header ads

এজন শিক্ষক প্ৰকৃততে এখন সমাজৰ ফিল্টাৰস্বৰূপ | Assamese Article by Hemen Chandra Hazarika

 এজন শিক্ষক প্ৰকৃততে এখন সমাজৰ ফিল্টাৰস্বৰূপ


               কথাটো সৰ্বজন স্বীকৃত যে এজন দক্ষ শিক্ষক বুলি সেইগৰাকী শিক্ষকক কোৱা হয় যি গৰাকী বিদ্যাৰ্থীসকলৰ Friend , Philosofer and Guide হ'ব পাৰে । অৰ্থাৎ তেখেত একেধাৰে বিদ্যাৰ্থীৰ বন্ধু , দাৰ্শনিক আৰু পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰিব পাৰে । এই কথাষাৰ পৃথিৱীৰ প্ৰায়সকল দাৰ্শনিকে একেমুখে স্বীকাৰ কৰিছে । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে ইয়াত বন্ধু (friend ) শব্দটোক প্ৰথম স্থান দিয়া হৈছে । অৰ্থাৎ শিক্ষক এগৰাকীয়ে বিদ্যাৰ্থীসকলৰ দাৰ্শনিক (Philosofer ) আৰু পথ প্ৰদৰ্শক (guide ) হিচাপে ভূমিকা গ্ৰহণ কৰাৰ আগতে  নিজকে বিদ্যাৰ্থীসকলৰ  মাজত প্ৰকৃত বন্ধু হিচাপে পৰিচয় দিব পাৰিব লাগিব  ।

                 যেনেদৰে আমি সকলোৱেই অথবা যিকোনো ব্যক্তিয়েই নিজৰ নিজৰ প্ৰিয় বন্ধু গৰাকীৰ সহচৰ্যত বা সহায়ত উৎসাহ , প্ৰেৰণা আদি লাভ কৰোঁ বা বিপদৰ সময়ত আগবঢ়াই দিব পাৰোঁ সহায়ৰ দুখনি হাত ; ঠিক তেনেদৰে শিক্ষক গৰাকীয়েও বিদ্যাৰ্থীসকলক সময়ত সকলো ক্ষেত্ৰতে উৎসাহ আৰু প্ৰেৰণা দিব পাৰিব লাগিব । বিদ্যাৰ্থীসকলে সন্মুখীন হোৱা যিকোনো বিদ্যায়তনিক আৰু সহ:বিদ্যাতনিক সমস্যাৰ সমাধান শিক্ষক গৰাকীৰ ওচৰত তেওঁলোকে পাব লাগিব  ।

                   ইয়াৰোপৰি বিদ্যাৰ্থীসকলৰ কাৰণে শিক্ষক গৰাকী দাৰ্শনিক (Philosofer) হ'ব পৰাটোও এগৰাকী দক্ষ আৰু গুণবান শিক্ষকৰ কাৰণে আন এক অপৰিহাৰ্য্য গুণ ।  বিদ্যাৰ্থীসকলক তেওঁ এইবুলি পতিয়ন নিয়াব পাৰিব লাগিব যে এটা সাৰ্থক জীৱন-যাপনৰ বাবে শিক্ষাই হৈছে আটাইতকৈ উপযুক্ত আৰু একমাত্ৰ পথ ৷ শিক্ষাৰ বাটেৰে  আগবাঢ়ি নগ’লে কোনেও কেতিয়াও সুখ আৰু সম্পদ লাভ কৰিব নোৱাৰিব ৷ এইক্ষেত্ৰত গম পোৱা যায় যে পুথিগত শিক্ষাৰ সমান্তৰালকৈ মানুহৰ চাৰিত্ৰিক গুণসমূহৰ লগতে মানৱীয় গুণসমূহো শিক্ষক গৰাকীৰ গাত থাকিব লাগিব । তেতিয়াহে তেওঁলোকে বিদ্যাৰ্থীসকলক এজন প্ৰকৃত মানৱ সম্পদ হিচাপে গঢ় দিব পাৰিব ৷

                  তাৰোপৰি শিক্ষকগৰাকী হ'ব লাগিব বিদ্যাৰ্থীসকলৰ কাৰণে প্ৰকৃত দক্ষ পথ প্ৰদৰ্শক । বিদ্যাৰ্থী সমাজে শিকন কাৰ্যত নানা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে । শিক্ষকজনে তেনে সমস্যাসমূহ অনায়াসে পোনপটীয়াভাৱে সমাধান কৰি নিদি যি পথেৰে গ'লে আমি সমস্যাটোৰ সমাধান সূত্ৰ উলিয়াব পাৰোঁ, সেই পথটোহে বিদ্যাৰ্থীসকলক দেখুৱাই দিব লাগে ।

                  ইয়াৰ উপৰিও শিক্ষকগৰাকী হ'ব পাৰিব লাগিব বিদ্যাৰ্থীসকলৰ কাৰণে এগৰাকী প্ৰিয় নেতা । এগৰাকী নেতা হিচাপে শিক্ষকগৰাকীয়ে তেওঁৰ প্ৰিয় বিদ্যাৰ্থীৰ দলটোক তেওঁ উদ্ভাৱন কৰা নিজা কৌশলী পৰিচালনা শক্তিৰে সঠিক পথেৰে আগবঢ়াই নিব পৰা-নোৱাৰাৰ ওপৰতে শিক্ষক গৰাকীৰ সফলতা-বিফলতা বহুখিনি নিৰ্ভৰ কৰে । বিদ্যাৰ্থীসকলে তেওঁলোকৰ অপ্ৰিয় শিক্ষক গৰাকীক অনুকৰণ কৰিব নিবিচাৰে ৷

                 তাৰোপৰি শিক্ষকগৰাকীয়ে কেতিয়াবা কেতিয়াবা এগৰাকী মনোবিজ্ঞানীৰ ভূমিকাও পালন কৰিব লগা হ'ব পাৰে । তেখেতে পাঠদান কৰি থকা সময়ত বিদ্যাৰ্থীসকলৰ মনোযোগ তেওঁৰ কথাবোৰত বৰ্তি আছে নে নাই তাৰ বাবে  সদা সতৰ্ক হৈ থাকিব লাগিব । কেতিয়াবা যদি কোনো কাৰণত কোনো বিদ্যাৰ্থীয়ে অমনোযোগী হৈ থাকে তেতিয়া শিক্ষকগৰাকীয়ে তেওঁৰ নিজা কৌশলেৰে বিদ্যাৰ্থীসকলৰ মনটো পুনৰ পাঠৰ মাজলৈ ঘূৰাই আনিব পাৰিব লাগিব আৰু তেনে ক্ষেত্ৰত উপযুক্ত কাৰ্যপন্থা ল'ব পৰাকৈ তেওঁ পাৰদৰ্শী হ'ব লাগিব  ।

                  ক'ব পৰা যায় যে এগৰাকী পাৰদৰ্শী শিক্ষক এখন সমাজৰ কাৰণে ফিল্টাৰৰ নিচিনা । এটা ফিল্টাৰত ঢালি দিয়া লেতেৰা পানী যি কৌশলেৰে বালি , শিল আৰু এঙাৰৰ মাজেৰে সৰকি আহি পৰিশ্ৰাৱণ ঘটি ফট্‌ফটিয়া পানীত পৰিণত হয় , ঠিক সেইদৰে শিক্ষকসকলেও সমাজখনক নিৰন্তৰ বিদ্যালয় নামৰ ফিল্টাৰটোৰ জৰিয়তে পৰিশ্ৰাৱণ কৰি থাকে । তাৰ পৰাই ক'ব পাৰি এখন সমাজৰ প্ৰতি এগৰাকী শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্য অপৰিসীম  ।


হেমেন চন্দ্ৰ হাজৰিকা
লেখকৰ ঠিকনা:

হেমেন চন্দ্ৰ হাজৰিকা     

সহ: শিক্ষক, বিৰোগাঁও মজলীয়া বিদ্যালয়  ।

ৰামপুৰ শিক্ষাখণ্ড

৯৮৬৪৪৪০২২১ 

Post a Comment

0 Comments