header ads

মাতৃভাষাৰ গুৰুত্ব আৰু ইয়াৰ অস্তিত্বৰ সংকট সম্পৰ্কে চমু আলোকপাত l Assamese Article by Kamaleswar Deka

 মাতৃভাষাৰ গুৰুত্ব আৰু ইয়াৰ অস্তিত্বৰ সংকট সম্পৰ্কে চমু আলোকপাত



           'মাতৃভাষা কি' এই সম্পৰ্কে এক সম্যক ধাৰণা আমাৰ সকলোৰে আছে । নিজৰ জন্মভূমিক কয় মাতৃভূমি বুলি আৰু জন্মগ্ৰহণৰ পিছৰ পৰাই মাকৰ চেনেহী কোলাত তথা পৰিয়ালৰ সংস্পৰ্ষত শিশুৱে যি মাতৃৰ দৰে আপোন ভাষাৰে সৈতে পৰিচিত হয়, যি ভাষাৰ জৰিয়তে বহিৰ্জগতখনক জানিবলৈ আৰু চিনিবলৈ সক্ষম হয়, সেয়াই হৈছে মাতৃভাষা । শিশুৰ মাতৃভাষা আহৰণৰ প্ৰবৃত্তি অতিশয়  স্বাভাৱিক আৰু শক্তিশালী । বাহ্যিক প্ৰেৰণা অবিহনেই অনায়াসে মাতৃভাষা আহৰণ কৰিব পাৰে ।

           শিক্ষা আহৰণৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে মাতৃভাষা । তাহানিতে ১৮৫৫ চনতে ‘অৰুণোদই’  সংবাদ পত্ৰত সকীয়াই দিয়া হৈছিল এনেদৰে – “ জাৰ বিবেচনা শক্তি থাকে, তেন্তে তেতিখনে বুজিব, জে আপোনাৰ দেসৰ ভাষাৰে প্ৰথমে বিদ্যা সিকা উচিত;  কিয়নো আন ভাষাতকৈ সিঘ্ৰে আমি মানুহসকলে প্ৰথমে অচমিয়া ভাসা সিকি, পাচে আনভাসা সিকিবলৈ জতন কৰা উচিত । "

           প্ৰথমতে, স্বাভাৱিক মাতৃভাষা আহৰণত শিশুৱে শ্ৰৱণ আৰু কথন কৌশলহে আহৰণ কৰে । ভাষাৰ বাকী লিখন আৰু পঠন কৌশল দুটা শিকনৰ বাবে শিশুক আনুষ্ঠানিক শিক্ষণ-শিকন প্ৰক্ৰিয়াৰ প্ৰয়োজন । তদুপৰি শ্ৰৱণ আৰু কথন কৌশলৰ আহৰণো কেৱল ' ঘৰুৱা ভাষা ' ৰ মাজত সীমাবদ্ধ থাকে । শিশুৰ ঘৰুৱাভাষাক পৰ্যায়ক্ৰমে মান্যভাষালৈ উত্তৰণ কৰিব লাগে । তাৰ কাৰণে প্ৰণালীবদ্ধভাৱে মাতৃভাষাৰ শিক্ষাদান প্ৰয়োজন হয় । মাতৃভাষা যিয়ে সুন্দৰকৈ আয়ত্ব কৰিব পাৰে, অৰ্থাৎ জানে তেওঁ অন্যান্য ভাষা যেনে – ইংৰাজী, হিন্দী আদি সহজে শিকিব পাৰে । ড° ভূপেন হাজৰিকাদেৱে কোৱাৰ দৰে – “ যিয়ে নিজৰ আইক চিনি পায় , তেওঁ আনৰ আইক ঘিণ কৰাটো নুবুজায় ।" 

            ১৮২৬ চনত বৃটিছসকল অসমলৈ আহি শাসন কাৰ্য চলাবলৈ উপযুক্ত শিক্ষিত অসমীয়ালোক নাপাই বংগৰ পৰা কেৰাণী শ্ৰেণীৰ লোক লৈ আহিছিল । এদিন এইসকল গজালিয়ে গোঁজ হৈ বহিৰাগত ইংৰাজ সকলক ছলে-বলে-কৌশলে ১৮৩৬ চনত অসমৰ আদালত, শিক্ষানুষ্ঠান আদিত বঙলা ভাষাৰ প্ৰচলন কৰিছিল ; আৰম্ভ হৈছিল অসমীয়া ভাষা-সাহিত্যৰ দুৰ্যোগৰ দিন । সকলোতকৈ পৰিতাপৰ কথা পাঁচশ বছৰৰ আগতে গুৰুজনাই দি যোৱা সাহিত্য-সংস্কৃতিকো অপমান কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল । এনে সংকটৰ সময়তে কলিকতা কলেজত পঢ়া সেইসময়ৰ চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আদি কেইজনমান অসমপ্ৰেমী ব্যক্তিৰ আশাসুধীয়া প্ৰচেষ্টাৰ ফলত অসমীয়া ভাষাটো পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । নহ’লে আজি আমি অসমীয়া ভাষা কোৱাৰ পৰিৱৰ্তে বঙালী ভাষা ক’ব লগা হ’লহেতেন । এই কেইজন সচেতন ব্যক্তিৰ চেষ্টাত সেইসময়ত প্ৰকাশ পোৱা বাঁহী, জোনাকী আদি আলোচনীয়ে অসমীয়াৰ মনত মৃত সঞ্জীৱনী সুধাৰ দৰে কাম কৰিছিল । এনেকৈয়ে সেই সময়তে কেইবাজনো মহান ব্যক্তিয়ে অসমীয়া ভাষাক জগত সভালৈ নিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল আৰু সফলো হৈছিল ।

           অসমীয়া ভাষাৰ প্ৰাচীনত্বৰ কথা ভাবিলে আমাৰ বুকু গৌৰৱত ওফন্দি উঠে । ত্ৰয়োদশ-চতুৰ্দশ শতিকাত মাধৱ কন্দলিয়ে সুললিত ভাষাত ৰামায়ণখন অসমীয়া ভাষালৈ অনুদিত কৰি যাউতিযুগীয়া ইতিহাস ৰচনা কৰিছিল । আনহাতে অসমৰ আকাশত উদিত উজ্জ্বল নক্ষত্ৰ স্বৰূপে বৈকুণ্ঠনাথ ভট্টাচাৰ্যদেৱে সৰ্বপ্ৰথমে ভাৰতীয় ভাষাৰ গদ্য সাহিত্যত ' ভগৱত ' আৰু ' গীতা 'খন ৰচনা কৰি অসমীয়া সাহিত্যৰ হীৰক স্তম্ভটো প্ৰতিষ্ঠা কৰিছিল ।

           এনেহেন গৌৰবোজ্জল অসমীয়া ভাষা বৰ্তমান সংকটৰ গৰাহত । এচাম ধামখুমীয়া স্বাৰ্থন্বেষীৰ কবলত পৰি চিৰচেনেহী ভাষাজননী এলাগী হʼবলৈ গৈ আছে । কিছুসংখ্যক সম্ভ্ৰান্তই হওঁক বা মধ্যবিত্তই হওঁক ; তেওঁলোকৰ নৱ-প্ৰজন্মৰ মুখত আই , পিতা, দেউতা, ককা-আইতা, জেঠা-জেঠী, খুৰা-খুৰী, পেহা-পেহী, ককাইদেউ আদি মৌ-বৰষা শব্দবোৰ হেনো নুফুটে । পাপা, মাম্মী, মম, ডেড, ডেডী,আংকোল, আণ্টী , গ্ৰেণ্ডমাদাৰ , গ্ৰেণ্ডফাদাৰ , আদি শব্দবোৰেহে যেন তেওঁলোকৰ মুখত শোভাবৰ্দ্ধন কৰে । তাৰোপৰি বহুলোকে চকী, মেজ, খাট, পীড়া, চুৰট আদি নিৰ্ভেজাল শব্দবোৰ বুজি নাপায় । তাৰ পৰিৱৰ্তে চেয়াৰ, টেবুল, পালেং, চিগাৰেট বুলি কʼলেহে বুজাত সহজ হয় ।

             বিদেশী ইংৰাজী ভাষাৰ আগমনে অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধিত কিছু পৰিমাণে হ’লেও সংকটৰ সৃষ্টি কৰিছে । সমস্যা জৰ্জৰিত অসমক সংকটৰ পৰা মুক্ত কৰিবলৈ উত্তৰ পুৰুষক আমি সজাগ কৰিব লাগিব । আনহাতে আমাৰ মাতৃভাষাৰ বিদ্যালয় সমুহৰ দুৰ্দশা দেখিলেও পুতৌ জন্মে । ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহত সমাজৰ মানুহৰ ভীৰ দেখিলে মনত শংকা ওপজে । মাতৃভাষা চৰ্চাৰ অভাৱ আৰু জাতীয় সংস্কৃতিৰ প্ৰতি অনাদৰ বৰ্তমান এক ভয়াবহ সমস্যা । ইংৰাজী শিকি অসমীয়া ভাষাক অৱজ্ঞা কৰাটো অসহনীয় । নিজৰ ভাষা-সাহিত্যক আমি ভাল পাবলৈ শিকিব লাগে । আমি নৱ-প্ৰজন্মক ভাষাটো শ্ৰদ্ধা কৰাৰ কাৰণে উদগণি দিব লাগে । আমাৰ সন্তানে মাতৃভাষা শুদ্ধকৈ ক’ব, পঢ়িব আৰু লিখিব পৰাকৈ যত্ন ল’ব লাগে ।

             সেই তাহানিতেই গুৰু দুজনাই বান্ধি থৈ যোৱা ভাষা- সাহিত্য, সংস্কৃতি-সম্প্ৰীতিৰ সৌধটো যিটো পৰৱৰ্ত্তী কালত ৰূপকোঁৱৰ, সাহিত্যৰথী, কলাগুৰু আদিয়ে উজলাই তুলিছিল ; তাক আজিৰ নৱ-প্ৰজন্মই প্ৰাণ দি হ’লেও ৰক্ষা কৰিব লাগিব । নহ’লে আমাৰ ৰাজহাড় নাই বুলি বিশ্বই হাঁহিব । আমি সকলোৱে মিলি ভাৰতীয় বৃহত্তৰ সংস্কৃতি-সভ্যতাৰ আওতাত চিৰ চেনেহী ভাষা জননী ক্ষেত্ৰখন জীপাল কৰি ৰাখিবই লাগিব ।

            শেষত কবি উমেশ চন্দ্ৰ চৌধাৰীৰ দুটি কবিতাৰ কলিৰে সামৰণি মাৰিলোঁ –


চেনেহী মোৰ মাতৃভাষা

তুমিয়ে মোৰ বুকুৰ বাণী,

তুমিয়ে মোৰ লীলীময়ী,

তুমি মোৰ স্বপ্ন-ৰাণী ।



বিলালা মোক ইমান বেথা,

শিকালা মোক ইমান কথা

উল্লাসে উপচি পৰে

কি আনন্দ আকুলতা ।




লেখকৰ ঠিকনা:

শ্ৰী কমলেশ্বৰ ডেকা ।

অৱসৰপ্ৰাপ্ত অধ্যক্ষ,

জৱাহৰজ্যোতি উ: মা: বিদ্যালয়, পুঠিমাৰী ।

Post a Comment

0 Comments