি ক’ব পৰা অথচ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ মনোমহা পৰিবেশ সমৃদ্ধ গড়ভাঙা গুৱাহাটীৰ লখৰাৰ পৰা মাত্ৰ ১৬ কি.মি. দূৰত্বত অৱস্থিত যদিও এই গাঁওখনলৈ যাবলৈ লখৰাৰ পৰা সময় লাগে প্ৰায় ২/৩ ঘণ্টা বা কেতিয়াবা তাতোকৈও বেছি । গুৱাহাটীৰ লখৰাৰ পৰা এই গাঁওখনলৈ যাবলৈ ব্যৱহাৰ হোৱা পাহাৰীয়া জৰাজীৰ্ণ পথচোৱা শেহতীয়াকৈ চিমেণ্টৰ ব্ল’কেৰে পকী কৰি থকা হৈছে ।

       গড়ভাঙা অঞ্চলটোত মাত্ৰ দুই তিনিখন প্ৰাথমিক বিদ্যালয়ৰ বাহিৰে কোনো উচ্চ-প্ৰাথমিক বিদ্যালয় নথকা বাবে ৫ম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলে আধাতে পঢ়া সামৰিবলগীয়া হয় আৰু ছোৱালীবোৰক তেনেই কম বয়সতে বিয়া দিয়া হয় । গড়ভাঙা প্ৰাথমিক বিদ্যালয় আৰু ৰংমালী প্ৰাথমিক বিদ্যালয় -গড়ভাঙা অঞ্চলৰ দুখন উল্লেখযোগ্য প্ৰাথমিক বিদ্যালয় ৷ কোনো উচ্চ-প্ৰাথমিক বিদ্যালয় নথকাৰ বাবে বহু ছাত্ৰ-ছাত্ৰী শিক্ষা গ্ৰহণৰ বাবে লখৰালৈ আহিবলগীয়া হয় । কিছু সংখ্যক অভিভাৱকে গুৱাহাটীৰ লখৰাত ভাড়া ঘৰত থাকি নিজৰ সন্তানক উচ্চ-প্ৰাথমিক বিদ্যালয়ত পঢ়া-শুনা কৰোৱায়। উচ্চশিক্ষা ব্যৱস্থাই এতিয়াও ঢুকি পোৱা নাই এই অঞ্চলটোক । অভিভাৱকসকল খেতি-বাতিৰ ওপৰত নিৰ্ভৰশীল আৰু আৰ্থিকভাৱে স্বচ্ছল নোহোৱা হেতুকে উচ্চ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত অপাৰগ হোৱা পৰিলক্ষিত হয় । শেহতীয়াকৈ জানিব পাৰিছোঁ যে গড়ভাঙা প্ৰাথমিক বিদ্যালয়খনক গড়ভাঙা মধ্য ইংৰাজী বিদ্যালয় আৰু ৰংমালী প্ৰাথমিক বিদ্যালয়ক ৰংমালী মধ্য ইংৰাজী বিদ্যালয়লৈ উন্নীতকৰণৰ বাবে চৰকাৰে অনুমোদন দিছে । চৰকাৰৰ এই পদক্ষেপত সমগ্ৰ গড়ভাঙাবাসীৰ লগতে শৈক্ষিক গোট জ্ঞানম,কামৰূপো যথেষ্ট আনন্দিত হৈছে । এয়া কামৰূপৰ শৈক্ষিক ক্ষেত্ৰখনৰ বাবে এক সুখৰ বাৰ্তা ।

       বহুদিনৰে পৰা এই গড়ভাঙা অঞ্চলটোলৈ যোৱাৰ বাবে মনত এক হেঁপাহ পুহি ৰাখিছিলোঁ । তাত থকা বিদ্যালয়বোৰৰ শৈক্ষিক পৰিবেশৰ উন্নয়ন , ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক তথা সহ:বিদ্যায়তনিক দিশৰ অগ্ৰগতিৰ নিৰীক্ষণৰ লগতে এই ক্ষেত্ৰত প্ৰয়োজনীয় সমৰ্থন আগবঢ়োৱা , বিদ্যালয়ত সমাজৰ অংশগ্ৰহণ আদিৰ এক বিভাগীয় দায়িত্ব আমাক প্ৰদান কৰা হৈছে যদিও গড়ভাঙা , জালুকপাহাম , ৰংমালী আদি ঠাইবোৰ যাতায়াতৰ কোনো সু-ব্যৱস্থা নথকা আওহতীয়া অতি দূৰ্গম পাহাৰীয়া অঞ্চল , হাতী বা আন জীৱ-জন্তুৰ পৰাও নিৰাপদ নহয় বুলিয়ে বিভাগীয়ভাৱেও যোৱাৰ অনুমোদন নোপোৱা আদি কাৰণবশত: যোৱাৰ সুযোগ পোৱা নাছিলোঁ ।

       যোৱা ইং ১৩/৩/২০২১ তাৰিখে ৰাণী শিক্ষাখণ্ডৰ অন্তৰ্গত গড়ভাঙা প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত সমগ্ৰ শিক্ষা , কামৰূপৰ উদ্যোগত অনুষ্ঠিত 'সামূহিক উৎসৱ’ৰ বিভিন্ন কাৰ্যসূচী পালন উপলক্ষে আয়োজিত এক বাৰেৰহণীয়া অনুষ্ঠানৰ মুখ্য অতিথি , অসম চৰকাৰৰ শিক্ষা বিভাগৰ সন্মানীয় প্ৰধান সচিব তথা সমগ্ৰ শিক্ষা , অসমৰ মিছন সঞ্চালক বি.কল্যাণ চক্ৰৱৰ্তী মহোদয়ৰ অংশগ্ৰহণ আৰু 'জ্ঞানম্’ আলোচনীৰ ১ম বৰ্ষৰ ৪ৰ্থ সংখ্যাটো উন্মোচন কাৰ্যসূচীৰ বাবে সমন্বয়কৰ দায়িত্ব বিভাগীয়ভাৱে আমাক অৰ্পণ কৰা হেতুকে তাৰ দুদিন আগতে অৰ্থাৎ যোৱাা ইং ১১/০৩/২০২১ তাৰিখে যাৱতীয় আয়োজনৰ নিমিত্তে ৰাণী শিক্ষাখণ্ডৰ শিক্ষা বিষয়া-কৰ্মচাৰীৰ লগত এই অঞ্চলটোলৈ যোৱাৰ সুযোগ পাওঁ । সেইদিনা যাত্ৰাপথৰ পথ-প্ৰদৰ্শক হিচাপে আমি লগ পাইছিলোঁ এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীযুত ৰজত চন্দ্ৰ কাথাৰদেৱক ৷ তেখেতৰ ঘৰ কামৰূপ মহানগৰ জিলাৰ লখৰা, গুৱাহাটীত । আহকচোন তেখেতৰ কৰ্মজীৱনৰ অভিজ্ঞতা তথা গড়ভাঙাৰ শৈক্ষিক পৰিবেশৰ বিষয়ে তেখেতৰ পৰাই জ্ঞাত হওঁ কিছু কথা --

       বিদ্যালয়খন প্ৰাদেশীকৃত হোৱাৰ পিছতে শিক্ষক সকল বদলি হৈ ভৈয়ামৰ বিদ্যালয়লৈ যায় । যাতায়াতৰ কোনো সুব্যৱস্থা নথকা আওহতীয়া দুৰ্গম পাহাৰীয়া অঞ্চল হোৱা হেতুকে কোনো শিক্ষকে তাত চাকৰি কৰিব নগৈছিল ।

      সেইবাবে স্থানীয় ৰাইজে ৰজত চন্দ্ৰ কাথাৰ দেৱক সহ:শিক্ষকৰ দায়িত্ব ল’বলৈ অনুৰোধ কৰাত তেখেতে ইং ১৯৮৪ চনত সহ:শিক্ষক হিচাপে যোগদান কৰে । মালাৰাম ৰাভা মহোদয়ক তেখেতে প্ৰধান শিক্ষক হিচাপে এবছৰ পোৱাৰ পিছত তেখেত গুচি যায় । যিহেতু ৰাইজেহে তেখেতক ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদানৰ বাবে নিয়োগ কৰিছিল , সেয়ে তেখেতে চৰকাৰৰ পৰা বহু দিনলৈ কোনো বেতন পোৱা নাছিল । ৰাইজৰ ফালৰ পৰা তিনিমাহৰ অন্তত অলপ মাননি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল যদিও মানুহবোৰ আৰ্থিক ভাৱে দুৰ্বল হোৱা হেতুকে এই মাননিও নিয়মীয়া নাছিল । তথাপিও কাথাৰ মহোদয়ে প্ৰায় ৪ বছৰকাল বিনা বেতনে শিক্ষকতাৰ দায়িত্ব পালন কৰিছিল অতি নিষ্ঠাৰে । অৱশেষত ইং ১৯৮৮ চনত অসম চৰকাৰে তেখেতৰ চাকৰি নিয়মীয়াকৰণৰ ব্যৱস্থা কৰে ৷ সেই সময়ত বিদ্যালয়খনত মুঠ ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পাঠ গ্ৰহণ কৰি আছিল ।

         প্ৰথম অৱস্থাত তেখেতে বহুদিন খোজকাঢ়ি বিদ্যালয়লৈ অহা-যোৱা কৰিছিল । ৰাতিপুৱা ৭ বজাত ঘৰৰ পৰা খোজ কাঢ়িবলৈ আৰম্ভ কৰি প্ৰায় ১০ বজাত বিদ্যালয় পাইছিল আৰু ২ বজাত গড়ভাঙাৰ পৰা ঘৰলৈ উভতি আহি প্ৰায় ৫ বজাত লখৰাস্থিত ঘৰত উপস্থিত হৈছিলহি । প্ৰতিদিনে ৫/৬ ঘণ্টা খোজ কাঢ়ি অহা-যোৱা কৰা বহু কষ্টকৰ আছিল যদিও ঘৰ আৰু ছাত্ৰ-ছাত্ৰীৰ কথা চিন্তা কৰি পাঠদানৰ দয়িত্ব পালন কৰিবলৈ চেষ্টা কৰিছিল তেখেতে ৷ এনেদৰে কিছুদিন যোৱাৰ পিছত ৰাইজৰ অনুৰোধত ৰাইজে বিদ্যালয় চৌহদত সাজি দিয়া ঘৰ এটাত তেখেত থাকিবলৈ লৈছিল আৰু প্ৰথমে ৰাইজে খোৱাৰ সুবিধাও কৰি দিছিল। দুবছৰ এজনীয়া শিক্ষক হিচাপে শিক্ষকতা কৰাৰ পিছত ইং ১৯৮৬ চনত আন এগৰাকী শিক্ষকে যোগদান কৰে উক্ত বিদ্যালয়ত । শিক্ষাৰ ক্ষেত্ৰত তেনেই অনগ্ৰসৰ এই অঞ্চলটোৰ উন্নয়নৰ বাবে তেখেতে দেহে-কেহে লাগিছিল ৷ ছাত্ৰ-ছাত্ৰীসকল অনিয়মীয়া হ’লে তেখেতে ঘৰলৈ গৈ বুজ লৈছিল আৰু নিয়মীয়াকৈ অহাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। ছোৱালীবোৰক তেনেই কম বয়সতে বিয়া দিয়া কথাটোৱে তেখেতক বহু মনোকষ্ট দিছিল বাবে তেখেতে সঘনাই ঘৰে ঘৰে গৈ শিক্ষাৰ মূল্যৰ বিষয়ে অভিভাৱকসকলক বুজাইছিল। ফলশ্ৰুতিত কিছু সংখ্যক অভিভাৱকে গুৱাহাটীৰ লখৰাত ভাড়া ঘৰত থাকি লৈ উচ্চ প্ৰাথমিক বিদ্যালয়ত সন্তানক পঢ়া-শুনা কৰোৱাইছিল ।

       ৰজত চন্দ্ৰ কাথাৰ মহোদয় আছিল এগৰাকী সাহসী ব্যক্তি । তেখেতে পাহাৰীয়া লুংলুঙীয়া ৰাস্তাৰে গৈ থাকোতে বহুত দিন বনৰীয়া হাতী , বাঘ , ভালুক আদিৰ মুখামুখী হৈছিল । হাতীয়ে প্ৰায়ে ৰাস্তা এৰি নিদিছিল ৷ আনকি বহু সময় ৰৈ থাকিহে ৰাস্তা পাৰ হ’বলগীয়া হোৱাৰ উদাহৰণো আছে । লাহে লাহে ৰাইজে ৰাস্তাবোৰ অলপ মেৰামতি কৰাৰ পিছত সৰু গাড়ী , মটৰচাইকেল আদি যাব পৰা হোৱাত কাথাৰ মহোদয়ে এখন মটৰ চাইকেল কিনি লয় আৰু সেইখনেৰে লখৰাৰ পৰা মাজে সময়ে অহা-যোৱা কৰিছিল । এই ঠাইখনলৈ বৰ্তমান গাড়ীৰে অহা-যোৱা কৰিবলৈ চৰকাৰে ৰাস্তাৰ সু-ব্যৱস্থা কৰি দিছে যদিও গাড়ীৰে যাওঁতে প্ৰায় একৰ পৰা ডেৰ ঘণ্টা সময়ৰ প্ৰয়োজন হয় । তাহানিৰ তুলনাত বহুগুণে সুচল হৈছে বৰ্তমানৰ যাতায়াত ব্যৱস্থা । এতিয়াও যানবাহন ভাড়া কৰিহে যাতায়াত কৰা হয় , কোনো শ্বেয়াৰ টেস্কি অথবা চৰকাৰী বাহন নাযায় বাবে বহুত মানুহ খোজ কাঢ়িয়ে অহা-যোৱা কৰে ।

       ইং ২০১৯ চনত তেখেতে প্ৰধান শিক্ষকৰ দায়িত্বত থাকিয়ে অৱসৰ গ্ৰহণ কৰে যদিও এতিয়াও গড়ভাঙা প্ৰাথমিক বিদ্যালয়ৰ লগতে ৰাইজৰ লগতো যোগাযোগ অব্যাহত ৰাখিছে । তেখেতক এতিয়াও গড়ভাঙা গাঁওবাসীয়ে এগৰাকী অভিভাৱকৰ দৰে ভাৱে আৰু প্ৰতিটো উন্নয়নমূলক কামত তেখেতৰ সহযোগ বিচাৰি আহিছে ।

      গড়ভাঙা অঞ্চলৰ বাসিন্দাসকল মূলতঃ কাৰ্বি জনজাতি আৰু তেওঁলোকৰ মাতৃভাষা কাৰ্বি হোৱা হেতুকে অসমীয়া ভাষিক শিক্ষকৰ বাবে ছাত্ৰ-ছাত্ৰীক পাঠদানত ভাষাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয় যদিও ওপৰৰ শ্ৰেণী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সহায়ত পাঠদান চলোৱাৰ ব্যৱস্থা কৰা হয় । অৱশ্যে শিক্ষকসকলে কাৰ্বি ভাষা শিকি হ’লেও পাঠদান কৰা পৰিলক্ষিত হয়।

        আমি যেতিয়া সামূহিক উৎসৱত অংশগ্ৰহণ কৰা অভিভাৱক সকলৰ লগত কথা পাতিব বিচাৰিছিলোঁ , তেতিয়া আমাৰ লগত মত বিনিময়ৰ ক্ষেত্ৰত ভাষাৰ বাবে অসুবিধা হৈছিল । অৱশ্যে সেই সময়ত ৰজত কাথাৰ আৰু বৰ্তমানৰ প্ৰধান শিক্ষক সত্যৰাম বড়ো মহোদয়ে দোভাষীৰ ভূমিকা গ্ৰহণ কৰি আমাক কথা পাতিবলৈ সহায় কৰিছিল । ছাত্ৰ-ছাত্ৰী সকলেও কথা পাতিব সংকোচবোধ কৰে । পৰম্পৰাগত কৃষ্টি- সাংস্কৃতিত ছাত্ৰ-ছাত্ৰীসকল অকল পাৰ্গতেই নহয় আগ্ৰহীও । সামূহিক উৎসৱৰ বিভিন্ন কাৰ্যসূচীত তেওঁলোকে সংকোচ আৰু দ্বিধাহীনভাৱে অংশগ্ৰহণ কৰা প্ৰত্যক্ষ কৰিছিলোঁ আমি ৷ ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰ স্থানীয় নৃত্য প্ৰদৰ্শন কৰি ৰাইজ তথা উপস্থিত বিষয়া - কৰ্মচাৰীক মোহিত কৰে । তেওঁলোকে খেল-ধেমালি প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰি আনন্দ উপভোগ কৰে । তাৰোপৰি শৈক্ষিক গোট , জ্ঞানম্ ৰ সদস্যা তথা শিক্ষয়িত্ৰী মনবিনী দাসে ‘মা আমি শদিয়ালৈ যামেই…’ শীৰ্ষক গীতটো গাই তেওঁঁলোকক আমোদ দিয়ে ৷

        সেইদিনা তালৈ যাওঁতে প্ৰাকৃতিক সৌন্দৰ্যৰে সমৃদ্ধ গড়ভাঙাৰ পৰিবেশ দেখি আমি সঁচাকৈ খুব আনন্দিত হৈছিলোঁ । কামৰূপ আৰু মেঘালয়ৰ সীমান্তত অৱস্থিত গড়ভাঙাৰ জনবসতি বহুত পাতল আৰু তেওঁলোকে ওখ টিলা একোটাত ঘৰবোৰ সাজিছে। এঘৰ মানুহৰ পৰা আন এঘৰলৈ যাবলৈ প্ৰায় ৯/১০ মিনিট সময় লাগে । ওখ টিলাৰ মাজে মাজে অসংখ্য গছ-গছনিৰ অপৰূপ সৌন্দৰ্য বিৰাজ কৰা অঞ্চলটোত এক শৈক্ষিক পৰিবেশ গঠনৰ প্ৰয়োজন বাৰুকৈয়ে আছে । ছাত্ৰ-ছাত্ৰীসকলে প্ৰাথমিক শিক্ষা সাং কৰাৰ পাছতে দুই এগৰাকীৰ বাহিৰে বেছি সংখ্যকে শিক্ষা জীৱনৰ সামৰণি পেলায় । তাত বসবাস কৰা গুৱাহাটীৰ গাতে লাগি থকা অথচ বেছি সংখ্যক লোক এতিয়াও চহৰীয়া সভ্যতাৰ পোহৰ পাবলৈ বাকী থকা , আৰ্থিক অনাতনত জৰ্জৰিত , যাতায়াতৰ দুৰৱস্থা বিশেষকৈ শিক্ষা-দীক্ষাত পিছপৰা গড়ভাঙাবাসীৰ কষ্টদায়ক জীৱন-যাপনৰ কৌশলৰ কথা ভাৱিলে মন গধুৰ হয় । উপযুক্ত চিকিৎসাসেৱাৰ অভাৱে শিশুৰ পৰা বৃদ্ধলৈ স্বাস্থ্যজনিত সমস্যাত ভোগাৰ লগতে অকাল মৃত্যুকো সাবতিবলগীয়া হোৱা পৰিলক্ষিত হয় । অভিভাৱক সকলৰ স্বাস্থ্য , পুষ্টি , পৰিষ্কাৰ পৰিচ্ছন্নতা বিষয়ক সজাগতাৰ অভাৱো শিশুসকলৰ শৈক্ষিক অগ্ৰগতিত বাধাৰ এক কাৰণ হ’ব পাৰে বুলি সহজে অনুধাৱন কৰিব পাৰি ।

       কোৱা বাহুল্য যে এনেবোৰ সমস্যাই বিশেষকৈ শিক্ষাৰ অনগ্ৰসৰতাই একোটা অঞ্চলৰ সৰ্বদিশৰ উন্নতি স্থবিৰ কৰে। যেনেদৰে যাতায়াত ব্যৱস্থা নাথাকিলে আৰ্থ –সমাজিক উন্নয়নৰ গতি স্থবিৰ হয় ঠিক তেনেদৰে উচ্চ শিক্ষাৰ অনুষ্ঠান অবিহনে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক অগ্ৰগতিও সম্ভৱ নহয় । সেয়ে উচ্চশিক্ষাৰ অনুষ্ঠানৰ ক্ষেত্ৰত চৰকাৰে সুবিধা প্ৰদান কৰিলেহে তাত চলি থকা বিভিন্ন সমস্যাৰ লগতে শিক্ষক নিযুক্তিৰ সমস্যা লাঘৱ আৰু উপযুক্ত শৈক্ষিক পৰিবেশ সৃষ্টি হ'ব বুলি অনুধাৱন কৰিব পাৰি । অকল চৰকাৰেই নহয় শৈক্ষিক পৰিবেশৰ গঠনত সমাজৰ শিক্ষা সচেতন ব্যক্তিসকলেও অৰিহণা যোগাব লাগিব । দেশৰ ধৰণীস্বৰূপ কণকণ শিশুসকল উপযুক্ত শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াৰ পৰা যাতে বঞ্চিত নহয় তাৰ প্ৰতি সংশ্লিষ্ট সকলোৰে এক সামূহিক দায়িত্ব আৰু কৰ্ত্তব্য আছে ।

       গড় ভাঙা এলেকাধীন অঞ্চলৰ অন্তৰ্গত বিদ্যালয় তিনিখনৰ ছাত্ৰ-ছাত্ৰী,শিক্ষকৰ তথ্য সমূহ তলত উল্লেখ কৰা হ’ল:

গড়ভাঙা প্ৰাথমিক বিদ্যালয়: ছাত্ৰ-ছাত্ৰীৰ সংখ্যা: ৭১ শিক্ষকৰ সংখ্যা: ০১

জালুকপাহাম প্ৰাথমিক বিদ্যালয়: ছাত্ৰ-ছাত্ৰীৰ সংখ্যা:২২ শিক্ষকৰ সংখ্যা: ০২

ৰংমালি প্ৰাথমিক বিদ্যালয়: ছাত্ৰ-ছাত্ৰীৰ সংখ্যা: ৫৬ শিক্ষকৰ সংখ্যা: ০২

জ্ঞানম’ – শৈক্ষিক ক্ষেত্ৰখনত সাহিত্য আৰু ভাষা চৰ্চাৰ এক মঞ্চ –

       শৈক্ষিক গোট জ্ঞানম , কামৰূপৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা কামৰূপৰ সহযোগত প্ৰকাশিত হৈ থকা জ্ঞানমে শিক্ষাৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ গৱেষণাধৰ্মী, সৃষ্টিশীল আৰু ভিন্নসুৰী লেখা প্ৰকাশ কৰাৰ লগতে ভাষা- চৰ্চা , মননশীল পঢ়ুৱৈ আৰু নতুন লেখকৰ সৃষ্টিত মনোনিৱেশ কৰাৰ প্ৰয়াসত যৎপৰোনাস্তি চেষ্টা আৰু গুৰুত্ব প্ৰদান কৰি আহিছে । আলোচনীখনে সাহিত্য চৰ্চাৰ এক মঞ্চ তৈয়াৰ কৰাত অৰিহণা যোগাব বুলি আমি আশাবাদী ৷ আলোচনীখনলৈ ভিন্নধৰ্মী লেখা , ছবি , সাঁথৰ , কুইজ ইত্যাদি প্ৰেৰণ কৰি সৌষ্ঠৱ বৃদ্ধিকৰা প্ৰতিগৰাকী শ্ৰদ্ধাৰ লেখক আৰু ছাত্ৰ-ছাত্ৰীলৈ বিশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ তৰফৰ পৰা ৷

       গড়ভাঙা এলেকাধীন অঞ্চলৰ অন্তৰ্গত বিদ্যালয় , ছাত্ৰ-ছাত্ৰী , শিক্ষকৰ তথ্যসমূহ 'জ্ঞানম’ৰ দ্বিতীয়বৰ্ষৰ দ্বিতীয় সংখ্যাৰ মূল বিষয় হিচাপে সন্নিবিষ্ট কৰি প্ৰকাশৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰা বাবে সম্পাদনা সমিতিৰ লগতে শ্ৰদ্ধাৰ মুখ্য উপদেষ্টা, উপদেষ্টামণ্ডলী আৰু সন্মানীয় সমূহ সদস্য-সদস্যালৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ।

       আলোচনীখন প্ৰকাশ কৰোঁতে অজানিতে হোৱা ভুল-ত্ৰুটিৰ বাবে মাৰ্জনা বিচাৰিছোঁ । আমাৰ প্ৰতিটো পদক্ষেপতে আপোনালোকৰ গঠনমূলক দিহা-পৰামৰ্শ আমাৰ কাম্য ।

      আমাৰ এই যাত্ৰা নতুন দিগন্তলৈ…

ফুলপাহি নাথ
শ্ৰদ্ধাৰে ---

ফুলপাহি নাথ,

আঁচনি বিষয়া , সমগ্ৰ শিক্ষা , কামৰূপ ।

Post a Comment

0 Comments