header ads

চামগুৰি সত্ৰ আৰু মুখাশিল্প । Assamese Article by Girin Das

 চামগুৰি সত্ৰ আৰু মুখাশিল্প



                 মাজুলী  বিশ্বৰ সবাতোকৈ ডাঙৰ নদী দ্বীপ বুলি সকলোৱে জানে যদিও সকলোৱে ইয়ালৈ আহে মাত্ৰ আধ্যাত্মিক চিন্তা চৰ্চা কৰিবলৈ ৷ বছৰৰ প্ৰতিটো সময়তে মাজুলী বিদেশী পৰ্যটকৰে ভৰি থাকে ৷ মাজুলী, মহাবাহুৰ মাজত এক উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি আছে একমাত্ৰ সত্ৰ-মহাসত্ৰবোৰৰ বাবেহে ৷

               মাজুলীত বহুকেইখন ৰজাদিনীয়া সত্ৰ আছে যদিও এখন সত্ৰ একক পৰিচয়ৰে জিলিকি আছে যাৰ নাম চামগুৰি সত্ৰ , যিখন সত্ৰ সমগ্ৰ বিশ্বতে মুখাশিল্পৰ বাবে বিখ্যাত আৰু এয়া চাবলৈ ইয়ালৈ প্ৰতিদিনে পৰ্যটকৰ লাগি নিছিঙা ভিৰ পৰিলক্ষিত হয় ৷ এই সত্ৰখন প্ৰতিষ্ঠা হৈছিল ১৬৬৩ চনত আহোম ৰজা চক্ৰধ্বজ সিংহৰ আহ্বানমৰ্মে ৷ তেওঁ এজোপা চাম গছৰ তলত ভূমি প্ৰদান কৰি চক্ৰপাণি আতাঁক সত্ৰ প্ৰতিষ্ঠা কৰিবলৈ নিৰ্দেশ দিছিল ৷ চাম গছৰ তলত হোৱা বাবেই সত্ৰখনৰ নাম চামগুৰি হয় বুলি জনা যায় ৷ এইজনা চক্ৰপাণি আঁতাই হ’ল মুখাশিল্পৰ আদিগুৰু ৷ পাছলৈ বংশানুক্ৰমে এই মুখাশিল্পই বৰ্তমানৰ অৱস্থা লাভ কৰিছে ৷

             এই সত্ৰখনৰ বৰ্তমানৰ ডেকা সত্ৰীয়া হ’ল প্ৰভু শ্ৰীশ্ৰী ড° হেমচন্দ্ৰ গোস্বামীদেৱ ৷ এখেতৰ পিতৃ আছিল ৺ৰুদ্ৰকান্ত দেৱগোস্বামী ৷ ডেকা সত্ৰীয়া গৰাকীৰ জ্যেষ্ঠ ভাতৃ ধৰ্মকান্ত গোস্বামী এগৰাকী মুখাশিল্পী ৷ কনিষ্ঠ ভাতৃ কৃষ্ণকান্ত গোস্বামী চৰকাৰী কলা মহাবিদ্যালয়ৰ ভাস্কৰ্যশিল্প  বিভাগৰ প্ৰবক্তা লগতে সুদক্ষ শিল্পী আৰু বৰগীতৰ সাধক ৷ এওঁলোক তিনিওজন সুযোগ্য সন্তানে ১০ বছৰ বয়সৰ পৰাই পিতৃৰ সান্নিধ্যত মুখাশিল্পৰ শিক্ষা গ্ৰহণ কৰিছিল আৰু বৰ্তমান সময়ত ইয়াক বহুল প্ৰচাৰৰ বাবে ব্ৰতী হৈ পৰিছে আৰু এইক্ষেত্ৰত কৃতকাৰ্যতা লভিছে ৷ আমাৰ গুৰুজনাই অসমীয়া ৰাইজক শ্ৰীকৃষ্ণৰ গুণগৰিমা বুজাবলৈ গৈ যি চিহ্নযাত্ৰা নাটৰ পৰিচালনা কৰিছিল সেই সময়তে মুখা অবয়ব সৃষ্টি হৈছিল যদিও পাছলৈ চামগুৰি সত্ৰইহে এই শিল্প জীয়াই ৰাখিলে বুলি ক’ব পাৰি ৷

             মুখাবিধ বনাওতে বাঁহৰ কাঠীৰে মুখত খাপ খোৱাকৈ মুখায়বটো বনাই তাৰ ওপৰত কুমাৰ মাটিৰে প্ৰলেপ দিয়া হয় ৷ পাছত কপাহী কাপোৰেৰে ওপৰত কেৰাচিন তেল আৰু গোবৰেৰে প্ৰলেপ দিয়া হয় ৷ ৰং হিচাপে হেঙুল(ৰঙা), হাইতাল(হালধীয়া) ব্যৱহাৰ কৰা হয় ৷

            এইজনা সত্ৰীয়া শিল্পীয়ে নিজকে  মুখাক কেবল ভাওনাতে আৱদ্ধ নাৰাখি বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰৰ উপযোগী কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছে যাতে এই মুখা বিক্ৰী কৰি নিবনুৱা যুৱক-যুৱতী স্বাৱলম্বী হ’ব পাৰে ৷ বৰ্তমান এই মুখা বিদেশী পৰ্যটকসকলে নিজ নিজ দেশলৈ কিনি নিছে আৰু ইয়াৰ চাহিদা ক্ৰমে বৃদ্ধি পাইছে ৷ ড° হেমচন্দ্ৰ গোস্বামীদেৱে একেমুখে কৈছে , “ যি বিদ্যাৰ অৰ্থ নাই , সেই বিদ্যা জীয়াই নাথাকে ৷ সময়ৰ গতিত হেৰাই যোৱাৰ উপক্ৰম হয় ৷ " গতিকে তেখেতে এই মুখাশিল্পক ব্যৱসায় ভিত্তিত শিকাই আছে আৰু নৱ প্ৰজন্মক ইয়াৰ প্ৰতি আসক্ত কৰিছে যাতে নিজে স্বাৱলম্বী হ’ব পাৰে ৷

             এইবিধ মুখা লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত ২০১৬ চনৰ পৰা বৰ্তমানলৈ সজাই ৰখা হৈছে ৷ শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰ, তেজপুৰ বিশ্ববিদ্যালয়ৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এই মুখা সজাই ৰখা হৈছে যাতে সাধাৰণ মানুহে এইবোৰৰ প্ৰতি আসক্ত হয় আৰু আগৰ ইতিহাসক ৰোমন্থন কৰে ৷ এইজনা শিল্পীয়ে উল্লেখ কৰিছে , “ শিল্পৰ কেতিয়াও শেষ নাই ৷ হয়তো কেতিয়াবা  তল পৰিব বা কেতিয়াবা আকৌ উত্থান হ’ব ৷ "

             এইজনা মহান গুৰুৰ চিন্তা আৰু কৰ্মৰ  প্ৰতিদান হিচাপে ভাৰত চৰকাৰে ২০১৯ চনত সংগীত নাটক অকাডমী বঁটাৰে তেওঁক সন্মানিত কৰে ৷ শ্ৰীশ্ৰীআউনীআটী সত্ৰই তেখেতক দামোদৰদেৱ বঁটাৰে সন্মানিত কৰে ৷ সাকোঁ নামৰ এটা স্থানীয় সংগঠনৰ পৰা শিল্পীগুৰু বঁটা এইজনা গুৰুক প্ৰদান কৰা হয় ৷এইজনা মহান শিল্পী সাধকক  ২০১৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মুখাশিল্পৰ বাবে সন্মানীয় ডক্টৰেট উপাধি প্ৰদান কৰা হয় ৷

            তেখেতে শেষত উল্লেখ কৰে, “ বঁটা প্ৰদান কৰা হয় উৎসাহ বৃদ্ধিৰ বাবে যাতে পিছলৈ উত্তৰ চামে  কাম কৰাৰ প্ৰেৰণা লাভ কৰে বা উদ্যম বৃদ্ধি পায় ৷ " তেওঁৰ মতে শিক্ষাৰ শেষ নাই ৷ সময়ৰ সৎ প্ৰয়োগ হ’লে সকলো সম্ভৱ বুলি কয় ৷ 


গিৰিন দাস
লেখকৰ ঠিকনা:

গিৰিন দাস

সহঃ শিক্ষক

৩২৭ নং লেজা প্ৰাথমিক বিদ্যালয়

কমলপুৰ শিক্ষাখণ্ড ।

Post a Comment

0 Comments