header ads

গণিতৰ যাদু l দ্বিতীয় বছৰ ৩য় সংখ্যা

 গণিতৰ যাদু

৯ ৰ যাদু:

৯ এটা বিশেষ সংখ্যা । এই সংখ্যাটো বৈশিষ্ট্যপূৰ্ণ। ৯ হৈছে এক অংকবিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা । ই হ'ল এক অংকবিশিষ্ট সৰ্ববৃহৎ পূৰ্ণ বৰ্গ সংখ্যা । ৯ হৈছে এক অংকবিশিষ্ট সৰ্ববৃহৎ অযুগ্ম সংখ্যা । এই ৯ সংখ্যাটোৰ বিভিন্ন যাদুকৰী ধৰ্ম আছে । তাৰে কেইটামান তলত আলোচনা কৰা হ'ল--------

১. ৯ ৰ গুণিতক বোৰৰ অংকবোৰ যোগ কৰিলে সদায় ৯ বা ৯ ৰে বিভাজ্য সংখ্যা হয় । যেনে-

৯×৩=২৭আৰু ২+৭=৯

৯×৮= ৭২ আৰু ৭+২=৯

৯×৪= ৩৬ আৰু ৩+৬=৯

৯×১১১= ৯৯৯আৰু ৯+৯+৯=২৭ আৰু ২+৭=৯ এনেদৰে আৰু বহুতো উদাহৰণ পোৱা যাব।


২. ৯ ৰ পূৰণৰ নেওঁতাখন লক্ষ্য কৰিলে দেখা যায় যে পূৰণফলবোৰৰ একক আৰু দহকৰ স্থানৰ অংকবোৰ ক্ৰমে ০ ৰপৰা ৯ লৈ আৰু ৯ৰ পৰা ০ লৈ ক্ৰম অনুসাৰে পোৱা যায় ।


৩. যিকোনো সংখ্যক অংকৰ দ্বাৰা গঠিত সংখ্যা এটাৰ বৃহত্তমটোৰ পৰা ক্ষুদ্ৰতমটো বিয়োগ কৰিলে বিয়োগফলটো সদায় ৯ বা ৯ ৰ গুণিতক হয়। যেনে----------


৭৬৩ - ৩৭৭=৩৯৬ 

এতিয়া, ৩+৯+৬=১৮

আকৌ ,১+৮=৯ 


একেদৰে , ৯৮৭৬৫ - ৫৬৭৮৯= ৪১৯৭৬

এতিয়া, ৪+১+৯+৭+৬=২৭

আকৌ , ২+৭=৯

      এনেদৰে আমি বেলেগ বেলেগ সংখ্যাৰ বাবেও পৰীক্ষা কৰি চাব পাৰোঁ।


৪. ১ ৰ পৰা ৯ লৈকে, মাজতে ৮ সংখ্যাটো বাদ দি,যদি ৯ ৰ দ্বাৰা গুণফলবোৰ চোৱা যায় , এটা বৰ আমোদজনক সাদৃশ্য দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে,

১২৩৪৫৬৭৯ ×৯=১১১১১১১১১ 


সেইদৰে ,১২৩৪৫৬৭৯×১৮=২২২২২২২২২,কাৰণ১৮=২×৯

১২৩৪৫৬৭৯×২৭=৩৩৩৩৩৩৩৩৩,কাৰণ ২৭=৩×৯

১২৩৪৫৬৭৯×৪৫=৫৫৫৫৫৫৫৬৫ কাৰণ, ৪৫=৫×৯

এনেদৰে আমি ৯ ৰ আন গুণিতকবোৰ লৈও পৰীক্ষা কৰি চাব পাৰোঁ।


 

লভিতা মেধি

প্ৰস্তুতকৰ্তা:

লভিতা মেধি ।

সদস্য, জ্ঞানম্ ।


Post a Comment

0 Comments