header ads

মাতৃভাষা শিক্ষাৰ প্ৰয়োজনীয়তা l Assamese Article by Binita Nath

 মাতৃভাষা শিক্ষাৰ প্ৰয়োজনীয়তা


     


                        

" ইমান চেনেহী তুমি ভাষা জননী

          নেপালোঁ সিমান শুৱলা শৱদ

                    উপমা ৰচিম কি!

 তুমি অনুপমা চিৰ শ্যামলিমা

         উদয়াচলৰ সোণৰ কিৰিটি

                     ৰশ্মি শিৰত দি।"

                                                আনন্দ চন্দ্র বৰুৱা ।

                  সঁচাকৈয়ে , মাতৃভাষা ইমান শুৱলা, অনুপমা যে তাক বৰ্ণনা বা তুলনা কৰিবলৈ যেন কোনো উপযুক্ত শব্দ নাই । মাতৃভাষাৰ লগত থকা সম্পর্ক মোৰ মানত শৰীৰ আৰু আত্মাৰ মাজত থকা সম্পর্কৰ দৰে । 

                সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈ গৈছে যে স্বদেশ আৰু স্ব-জাতিৰ উন্নতিৰ মংগল মন্দিৰৰ সিংহ দুৱাৰ হৈছে মাতৃভাষা । যিখন দেশৰ বিনন্দীয়া বুকুত জন্মগ্ৰহণ কৰি , যাৰ হাৱা-পানীৰে পৰিপুষ্ট হৈ জীৱনৰ বাটত বাট বুলিবলৈ সক্ষম হ'লোঁ ; সেয়াই আমাৰ স্বদেশ। সামাজিক প্ৰাণী হিচাপে যি জাতিৰ ঐতিহ্য , সভ্যতা , সংস্কৃতিক লৈ আমি অন্তৰৰ সুকুমাৰ ভাৱ আৰু অনুভূতিৰে জীৱন জ্যোতিৰ্ময় কৰি তুলিছোঁ, সেয়াই আমাৰ স্বজাতি । স্বদেশ আৰু স্ব-জাতিৰ উন্নতি আৰু কল্যাণ সাধন কৰা আমাৰ কৰ্তব্য আৰু ধৰ্মও । আমাৰ কৰ্তব্য সম্পাদন আৰু ধৰ্ম-সাধনৰ থলী হ'ব স্বদেশ আৰু স্ব-জাতিৰ উন্নতিৰূপী মংগল মন্দিৰ । সেই মন্দিৰত প্ৰৱেশৰ সিংহদুৱাৰ হৈছে মাতৃভাষা । অৰ্থাৎ স্বদেশ আৰু স্ব-জাতিৰ উন্নতি সাধন কৰিবলৈ হ'লে পোনতে মাতৃভাষাৰ উন্নতি সাধন কৰিব লাগিব । মাতৃভাষাৰ উন্নতি সাধন হ'লেহে সভ্যতা আৰু সংস্কৃতিৰ উন্নতি সাধন হ'ব । তেতিয়া প্ৰতিজন মানুহৰে অন্তৰ জ্ঞানৰ জ্যোতিৰে জ্যোতিষ্মান হৈ উঠিব । তাৰ পোহৰত স্বদেশ আৰু স্ব-জাতিৰ কল্যাণ সাধনৰ সুগম পথ দেখিবলৈ পোৱা যাব আৰু সেই পথেৰে আগবাঢ়ি গৈ মানৱ সমাজৰ কল্যাণ সাধন সম্ভৱ হৈ উঠিব ।

                " চিৰ চেনেহী মোৰ ভাষা জননী " --- শব্দকেইটাই কাণ পৰশিলে মনত মৌ বৰষে, প্ৰাণত ধ্বনিত হয় হিয়া উপচি নিগৰা অব্যক্ত আনন্দৰ মধুৰ ঝংকাৰ । তেতিয়া ভাৱ হয় ভাষা জননী জন্মদাত্রী জননীতকৈ কোনো গুণে কম নহয় । আমাৰ মনত প্ৰথমে ভাৱৰ সৃষ্টি হয় মাতৃভাষাতে । সেই ভাৱ আনৰ আগত প্ৰকাশ কৰোঁ মাতৃভাষাতে। অন্যভাষী লোকৰ আগত সেই ভাৱ প্ৰকাশ কৰোতেও মাতৃভাষাৰ মাধ্যমেৰে মূল ৰূপৰ সেই ভাৱ-ৰাজি সংযোগী ভাষালৈ অনুদিত কৰা হয় । মাতৃভাষাই হ'ল ভাৱৰ প্রথম তথা একমাত্র উপযুক্ত বাহন ; আন ভাষাৰ মাধ্যম হ'ল উপজাত দ্ৰব্য মাথোন । কবি গ্যেটেও কৈ গৈছে যে যি মানুহে নিজৰ মাতৃভাষা ভালকৈ জানিব বা শিকিব নোৱাৰে , তেওঁ আন কোনো ভাষাই ভালকৈ জানিব বা শিকিব নোৱাৰে ।

              অসম সাহিত্য সভাৰ নলবাৰী অধিবেশনৰ সভাপতি ডিম্বেশ্বৰ নেওগদেৱে কৈছিল যে মাতৃভাষাৰ ছিছেম ফাক মন্ত্ৰ নামাতিলে মানৱ হৃদয়ৰ ভাৱৰাজ্যৰ ৰত্নভাণ্ডাৰৰ দুৱাৰ মুকলি হ'ব নোৱাৰে । যি জাতিৰ মাতৃভাষা লাঞ্ছিতা , সেই জাতিক দুৰ্ভাগ্যই জুয়ে খেদা দি খেদে। সৰুৰে পৰা ইংৰাজীত কবিতা লিখা মাইকেল মধুসূদন দত্তই মাতৃভাষাৰ সোৱাদ তথা মহিমা উপলব্ধিৰ পিছত আনন্দত চিঞৰি উঠিছিল, " মাতৃভাষা ৰূপ খনি পাইলাম আজ । " এনেবোৰ কথাৰ পৰাই অনুমান কৰিব পাৰি মাতৃভাষাৰ গুৰুত্ব কিমান ।

               শিশুৰ প্ৰাথমিক পৰ্যায়ৰ শিক্ষা যে সদায় মাতৃভাষাতে হ'ব লাগে, সেই কথা মনোবিজ্ঞানী সকলেও স্বীকাৰ কৰি গৈছে । বহু বিখ্যাত ব্যক্তিৰ প্ৰাথমিক শিক্ষা মাতৃভাষাতে হৈছিল । মাতৃভাষাত শিক্ষা লাভৰ ফলত শিশুৰ মানসিক বিকাশ খৰতকীয়া হয় । দৈনন্দিন জীৱনত বিভিন্ন বস্তুৰ চিনাকিৰ ক্ষেত্রতো মাতৃভাষাতে প্রথম চিনাকি কৰি দিয়া উচিত । মাতৃভাষাত প্রথম শিক্ষা গ্ৰহণ কৰাটো প্ৰত্যেক শিশুৰে জন্মগত অধিকাৰ । গতিকে আন মাধ্যমত পঢ়ালেও শিশুটিৰ লগত ঘৰত মাতৃভাষাতে কথা-বতৰা পতা উচিত । তেতিয়া শিশুটিয়ে মাতৃভাষাক হীন দৃষ্টিৰে নাচাব । সাধু কিতাপ কিনি দিয়াৰ ক্ষেত্ৰতো ইংৰাজীৰ লগতে মাতৃভাষাৰ সাধু কিতাপ কিনি দিয়া উচিত । কিয়নো নিজৰ জাতিৰ ভাষা, কলা-সংস্কৃতিৰ বিষয়ে নজনাটো লাজৰ কথা । নিজৰ মাতৃক চিনি নাপালে, নিজৰ মাতৃক সন্মান জনাব নোৱাৰাজনে আনৰ মাতৃক কেনেকৈ সন্মান জনাব ?

                আমাৰ মাতৃভাষা অসমীয়া --- আমাৰ হিয়াৰ আমঠু । এই ভাষাটো যথেষ্ট গৰিমামণ্ডিত । এই ভাষাটো পৃথিৱীৰ সৰ্ববৃহৎ ভাষাগোষ্ঠী ইণ্ডো-ইউৰোপীয়ৰ ইণ্ডো-ইৰাণীয় শাখাৰ ভাৰতীয় আৰ্য উপশাখাৰ নব্য ভাৰতীয় আৰ্য স্তৰৰ এটি প্ৰসিদ্ধ ভাষা । আধুনিক নব্য ভাৰতীয় আৰ্য ভাষাবোৰৰ ভিতৰত প্রথম গদ্য ৰচিত হয় অসমীয়া ভাষাতে ।

                প্ৰাণ-প্ৰিয় অসমীয়া ভাষাটিৰ সংকট সম্পর্কে যেতিয়া কোনো লিখনি বা আলোচনা পঢ়োঁ, তেতিয়া খুব ব্যাকুল হৈ পৰোঁ । এই মোহময়ী ভাষাটো সংকটৰ গৰাহত পৰাটো বৰ অসহনীয়। ই যাতে চিৰপ্ৰৱাহমান, চিৰস্থায়ী হয় --- মনে-প্ৰাণে এয়াই কাম্য । অৱশ্যে ভাষাৰ বুৰঞ্জীয়ে এই কথা স্পষ্ট কৰি দিয়ে যে যিবোৰ ভাষাৰ ড'কুমেণ্টেচন সম্পূর্ণ আছে , অৰ্থাৎ যি ভাষাৰ লিখিত ব্যাকৰণ, অভিধান আৰু লিখিত সাহিত্য-সম্ভাৰ আছে, সেইবোৰ ভাষাৰ বহুল প্ৰসাৰ নহ'লেও মৃত্যুৰ ভয় নাই ।


লেখকৰ ঠিকনা:

বিনীতা নাথ।

সহ: শিক্ষয়িত্ৰী,

ছয়গাঁও চৰকাৰী মজলীয়া বিদ্যালয়।

ছয়গাঁও শিক্ষাখণ্ড ।

Post a Comment

0 Comments