header ads

শিক্ষা অভিযান l Assamese Short Play by Saraswati Dutta

 ----শিক্ষা অভিযান----

(১)

ভুলু : " হেল্ল', বৰমা নমস্কাৰ । অকণমান সীমাক মাতি দিব নেকি ? ঐ সীমা, কি কৰি আছা ? পোৱা নাই যে ? "

সীমা : " আছোঁ ঘৰতে । ম'বাইল মোৰ লগত নাথাকে নহয় । মায়ে অনলাইন ক্লাছৰ সময়তহে দিয়ে । "

ভুলু :" অ' হয়নেকি ? ঠিকেই আছে দিয়া । বৰ ভাল কাম কৰিছে বৰমাহঁতে । মোকো মোৰ মা-দেউতাহঁতে সকলো সময়তে নিদিয়ে । আচ্ছা, তুমি অকণমান ওলাই আহাঁচোন । আজি ১৪ নৱেম্বৰ, 'শিশু দিৱস' নহয় । আমি এটা সমদল উলিয়াব লাগিব । "

সীমা : " ঠিকেই আছে দিয়া । ভাল কথা ভাবিছা । দেশত শিশু শ্ৰমিক, শিশু নিৰ্যাতন বহুত বাঢ়ি গৈছে । আমি 'শিশু দিৱস'ৰ দিনা এটা প্ৰতিবাদী সমদল উলিয়াম দিয়া । জানাইতো, চাৰিওফালে ক'ৰোণা মহামাৰী । মাস্ক পিন্ধি আহিবা । "

ভুলু : " হয় দিয়া, আমাৰ গাঁৱতো কিমান যে শিশু শ্রমিক আছে । ডাঙৰ মানুহবোৰে কথাবোৰ চিন্তাই নকৰেচোন । আমিয়ে কিবা এটা প্ৰতিবাদ কৰিব লাগিব । মই একেবাৰে ভনিতাহঁতক লৈ ওলায়ে গৈছোঁ ৰ'বা । "

ভনিতা : " শিশু শ্রমিক বন্ধ কৰক । "

বাকী সকল : " বন্ধ কৰক, বন্ধ কৰক । "

ভনিতা : " শিশু নিৰ্যাতন বন্ধ কৰক । "

বাকী সকল : " বন্ধ কৰক, বন্ধ কৰক ।"

( দুপাক ঘূৰি ওলাই যাব ।)


বনুৱা : " আহ্ আৰু নোৱাৰি । ইমান গধুৰ বোজা ! কঢ়িয়াই কঢ়িয়াই ভাগৰি পৰিছোঁ । মা-দেউতাই কিয় মোক বনুৱাৰ কামত লগাইছে ? সকলো ল'ৰা-ছোৱালী পঢ়াশালিলৈ যায় কিন্তু আমিহে নোৱাৰোঁ । আমাৰ টকা-পইচাৰ অভাৱে বনুৱাৰ কাম কৰিবলৈ বাধ্য কৰাইছে । " (ভাগৰত বহি কান্দে)


(মালিকৰ প্ৰবেশ)

মালিক : " ঐ, কি কৰিছ ? ইয়াত বহি আছ যে ? আৰে , বাপেৰে তোক কাম কৰিব দিছে । বহি থাকিলে হাজিৰা ক'ত পাবি ? উঠ, উঠ কাম কৰ । "

বনুৱা : " ভোক লাগিছে বাবু আৰু বস্তু কঢ়িয়াব নোৱাৰোঁ । অলপ জিৰণি ল'বলৈ দিয়ক । বাবু, মোৰ পঢ়িবৰ বৰ মন যায় । মোক আপুনি পঢ়াশালিত পঢ়িবলৈ সুবিধা কৰি দিবনে ? মা-দেউতা অশিক্ষিত , দুখীয়া । মই পঢ়া-শুনা কৰি মা-দেউতাক সহায় কৰিব বিচাৰোঁ । "

মালিক : " আৰে , বাওনা হৈ চন্দ্ৰলৈ হাত মেলিব নাপায় অ' । তহঁতে এনেদৰে কাম কৰিয়ে খাব লাগিব । পঢ়া-শুনা শিকি কি কৰিবি ? এতিয়া কাম কৰিছ , পইচা পাইছ । মা-দেউতাই ভাল পাইছে । "

বনুৱা : " নহয় বাবু , মোৰ লগৰ ল'ৰা-ছোৱালীবোৰ সদায় স্কুললৈ যায় । নাচি-বাগি গীত গাই স্ফূৰ্তি কৰি খেলি থাকে । মোৰো মন যায়, সিহঁতৰ লগত খেলিবলৈ । আপোনাৰ ভৰিত ধৰিছোঁ, মোকো পঢ়াৰ সুবিধা কৰি দিয়ক , বাবু ।"

মালিক : " কি ? তইচোন বেছিকৈ কথা কৈছ । উঠ , উঠ , কাম কৰ , কাম কৰ । নহ'লে এক পইচাও নাপাৱ । কৰ কৰ , কাম কৰ ।"

(বনুৱাই আকৌ ভয়ে ভয়ে পিঠিত বস্তা লৈ কাম কৰাৰ অভিনয় কৰে । ক্ৰমে অৱশ হৈ বাগৰি পৰে )

সভাপতি : " আপুনি দেখা নাইনে ? এই শিশুটোৱে বস্তা কান্ধত লৈ বাগৰি পৰিছে । "

মালিক :" ই মোৰ কাৰখানাৰ বনুৱা । কাম কৰি ভাগৰিছে । ভাল হৈ যাব । আপুনি যাওক । "

শিক্ষক :" কি ক'লে ? আপুনি এই ফুল-কুমলীয়া শিশুটোক শ্ৰমিকৰ কামত লগাইছে ? ছিঃ ছিঃ ছিঃ ,আপোনালোকে নাজানে নেকি এই শিশুসকল দেশৰ ভৱিষ্যত নাগৰিক । "

মালিক : " বাদ দিয়ক হে । ইহঁতে কাম কৰিছে , মই পইচা দিছোঁ । বচ্ । আপুনি ইয়াত মাত মাতিবলৈ কোন ? "

বনুৱা : " আপোনালোকে মোক ইয়াৰ পৰা লৈ ব'লক । মোৰ পঢ়িবৰ বৰ মন ।"

সভাপতি : " নিশ্চয় । তোমালোকক আমি পঢ়াৰ সুবিধা কৰি দিম । আপুনিও শুনক , শিশুৰ মৌলিক অধিকাৰ আপুনি খৰ্ব কৰিছে । গতিকে আপোনাক আমি আইনৰ ওচৰত গটাই দিম । বাবু, ব'লা , তোমাক আমি মা-দেউতাৰ ওচৰলৈ লৈ যাম । তোমাক আমি পঢ়াৰো ব্যৱস্থা কৰি দিম । "

( আটাইৰে প্ৰস্থান )


মালিক : " পঢ়াৰ ব্যৱস্থা কৰি দিব ! বৰ সমাজসেৱক ওলাইছে ! দেখিম নহয় ক'ৰ পানী ক'লৈ যায় ? " (প্ৰস্থান)


(মঞ্চত যঁতৰত মহুৰা ফুৰাই থাকিব দুটি শিশুৱে ) মালিকে কাপোৰ জাপি থাকিব । বাহিৰত প্ৰতিবাদী সমদলৰ শব্দ। । শ্লোগান ― "শিশু শ্রমিক বন্ধ কৰক , কন্যা- শিশু নিৰ্যাতন বন্ধ কৰক ।"


শিক্ষক : "এতিয়াৰ পৰা আৰু আপোনালোকে শিশুক কামত খটুৱাব নোৱাৰিব । যদি খটুৱায় , আইনৰ ওচৰত দণ্ডনীয় হ'ব । তোমালোকো ব'লা , আমি নিবলৈ আহিছোঁ । তোমালোকৰ মা-দেউতাহঁতকো বুজাই আহিছোঁ । তোমালোকক এতিয়া আৰু কোনেও এনেকৈ কামত খটুৱাব নোৱাৰে । তোমালোকৰ কাৰণে চৰকাৰে বিনামূলীয়া কিতাপ, পোছাক, বহী আদি দিছে । ভাত খুৱাইছে । তোমালোকে মাত্ৰ স্কুললৈ যাব লাগে । "


মালিক (তাঁতশালৰ) : "আমাৰ ভুল হৈছে । আমি আমাৰ স্বাৰ্থৰ কাৰণে শিশু শ্ৰমিক ব্যৱহাৰ কৰি মহাপাপ কৰিছোঁ , ছাৰ । এই শিশুসকলক বিদ্যালয়লৈ নিয়াৰ দায়িত্ব আমাৰো । ব'লক, ছাৰ । গাঁৱৰ ঘৰে ঘৰে কাম কৰা , চাহৰ হোটেলত কাম কৰা সকলো শিশুক বিচাৰি বিদ্যালয়ত নামভৰ্ত্তি কৰি দিওঁ । "


মালিক (কাৰখানাৰ) : "ময়ো আহিছোঁ ছাৰ । মই মোৰ ভুল বুজি পাইছোঁ , ছাৰ । এতিয়াৰ পৰা আৰু মোৰ কাৰখানাত শিশু শ্রমিক নিয়োগ নকৰোঁ । "


শিক্ষক : " আপোনালোকৰ সদিচ্ছা দেখি ভাল লাগিল । চৰকাৰে সকলোৰে বাবে 'শিক্ষাৰ অধিকাৰ আইন' প্ৰৱৰ্তন কৰিছে । এওঁলোক ফুল হৈ ফুলিব , আশা হৈ বিলাব নতুন বতৰা । শিক্ষা লাভ কৰাটো সকলোৰে জন্মস্বত্ব অধিকাৰ । এইয়া চোৱা , সকলো আহিছে । সকলোৰে ভুল ভাগিছে । আমি সকলোৱে লগ হৈ সকলো শিশুক বিদ্যালয়ত নামভৰ্ত্তি কৰিম । এখন দেশৰ প্ৰগতি নিৰ্ভৰ কৰে শিক্ষাৰ ওপৰতে । গোটেই বিশ্ব এতিয়া কৰ'ণা মহামাৰীৰ আতংকত ভুগিছে । আকাশ-বতাহ কলীয়া ডাৱৰে আৱৰি পেলাইছে । "

সভাপতি : "বৰ্তমানৰ এই সন্ধিক্ষণত আমাৰ সন্তানসকলক যদি উপযুক্ত শিক্ষা দিব নোৱাৰোঁ , তেতিয়াহ'লে আমাৰ ভৱিষ্যত ঘোৰ অন্ধকাৰ কাৰাগাৰ সদৃশ হ'ব । আহক , আমি সকলোৱে মিলি শিশুসকলৰ সোণালী শৈশৱ লুণ্ঠিত হোৱাৰ পৰা ৰক্ষা কৰোঁ । সংকল্প লওঁ , আমি কেতিয়াও শিশুসকলক শ্রমিকৰূপে কামত নলগাও । "


শিক্ষক : "আহক , আমি সকলোৱে গাওঁ ―

বাজক ডবা

বাজক শংখ

বাজক মৃদং-খোল

অসম আকৌ উন্নতি পথত

জয় আই অসম বোল ।। "


******

সৰস্বতী দত্ত
লেখকৰ ঠিকনা:

সৰস্বতী দত্ত

প্ৰধান শিক্ষয়িত্ৰী,

ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয় ।

 শিক্ষাখণ্ড- হাজো, কামৰূপ ।

Post a Comment

0 Comments