header ads

মাতৃভাষাৰ গুৰুত্ব l Assamese Article by Anima Das

 মাতৃভাষাৰ  গুৰুত্ব



               পৃথিৱীৰ প্রত্যেক দেশৰে অঞ্চল বা প্ৰদেশ অনুসৰি সকলোৱে নিজ নিজ ভাষাৰ কথন শৈলীৰে নিজৰ মনৰ ভাব প্রকাশ কৰাকে মাতৃভাষা বুলি কোৱা হয় । এটা জাতিৰ মূল শিপা হৈছে মাতৃভাষা । এই মূল শিপাডাল গুৰুত্ব সহকাৰে উপলব্ধি কৰিব পাৰিলে ভাষাটো বৰ্তি থাকে । শিশু এটাই জন্মৰ লগে লগে মাকৰ কোলাৰ পৰাই বা পৰিবেশৰ পৰাই নিজৰ ভাষাটো শুনি শুনি ক্রমান্বয়ে কথা-বতৰা , লিখা-পঢ়া  আদি কৰিব পাৰে আৰু সেই ভাষাটো সিহঁতে গ্ৰহণ কৰি লয় । পৃথিৱীত বিভিন্ন কাৰকৰ বাবে কিছুমান ভাষা বিলুপ্তিৰ পথত গৈছে । বৰ্তমান সময়ত ছাত্র-ছাত্রী বোৰে মোবাইল , টিভি, কম্পিউটাৰ আদিৰ যোগেদি ইংৰাজী , হিন্দী আদি বেছিকৈ ব্যৱহাৰ কৰি নিজৰ মাতৃভাষাৰ প্ৰতি অনিহা প্রকাশ কৰা দেখা যায় । ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল --- " শিশুৰ পুষ্টিৰ বাবে মাতৃদুগ্ধ যি দৰে অপৰিহাৰ্য , একে দৰে শিক্ষাৰ্থীৰ বিকাশৰ বাবে মাতৃভাষা সমানে অপৰিহাৰ্য । "

           মাতৃভাষা সমাজ জীৱনৰ অতি আৱশ্যকীয় অংগ । গতিকে এটা সুষ্ঠ-সবল জাতি গঢ়ি তুলিবলৈ মাতৃভাষাক গুৰুত্ব দিয়াটো প্ৰয়োজন । এটা  জাতি গঢ় দিবলৈ হ'লে প্ৰথমতে লাগিব এটা সু-সমৃদ্ধিশালী ভাষা । ভাষা এটাই জাতি এটাৰ অন্তঃৰ্নিহিত কথাবোৰ দাপোনৰ দৰেই প্ৰতিফলিত কৰে । মানুহে মাতৃভাষাত সপোন দেখে আৰু বুজাব বিচাৰে মনৰ আকাংক্ষা । মাতৃভাষাৰ মাধ্যমেৰে আন ব্যক্তিৰ লগত কথা পাতিলে সুখ পোৱা যায় আৰু আন্তৰিকতা উপলবব্ধি হয় । মাতৃভাষা ' জাতীয় উন্নতিৰ সিংহদুৱাৰ ' বুলি জ্যোতিপ্রসাদ আগৰৱালাই কোৱাৰ দৰে জাতীয় চেতনাৰ প্ৰধান  উপাদান হ'ল মাতৃভাষা । মাতৃভাষা অবিহনে জাতি এটা পৰিচয়হীন হৈ পৰে । অসমৰ বৰচোতালত অনা অসমীয়াই অসমীয়াৰ সলনি অইন ভাষাত কথা ক'বলৈ ধৰিলে আমাৰ ভাব হয় আমি কিবা কমকৈ জানো নেকি ? মাতৃভাষাৰ উপৰি অইন ভাষা জনাটো ভাল কথা , কিন্তু মাতৃভাষাটো শুদ্ধকৈ বা শুৱলাকৈ ক'ব নজনাটো বৰ বেয়া কথা , তাতকৈ বেছি বেয়া কথা যদিহে শুদ্ধকৈ লিখিব পৰা নাযায় । 

            অসমীয়া প্রথমখন অভিধান প্ৰকাশ হৈছিল খ্ৰীষ্টান মিছনেৰী ডক্টৰ মাইলস্ ব্ৰনছনৰ নেতৃত্বত । সেইবাবে তেওঁকে অসমীয়া ভাষা প্ৰতিষ্ঠা কৰা আন্দোলনৰ প্ৰধান সংগ্ৰামী নেতা বুলি অভিহিত কৰা হয় । স্বাধীনতাৰ পিছত ১৯৬০ চনত আৰু ১৯৭২ চনত দুবাৰকৈ অসমীয়াই অসমৰ মাটিত অসমীয়া ভাষাৰ বাবে ভাষা আন্দোলন কৰিবলগীয়া হৈছিল । বৰ্তমান আমি আমাৰ ল'ৰা-ছোৱালীৰ ভৱিষ্যত সবল কৰিবলৈ অন্য মাধ্যমত পঢ়ুৱাওঁ । আনহাতে বহুতেই মাতৃভাষাৰ প্ৰতি থকা প্ৰীতিৰ  চিন হিচাপে সন্মান সহকাৰে মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়ত পঢ়ুওৱা পৰিলক্ষিত হোৱা যেন লাগে। 

              অসম সাহিত্য সভাৰ মঞ্চত ১৯২৪ চনৰ ষষ্ঠ ডিব্ৰুগড় অধিৱেশনৰ পৰাই আনুষ্ঠানিকভাবে অসমীয়া ভাষাক চৰকাৰী ভাষা কৰাৰ বাবে চৰকাৰৰ ওচৰত প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল । এই ক্ষেত্ৰত অসম সাহিত্য সভাই কৰা চৰকাৰী ভাষা প্ৰয়োগ আন্দোলনে ১৯৬০ চনত এক সবল স্থিতি লাভ কৰে । ফলস্বৰূপে চৰকাৰে অসমত চৰকাৰী ভাষা আইন গ্ৰহণ কৰে ।  সেই অনুসৰি অসমীয়া ভাষাই অসমত ৰাজ্য ভাষা তথা চৰকাৰী ভাষা হিচাপে স্বীকৃতি লাভ কৰে। এটা কথা ঠিক যে বুদ্ধিমত্তা হোৱাৰ বাবে মাধ্যম কেতিয়াও হেঙাৰ হ'ব নোৱাৰে ; যদি বুদ্ধিদীপ্ততা প্ৰখৰ হয় । তেওঁ তেওঁৰ জোখেৰে উন্নতিৰ জখলাত বগাব পাৰিবই । সেয়ে যিকোনো ভাষাৰ বাবেই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত বেয়া হোৱাৰ প্রশ্নই নুঠে । ঠাই এখনৰ নিজ ভাষা নিজ ঠাইৰ বাবে এটা উৎকৃষ্ট মাধ্যম । নিজৰ ভাষাত নিজে অধ্যয়ন কৰিলে বিষয়বস্তুৰ ধাৰনা দৃঢ় হয় । মগজুৰ বোজা কম হয় আৰু উদ্ভাবনী শক্তি সবল হয় । মাতৃভাষা বিলুপ্তি হোৱা মানে জাতিটো বিলুপ্তি হোৱা । নিজ  ভাষাৰে উন্নতিত আগবঢ়া কেইজনমান মহামানৱ হ'ল --- দাৰ্শনিক এলবাৰ্ট আইনষ্টাইন , ৰাজনীতিবিদ - কাৰ্লমাক্স , জাতিৰ পিতা মহাত্মা গান্ধী, বিষ্ণু ৰাভা, কৃষ্ণকান্ত সন্দিকৈ, ড° ভূপেন হাজৰিকা ইত্যাদি ইত্যাদি । সেয়েহে নতুন প্ৰজন্মই নিজৰ মাতৃভাষাটোক ভালকৈ শিকি অন্য ভাষাবোৰে যেনেকৈ  জ্ঞানৰ অসীমত  ধাবমান হৈছে ; ঠিক তেনেদৰে নতুন প্ৰজন্মই নিজৰ মাতৃভাষাটোৰ দ্বাৰাই জ্ঞানৰ পৰিধিৰ সীমালৈ ধাবমান  হ'লে নিজ ভাষাটো জীয়াই থাকিব।


           


 লেখকৰ ঠিকনা:

শ্ৰী অনিমা দাস 

প্ৰধান শিক্ষয়িত্ৰী,

ছয়গাঁও আঞ্চলিক প্ৰাথমিক বিদ্যালয় ।            

 ছয়গাঁও শিক্ষাখণ্ড ।

ফোন নং - ৭০০২৭১৭৩৮৭

Post a Comment

0 Comments