header ads

হেৰাই যাব ওলোৱা সামগ্রী l

 হেৰাই যাব ওলোৱা সামগ্রী


জাহাজ লেম্প (Ship Lamp) :

           বৃটিছ সকলৰ দিনৰে ব্যৱহৃত সামগ্রী হৈছে এই জাহাজ লেম্প । নদী, সমুদ্ৰপথত ব্যৱসায় বা অন্য উদ্দেশ্যে ৰাতি যাত্ৰা কৰোঁতে বৃটিছসকলে এই লেম্পৰ ব্যৱহাৰ কৰিছিল । কলিকতাৰ (বৰ্তমানৰ কলকাতা ) পৰা গুৱাহাটীলৈ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি যাত্ৰা কৰোঁতে এই জাহাজ লেম্প ব্যৱহাৰ কৰা হৈছিল । ইয়াক জ্বলাবলৈ সাধাৰণতে কেৰাচিন তেল ব্যৱহাৰ কৰা হৈছিল । সম্প্রতি এই লেম্প বা লাইট বিলুপ্তিৰ পথত ।


মালব্য দাস

সংগ্রাহক :

মালব্য দাস ।

সদস্য, জ্ঞানম্ l


Post a Comment

0 Comments