header ads

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস l Assamese Article by Bhaskarjyoti Talukdar

 ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 




         মানৱ সভ্যতাৰ প্ৰগতিৰ এক অন্যতম সোপান হ’ল বিজ্ঞান । বৰ্তমান যুগত বিজ্ঞানৰ অভূতপূৰ্ব সাফল্যই মানুহক অফুৰন্ত ক্ষমতাৰে ক্ষমতাশালী কৰি তুলিছে । মানুহৰ দৈনন্দিন জীৱনৰ কৰ্ম প্ৰণালী আৰু জীৱন যাত্ৰা বিজ্ঞানকেই কেন্দ্ৰ কৰি পৰিচালিত হৈছে । বিজ্ঞান এতিয়া আমাৰ হাতৰ লাখুটি । বিজ্ঞান অবিহনে আমি আজি অন্ধ । অৰ্থাৎ বৰ্তমানৰ যুগটো হ’ল বিজ্ঞানৰ যুগ ।

           বিজ্ঞান , প্ৰযুক্তি আৰু উদ্ভাৱন সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশৰ বাবে এক অত্যাৱশ্যকীয় অংগ । বিজ্ঞানৰ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ আৰু সুদূৰপ্ৰসাৰী যাত্ৰাত অংশ ল’ব পৰাকৈ দেশৰ ভিন্ন শ্ৰেণীৰ লোকৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই ভাৰতবৰ্ষত প্ৰতিবছৰে ২৮ ফেব্ৰুৱাৰী দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয় । ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ বাবে ২৮ ফেব্ৰুৱাৰী তাৰিখটো নিৰ্ধাৰণ কৰাৰ কাৰণ হ’ল ১৯২৮ চনৰ এই দিনটোতে ভাৰতীয় বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকটৰমণে কে এছ কৃষ্ণণ নামৰ আন এজন বিজ্ঞানীৰ সৈতে লগ লাগি ৰমণ পৰিঘটনা আৱিষ্কাৰ কৰিছিল । ব্ৰিটিছ সাম্ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ অধিৱেশনত যোগদান কৰিবৰ বাবে ১৯২১ চনত উৰাজাহাজেৰে ইউৰোপলৈ যাওঁতে ভূমধ্য সাগৰৰ পানী আকাশৰপৰা নীলা দেখি চন্দ্ৰশেখৰ ভেংকটৰমণ অতি মুগ্ধ হৈ পৰিছিল আৰু বিভিন্ন দেশ ভ্ৰমণ কৰি গৱেষণা আৰম্ভ কৰিছিল । ইয়াৰ ফলস্বৰূপে আৱিষ্কৃত হৈছিল ‘ৰমণ পৰিঘটনা’ । এই পৰিঘটনা আৱিষ্কাৰৰ বাবে ১৯৩০ চনত তেখেতক পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত কৰা হৈছিল ।

          পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত আৰু ৰমণ পৰিঘটনাৰ আৱিষ্কাৰত চন্দ্ৰশেখৰ ভেংকটৰমণৰ অৱদানৰ বাবে ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি যোগাযোগ পৰিষদে ( National Council for Science and Technology Communication) ১৯৮৬ চনত ভাৰত চৰকাৰক ২৮ ফেব্ৰুৱাৰী দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে উদযাপন কৰিবলৈ এক প্ৰস্তাৱ দাঙি ধৰিছিল । এই প্ৰস্তাৱত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে অনুমোদন জনাইছিল আৰু ১৯৮৭ চনৰপৰা এই দিনটো সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে উদযাপন কৰি অহা হৈছে ।

          প্ৰত্যেক বছৰ একোটা বিশেষ বিষয়ক ভিত্তি কৰি ‘ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ‘ পালন কৰা হয় । ২০২১ চনৰ ‘ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ‘ৰ মূল বিষয়বস্তু আছিল ‘ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ভৱিষ্যৎ : শিক্ষা, দক্ষতা আৰু কামত প্ৰভাৱ ‘ । অৰ্থাৎ, শিক্ষা, দক্ষতা আৰু কামৰ ক্ষেত্ৰত বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ভৱিষ্যতৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰা । ২০২২ চনৰ ‘ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস’ ৰ মূল বিষয়বস্তু আছিল ‘ বহনক্ষম ভৱিষ্যতৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ ঐক্যবদ্ধ প্ৰচেষ্টা '।

             বৰ্তমান ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে দেশখনত বিজ্ঞান আৰু প্ৰযুক্তিক সবলভাৱে উপস্থাপন কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা সকলোবোৰ কাম-কাজৰ ক্ষেত্ৰত এটা তদাৰকী এজেঞ্চি ৰূপে সেৱা আগবঢ়াই আহিছে । সেই সেৱাসমূহৰ ভিতৰত নিৰ্দিষ্ট দায়িত্বৰ বিষয় হ’ল বিজ্ঞান আৰু প্ৰযুক্তিৰ নতুন নতুন দিশ উন্মোচন আৰু প্ৰয়াসৰাজিক আগুৱাই লৈ যোৱা আৰু তাৰ লগতে এই ক্ষেত্ৰখনত পাৰদৰ্শিতা অৰ্জন কৰিবৰ বাবে প্ৰতিষ্ঠানমূলক সম্পদৰাজিৰ বিকাশ সাধন কৰা । ভাৰত চৰকাৰে হাতত লোৱা বিশেষ উদ্দেশ্যৰ কাম-কাজবোৰে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ প্ৰয়াসত উদগনি জনাইছে । সেইবোৰৰ ভিতৰত মেক্ ইন ইণ্ডিয়া , ষ্টাৰ্ট আপ ইণ্ডিয়া , স্বচ্ছ ভাৰত , ডিজিটেল ইণ্ডিয়া কাৰ্যসূচী আদি ।

              বিজ্ঞান আৰু প্ৰযুক্তি হ’ল এটা মুদ্ৰাৰ ইপিঠি- সিপিঠি । বিজ্ঞান আৰু প্ৰযুক্তিৰ সন্দৰ্ভত জ্ঞান অৰ্জন কৰাটো হ’ল এজন নাগৰিকক উপযুক্তভাৱে গঢ়ি তোলাৰ চাবি-কাঠি । উৎপাদন, ব্যক্তিত্ব নিৰ্মাণ, অন্ধবিশ্বাস, কু-সংস্কাৰ আঁতৰ কৰাৰ বাবে আমি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যথোচিত প্ৰয়োগ সম্ভৱ কৰি তুলিব লাগিব । এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞানৰ সফলতাসমূহৰ বিষয়ে অৱগত কৰাৰ লগতে বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিব লগিব আৰু দেশৰ বৈজ্ঞানিক মানসিকতাৰ লোকসকলক সা-সুবিধা প্ৰদান কৰি উৎসাহিত কৰিব লাগিব ।




উৎসসমূহ : (১) মাহেকীয়া আলোচনী : পয়োভৰা ।

(২) ৰচনা প্ৰৱাহ : প্ৰসন্ন কুমাৰ ডেকা আৰু ৰত্নেশ্বৰ ডেকা ।


(৩) ৰচনা সঞ্চয়ন : ড: নাৰায়ণ দাস আৰু ড: পৰাগ কুমাৰ ভট্টাচাৰ্য ।

(৪) সাপ্তাহিক বাতৰি কাকত : অসম বাণী ।





লেখকৰ ঠিকনা:

শ্ৰীভাস্কৰজ্যোতি তালুকদাৰ

মোবাইল নম্বৰ : ৮৬৩৮৮৭৪৯৭৮

তৃতীয় বৰ্গৰ কৰ্মচাৰী

বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়

কামৰূপ জিলা সংমণ্ডল ,আমিনগাঁও

Post a Comment

0 Comments