হাতে হাত ধৰি আমি আগবাঢ়িম
চৰিত্ৰ :
মা:- ( মেখেলা চাদৰ , মূৰত ওৰণী )
শাহুমা :- ( মেখেলা চাদৰ পৰিহিত )
ছোৱালী ( নীহাৰিকা)- ( আধুনিক সাজেৰে সজ্জিত। টি ছাৰ্ট আৰু জিনচ্ পৰিহিত )
ককা:- (ধুতী-কামিজ , ডিঙিত গামোচা )
জিলা শিক্ষা বিষয়া:- ( কোট-টাই পৰিহিত )
দৃশ্য- ১:
( হাতত বাতৰি-কাকত লৈ পঢ়ি পঢ়ি ককাৰ প্ৰৱেশ )
ককা- " এহ, দেশখনত এইবোৰ হৈছে কিনো ? ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ , নিৰীহ জনতাৰ ওপৰত বোমা বৰ্ষণ। ইছ্ ইছ্ । চব শেষ হ'ব এতিয়া । "
( পিঠিত বেগ লৈ ছোৱালীজনী নাচি নাচি প্ৰৱেশ )
নীহাৰিকা :-" হ'ম হৌংগে কামিয়াব, হ'ম হৌংগে কামিয়াব এক দিন,
অ' হৌ মন মে হ্যে বিশ্বাস
পুৰা হ্যে বিশ্বাস
হ'ম হৌংগে কামিয়াব, এক দিন । "
ককা:- " কলৈ যোৱা ঐ মাজনী ? "
নীহাৰিকা:- " ককা , সেই যে নাছাৰ scientist ৰ বাবে exam দিছিলোঁ, আজি তাৰ ৰিজাল্ট দিব। আৰু জানা ককা, এইটো পৰীক্ষাত পাছ কৰিলেই মই নাছাত scientist হিচাবে কাম কৰিব পাৰিম। ককা আশীৰ্বাদ কৰিব। "( ভৰি চুই প্ৰণাম কৰিব )
ককা:- " অহ । বৰ সুন্দৰ , বৰ সুন্দৰ । যোৱা যোৱা । ... আশীৰ্বাদ কৰিছোঁ ঐ আই ।
ঐ , আহোতে পাৰিলে মোৰ বাবে প্ৰেচাৰৰ টেবলেট এপাট্টা লৈ আহিবাছোন।
এ নিয়ৰক কৈ কৈ ভাগৰি গʼলোঁ অ মাজনী । আনিবি দে মা । "
নীহাৰিকা:- " Don't take tension ককা । মই আহোঁতে লৈ আনিম । ( কৈ দুখোজ পেলাব মাত্ৰ )
আইতা:- " ঐ কুলক্ষিনী ক'ত মৰিব যা ? আজি মাহেকীয়াৰ প্ৰথম দিন । নীতি নিয়মবোৰ জলাঞ্জলি নিদিবি হক । আৰু এইযোৰ কি পিন্ধিছ ? সমাজখনত আমাৰ ঘৰখনৰ নাক-কাণ নাকাটিবি হক । মাহেকীয়াৰ দিনতো এনেদৰে গাড়ী- মটৰে ঘূৰি ফুৰি ধৰ্ম ভ্ৰষ্ট নকৰ । ৰাম ৰাম ! কি যুগ আহিল । "
ছোৱালী:-" আইতা । আজি মোৰ ফাইনেল ৰিজাল্ট দিব । আজি পাছ কৰিলেই মই নাছাত গৈ scientist হিচাবে কাম কৰিব পাৰিম ।
আজিৰ ফলাফলে তোমালোক সকলোকে বৃহত্তৰ সমাজ এখনৰ লগত চিনাকি কৰাই দিব । "
আইতা:- " এ হ'ব, হ'ব । এনেদৰে নীতি-নিয়ম নামানি দেশখন ৰসাতলে খেদালি । গা নোধোৱাকৈ এনেকৈ গাড়ী-মটৰে ঘূৰি ফুৰিব পায়নে ? "
ককা:- " এৰা , হʼব দিয়া । আইজনী শুভ কাম এটাত যাবলৈ ওলাইছে । তুমি এইবোৰ কি আৰম্ভ কৰিছা ? আৰু ইয়াত ধৰ্ম ভ্ৰষ্ট হ'ব লগা কিনো হ'ল ? বিদেশত এইবোৰচোন একো নামানে , তেওঁলোকচোন আমাতকৈ সকলোতে বেছি আগবঢ়া । "
আইতা:-" আপুনি...! "
ককা:- " এৰা, মাহেকীয়া মহিলাৰ এটা বিজ্ঞান সন্মত প্ৰক্ৰিয়া। এই কেইদিন এওঁলোকক হীন দৃষ্টিৰে চোৱাৰ পৰিৱৰ্তে বেছি শ্ৰদ্ধাৰেহে চাব লাগে । মাহেকত এইকেইটা দিন আহে বাবেইতো তুমি মাতৃ হ'ব পাৰিলা । কোনোবা পিতৃ, কোনোবা ভাতৃ ভংগ্নী, ককা আইতা , মামা মামী আদি হ'ব পাৰিছে । "
মা:-" মা , এই সৰু ছোৱালীজনীক এনে ব্যৱহাৰ কৰিছে কিয় ? সময় আৰু সমাজ পৰিবৰ্তন হ'ল । আপুনি আগৰ নীতি-নিয়মকে ধৰি নাথাকিব। দৃষ্টি ভংগী সলনি কৰাৰ সময় সমাগত । মাজনী তুমি যোৱা । তোমাৰ দেৰি হ'ব । সময় আৰু সুযোগ বাৰে বাৰে নাহে । তুমি যোৱা মাজনী । "
আইতা:-" বোৱাৰী, তোমাৰো মুখখন বৰকৈ চলিছে আও । এতিয়া মা-জী লগ লাগি সমাজত আমাৰ নাক-কাণ কাটিবি হক । ইমানে যদি scientist লাগে ল'ৰা সন্তান এটি জনম নিদিলি কিয় ? "
মা:- " বহুত সহ্য কৰিলো মা । ( ওৰণি খুলি দিব ) জীৱনৰ এই পয়ত্ৰিশতা বসন্ত কেৱল অদৃশ্য এক আৱৰণ লৈয়ে পাৰ কৰিলোঁ । নীতি-নিয়মৰ এখন মিছা মায়াজালত সোমাই তিল তিলকৈ মৰিছোঁ । সম্ভ্ৰান্ত ঘৰ পাই আই বোপাই শিক্ষিত হৈয়ো ফুল কুমলীয়া বয়সতে বিয়া দিলে । আপোনালোকৰ দৰে শিক্ষিত সম্ভ্ৰান্ত ঘৰৰ মানুহৰ চিন্তাধাৰাই যদি এনেকুৱা হয় , তেন্তে গাঁৱৰ ভিতৰুৱা অশিক্ষিত সকল কি অবস্থাত আছে ভাবকছোন । "
আইতা:- " বোৱাৰী..."
বোৱাৰী:- " মা। মুখ খুলিছোঁ যেতিয়া আজি মই ক'মেই । বিয়াৰ সময়ত মোক পঢ়াত বাধা নিদিওঁ বুলি আপোনালোকে প্ৰতিশ্ৰুতি দিয়া কাৰণেই মোৰ দৰিদ্ৰ পৰিয়ালটিয়ে আপোনালোকৰ দৰে সম্ভ্ৰান্ত পৰিয়ালত মোক গতাইছিল । আজিৰ দৰে সেই সময়তো মহিলাৰ বাবে ইমানবোৰ চৰকাৰী আঁচনি থকা হ'লে হয়তো আই-বোপায়ে মোৰ সপোন মৰহি যাবলৈ নিদিলেহেঁতেন । "
আইতা:- " হ'ব হ'ব , কম ডাক্টৰনী ডাল হলি হয় । এতিয়া কি অভাৱ পাইছ তই ? "
বোৱাৰী:- " অভাৱ ! এৰা , ভাত কাপোৰৰ অভাৱ পোৱা নাই সঁচা । কিন্তু মোৰ মন আৰু মগজুটো বন্ধকত থৈ , নোপোৱাবোৰৰ বেদনা বুকুত লৈ , পাখি কটা চৰাইৰ দৰে আপোনালোকৰ এই পিঞ্জৰাটোত কেনেকৈ দিন নিয়াইছোঁ মইহে জানো ।ঘৰতো আই-বোপায়ে মাহেকীয়া হোৱা কেইদিন স্কুল / টিউশ্যনত যাব নিদিছিল । প্ৰতি মাহেকত চাৰিদিনকৈ মোৰ কিমান পঢ়া-শুনা লোকচান হৈছিল মইহে জানো । আৰু ইমানৰ পিছতো যেতিয়া বিয়াৰ পাছত মই মেডিকেলত চিট পালোঁ আপোনালোকে প্ৰতিশ্ৰুতি ভংগ কৰি মহিলা বুলি মোক যাব নিদিলে । সেই জুইকুৰা প্ৰতি নিয়ত মোৰ বুকুত দপ দপকৈ জ্বলি আছে । আৰু, আৰু আজি মই মোৰ ছোৱালীজনীক এই একেই পথেৰে যাবলৈ নিদিওঁ । সিদিনা সেই সাহকণ মই কৰাহেঁতেন... "
আইতা:-" হেৰি , আপুনি কি চাই আছেহে ? আপোনাৰ আগতেই বোৱাৰীয়ে মোক ইমান কথা শুনালে ? "
ককা:- " এৰা, কিনো কম ! ঘৰ শত্ৰুৰেই ৰাৱণ বধ হয়। তোমালোক মহিলা বোৰ নিজেই নিজৰ শত্ৰু । আজি মোৰ এগৰাকী বোৱাৰী ডাক্টৰ বুলি কৈ কম গৌৰৱ কৰিব পাৰিলোহেঁতেন নে ? "
বোৱাৰী:- " দেউতা "
ককা:- " এৰা অ' বোৱাৰী ! তুমি আমাৰ বাবে কমখন ত্যাগ কৰিছানে ? ( আইতালৈ চাই) আৰু তোমাক যে ল'ৰা লাগে , বৰপুত্ৰৰ ল'ৰা নিয়ৰে বংশৰ কম গৌৰৱ বঢ়াইছেনে ? কোনোবা দিনা কিবা এটা হক বচন মানি পাইছেনে ? পথত অকাই- পকাই বাইক চলাব , নিশা সুৰামত্ত হৈ ঘৰ সোমায় , তোমাৰ সামাজিক মৰ্যদা কম বৃদ্ধি কৰিছেনে ? তোমাৰ হক বচনবোৰচোন মাজনীয়েহে মানে । "
আইতা:- " হেৰি , আপুনিও বোৱাৰীৰ পক্ষ ল'লে ? "
ককা:- " মই কাৰো পক্ষ লোৱা নাই অ' , মাত্ৰ অনুসূচনা কৰিছোঁ । তোমাৰ নীতি-নিয়মবোৰ মই অমূলক বুলি ক'ব খোজা নাই । কিন্তু ..."
আইতা:- " কিন্তু কি ? "
ককা:- " কিন্তু বৰ্তমান সময়ত সেইবোৰ সংশোধনৰ আৱশ্যক হৈছে অ' । আমাৰ দিনত আজিৰ দৰে পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিব পৰা , বীজাণুনাশক পদাৰ্থ, চাৰ্ফ-চাবোন আদিবোৰ নাছিল অ' । মহিলাৰ মাহেকীয়া হ'লে ব্যৱহাৰ কৰিবলৈ এতিয়া পেড আহিল যি সম্পূৰ্ণ সুৰক্ষিত । বিদ্যালয় বোৰতো আজিকালি চৰকাৰে ছোৱালীবোৰৰ বাবে পেড বেংকৰ ব্যৱস্থা কৰিলে । মহিলা সুৰক্ষাৰ বাবে Self Defence Training ৰ ব্যৱস্থা কৰিছে । বালিকা সুৰক্ষা মঞ্চ গঠন কৰিছে । সমাজখন আগবঢ়াই নিবৰ বাবে ' বেটি বচাও বেটি পঢ়াও' ৰ দৰে কাৰ্যসূচী হাতত লৈছে । মহিলাৰ বাবে বিভিন্ন বৃত্তিমূলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে । তুমিয়েইতো জয়মতী, কনকলতা, লক্ষ্মীবাই আদিৰ কথা কৈ মহিলা বল বুদ্ধিত পুৰুষতকৈ কম নহয় বুলি কৈ থাকা। আমাৰ ওচৰৰে হিমা , লাভলিনাহঁতে দেশ বিদেশ ঘূৰি নুফুৰিছেনে ? সিহঁতক লৈ তুমিয়েই চোন মহিলা হোৱাৰ গৌৰৱ কৰা । তেন্তে নিজ ঘৰখনত আন এগৰাকী হিমা বা লাভলিনা জন্ম পোৱাত বাধা কিয় দিয়া ?? কিয় ???? "
আইতা:- " অৱসৰৰ পিছত টিভি চাই চাই , বাতৰি-কাকত, আলোচনীবোৰ পঢ়ি পঢ়ি আপুনি বহুত জ্ঞান আৰ্জিলে । আপোনাৰ চিন্তাধাৰাৰ সলনি হ'ল । আপুনি আধুনিক হ'ল। আপুনি ঠিকে কৈছে, আমি মহিলাই মহিলাৰ প্ৰধান শত্ৰু । আমি নিজক সলনি কৰিব পাৰিলেহে পুৰুষসকলৰ মানসিকতা সলনি কৰিব পাৰিম । বোৱাৰী , মোক ক্ষমা কৰিবা । মই সচাই অণুতপ্ত । আমি মহিলাবোৰে মহিলাৰ শত্ৰু অ'। মই... মই "
বোৱাৰী:- " নাপায় নাপায় মা । আপুনি মোক ভুল নুবুজিব । মই মাত্ৰ মোৰ ইমান বছৰৰ অবদমিত ক্ষোভখিনিহে প্ৰকাশ কৰিছোঁ ।
( দুয়ো আলিংগন কৰিব । তেনেতে নীহাৰিকা জিন্দাবাদ ধ্বনিৰে নীহাৰিকাক লৈ এদল পুৰুষ মহিলা প্ৰৱেশ কৰিব । তাৰ পিছতেই জিলা শিক্ষা বিষয়া হাতত গামোচা লৈ প্ৰৱেশ কৰিব। )
দৃশ্য-২:
( মঞ্চৰ প্ৰচ্ছদৰ পৰা - " এয়া আমাৰ মাজত আমাৰ শ্ৰদ্ধাৰ জিলা শিক্ষা বিষয়া অনুপম ঠাকুৰীয়া চাৰ উপস্থিত হৈছে । তেখেতক আমাৰ ব্লকৰ মণ্ডল সমল ব্যক্তি অঞ্জনা কলিতাই এখন গামোচাৰে সম্বৰ্দ্ধনা জনাব । এতিয়া মাননীয় জিলা শিক্ষা বিষয়াক দু-আষাৰ ক'বলৈ অনুৰোধ জনালোঁ । "
জিলা শিক্ষা বিষয়া:- ( নীহাৰিকাক গামোচা আৰু জাপি পিন্ধাব । ৰাইজলৈ চাই) নীহাৰিকা , তোমাৰ সফলতাত আমি কামৰূপ জিলাখনেই নহয়, গোটেই ৰাজ্যখনে আজি গৌৰৱান্বিত । আধুনিক সমাজ সম মৰ্যদাৰ সমাজ । এই সমাজ বিজ্ঞানৰ সমাজ । পুৰণি কৃষ্টি-সংস্কৃতিৰ ওপৰত ভেজা দি নতুনত্বক আদৰাৰ সময় । আমাৰ চিন্তাধাৰাৰ পৰিশুদ্ধি কৰি আমাৰ শক্তি প্ৰদৰ্শনৰ সময় । জাতি- ধৰ্ম- লিংগ নিৰ্বিশেষে পুৰুষ-মহিলা সকলোৱে হাতে হাত ধৰি আগবঢ়াৰ সময় ।
নীহাৰিকা মাথো এটি নাম । এনে হাজাৰ জনী নীহাৰিকা, লাভলিনা , হিমা আমি চুকে-কোণে বিচাৰি উলিয়াই আনিব লাগিব । চৰকাৰ আগবাঢ়িছে , এতিয়া ৰাইজেও আগবাঢ়ক। ধন্যবাদ ।"
ককা:- " হয় । এৰা, এয়া আমাৰ বাবে আনন্দৰ সময় । সকলো পাহৰি আহা আমি এতিয়া আগবাঢ়ো হাতে হাত ধৰি। ( পুৰুষ-মহিলা সকলোৱে ইজনে-সিজনৰ হাতত ধৰি হাতবোৰ মুঠি মাৰি ওপৰলৈ দাঙিব। )
( ইয়াৰ পিছত প্লে-কাৰ্ড প্ৰদৰ্শন । তলৰ শ্লোগান বোৰ প্লে-কাৰ্ডত থাকিব । এগৰাকীকৈ মহিলা হাতত প্লে কাৰ্ড লৈ ক্ৰম অনুসৰি আহি শাৰি পাতিব। )
১/ মই শক্তি
২/ মই সৃষ্টি
৩/ মই মমতাময়ী
৪/ মই বিনাশিনী
৫/ মই কৃষ্টি
৬/ মই সংস্কৃতি
৭/মই সুখ বৃষ্টি
৮/মই দুৰ্গা, মই কালী
৯/ মই লক্ষ্মী, মই সৰস্বতী::
১০/মই নাৰী
( লগে লগে আঁৰ কাপোৰ পৰিব )
![]() |
কৃষ্ণ কলিতা |
ৰচনা ও পৰিকল্পনা :
কৃষ্ণ কলিতা
মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক
0 Comments