header ads

ঋতু বসন্ত l Assamese Poem by Sewali Baishya

 ঋতু বসন্ত



শীতৰ অন্তত আহিল বসন্ত

গছে -বনে কোমল পাত ,

বসন্তৰ মধুৰ পৰশ লাগি

বিৰিখে পিন্ধিলে নতুন সাজ ।


গছৰ ডালত কুলি কেতেকীয়ে

সুৰৰ লহৰ তোলে,

মইনা সখিয়তীৰ মধুৰ কাকলীয়ে

মন-প্ৰাণ পুলকিত কৰে ।


বগৰী ফুলিল, আমে মলিয়ালে

কঁঠালে পেলালে মুঁচি,

কুঞ্জে কুঞ্জে মধুৰ মধুকৰে

তোলে গুঞ্জন ধ্বনি।


নাহৰ ফুলিল, কপৌ ফুলিল

ফুলিলে ভেবেলীলতা ,

চম্পা কেতেকীৰ মধুৰ সৌৰভে

মন-প্ৰাণ কৰে মতলীয়া।


বসন্ত কালতেই ৰঙালী বিহুটি

ঢোল পেঁপা গগনা বাজে ,

প্ৰকৃতিৰ মনোমোহা ৰূপৰ বাবে

ঋতু বসন্তক

ঋতুৰাজ বসন্ত বোলে।



লেখকৰ ঠিকনা:

শ্ৰী শেৱালী বৈশ্য

প্ৰধান শিক্ষয়িত্ৰী

শুৱালকুছি সনাতন বালিকা প্ৰাথমিক বিদ্যালয় ।

হাজো শিক্ষাখণ্ড ।

Post a Comment

0 Comments